এদিনীয়া ক্ৰিকেটৰ জন্ম কাহিনী (প্ৰশান্ত কুমাৰ বৰা)

১৯৭১ চনৰ জানুৱাৰী মাহৰ কথা। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এছেজ শৃংখলাৰ প্ৰথম দুয়োখন টেষ্ট খেলেই বিৰক্তিকৰভাৱে ড্ৰ হোৱাৰ পাছত তৃতীয় খেলখনতো বৰষুণে ভালকৈয়ে বিধি-পথালি দিছিল। তৃতীয় টেষ্টৰ আৰম্ভনিৰ দিনা এৰা-ধৰাকৈ অহা বৰষুণৰ বাবে গ্ৰাউণ্ডমেনসকলে পাঁচবাৰকৈ কভাৰেৰে পিটছ্ ঢাকিবলগীয়া হৈছিল। ভোজন বিৰতিৰ সময়ৰ খন্তেক পাছতেই খেলপথাৰলৈ টছৰ বাবে দুয়ো দলৰ অধিনায়ক দুজন আহিছিল কিন্তু বৰষুণৰ বাবে সেইদিনা খেল মুঠেই আৰম্ভ কৰিব পৰা নগৈছিল। খেলখনৰ দ্বিতীয় দিনটোও বৰষুণৰ বাবে সম্পূৰ্ণ পৰিত্যক্ত হৈছিল, ফলত অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ড যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল। মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত ধাৰাসাৰে চলি থকা বৰষুণৰ বাবে খেলৰ প্ৰথম দুদিনতে অষ্ট্ৰেলিয়ান বৰ্ডে প্ৰায় ৪০,০০০ মাৰ্কিন ডলাৰৰ লোকচান ভৰিছিল।

তৃতীয় দিনা বতৰ মুকলি হৈছিল। ইতিপূৰ্বে হোৱা আৰ্থিক ক্ষতিৰ জোৰা মাৰিবৰ বাবে আয়োজকসকলে এখন তিনিদিনীয়া খেল খেলোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু টেষ্টখনৰ টছ ইতিমধ্যেই সম্পন্ন হৈ যোৱা বাবে সেয়াও আৰম্ভ কৰাত নীতিগত আশোৱাহে দেখা দিছিল। তদুপৰি ইংলেণ্ডৰ অধিনায়ক ৰে’ ইলিংৱৰ্থেও সেই সেমেকা উইকেটত এখন তিনিদিনীয়া টেষ্ট খেলিবলৈ অমান্তি হৈছিল। তেওঁ কৈছিল যে সেমেকা উইকেটত এখন পাঁচদিনীয়া টেষ্টত ভাগ লোৱাৰ ভিত্তিতহে টছৰ সময়ত তেওঁ নিজৰ সিদ্ধান্ত লৈছিল আৰু বেটছমেন কেইথ ফ্লেছাৰৰ ঠাইত দ্বিতীয় স্পিনাৰ হিচাপে ডাৰাক আণ্ডাৰউদক দলত লৈছিল। এতিয়া যিহেতু তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰা সম্ভৱ নহয়, গতিকে তিনিদিনীয়া খেলখন খেলিব পৰা নাযায়।

কোনো সমাধানসূত্ৰ নোলোৱাত অৱশেষত খেলৰ তৃতীয় দিনা টেষ্টখন বাতিল কৰিব লগা হ’ল। অষ্ট্ৰেলিয়ান ক্ৰিকেট ব’ৰ্ডৰ হৈ ডনাল্ড ব্ৰেডমেনে ঘোষণা কৰিলে যে ইংলেণ্ডৰ ঘৰুৱা এদিনীয়া টুৰ্ণামেণ্ট জিলেট কাপৰ আৰ্হিৰে এখন সীমিত অভাৰৰ টেষ্ট খেলোৱা হ’ব। বাতিল হোৱা টেষ্টখনৰ পঞ্চম দিনা মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডতে দল দুটাৰ মাজত এই খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ’ল। সেইসময়ত এই সিদ্ধান্তৰ একমাত্ৰ কাৰণ আছিল আংশিকভাৱে হ’লেও আৰ্থিক ক্ষতিৰ জোৰা মৰাটো। খেলখনৰ যোগেদি অষ্ট্ৰেলিয়ান ক্ৰিকেট বৰ্ডে মাথোঁ কিছু ধন উপাৰ্জন কৰিব বিচাৰিছিল। খেলখনৰ বহুদিন পাছত গ্ৰেগ চেপেলে কৈছিল- “মই মুঠেই নাভাবো যে এই সিদ্ধান্তই ভৱিষ্যতে কি ৰূপ লব সেয়া সেইসময়ত কোনোবাই ধাৰণা কৰিব পাৰিছিল।” এছলে মেলেটে কৈছিল – “সেই খেলখনক আমি মাথোঁ আমোদৰ আহিলা বুলিহে ভাবিছিলো।”

যথাসময়ত কেলখন অনুষ্ঠিত হ’ল। সকলোকে হতবাক কৰি ই দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে। প্ৰায় ৪৬০০০ দৰ্শকেৰে গেলাৰী ভৰি পৰিল, যিটো সংখ্যা ব্ৰীছবেনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টৰ কেওটা দিনত উপস্থিত থকা দৰ্শকৰ মুঠ সংখ্যাতকৈও প্ৰায় ৪০০০ বেছি আছিল। খেলখনৰ পৰা সংগৃহীত হৈছিল প্ৰায় ৩৩০০০ মাৰ্কিন ডলাৰ। মুঠতে সৰ্বদিশৰে পৰা খেলখন পূৰাদমে সফল হৈছিল।

আৰু এনেদৰেই ঘটনাক্ৰমত অনাকাংক্ষিতভাৱেই জন্ম পাইছিল এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটে, যি পৰৱৰ্তী সময়ত জনপ্ৰিয়তাৰ দিশৰ পৰা টেষ্টৰ প্ৰতি ভাবুকিয়েই হৈ পৰিল।

প্ৰথমখন এদিনীয়াৰ ঈৰ্ষণীয় সফলতাৰ পাছত সকলো পক্ষৰে পৰা ই ব্যাপক সমাদৰ লাভ কৰিলে। আনকি ইয়াৰ পাছৰ বছৰত অষ্ট্ৰেলিয়াৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত শৃংখলাৰ ষষ্ঠখন খেল বাতিল কৰি তাৰ ঠাইত তিনিখন এদিনীয়া খেলৰ আয়োজন কৰা হ’ল। পৰৱৰ্তী বৰ্ষত ই আৰু এখোপ ওপৰলৈ গল আৰু ১৯৭৫ চনত সীমিত অভাৰ ক্ৰিকেটৰ প্ৰথমখন বিশ্বকাপ প্ৰতিযোগিতা আয়োজনৰ সিদ্ধান্ত লোৱা হ’ল।

এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ একাদশ সংস্কৰণটি দিনচেৰেক পাছতেই আৰম্ভ হ’ব আৰু চিৰন্তন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াই নিজৰ অভিযান আৰম্ভ কৰিব। দলটোৰ সাম্প্ৰতিক প্ৰদৰ্শনলৈ চাই এইবাৰ ভাৰতক কোনেও সম্ভাব্য বিজয়ীৰ শাৰীত থোৱা নাই। তথাপি ক্ৰিকেট যিহেতু অনিশ্চয়তাৰ খেল, সেয়েহে অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ মাটিত ধোনী বাহিনীয়ে অসাধ্য সাধনেৰে দেশবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সমৰ্থ হ’ব বুলি ক্ৰিকেট-বলিয়া ৰাইজে আশাৰে বাট চাই ৰৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!