এমুঠি গ্ৰীষ্মৰ সপোন (ধ্ৰুৱ চৌধুৰী)

শীতৰ ঠৰঙা লাগি বেঁকা হৈ পৰা
বেলিটিয়ে হিয়াত এবুকু তেজ ঢালে,
মনৰ মাৰনাৱত পাখিলগা পখিলা উৰে।
কপাহী মন বতাহী উচাহ,
চিনাকীক পাহৰি দূৰুহক আপোন কৰা মন
এইবেলি জাৰত আইয়ে মোৰ বাবে চুৱেটাৰ আৰু নুগুঁঠে,
ঊণবোৰ যেন দূৰ্লভ হৈ পৰিল
কলিজাৰ চেচা কেঁচা তেজতকৈও….
 

One thought on “এমুঠি গ্ৰীষ্মৰ সপোন (ধ্ৰুৱ চৌধুৰী)

  • November 28, 2019 at 5:04 pm
    Permalink

    ভাল লাগিল এই সংখ্যাৰ কবিতা কেইটি পঢ়ি । ধন্যবাদ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!