এটি ফোন কল আৰু আমি শিক্ষকবোৰ —বিনীতা দত্ত

মাজতে আমাৰ অসম কাকতৰ “জোনাকী মেলত“ মোৰ “ব্যঞ্জন বৰ্ণৰ পদ্য“ বুলি এটি পদ্য প্ৰকাশ হৈছিল৷ লেখাটোৰ তলত মোৰ ফোননম্বৰটো দিয়া আছিল৷ প্ৰায় ২৩/২৪টা মান ফোন মোলৈ আহিছিল৷ বিশেষকৈ পদ্যটো বয়োজেষ্ঠ সকলে ইমান বেচি আদৰিলে যে মই নিজে বৰ আচৰিত হ’লো৷ মুক্তি যুঁজাৰু, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে বৰ আৰ্শীবাদ কৰিলে সেইদিনা৷ এতিয়া এটা বিশেষ ফোনৰ আঁত টানি কথাবোৰ আৰম্ভ কৰিছো৷ ফোন আহিল মই ৰিচিভ কৰা লগে লগে সিমূৰৰ পৰা মই হয়নে নহয় খাতাং হৈ ক’বলৈ আৰম্ভ কৰিলে এনেদৰে “মই মৰম, স্নেহ, চুমা, আৰ্শীবাদ সকলো দিলো দেই, তোমাৰ নম্বৰ কেনেকৈ পালো জানানে বাৰু? তেখেতে তাৰ উত্তৰো নিজে দিলে৷ জোনাকী মেলত পদ্য প্ৰকাশ পোৱাৰ বাবে সিমূৰৰ শ্ৰদ্ধাৰ ব্যক্তি গৰাকীয়ে মোক সৰু ছোৱালী বুলি ভাবি কিহত পঢ়ি আছো সুধিলে৷ উত্তৰত মই শিক্ষয়িত্ৰী বুলি কোৱাত তেখেতে অলপ থতমত খালে৷ কথাৰ মাজতে তেখেতৰ ছোৱালী দুজনী চিকিৎসক বুলি মোক জনালে লগতে তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক বুলিও গম পালো৷
ব্যক্তিগৰাকীয়ে মোক ঢেৰ সোধা-পোচা কৰি শেষত ক’লে “ মই যি তি ক’লো, মোৰ কথাবোৰ বেয়া নাপাবা আকৌ দেই ৷“
মই বিনম্ৰতাৰে ক’লো “ কিয় বেয়া পাম বাৰু খুৰা, ময়ো আপোনাৰ জীৰ দৰেই৷ “
তেখেতে উত্তৰত ক’লে “ অহ! তুমি মোৰ জী হ’বলৈ হ’লে ডাক্টৰ হ’ব লাগিব নহয়, তুমি আকৌ এতিয়া মাষ্টৰণীহে হ’লা ৷“
মই আকৌ ক’লো “খুৰা মাষ্টৰ নহ’লে ডাক্টৰ হ’ব পাৰিব জানো৷ “ তেখেতে লাহেকৈ অঁ অঁ হ’ব বাৰু বুলি বেলেগ কথাৰ অৱতাৰণা কৰিলে৷

সিদিনাৰ অভিজ্ঞতাটোৱে মোক বহু বেছি ভবাই তুলিলে আৰু বৰ্তমান এগৰাকী টে’ট শিক্ষক হিচাবে যিখিনি সমস্যা আগত আহি পৰিছে তাৰ পৰা এটা কথায়েই পৰিষ্কাৰ হৈছে যে প্ৰাথমিক শিক্ষা খণ্ডৰ চাকৰি যেন এক অভিশাপ হে৷ মই কেতিয়াও ভবা নাছিলো বা মই সাজুও নাছিলো শিক্ষকতা কৰিম বুলি৷ কিন্তু হঠাৎ আহি পৰা সমস্যা আৰু পৰিস্থিতিৰ সন্মুখত সেও মানি টে’ট দি টেটীয়ান হ’লো৷ দেউতাৰ পৰামৰ্শ মতে L.P টে’টহে দিলো৷ দেউতাই কৈছিল “প্ৰাথমিক শিক্ষা শিক্ষাৰ মূল ভেটি, গতিকে এই ভেটি তৈয়াৰ কৰাত তই নিজকে আত্মোৎস্বৰ্গা কৰ৷ দেউতা তথা মোৰ ঘৰখনে এই পেচাক নিচা হিচাবে লোৱাত মোক সৰ্ব্বতোপ্ৰকাৰে সহায় কৰিলে৷ আৰু আজি ৭ বছৰে সম্পূৰ্ণ ত্যাগৰ মানসিকতাৰে এই চাকৰী কৰি আহিছো৷ কিন্তু তাৰ মাজত যেতিয়া নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদৰ বাবে ৰাজপথলৈ নামিব লাগে তাতকৈ হতাশজনক কথা আৰু কিবা থাকিব পাৰেনে বাৰু? উৎসাহ, পৰামৰ্শ দিব নোৱাৰিলে নাই, কিন্তু হোৱাই নোহোৱাই মানসিক উৎপীড়ণবোৰ কিয় কৰিব লাগে বাৰু? অসম মূলুকত বিনা প্ৰতিবাদত কি একো নহয় নেকি? শিক্ষক সদায় ইমান অৱহেলিত কিয়? ক’ত দুৰ্বলতা আছে শিক্ষকৰ? প্ৰাথমিক অৱস্থাৰ পয়াঁলগা অৱস্থাটোৰ বাবে কেৱল শিক্ষকেই জগৰীয়া নে? অসমত শিক্ষকৰ ইমান বেচি ভাগ আছে যে শুনিলে বৰ আচৰিত লাগে৷ ইমান বহুধা ভাগত শিক্ষকক কোনে ভাগ কৰিলে? পিতৃ-মাতৃয়ে যদি সংসাৰ চম্ভালিব নোৱাৰে তেতিয়া এগাল মান সন্তান জন্ম দি আলৈ-আথানি কৰাৰ অধিকাৰ আছে জানো? আমাৰো কিবা সেই একে অৱস্থা হৈছে৷ তথাপি নিজক হতাশ হ’বলৈ মই দিয়া নাই৷ মই এতিয়াও নিষ্ঠাৰে মোৰ দায়িত্ব পালন কৰি যাম৷ মই মোৰ হেড বাইদেউকো কওঁ “বাইদেউ ইহঁতক পঢ়োৱাৰ বাবদ আমাক দৰমহা দিছে, সেই পইচাৰে আপুনি ঘৰ সজাইছে, ল’ৰাক পঢ়ুৱাইছে, সমাজত এক সন্মান লাভ কৰিছে, গতিকে আমি আমাৰ কণ কণ ছাত্ৰ-ছাত্ৰীহঁতৰ প্ৰতি যথেষ্ট দায়বদ্ধতা ৰাখি কাম কৰি যাব লাগিব৷ “। বাইদেৱে মোৰ সতে সম্পূৰ্ণ সহযোগিতা ৰাখি আহিছে আজি চাৰে তিনিবছৰে৷
ওপৰৰ মোৰ টেলিফোনিক যি অভিজ্ঞতা তাতো ব্যক্তিজন শিক্ষক আছিল তথাপিও যেন এই বৃত্তিক তেওঁ বেয়া পায়! তেওঁ কিয় পাহৰি গ’ল যে তেখেতৰ জীয়েক দুজনী চিকিৎসক হোৱাৰ আঁৰত শিক্ষকৰেই হাত আছিল৷ টে’টৰ নিযুক্তিৰ পিছত …………

অসমৰ প্ৰাথমিক শিক্ষাত এক নৱজাগৰণৰ সৃষ্টি হ’ল৷

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমশঃ বাঢ়িবলৈ আৰম্ভ কৰিছিল৷

খাটিখোৱা ৰাইজৰ মুখত আশাৰ ৰেঙণি জাগিল৷
কিন্তু এতিয়া প্ৰতিবাদ, আন্দোলন আদিত শিক্ষকক ব্যস্ত ৰাখিলে তাৰ পৰিণাম কি হ’ব সেয়া এবাৰ আমাৰ অসমবাসী ৰাইজে এবাৰ ভাবি চাবৰ হ’ল৷ তথাপি দৃঢ় প্ৰতিজ্ঞ মই যিদিনালৈকে পাৰিম চৰকাৰে দিয়া দৰমহাৰ প্ৰতিটো টকাৰ ঋণ পৰিশোধ কৰিম নিষ্ঠাৰে৷ চৰকাৰৰ লেতেৰা ৰাজনীতিৰ চেকা অন্ততঃ নিষ্পাপ, নিৰ্দোষী ছাত্ৰ-ছাত্ৰী সকলৰ গাত পৰিবলৈ নিদিওঁ৷

বিঃদ্ৰঃ- মনৰ মাজৰ কিছু ক্ৰিয়া-প্ৰতিক্ৰিয়াঃ
১/ ভাগিনটোৱে টে’ট দিয়াৰ কথা কৈছিল, কিন্তু তাক বাধা দিছোঁ৷ জীৱনটো অন্ততঃ বন্ধকত থ’ব নালাগে৷
২/ কিয় জানো SC, ST, OBC হৈ জন্ম নল’লো৷ কম কম নম্বৰত ৰেগুলাৰ হোৱা সকলক দেখিলে মনটো বেয়া লাগে৷ বেয়া নাপাব মনৰ দুখটো প্ৰকাশ কৰিছো৷

৩/ ভাল লাগিছে প্ৰতিবাদৰ নামত দুৰদৰ্শনৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত কথা কৈছো, টিভিত ফটককৈ ওলাইছো, তাৰে ভিডিঅ’ ক্লিপ বিচাৰি হাহাকাৰ কৰি আছো৷

৪/ কেমেৰাৰ আগত কথা ক’বলৈ নোপোৱা জনৰ আক্ষেপেও মনত দুখ দিছে৷

৫/ মুঠতে নিজকে সমালোচক, আলোচক, প্ৰতিবাদকাৰী হিচাবে আৱিষ্কাৰ কৰি সুখী নে দুখী হৈছো ধৰিব পৰা নাই৷ )

শেষত কওঁ জয়তু টে’ট শিক্ষক সমাজ৷ মই সুখী বহুতেই সুখী কাৰণ এটি জাতিক সঠিক ৰূপত পৰিচালনা কৰা দায়িত্বৰ বাবে মই যে নিৰ্বাচিত৷ সঁচাকৈ এজন চিকিৎসকৰ ভুলৰ বাবে এজন ৰোগীৰ মৃত্যু হয় আৰু এজন শিক্ষকৰ ভুলৰ বাবে এটি জাতি ধ্বংস হয় আৰু এই শিক্ষককে বাৰে বাৰে ভুল কৰিবলৈ বাধ্য কৰাইছে ৰজাঘৰীয়া সকলে৷ অনিচ্ছা সত্ত্বেও হ’বলগা ভুল বোৰৰ কথা ভাবি আজিৰ দিনত শংকিত হৈছো৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!