এযোৰ পাটৰ কাপোৰ – (বিকাশ শইকীয়া)


pator-kapoor
এযোৰ পাটৰ কাপোৰ

– বিকাশ শইকীয়া৷
১)
পুজাৰ বতৰ৷ বাইকখন লৈ এনেয়ে ওলাই গলো৷ পিন্ধা উৰাত মই বিশেষ চৌখিন নহয়৷ একেটা টি চাৰ্টেই বহুত দিন চলি যায়৷ দীৰুদাক ফোন কৰিলো৷ দীৰুদাই খবৰ দিলে যে আমবাৰীৰ জন প্লেয়াৰ্চৰ শ্বোৰুমত ৬০ পাৰচেণ্ট অফ দি আছে৷ আমবাৰী পালোগৈ৷ জন প্লেয়াৰ্চত বহুত ভিৰ৷ ওচৰতে চিল্ক এম্পোৰিয়ামৰ শ্বৰুমটো৷ চিল্ক এম্পোৰিয়ামতে সোমালো, কাপোৰ দুযোৰমান চাই টাইম পাছ কৰো৷
এম্পোৰিয়ামতো ভীৰ বহুত, মানুহে পুজাৰ বজাৰ কৰিছে৷
-দাদা কওঁকচোন, কি বিচাৰিছিল? দোকানৰ লৰা এজনে সুধিলে
– পাটৰ ছেট দেখুওৱাচোন৷ মই কলো৷

-কি কালাৰত চাব?
– দেখুওৱাচোন, লেটেষ্ট ডিজাইনত
ল’ৰাজনে চেলফৰপৰা তিনিযোৰ কাপোৰ উলিয়াই মোৰ সন্মুখত থলে
-এইযোৰ ৮, এইযোৰ চাৰে সাত আৰু এই পাৰপলযোৰ সাত হাজাৰ দুশ পৰিব৷ ল’ৰাজনে কলে৷
– কম কিমান কৰিব
– পূজা বুলি টেন পাৰচেণ্ট ডিচকাউণ্ট চলি আছে
দৰ দাম কৰাত মই কেঁচা৷ দোকানখনত ইফালে সিফালে চালো৷ মানুহবোৰে কাপোৰ পচন্দ কৰাত আৰু বাৰগেইনিঙত ব্যস্ত৷
ৱাও, বিউটিফুল, এবাৰ চালে চাইয়েই থাকিবলৈ মন যায়৷ কমলা ৰঙৰ, গোটেই কাপোৰখনতে গুণাৰে মিনা কৰা, জিলিক-মিলিক বাখৰ খটোৱা কাপোৰযোৰ৷ দোকানখনত এটা ফালে আঢ্যৱন্ত যেন লগা পৰিয়াল এটাই কমলা ৰঙৰ চালে চকুৰোৱা কাপোৰযোৰৰ দৰ দাম কৰি আছে৷
– সেই যে কাপোৰযোৰ, বহুত ধুনীয়া দেই, তেনেকুৱা দেখুওৱাচোন৷ মই কমলা পাটৰ চেটযোৰ দেখুৱাই কলো৷
– দাদা সেইযোৰ আপোনাৰ ৰেঞ্জত নাহিব৷ ল’ৰাজনে কলে৷
– মানে
– দাম অলপ বেছি৷ ল’ৰাজনে হাঁহি এটা মাৰিলে
– তুমি মোকতো চিনি নোপোৱা, মোৰ ৰেঞ্জটো কেনেকৈ জানিলা? মই সুধিলো৷
ল’ৰাজনে হাঁহি এটা মাৰিলে৷ মই নিজৰ ফালে চালো৷ চাৰি বছৰ আগতে কিনা কলা ৰঙৰ টি ছাৰ্ট, জিনছটো কেতিয়াৰ মনতে পৰা নাই, ভৰিত ধূলি লগা ছেণ্ডেল চু৷ মোৰ ৰেঞ্জ ইয়াতেই সীমিত৷
২)
১৭-১৮ বছৰ আগৰ কথা৷ মই তেতিয়া ক্লাছ ফাইভ নে চিক্সত৷ মাহীৰ বিয়া আছিল৷ মাহীৰ বিয়াত পিন্ধিবলৈ মাই দেউতাৰপৰা পইচা লৈ কাপোৰ কিনিবলৈ ফাচীবজাৰ পালেগৈ, লগত মাৰ আঙুলিত ধৰি মই৷
দেউতাই সাধাৰণ চৰকাৰী চাকৰি এটা কৰিছিল৷ খুব আদৰ্শবাদী আছিল দেউতা৷ আদৰ্শবাদী মানুহৰ সাধাৰণতে টকা পইচা কম থাকে আৰু আমিও ব্যতিক্ৰম নাছিলো৷ আমাৰ ঘৰতো অভাৱ আছিল আৰু আমি অভাৱবোৰৰ সৈতে সহাৱস্থান কৰিছিলো৷
মাই ফাচীবজাৰৰ দোকান এখনত সোমাল৷ দোকানীয়ে কেইবাযোৰো পাটৰ ছেট দেখুৱালে৷ মাই লিৰিকি বিদাৰি চাই আছে৷ এপলেকত দোকানীয়ে খুব ধুনীয়া কাপোৰ এযোৰ উলিয়ালে৷
– এইযোৰ কিমান দাম? মায়ে সুধিলে৷
– দাম অলপ বেছি, আপোনাৰ ৰেঞ্জত নাহিব৷ দোকানীয়ে কলে
মাই মানিবেগটো জোৰেৰে খামুচি ধৰিলে৷
– এইযোৰ মোৰ ভালো লগা নাই, ইমান জিলিক মিলিক মই ভাল নাপাওঁ৷ মায়ে কলে৷
তেতিয়া মই বুজি পোৱা নাছিলো কিয় মায়ে ইমান ধুনীয়া কাপোৰযোৰ অপচন্দ কৰি এযোৰ কম ধুনীয়া চিম্পল কাপোৰ কিনিছিল৷
৩)
– দাদা, আৰু দেখুৱাম নে? চিল্ক এম্পোৰিয়ামৰ লৰাটোৰ মাতত মই অতীতৰ পৰা উভতি আহিলো৷
মই হাঁহি এটা মাৰিলো৷ কমলা ৰঙৰ কাপোৰযোৰৰ দৰদাম চলি আছে৷ দোকানীৰ দাম আৰু পৰিয়ালটোৱে দিয়া দামৰ মাজত এতিয়াও দুহেজাৰ টকাৰ পাৰ্থক্য৷
মই তেওঁলোকৰ ফালে চাই আছো৷
দৰ দাম নিমিলাত পৰিয়ালটো চিল্ক এম্পোৰিয়ামৰ পৰা ওলাই গল৷ দোকানীয়ে কাপোৰযোৰ জপাত লাগিল৷
– দাদা লাষ্ট কিমান দিব কওক৷ মই কমলা ৰঙৰ পাটৰ কাপোৰযোৰ দেখুৱাই কলো
– ৫০০ কমাব পাৰিম, তাতকৈ কমাব নোৱাৰিম৷ দোকানীজনে কলে৷
– ঠিক আছে, পেক কৰি দিয়ক, আপোনাৰ ইয়াত কাৰ্ড একচেপ্ট কৰেনে? মই সুধিলো৷
– হয় কৰে
মই ডেবিট কাৰ্ডখন চুইপ কৰিলো, কাপোৰৰ টোপোলাটো ললো আৰু বাইক ষ্টাৰ্ট দিলো৷
৪)
কবলৈ গলে মই বহুত আনন্দিত আছিলো আৰু মাও আনন্দিত হব বুলি ভাৱিছিলো৷ কিন্তু তেনেকুৱা একো নহল৷
কাপোৰযোৰ দেখাৰ লগে লগে মা জকজকাই উঠিল৷ মোক চুই কিলাবলৈ হে বাকী৷ মাৰ মতে মই বেয়া হলো, যতে ততে টকা পইচাবোৰ খৰচ কৰিছো, মই ধোৱাখুলীয়া হৈছো৷ আনকি কঠোৰ মাতেৰে মাই কাপোৰযোৰ যৰপৰা আনিছিলো তাত ঘূৰাই দি আহিবলৈ কলে৷ মোৰ চব উৎসাহ পানী হৈ পৰিল৷

মাৰ গালিৰপৰা বাচিবলৈ মই ঘৰৰপৰা বাহিৰ ওলাই চোতালত অৱস্থান ললো৷
পোন্ধৰ মিনিটমান পাছত চুপ চাপ ঘৰত সোমালো৷ ড্ৰয়িং ৰুমত কোনো নাই৷ মই ভিতৰৰ ৰুমলৈ খোজ ললো৷
ভিতৰৰ ৰুমটোত এখন ড্ৰেচিং আইনা আছে৷ আইনাৰ সমুখত মা৷ মাই কমলা ৰঙৰ কাপোৰযোৰ লিৰিকি বিদাৰি আছে৷ মায়ে কাপোৰযোৰৰ আঁচলটো নিজৰ কান্ধত পেলাই আইনাত চাইছে৷ সচাকৈয়ে খুব ধুনীয়া কাপোৰযোৰ আৰু কমলা ৰঙ, গুণাফুল আৰু বাখৰ খটোৱা কাপোৰযোৰে মাক বহুত ধুনীয়া দেখাইছে৷
মই লক্ষ্য কৰিলো, মাৰ চকুত দুটোপাল চকুপানী৷
– মা, মই লাহেকৈ মাতিলো
– ইমান দামী কাপোৰ কিয় আনিব লাগে, মইতো এইবোৰ নিপিন্ধোৱেই৷ মাই কলে৷
মই মাক সাবতি ধৰিলো৷ যিজনী মাই আমাক ডাঙৰ কৰোতে কিমান কষ্ট, কিমান ত্যাগ, কিমান পৰিশ্ৰম স্বীকাৰ কৰিছে৷ আমাৰ সৰু সৰু আব্দাৰ পূৰা কৰিবলৈ মাই নিজৰ কিমান সপোন, কিমান চখ বাদ দিছে, কিমান চখ৷
ড্ৰেচিং আইনাখনত মই স্পষ্টকৈ দেখিবলৈ পালো৷ কমলা ৰঙৰ পাটৰ কাপোৰ এযোৰত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলাগৰাকীৰ মুখত এটা অপূৰ্ব হাঁহিৰ প্ৰতিবিম্ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!