এটি সুন্দৰ আবেলি নীলিমা বাইদেউৰ লগত এখন্তেক – নিবেদিতা শৰ্মা

বহুদিনৰে পৰা লগপাম বুলি ভাবি থকা নীলিমা শৰ্মা বাইদেউক লগ কৰিবলৈ যোৰহাট তৰাজানত থকা বাইদেউৰ আৰাধ্যা এপাৰ্টমেন্টলৈ গ’লো।ৰাতিপুৱা বাইদেউক কথাটো জনাইছিলোঁ,বাইদেউৱে আবেলি চাৰি বজাত ফোন কৰিলে,আহিছোঁ নেকি? মই যোৱাৰ খবৰ পাই তেখেত গেটৰ মুখৰ পৰাই আগবঢ়াই নিলেহি।মোৰ চেনেহী মালৈহে মনত পৰিল,দেখাতো মোৰ আইৰ দৰেই লাগিল।
কালি বাইদেউৰ বায়েক বিশিষ্টা সাহিত্যিক বীণাপাণি বৰকটকীৰ দেহাৱসান হৈছে,কথাবতৰাৰ মাজে মাজে বাইদেউৱে চকুলো টুকি আছে,বায়েকৰ কথা সুঁৱৰি।
তেখেতৰ লগত বহুসময় কবিতা,গল্প,উপন্যাসৰ কথা পাতিলো,চাহ খালোঁ।একেবাৰে ঘৰুৱা হৈ পৰিলোঁ।তেনেতে বিয়া দিয়া জীয়াৰী আহি পালে ,ওচৰতে থাকে। কথাৰ মাজতে তেখেতে ক’লে তেখেতে সমালোচনা ভাল পায়,আৰু ভালকৈ লিখিবলৈ বোলে উৎসাহ দিয়ে।

বাইদেউৰ গল্প,কবিতা,উপন্যাসৰ বিষয়ে জনাবলৈ মন গৈছে।অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সুন্দৰ কাম কৰি আছে।আজি তেখেতৰ পৰা পোৱা ,নীলিমা শৰ্মাৰ গল্প গল্প সংকলন,ত্ৰিমূৰ্ত্তি নামৰ উপন্যাসখন বাংলা ,হিন্দী ,ইংৰাজীলৈ অনুবাদৰ কাম চলি আছে।আনহাতে আনখন কবিতা পুথি মৌ -পিয়া সুগন্ধি পৃথিৱী।গুৱাহাটীৰ প্ৰকাশক ,পুথি প্ৰকাশে কবিতাপুথি খনত বাইদেউৰ কথা লিখিছে ,এনেদৰে “একেধাৰে কবি,গল্পকাৰ,ঔপন্যাসিক,শিশু সাহিত্যিক যোৰহাটৰ নীলিমা শৰ্মা অসমৰ সাহিত্য জগতৰ এগৰাকী পৰিচিত নাম।তেওঁৰ কবিতাত মূৰ্ত হৈ উঠিছে সমাজ আৰু সময়ৰ নিৰ্মমতা,জীৱনৰ অন্তহীন শোকগাথা,আৰু ভৱিষ্যতৰ ৰঙীন স্বপ্ন। সীমাহীন ঘাত -প্ৰতিঘাত আৰু
দু:সহ বেদনাৰ মেটমৰা বোজা লৈও এইগৰাকী লেখিকাৰ কলম নিয়োজিত হৈ আছে মানুহৰ কল্যাণ আৰু সমাজ উত্তৰণৰ স্বাৰ্থত।মানৱতাৰ অন্বেষণেই যেন তেওঁৰ লিখাৰ প্ৰধান উপজীৱ্য।সাহিত্যিক পেঞ্চনাৰ এইগৰাকী লেখিকাৰ শতাধিক গল্প,শিশু সাহিত্য,বহুকেইখন উপন্যাসে অসমীয়া সাহিত্যৰ বেদী সমৃদ্ধ কৰি আহিছে।”
আকৌ ড° নগেন শইকীয়াৰ কথাৰে -“নীলিমা শৰ্মাৰ এটি সক্ৰিয় সংবেদনশীল মন আছে।এই সংবেদনশীলতাই তেওঁৰ সৃষ্টিশীল ৰচনাৰ প্ৰতি সদায় অনুপ্ৰেৰণা দান কৰি আহিছে।নীলিমা শৰ্মাৰ গল্পই তেওঁৰ দুটা বিশিষ্ট গুণ ফুটাই তুলিছে।এটা হ’ল আকস্মিক আৰম্ভণিৰে গল্প কোৱাৰ তেওঁৰ মনোগ্ৰাহী কৌশল আৰু আনটো হ’ল সাৱলীল ক্ৰমে ফুটাই তুলিব পৰা ঘটনাৰ নাটকীয়তা।এগৰাকী গল্পলেখকৰ থাকিবলগীয়া দুয়োটা গুণৰ উপৰিও নীলিমা শৰ্মাৰ গল্পৰ ভাষা আঁৰ নলগাকৈ নিমজ আৰু জঁটুৱা।বৰ্ণনা আৰু সংলাপৰ বাস্তৱধৰ্মীতাই গল্প সমূহক মনোগ্ৰাহী কৰি তুলিছে।”ইত্যাদি ইত্যাদি।
আজি মই উপহাৰ হিচাবে পোৱা মৌ -পিয়া সুগন্ধি সুৰভি কিতাপখনৰ পৰা দুটিমান কবিতা তুলি দিলো।

মোৰ গানৰ সুৰভিত
মোৰ গানৰ সুৰভিত
বৈ আহে আমোলমোল বতাহ
বতাহৰ ফুৰফুৰীয়া গোন্ধত
বিচাৰি পাওঁ
জীয়াই থকাৰ সোণসেৰীয়া মাদকতা।

আকৌ
(১)
আৱেগত উদ্বেলিত প্ৰাণ
তোমাৰ বুটা বছা হৃদয়ত
মেলি দিলো চিৰ সেউজ
প্ৰেমৰ ৰুমাল।
(২)
স্মৃতিৰ ববচা বনত তোমাক পাই হেৰুৱালো
তুমি ফুলত ফুলিলা ৰূপত জ্বলিলা
হৃদয় জুৰাই অমৃত নিৰ্গত কৰিলা সদায়।
(৩)
ববচা বনত বিচাৰি ফুৰিছো মই
শৈশৱৰ গজালি মেলা থোক
যৌৱনত থোকৰ ভৰত দোঁ খাই পৰিছে
মোৰ শস্য-শ্যামলা পথাৰৰ এমুঠন সুখ।
(৪)
ভাল পাওঁ বুলি নকওঁ দিয়া
য’ত বৈ আহে তেজৰ নিজৰা।

কিতাপখন পঢ়ি থাকিবৰ মন গৈছে।

বাইদেউৰ নিজাকৈ দুখন কবিতা সংকলন।(১) হৃদয় এখন নীলা আকাশ।(২) মৌ -পিয়া সুগন্ধি সুৰভি।

দিলীপ চক্ৰৱৰ্ত্তীদেৱে অনুবাদ কৰা ঈশান নিৰ্বাচিত কাব্যসংকলনত ২০০৭ চনৰ পৰা ৪টাকৈ কবিতা বাংলা ভাষাত মুঠতে ৪৮টা কবিতা অনুদিত হৈছে।
বহুকেইখন গ্ৰন্থ তেখেতে সম্পাদনা কৰিছে। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ,ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ সংগীতালেখ্য,নাটক,ভ্ৰাম্যমান থিয়েটাৰতো জ্যোতিপ্ৰপাত মঞ্চস্থ হৈছে।
মুঠতে বাইদেউ বৰ গুণী মানুহ,নিৰহংকাৰী,দয়ালু ,মৰমীয়াল ব্যক্তি।তেখেতৰ কবিতাৰ সমালোচনা বা বেয়াকৈ ক’লেও তেখেতে ভালকৈ লিখিবলৈ উৎসাহহে পায়।আচলতে এয়াই এগৰাকী লেখিকা বা কবিৰ প্ৰকৃত লক্ষণ যেন অনুভৱ কৰিলোঁ।নতুনচামে তেখেতৰ পৰা শিকিবলগীয়া আছে।এই বিলাকৰ উপৰিও সাপ্তাহিক জনমভূমি,দৈনিক জনমভূমি,অগ্ৰদূতত ১৯৭২ চনৰ পৰা এতিয়ালৈকে নিৰবিচ্ছিন্ন ভাৱে,লিখি আছে।সাদিন,প্ৰিয় সখী,শ্ৰীময়ী,গৰিয়সী,পূৱালী ,প্ৰান্তিক আদিত তেখেতৰ
লেখা প্ৰকাশ পায়।বিভিন্ন গল্প সংকলন,প্ৰবন্ধ সংকলন আদিত অলেখ গল্প,কবিতা ,প্ৰবন্ধ,জীৱনী সাহিত্য আদি সিঁচৰিত হৈ আছে।২০১৭ চনত অসম লেখিকা সংস্থাৰ পৰা জীৱন জোৰা সাধনা বঁটা পোৱা বাইদেউৱে ২০০৪ চনৰ পৰা সাহিত্যিক পেঞ্চন পাই আহিছে।এইবাৰ বিহুৰ সময়তে আৰু দুখন উপন্যাস প্ৰকাশ পাব।কিতাপ দুখনৰ নামকেইটা শুনি বৰ ভাল লাগিল মোৰ।এখনৰ নাম “সত্যৰ সদালাপ” আৰু আনখন “ঢৌয়ে ঢৌয়ে ঢৌ খেলি”।
কিছুদিনৰ আগতে মৃত্যু বৰণ কৰা তেখেতৰ স্বামী ৰাজেন্দ্ৰ প্ৰসাদ শৰ্মাৰ কথা কওঁতেও তেখেত আৱেগিক হ’ল। তেখেতক পৰিয়ালৰ সদস্য সকলে মৰমেৰে আৱৰি ৰাখিছে। তেখেতৰ স্বাস্থ্য অটুত থাকক তাকে কামনা কৰিলোঁ।মাজে মাজে লগ পাম বুলি আশ্বাস দি এটা সুন্দৰ আৰু অনাবিল আনন্দৰে ঘৰ পালোহি।মোক তেখেতৰ তিনিখন কিতাপ দিলে মৰমেৰে।মইয়ো মোৰো জীৱনৰ সুখ-দুখৰ মুকুতামণিখন তেখেতলৈ অৰ্পণ কৰিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!