এন আৰ চি উন্নীতকৰণ: চাওঁ আহক কিদৰে হ’ব সমগ্ৰ প্ৰক্ৰিয়াটো ( নিলোৎপল শৰ্মা )

 

(যোৱা কিছুসময় ধৰি এন আৰ চি উন্নিতকৰণ প্ৰক্ৰিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ থকা হেতু প্ৰক্ৰিয়াটোৰ বিষয়ে কিছু কথা অৱগত কৰাৰ প্ৰয়াস কৰিলো–)

অসমত বৰ্তমান সঘনাই চৰ্চা হৈ থকা থকা আৰু বিগত কেইবাবছৰে সময়ে সময়ে মূৰ দাঙি উঠা বিষয়টোৱে হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ৷ বিগত কিছু সময়ত ‘আছু’কে ধৰি কেতবোৰ জাতীয় সংগঠনে এই বিষয়টোক লৈ সৰৱ হৈ থকাও দেখা গৈছে৷ আনকি দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও এই বিষয়টোৰ বাবে অসম চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে৷ আচলতে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কি আৰু কেনেকৈ কৰা হ’ব ইয়াৰ উন্নীতকৰণ, আহক চাওঁ—

 

এনআৰচি কি?

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা নেচনেল ৰেজিষ্টাৰ অৱ্ চিটিজেন চমুকৈ এনআৰচি হল এখন পঞ্জী য’ত সকলো নাগৰিকৰে বিস্তৃত তথা শুদ্ধ তথ্য সন্নিৱিষ্ট কৰি ৰখা হ’ব৷ পূৰ্বতে ১৯৫১ চনৰ লোকপিয়লৰ পিছত সেই গণনাত অন্তৰ্ভুক্ত হোৱা সকলো ব্যক্তিৰে সবিশেষ তথ্য সন্নিৱিষ্ট কৰি অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাও হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ গতি ধাৰা একেবাৰে স্থবিৰ হৈ পৰিল আৰু সমান্তৰালভাৱে বহিৰাগতৰ অনিয়ন্ত্ৰিত অনুপ্ৰৱেশে অসমৰ খিলঞ্জীয়া মানুহলৈ যি ভাবুকি কঢ়িয়াই আনিলে তাৰেই ফলশ্ৰুতিত বিভিন্ন দল-সংগঠনৰ নেৰানেপেৰা প্ৰতিবাদৰ অন্তত সৰ্বোচ্চ ন্যায়লয়ে ২০১৬ চনৰ ডিচেম্বৰৰ ভিতৰত এক পূৰ্ণাংগ তথা ত্ৰুটিবিহীন নাগৰিক পঞ্জী প্ৰস্তুত কৰিবলৈ চৰমসীমা বান্ধি দিছে৷

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যাৱধিকৰণ কেনেকৈ কৰা হ’ব?

নাগৰিকপঞ্জী অদ্যাৱধিকৰণ অসম চুক্তি, ১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৩ চনৰ নাগৰিকত্ব বিধিৰ ব্যৱস্থাৱলীৰ আধাৰত কৰা হ’ব। ওপৰোক্ত দুয়োখন আইনৰ নিৰ্দেশনা অনুযায়ী নাগৰিকত্ব নিৰূপণৰ বিষয়টো ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা ১৯৭১ চনৰ ২৪ মাৰ্চৰ (মাজনিশা) আগৰ ভোটাৰ তালিকা উপলব্ধ নহ’লে তলত উল্লেখ কৰা ১৯৭১ চনৰ আগৰ সময়ৰ নথিৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব অৰ্জনৰ বিষয়টো বিবেচিত হ’ব।
১) ভূমিস্বত্বৰ/ৰায়তীস্বত্বৰ নথিপত্ৰ
২) নাগৰিকত্বৰ প্ৰমাণপত্ৰ।
৩) স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ
৪) শৰণাৰ্থী পঞ্জীয়ণ প্ৰমাণপত্ৰ
৫) পাৰপত্ৰ (পাছপোৰ্ট)
৬) ভাৰতীয় জীৱন বীমা নিগমৰ বীমা পলিচি
৭) চৰকাৰৰ দ্বাৰা প্ৰদত্ত অনুজ্ঞাপত্ৰ/প্ৰমাণপত্ৰ
৮) চৰকাৰী চাকৰি/নিযুক্তিৰ প্ৰমাণপত্ৰ (পিআৰচি)
৯) বেংক/ডাকঘৰৰ হিচাবৰ নথিপত্ৰ
১০) জন্মৰ প্ৰমাণপত্ৰ
১১) ব’ৰ্ড/বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰমাণপত্ৰ
১২) আদালতৰ নথি/আদালতৰ প্ৰক্ৰিয়াজনিত নথি
ওপৰত উল্লেখিত নথিসমূহৰ উপৰিও
১) ১৯৭১ চনৰ ২৪ মাৰ্চৰ (মাজনিশা) বা তাৰ আগতে কৰ্তৃত্বশীল কৰ্ত্তৃপক্ষই চহী, চীল মোহৰ মাৰি প্ৰদান কৰা ৰেচন কাৰ্ড আৰু
২) বিবাহসূত্ৰে আন গাঁৱলৈ স্থানান্তৰিত মহিলাৰ সন্দৰ্ভত গাঁও পঞ্চায়তৰ সচিবৰ দ্বাৰা প্ৰদত্ত আৰু স্থানীয় ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত প্ৰমাণপত্ৰ আৰু চহৰাঞ্চলত কৰ্তৃত্বশীল ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত প্ৰমাণপত্ৰও সমৰ্থনমূলক নথি (Supporting Document) হিচাবে গ্ৰাহ্য হ’ব।

 

সাধাৰণ নাগৰিক হিচাপে মনলৈ আহিব পৰা কেতবোৰ প্ৰশ্নঃ

  • প্ৰথমে কি কৰিব লাগিব ??
    ১) আবেদন প্ৰ-পত্ৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰে ঘৰে বিতৰণ কৰা হ’ব৷ গাঁৱৰ গাওঁবুঢ়া বা তেনে কোনো সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ দি আহিব৷
    ২) আবেদন প্ৰ-পত্ৰ এন আৰ চি সেৱা কেন্দ্ৰ (NSK) তো পোৱা যাব আৰু এন আৰ চি ৱেৱচাইটৰ পৰাও ডাউনল’ড কৰিব পাৰিব৷
    ৩) আন কাৰোবাৰ পৰা খালী(Blank) আবেদন প্ৰ-পত্ৰৰ পৰা কৰা ফটোকপিও ব্যৱহাৰ কৰিব পাৰিব৷
  • ইয়াৰ পিছৰ কাম কি হ’ব ??
    ১) চৰকাৰে আবেদন প্ৰ-পত্ৰ দাখিল কৰিবলৈ জাননী জাৰি কৰাৰ লগে লগে আপুনি ওচৰৰ এন আৰ চি সেৱা কেন্দ্ৰ(NSK) ত আপোনাৰ ওপৰত উল্লেখ কৰা ১৪ টা নাগৰিকত্ব প্ৰামাণ্য নথিৰ যিকোনো এটা (বেছিকৈ থাকিলেও দিব পাৰিব) আবেদন প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰি দাখিল কৰিব লাগিব৷
    ২) আবেদন প্ৰ-পত্ৰ অনলাইন(Online) যোগেও দাখিল কৰিব পাৰিব৷ ইয়াতো প্ৰয়োজনীয় নথি স্কেন কপি দাখিল কৰিব লাগিব৷ এই বিষয়ত ভুৱা নথিৰ সত্যতা নিৰূপণৰ ব্যৱস্থাও ইতিমধ্য গ্ৰহণ কৰা হৈছে৷
    আবেদন প্ৰ-পত্ৰসমূহ কেনেকৈ পূৰাব লাগে সেই সম্পৰ্কে লিখিত নিৰ্দ্দেশাৱলী আবেদন প্ৰ-পত্ৰৰ সৈতে একেলগে বিতৰণ কৰা হ’ব৷
    তদুপৰি এই বিষয়ত কিবা তথ্য জানিবলগীয়া হ’লে চৰকাৰী বিনামূলীয়া নম্বৰ – ১৫১০৭ লৈ ফোন কৰিলে বা nrcassam.nic.in ৰ যোগেদিও প্ৰযোজনীয় সহায় লাভ কৰিব পাৰিব৷
  • যদি উপৰ্যুক্ত ১৪টা নথিৰ আপোনাৰ ওচৰত এটাও নাই, তেতিয়া কি কৰিব ??
    ১) চিন্তাৰ কোনো কাৰণ নাই, ১৯৫১ চনৰ নাগৰিক পঞ্জী, ১৯৬৬ চনৰ ভোটাৰ তালিকা আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ(মাজনিশা)ৰ আগৰ ভোটাৰ তালিকা সমূহ এক লগ কৰি “লিগেছি ডাটা” নামেৰে এক উমৈহতীয়া তথ্য সৃষ্টি কৰা হৈছে৷ উন্নত আৰু শেহতীয়া অত্যাধুনিক তথ্য প্ৰযুক্তিৰ সহায়ত প্ৰতিটো এন আৰ চি সেৱা কেন্দ্ৰত নাগৰিক সকলে নিজৰ পূৰ্বজসকলৰ লগত যোগসূত্ৰ বিচাৰি সেইমতে “লিগেচি ডাটা”ৰ এখন কম্পিউটাৰ জেনেৰেটেড নথি উলিয়াই আনি সেইখন আবেদন প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰিব পাৰিব৷
    ২) ১৯৫১ চনৰ এন আৰ চি, ১৯৬৬ আৰু ১৯৭১ চনৰ ২৮ মাৰ্চৰ আগৰ ভোটাৰ তালিকাৰ স্কেন কপিও কম্পিউটাৰৰ সহায়ত চাই সেই অনুসৰিও নিজৰ বংশ পৰিয়ালৰ চিনাক্তকৰণ কৰিব পাৰিব আৰু তাৰ পিছত উক্ত কম্পিউটাৰ জেনেৰেটেড নথি আবেদন প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰিব পাৰিব৷
    ৩) এই নথিখন অপৰিহাৰ্য, কিয়নো ইয়াত থাকিব আপোনাৰ উপৰিপুৰুষৰ নাম আৰু Legacy Data Code. যাৰ সহায়ত আপোনাৰ নাগৰিকত্বৰ প্ৰামাণ্য নথিৰ সত্যতা নিৰূপণৰ ব্যৱস্থা কৰা হব৷ ভুৱা Legacy Data Code ৰ সৈতে কোনো ভুৱা নথি যাতে দাখিল হ’ব নোৱাৰে তাৰ কাৰণে এই কম্পিউটাৰ জেনেৰেটেড নথিখনত Bar Code পৰীক্ষণৰো ব্যৱস্থা ৰাখিছে৷
    ৪) যদি আপোনাৰ এই Legacy Data ত নাম নাই বা আপোনাৰ কোনো পূৰ্ব পুৰুষৰ নাম সন্নিৱিষ্ট নোহোৱাকৈ ৰৈ গৈছে তেন্তেও চিন্তাৰ কোনো কাৰণ নাই, ওপৰত উল্লেখ কৰা ১৪টা নথিৰ যিকোনো এটাই আপোনাৰ নাগৰিকত্ব বৈধতাৰ বাবে যথেষ্ট৷ কিয়নো আপুনি দাখিল কৰা নথিসমূহক চৰকাৰী বিষয়া কৰ্মচাৰীৰ কেইবাজনীয়া এটা গোটে একেলগে পৰীক্ষণ কৰাৰ পিছতহে সেই নথিৰ সত্যাসত্যতা সুনিশ্চিত কৰা হ’ব৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত চক্ৰ/জিলা/ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ বিষয়াৰ দ্বাৰা তদাৰক কৰা কামো সমান্তৰালভাৱে চলি থাকিব৷
  • যদি আপোনাৰ ১৯৭১ৰ আগৰ ঠিকনা আৰু এতিয়াৰ ঠিকনা বেলেগ, তেতিয়া কি কৰিব ??
    ১) যিহেতু এন আৰ চি এখন জিলাৰ নহয়, সমগ্ৰ অসমৰে, গতিকে আপুনি আপোনাৰ বৰ্তমানৰ ঠিকনাৰ ওচৰৰ এন আৰ চি সেৱা কেন্দ্ৰত যাওক আৰু আপোনাৰ পূৰ্বৰ ঠিকনাৰে “লিগেচি ডাটা”ৰ কম্পিউটাৰ জেনেৰেটেড কপিটো উলিয়াই লওক৷ যিকোনো এন আৰ চি সেৱা কেন্দ্ৰতে সমগ্ৰ অসমৰে তথ্য মজুত থাকিব৷
  • ইয়াৰ পিছত কি হ’ব ??
    ১) ইয়াৰ পিছত আপুনি দাখিল কৰা আবেদন প্ৰ-পত্ৰ আৰু নাগৰিকত্ব প্ৰামাণ্য নথিসমূহ পৰীক্ষণগোটে কম্পিউটাৰত থোৱা মূল নথিৰ(Original Document) স্কেন কপিটোৰ লগত ৰিজাই চাই দাখিল কৰা নথি-পত্ৰসমূহ সঁচা নে ভুৱা তাৰ সত্যাসত্যতা নিৰূপণ কৰিব৷
    ২) ইয়াৰ পিছতে কেইবাগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীৰে গঠিত এটা পৰীক্ষণকাৰী দল গৈ আপুনি দাখিল কৰা নথিৰ ভিত্তিত পূৰ্বজসকলৰ সৈতে আপোনাৰ যোগসূত্ৰ আৰু পৰিচয়ৰ চিনাক্তকৰণৰ কাম সম্পন্ন কৰিব৷
  • ইয়াৰ পিছত ??
    ১) ইয়াৰ পিছতে নাগৰিকপঞ্জীৰ এখন খচৰা প্ৰস্তুত কৰা হ’ব, অদ্যাৱধিকৃত নাগৰিক পঞ্জীৰ এই খচৰাখন ৱেৱচাইট আৰু এন আৰ চি সেৱা কেন্দ্ৰসমূহত ৰাজহুৱাকৈ প্ৰকাশ কৰা হ’ব।
    ২) প্ৰস্তুত কৰা খচৰাৰ সৰ্ন্দভত নাগৰিকসকলৰ দ্বাৰা দাখিল কৰা দাবী আৰু আপত্তিৰ প্ৰাপ্তি আৰু নিষ্পত্তি কৰা হ’ব।
    সৰ্বোচ্চ ন্যায়লয়ৰ কাঢ়া নিৰ্দেশৰ ভিত্তিত ২০১৬ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত(যদিও চৰকাৰীভাবে ২০১৬ চনৰ জানুৱাৰীতে হ’ব বুলি কৈছে) চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰা হ’ব।
    ইতিমধ্যে কেইবাখনো জিলাত নাগৰিকপঞ্জী অদ্যাৱধিকৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গৈছে৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত অসম চৰকাৰৰ সৈতে সহযোগ কৰিছে ‘এমট্ৰণ’ আৰু ‘উইপ্ৰো’ নামৰ দুটা আগশাৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানে৷ ‘উইপ্ৰো’ৰ তত্বাৱধানত “বহ্নিমান” নামৰ এক অত্যাধুনিক চফ্টৱেৰ কেৱল এন আৰ চি ৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হোৱা কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ’, নলবাৰী আৰু নগাঁও – এই চাৰিখন জিলাত ইয়াৰ সহায়ত নাগৰিক পঞ্জী অদ্যৱধিকৰণ প্ৰক্ৰিয়া লাহে লাহে আগ বাঢ়িছে৷

 

  • এই প্ৰক্ৰিয়াত আপোনাৰ ভুমিকা->
    যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনাগত ভৱিষ্যতৰ দিনবোৰৰ বাবে নাগৰিকত্ব প্ৰমাণৰ বিষয়ত এক অৰ্থবহ আৰু গুৰুত্বপূৰ্ণ দলিল হিচাবে গণ্য হ’ব, গতিকে খচৰা নাগৰিকপঞ্জীত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্তি হোৱা বুলি যথোপযুক্ত সন্দেহ উপজিলে যিকোনো নাগৰিকে এনে অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শাবও পাৰে৷ তদুপৰি বিভিন্নজনে এই নাগৰিকপঞ্জী প্ৰস্তুতকৰণত ব্যাঘাত জন্মাবলৈও অপচেষ্টা কৰিব পাৰে, ইয়াৰ বিৰুদ্ধেও আপুনি সজাগ হ’ব লাগিব আৰু প্ৰয়োজন হ’লে সংশ্লিষ্ট অসামৰিক/আৰক্ষী প্ৰশাসনৰো সহায় ল’ব পাৰে৷
    সমগ্ৰ ভাৰতৰ ভিতৰত অসমতে সৰ্বপ্ৰথম এখন পূৰ্ণাংগ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম হাতত লোৱা হৈছে৷ দেশৰ উচ্চতম ন্যায়লয়ৰ প্ৰত্যক্ষ ব্যৱস্থাপনা, তদাৰকী আৰু তত্বাৱধানত কেইবা দশকজোৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজনৰ সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত সমস্যাটোৰ স্থায়ী সমাধানৰ দিশত এক ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছে৷ সকলো কথাকে ঋণাত্মক দৃষ্টিভংগীৰে উৰাই দিয়াতকৈ আহকচোন এবাৰ ভাবিচোৱা যাওক ইয়াৰ প্ৰয়োজনীয়তা কিমান৷ “এন আৰ চি একোডাল নহয়গৈ” ধাৰণাটো বাদ দি এখন সুন্দৰ, ক্ৰুটিবিহীন আৰু যোগান্তকাৰী নাগৰিকপঞ্জী তৈয়াৰ কৰাত নিৰপেক্ষ অংশীদাৰ হ’বগৈ নোৱাৰোনে!!

3 thoughts on “এন আৰ চি উন্নীতকৰণ: চাওঁ আহক কিদৰে হ’ব সমগ্ৰ প্ৰক্ৰিয়াটো ( নিলোৎপল শৰ্মা )

  • June 30, 2015 at 9:19 pm
    Permalink

    Bor lagotiyal tathya dia babe dhonyabaad . bohu nojona kotha janilu

    Reply
  • October 3, 2016 at 6:12 pm
    Permalink

    ইয়াৰ পৰা বহুতো কথা জানিলো

    Reply
  • January 17, 2018 at 9:37 pm
    Permalink

    ভুটানৰ তালিকা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!