এটি মিঠা সংলাপ (বন্দনা শইকীয়া)

এটি মিঠা সংলাপ
বন্দনা শইকীয়া
স্থিতপ্ৰজ্ঞৰ দৰে
কোনেও নজনাকৈ
বিচাৰি ফুৰোঁ
এটি মিঠা সংলাপ;
যিয়ে মোৰ
বাসনাত কোমলতা সানি
সাজিব এটি
প্ৰাণৰ প্ৰতিমা,
সোণালী সময়ৰ
নিপুণ শিল্পৰে
স্বতঃস্ফূর্ত হৈ
জিলিকি উঠিব
প্ৰতিটো পুৱা……
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!