এনাজৰীৰ ৱৰ্ল্ড চামিট এৱাৰ্ড লাভ – কিছু অনুভৱ (হিমজ্যোতি তালুকদাৰ)

(ৱৰ্ল্ড চামিট এৱাৰ্ডৰ বাবে যেতিয়া ভোটিং চলি আছিল “অসমীয়াত কথা-বতৰা” গোটত ভোট দিবলৈ আহ্বান জনাই পোষ্ট এটা দিছিলোঁ আৰু এই গোটৰ সদস্য সকলে যেনেদৰে আগ্ৰহ দেখুৱালে সেয়া দেখি অভিভূত হৈ পৰিছিলোঁ। সৰ্বশ্ৰেষ্ঠ প্ৰকল্পৰ খিতাপ ফ্ৰান্সে আজুৰি নিলে, তথাপি আপোনালোঁকৰ আদৰখিনিৰ বাবে পুনৰ ধন্যবাদ যাঁচিলোঁ আৰু লগতে অনুষ্ঠানটোৰ সম্পৰ্কে কিছু ব্যক্তিগত অনুভৱ তলত আগবঢ়ালোঁ)

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা শ্ৰীলংকান এয়াৰলাইনচৰ বিমানখন ৰাণৱেৰ পৰা লাহে লাহে ওপৰলৈ উৰা মাৰিছিল। সৰু খিড়ীকিখনেৰে এবাৰ বাহিৰলৈ ভুমুকিয়াই চালোঁ। হাতখন মেলি দিলেই যেন আকাশৰ নীলাখিনি চুই দিব পাৰিম। সৰুৰে পৰাই আকাশখনলৈ আছিল অলেখ হেঁপাহ ! ‘স্কাই ইজ দা লিমিট’ বুলি সৰুৰে পৰা শুনি থকা বাক্যশাৰীলৈ মনত পৰি গ’ল। লক্ষ্য আছিল কলম্বো, য’ত ২৩ অক্টোবৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল ‘ৱৰ্ল্ড চামিট এৱাৰ্ড ২০১৩’। এই অনুষ্ঠানতে অসমৰ এটা ইন্টাৰনেট প্ৰকল্পই প্ৰতিনিধিত্ব কৰিছিল ভাৰতবৰ্ষক, কলা-পৰ্যটন শিতানত বিশ্বৰ পাঁচটা শ্ৰেষ্ঠ ই-প্ৰকল্পৰ মাজৰ এটা হিচাবে। সেয়াই আছিল আকাশ চোৱাৰ সপোন যি দিঠকত পৰিণত হৈছিল।

কলম্বো আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ওলায়েই দেখিছিলোঁ আমাৰ বাবে ৰৈ থকা গাড়ীখন। মোৰ যাত্ৰাৰ সংগী হৈছিল এনাজৰী ডট কমৰে এগৰাকী সক্ৰিয় সদস্য আদিত্য ৰঞ্জন দত্ত। এগৰাকী যুবকে আথে-বেথে আমাক আগবঢ়াই লৈ গৈছিল আমাৰ বাবে ৰৈ থকা গাড়ীখনৰ দিশে। গাড়ীখনতে বহি আছিল আব্দুল্লা, সম্পূৰ্ণ নাম আব্দুল্লা আনৱৰ ইউচেফ, E-Inclusion & Empowerment শাখাত বিজয়ী হৈ ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰি চামিটলৈ অহা এগৰাকী প্ৰতিনিধি। হোটেললৈ যোৱাৰ বাটত কথা পাতি গৈছিলোঁ ছৌদি আৰৱৰ বিষয়ে, তাত চলি থকা ই-প্ৰকল্প আৰু আব্দুল্লাৰ প্ৰকল্পটোৰ বিষয়ে। লগতে উপভোগ কৰি গৈছিলোঁ কেইবাটাও দশকৰ মূৰত শান্তি ঘূৰি আহি ন-কৈ ঠন ধৰি উঠা ৰাজধানী চহৰ কলম্বোৰ দৃশ্যাৱলী। ইতিমধ্যে হোটেলখনত গোট খাইছিল বিভিন্ন দেশৰপৰা অহা শতাধিক প্ৰতিনিধি। চিনাকি হৈছিলোঁ বিভিন্ন দেশৰ পৰা অহা প্ৰতিনিধিসকলৰ সৈতে। তাৰ পাছতে সাজু হৈছিলোঁ সন্ধিয়া ৰাষ্ট্ৰপতি সচিবালয়ত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ বাবে। উদ্বোধনী সভা অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি সচিবালয় তথা পুৰণি সংসদ ভৱনত। সুসজ্জিত সংসদ ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপকচেই উদ্বোধন কৰিছিল ৱৰ্ল্ড চামিট ২০১৩ ৰ। বিশ্বৰ প্ৰখ্যাত তথ্যপ্ৰযুক্তিবিদ সকলৰ সাৰগৰ্ভ ভাষণসমূহেৰে মুখৰিত হৈ পৰিছিল সংসদ ভৱনটো। ২৪ তাৰিখে আছিল আমাৰ প্ৰকল্প এনাজৰী ডট কমৰ উপস্থাপনৰ দিন। প্ৰকল্প উপস্থাপনৰ পাছত যেতিয়া ‘মোবাইল মানডে’ নামৰ প্ৰতিষ্ঠানটোৰ মুখ্য গৱেষক চিংগাপুৰ নিৱাসী মদনমোহন ৰাৱে কাণৰ কাষতে আহি কৈছিল ‘ব্ৰেভো’ বুলি তেতিয়া মুখত মাথোঁ বিৰিঙি উঠিছিল এক আত্মসন্তুষ্টিৰ হাঁহি। ই-কলা পৰ্যটন শিতানত কেৱল এনাজৰী ডট কমেই আছিল অ-বাণিজ্যিক প্ৰকল্প। স্বাভাৱিকতে জুৰী সদস্যই প্ৰশ্ন উত্থাপন কৰিছিল এনে এটা বৃহৎ প্ৰকল্প কেনেদৰে পৰিচালিত হয় অ-বাণিজ্যিক ৰূপত। বুজাই দিছিলোঁ কৰ্মদলটোৰ কৰ্মপদ্ধতি; যেতিয়া নিজৰ কলা-সংস্কৃতিক ৰক্ষা কৰিবলৈ সদা উত্সাহিত হৈ থাকে তেতিয়া স্বত:স্ফুৰ্তভাৱে কাম কাজো হৈ থাকে সম্পূৰ্ণ স্বেচ্ছামূলক ভাবে। অতিকে উত্সাহিত হৈ পৰিছিলোঁ যেতিয়া ‘ঘানা-ইণ্ডিয়া কফি আন্নান তথ্য প্ৰযুক্তি কেন্দ্ৰ’ৰ মুখ্য নিৰ্দেশক ডৰথী গৰ্ডনৰ লগত পৰিচয় হওঁতে চিঞৰি উঠিছিল, “O’ I know Assam, I know Enajori”. এয়াই আছিল হয়তো এনাজৰীৰ সাফল্যৰ মুল চাবি-কাঠি। ৱৰ্ল্ড চামিট এৱাৰ্ড অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অনুভৱ কৰিছিলোঁ বিশ্বখন তথ্যপ্ৰযুক্তিৰ দিশত বহু দূৰ আগবাঢ়ি গ’ল। নিউজিলেণ্ড, চীন, ফ্ৰান্স, চুইজাৰলেণ্ড, গ্ৰীচ, ফিনলেণ্ড, ইটালী আদি দেশত তথ্যপ্ৰযুক্তিৰ বিপ্লৱ দেখি তবধ মানিছিলোঁ। কিন্তু একে সময়তে উৎফুল্লিতও হৈছিলোঁ উত্তৰ পূব ভাৰতৰ ৰাজ্য এখনে দেশক প্ৰতিনিধিত্ব কৰি একেখন মঞ্চত থিয় দিয়াৰ সুযোগ পোৱাৰ বাবে। ২৬ অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈছিল ৱৰ্ল্ড চামিট এৱাৰ্ডৰ বঁটা বিতৰণী সভা। সাগৰ তীৰত অনুষ্ঠিত এই সভাত যেতিয়া বঁটা গ্ৰহণ কৰিবলৈ মূল মঞ্চলৈ আমন্ত্ৰণ কৰিছিল এক অজান শিহৰণে শিহৰিত কৰি তুলিছিল সমগ্ৰ দেহ মন। কেতিয়াও কল্পনা কৰিব নোৱাৰা এক সন্মান গ্ৰহণৰ দিশে খোজ দিছিলোঁ। প্ৰশস্তি পত্ৰ আৰু ট্ৰফী লওঁতে হোৱা অনুভবখিনি হয়তো ইয়াত বৰ্ণনা কৰিব নোৱাৰিম। কিছু সময়ৰ বাবে হ’লেও এক কলাজ ৰূপত উদ্ভাসিত হৈ উঠিছিল এনাজৰীৰ লগত জড়িত দৃশ্যপটসমূহ।

২০০৯ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা সন্ধিয়া। গুগল টকৰ যোগেদি এজন অনা অসমীয়া বন্ধুৰ সৈতে কথা পাতি আছিলোঁ, কথা প্ৰসংগত ওলাল অসমৰ কথা, অসমৰ বিভিন্ন তথ্য পাতি সমূহ ইন্টাৰনেটত উপলব্ধতাৰ কথা। মোক সি কৈ আছিল মোৰ হাতত ইমানবোৰ সংগ্ৰহ আছে, তেন্তে মই এটা অসম সংক্ৰান্তীয় ব্লগ এটাকে নোখোলোঁ কিয়? কথাটো ময়ো ভাবি চালোঁ ব্লগ এটা নিশ্চয় খুলিব পাৰি। কিন্তু মূৰত খেলাই আছিল অইন এটা কথাহে। এটা ৱেবচাইট আৰম্ভ কৰাৰ কথা, অসম সংক্ৰান্তীয়। কাৰণ সেই সময়ত ইন্টাৰনেটৰ জগতখনত অসম সংক্ৰান্তীয় তথ্যৰ অভাৱ ঘটিছিল বাৰুকৈয়ে। সন্ত্ৰাস, হিংসা, বন্ধ, আন্দোলন আদিৰে ভাৰাক্ৰান্ত অসম খনক এক বেলেগ ৰূপত উপস্থাপন কৰাৰ সপোন দেখিছিলোঁ বহু দিনৰেপৰা। সমস্যাৰ কথা আলোচনা কৰি থকাতকৈ সমাধানৰ এক অংশ হোৱাৰ পণ লৈছিলোঁ। ভবামতে কাম, ছ’চিয়েল নেটৱৰ্কিং চাইট অৰ্কূটৰ যোগেদি চিনাকি হোৱা কেইবাগৰাকীও বন্ধু-বান্ধবীৰ লগত আলোচনা কৰিলোঁ। এওঁলোকো যথেষ্ট আগ্ৰহৰে আগবাঢ়ি আহিল এই প্ৰকল্পত সেৱা আগবঢ়াবলৈ। বাচি ল’লোঁ – এনাজৰী নামটো। সহজ, মিঠা আৰু অৰ্থপুৰ্ণ ! আৰ্থিকভাবে কাৰো পৰা সহায় নোলোৱাকৈ নিজৰ পকেটৰ ধনেৰেই আৰম্ভ কৰিলোঁ এনাজৰী ডট কমৰ প্ৰাৰম্ভিক কাম কাজ। যিহেতু প্ৰায়খিনি কাম আমাৰ এনাজৰী পৰিয়ালৰ সদস্য সকলে স্বেচ্ছাই আৰম্ভ কৰিলে সেইবাবে আৰ্থিকভাবে সিমান সমস্যাৰ সন্মুখীন নহ’লোঁ। হাতত সময় বান্ধি ল’লোঁ দুমাহ; দুমাহৰ ভিতৰত আমি এনাজৰী সাজু কৰি উলিয়াম। কথামতে কাম, দিন ৰাতি একাকাৰ কৰি আমি কেইজনমান লাগি গ’লোঁ কামত। তাৰ পাছতে দিল্লীৰ পৰা আহি গুৱাহাটীত আৰম্ভ হৈছিল উন্মোচনী সভাৰ কাম কাজবোৰ। অৱশেষত ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত শুভ উদ্বোধন কৰা হ’ল এনাজৰী ডট কমৰ। তাৰ পাছতে ইন্টাৰনেটৰ ৰাইজৰ প্ৰতিক্ৰিয়া আছিল চমকপ্ৰদ। কাহানিও আশা কৰা নাছিলোঁ এনাজৰী ডট কমে ইমান সোনকালে সকলোকে মৰমেৰে বান্ধি পেলাব বুলি !

তিনিবছৰীয়া পৰিক্ৰমাটোত কেইবাটাও সফলতাৰ ঢৌৱে চুই গ’ল এনাজৰী ডট কমক। প্ৰথম সাফল্য আহে ই-নৰ্থ ইষ্ট বঁটাৰ যোগেদি য’ত এনাজৰী ডট কমে লাভ কৰে ‘জুৰীৰ বিশেষ’ বঁটা। আনহাতে তাৰ কিছুদিনৰ পাছতে আহে আন এক বৃহৎ সাফল্য। মন্থন ছাউথ এছিয়া আৰু এছিয়া পেচিফিক ২০১২ বঁটা এনাজৰী ডট কমৰ বাবে হৈ পৰে এক বৃহৎ সাফল্য। ৱৰ্ল্ড চামিট এৱাৰ্ড ২০১৩ বঁটাৰে যেন এনাজৰী ডট কমে আকাশখন চুলে।

এনাজৰী ডট কম যোগে বিভিন্ন প্ৰকল্পৰ কাম ইতিমধ্যেই চলি আছে। ‘লিপ্যন্তৰ প্ৰকল্প’ৰ অধীনত অনুবাদ কৰ্মদলৰ সহায়ত বিভিন্ন অসমীয়া লেখা মেলাৰ ইংৰাজীলৈ অনুবাদৰ কাম তথা ইউনিকোড কৰ্মদলৰ কামো সমানে চলি আছে। লগতে সংৰক্ষণ চলি আছে অসমীয়া গীত-মাত, আলোকচিত্ৰ, পুৰণি অসমীয়া গ্ৰন্থৰ ডিজিটেল ৰূপ আৰু বহুতো। বৰ্তমান সম্পূৰ্ণৰূপে কাম কাজ কেন্দ্ৰীভূত কৰা হৈছে এনাজৰী ডট কমৰ অভিলাষী আঁচনি সাহিত্যৰথী ডট কমৰ ওপৰত য’ত ৰসৰাজৰ সমগ্ৰ ৰচনাসমূহ ডিজিটেল ৰূপত প্ৰকাশ কৰাৰ প্ৰস্তুতি তুংগত। ইতিমধ্যে মুক্তি দিয়া এই ৱেবচাইটটো অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। সুৰৰ এনাজৰী ডট ইনফোত অন্তৰ্ভুক্তকৰা হৈছে তেৰশৰো অধিক পুৰণি গীত। ইয়াৰে শতাধিক গীত গ্ৰামোফোন যুগৰ।

এনাজৰী ডট কম প্ৰকল্পটো হৈছে সম্পূৰ্ণভাৱে অব্যৱসায়িক প্ৰকল্প। এই প্ৰকল্পত কোনো চৰকাৰী লাখ টকাৰ অনুদান লোৱা হোৱা নাই অথবা কোনো বৃহৎ পুঁজিপতিৰ অনুদানো নাই। ছোচাইটি হিচাবে পঞ্জীকৃত এই প্ৰকল্পটো আৰ্থিকভাৱে চলি আছে সদস্য কেইজনৰ বাৰ্ষিক বৰঙণিৰ দ্বাৰা। এই প্ৰকল্পৰ সকলো সদস্য নিজ নিজ কৰ্মক্ষেত্ৰৰ লগত জড়িত, এনাজৰী ডট কমৰ প্ৰতি থকা ভালপোৱা তথা নিজৰ কলা সংস্কৃতিৰ লগত জড়িত হৈ থকাৰ হাবিয়াসৰ ফলস্বৰূপেই এনাজৰী ডট কমৰ লগত জড়িত হৈ আছে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত সদস্যসমূহ। সকলোৰে এক সমূহীয়া প্ৰচেষ্টাৰেই ফল এনাজৰী ডট কম।

ব্যক্তিগত ৱেবচাইট হিচাবে আৰম্ভ কৰিম বুলি ভবা এনাজৰী ডট কম এতিয়া এটা সামাজিক সংগঠন। এনাজৰীৰ তিনিবছৰীয়া যাত্ৰাত দেশ-বিদেশৰ আলোচনী-পত্ৰিকাই এই প্ৰকল্পটোক যিদৰে প্ৰশংসাৰে ওপচাই দিলে সেয়া অকল্পনীয়। পঢ়ুৱৈৰ এই উত্সাহ সমুহেই এনাজৰী ডট কমৰ মূল চালিকা শক্তি। যিমানেই বাধা সম্মুখত থিয় দি নাথাকক কিয়, এনাজৰীৰ বান্ধোনডাল কেতিয়াও শিথিল হৈ নপৰে। অসমত এই ই-বিপ্লৱ চলি থাকিব, ই আমাৰ তৰফৰ পৰা আপোনালোকলৈ এক প্ৰতিশ্ৰুতি !

 

One thought on “এনাজৰীৰ ৱৰ্ল্ড চামিট এৱাৰ্ড লাভ – কিছু অনুভৱ (হিমজ্যোতি তালুকদাৰ)

  • May 21, 2015 at 5:04 pm
    Permalink

    আপোন সমাজৰ প্ৰতি নিভাঁজ মৰম আৰু এইখিনি নিস্বাৰ্থ সেৱাৰ বাবে আপোনালোকো সেৱাৰ যোগ্য হৈ পৰিছে l

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!