এনেয়ে কিবা-কিবি: স্বামী-স্ত্ৰী বনাম নাৰী-পুৰুষ (উদ্দীপ তালুকদাৰ)

এনেয়ে কিবা-কিবি: স্বামী-স্ত্ৰী বনাম নাৰী-পুৰুষ

উদ্দীপ তালুকদাৰ


এই সংখ্যাৰ সাহিত্য-ৰ থীমৰ লগত মিলাই একো নিলিখোঁ (আচলতে নোৱাৰিমো) বুলিয়েই ভাবিছিলোঁ । কিন্তু এই শিতানৰ ইমানবোৰ লেখা আহিছে যে পঢ়ি পঢ়ি পুৰণি বেমাৰ এটাই উক দিলে । কথাবিলাক ওলোটা-পোলোটাকৈ ভাবি চোৱাৰ । সাধাৰণভাৱে নাৰী-পুৰুষৰ সম্পৰ্কক স্বামী-স্ত্ৰীৰ মাজলৈ আনিব পাৰি জানো? বা ওলোটাকৈ ক’বলৈ গ’লে স্বামী-স্ত্ৰীৰ সংসাৰ এখনলৈ অহা যিকোনো সমস্যাক নাৰী-পুৰুষৰ মাজৰ সমস্যা বুলি ধৰি ল’ব পাৰি জানো ?

মোৰ মতে নোৱাৰি । বিয়া এখন যদিও পুৰুষ-নাৰীৰ মাজতেই হয়, কিন্তু স্বামী-স্ত্ৰী আৰু পুৰুষ-নাৰী সমাৰ্থক নহয় । স্বামী-স্ত্ৰীৰ মাজত এখন সংসাৰ থাকে, সংসাৰখনৰ নিজা একক সমস্যা থাকে, লগতে দুখন পৰিয়াল, সন্তান-সন্ততি, আয়-ব্যয় আদি বিভিন্ন একক আৰু গাইগুটীয়া কিছুমান কাৰক থাকে। যিবোৰ কেতিয়াও এখন সংসাৰৰপৰা আন এখনলৈ সাধাৰণীকৰণ কৰিব নোৱাৰি । আনহাতে পুৰুষ-নাৰীৰ মাজৰ সম্পৰ্ক বুলিলে গাইগুটীয়া পৰিয়ালৰ সীমাৰ বাহিৰত প্ৰচলিত সামাজিক নীতি-নিয়ম আদিৰ কথাহে আহে । স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক এটা ব্যক্তিগত পৰ্যায়ৰ বিষয় । আনহাতে সাধাৰণ ভাৱে পুৰুষ-নাৰীৰ সম্পৰ্ক এটা সামাজিক বিষয় । নিসন্দেহে ব্যক্তি->পৰিয়াল->সমাজ, গাঁথনিটো এনেকুৱা হ’লেও তিনিওটা পৰ্যায়ৰে সমস্যাবিলাক বেলেগ বেলেগ ধৰণৰ ।

কিন্তু মই নোৱাৰি বুলি ক’লেই হ’ব নে ? তাৰ বাবে আমি অকণমান তুলনামূলক অধ্যয়ন কৰাৰ প্ৰয়োজন । কিন্তু স্বামী-স্ত্ৰীৰ সংসাৰখনক আন কিহবাৰ লগত তুলনা কৰি চাব পাৰি নেকি ? মই দুটা উপায় পাইছোঁ । কিন্তু এইখিনি আপোনালোকে মানি নল’বও পাৰে । প্ৰথমতে যদি আমি স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কটো পুৰুষ-নাৰীৰ মাজৰ বুলি নলৈ দুজন ব্যক্তি একেলগে থকা বুলি ধৰোঁ ? ভালকৈ ভাবি চাওঁক, যদি আমি স্বামী-স্ত্ৰী দুগৰাকীক পুৰুষ-নাৰী (শাৰীৰিক সম্পৰ্কৰ কথাটো সম্পূৰ্ণ বাদ দি) বুলি নধৰি অকল ব্যক্তি একেলগে বাস কৰা বুলি ধৰোঁ তেন্তে তাৰ সমস্যাবিলাক তুলনা কৰি চাবলৈ এটা উপায় আছে । ল’ৰা বা ছোৱালী বহুতেই হোষ্টেলত বা পাছত মেচত দুই বা তিনিজন মিলি একেলগে মেচ কৰি থাকি পাইছোঁ । এইটো দুজন বা তিনিজন ব্যক্তি একেলগে থকাৰ এটা সুন্দৰ আৰ্হি, যাৰ লগত আমি অকল ব্যক্তি পৰ্যায়ত স্বামী-স্ত্ৰী-সন্তানৰ ছবিখন তুলনা কৰি চাব পাৰোঁ । এনে মেচ সমূহত অকল ল’ৰা-ল’ৰাই, বা ছোৱালী-ছোৱালীয়েই থাকে । সমস্যা তেওঁলোকৰ হয় নে নহয় ? ভাত-পানী ৰান্ধোঁতে কাজিয়া লাগে নে নেলাগে ? মেচ কৰি থকাৰ মোৰ অভিজ্ঞতাৰপৰা ক’ব পাৰোঁ, ঠিক-ঠিক নিমিলিলে মেচ কৰিও থাকিব নোৱাৰি । এতিয়া কথাটো হ’ল, যদি বিয়া পতা মানুহহাল মানুহ হিচাপেই ঠিক-ঠিক নিমিলিল, তেতিয়া সেইখন সংসাৰৰ অৱস্থা কি হ’ব ভাবি চাওঁকচোন ! তাৰমানে আমি মানি ল’ব পাৰোঁ নেকি যে স্বামী-স্ত্ৰীৰ মাজত থকা ব্যক্তিত্বৰ পাৰ্থক্যহে আচলতে স্বামী-স্ত্ৰীৰ মাজৰ অশান্তিৰ কাৰণ । য’ত আমাৰ সামাজিক ব্যৱস্থাৰ কাৰণে মানুহ-হাল এৰা–এৰিও হ’ব নোৱাৰে, আৰু দুয়োপক্ষই মাথোঁ এজনে আনজনক দোষ দি জীৱনটো কষ্টত পাৰ কৰে? আৰু মহিলাৰ প্ৰতি আমাৰ সমাজৰ যিটো মনোভাৱ তাৰ কাৰণেহে নাৰীগৰাকীয়ে কষ্ট পায়, স্বামী-স্ত্ৰীৰ মাজৰ সমস্যা বুলি আচলতে নায়েই !!

মোৰ আনটো তুলনা কল্পনা কৰিবলৈ আৰু টান । সমকামী সংসাৰ এখনৰ সমস্যাবিলাকৰ লগত আমি স্বামী-স্ত্ৰীৰ সংসাৰ এখনৰ তুলনা কৰি চাব পাৰোঁ । কিন্তু কামটো সহজ নহয়, কাৰণ সমকামী সংসাৰ কেনেকুৱা হয়, তাৰ ধাৰণা আমাৰ নাই । সেইবাবে মই নেট খুচৰি সমকামী সংসাৰৰ সমস্যাৰ ওপৰত আলোকপাত কৰা কেইটামান প্ৰৱন্ধ চাইছিলোঁ । অৱশ্যে এনে প্ৰৱন্ধবোৰ আমাৰ দেশৰ নহয়, গতিকে তাৰ লগত আমাৰ সংসাৰৰ তুলনা কৰিব নোৱাৰি । কিন্তু সেই দেশৰে সংসাৰৰ পাৰ্থক্যখিনি আমি চাব পাৰোঁ । তলত দিয়া লিংক দুটাত প্ৰাপ্ত তথ্য অনুসৰি সমকামী (পুৰুষৰ সংসাৰ বা মহিলাৰ সংসাৰ দুয়োটাতে)সংসাৰত শাৰীৰিক, মানসিক নিৰ্যাতন বেছিকৈ হয় । সমকামী সংসাৰ সাধাৰণ সংসাৰত কৈ কম দিন টিকে । অৰ্থাত শাৰীৰিক, মানসিক নিৰ্যাতন আচলতে লিংগভিত্তিক নহয়েই । এইখিনি আমাৰ লগত মিলাই নাৰীয়ে শাৰীৰিক নিৰ্যাতন পালেও নিশ্চুপ হৈ সহ্য কৰি যায় বুলি ক’ব নোৱাৰোঁ কাৰণ সমকামী- আৰু সাধাৰণ সংসাৰৰ তুলনা পশ্চিমৰ দেশৰ সংসাৰৰ মাজতে কৰা হৈছে । সেয়ে সংসাৰ এখনত হোৱা উৎপীড়ন, মানসিক বা শাৰীৰিক নিৰ্যাতন আদিক চিধাই পুৰুষৰ নাৰীৰ প্ৰতি থকা তুচ্ছ মনোভাৱৰ ফল বুলি সহজ কৰি পেলাব নালাগে । এইটো সম্পৰ্কত আৰু বহুতো কথা জড়িত হৈ থাকে ।

ইমানৰ পাছতো এটা কথা ঠিক যে স্বামী-স্ত্ৰী যিহেতু পুৰুষ আৰু মহিলাই হয়, সেয়ে সমাজত প্ৰচলিত নীতি-নিয়ম, বন্ধন আদিৰ ছাঁ স্বামী-স্ত্ৰীৰ মাজতো পৰে । সেয়ে, মই ওপৰত কোৱাৰ দৰে, স্বামী-স্ত্ৰীক অকল ব্যক্তি বুলিয়েই সকলো শেষ কৰি দিব নোৱাৰি । আমাৰ সমাজত নাৰীয়ে এতিয়াও বহু অৱমাননাৰ মাজেৰে পাৰ কৰিব লাগে, কিন্তু সেই অৱমাননাক স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্কটোলৈ পট্‌কৈ ননাই ভাল । কাৰণ স্বামী-স্ত্ৰীৰ সম্পৰ্কত অকল সমাজখনেই নাথাকে, এয়া দুগৰাকী ব্যক্তিৰ মাজৰ এটা বিশ্বাস আৰু মৰমৰ সম্পৰ্ক । যিকোনো সম্পৰ্কৰ দৰেই ইয়াকো অতি ধীৰে-ধীৰে নিষ্ঠা, সততা আৰু এৰা-ধৰাৰ মাজেৰে লাহে লাহে গঢ়ি তুলিব লাগে । ইটো পক্ষই সিটো পক্ষই দোষ জাপি দিলে অসুবিধাবিলাক নাতৰে, বৰং বাঢ়িবহে ।

http://www.frc.org/get.cfm?i=IS04C02
http://www.conservapedia.com/Homosexual_Couples_and_Domestic_Violence

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!