এলিয়েন সুন্দৰী কিৰিন (অমিতাভ মহন্ত)

এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট ‘কিৰিন’ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহিল। এই প্ৰতিযোগিতা ক’ত হ’ব, কেনেকৈ ৰেজিষ্ট্ৰেচন হ’ব কিৰিনে একো নাজানে। কেৱল এলিয়েনন সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰাৰ পোতক তুলিবলৈ কিৰিনে পৃথিৱীলৈ ঢাপলি মেলিছে। কিৰিনে এফনেটৰ ত্ৰুগলত ছাৰ্চ কৰি চালে নিশ্চয় গোটেই খবৰখিনি পালেহেঁতেন, কিন্তু লৰালৰিৰ কোবত তাইৰ সময়েই নহ’ল।
কিৰিন আহিছে টৰেণ্ট গ্ৰহৰ পৰা। এই গ্ৰহৰ প্ৰাণী সাধাৰণতে অতি বুদ্ধিমান, তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া। কিন্তু কিৰিন অলপ ব্যতিক্ৰম, তাইৰ বুদ্ধি অলপ কম। কেৱল এফনেটত এই প্ৰতিযোগিতাখনৰ খবৰ পঢ়িয়েই তাই ‘ফ্লাইং ফল্চস্কিনখন পিন্ধি পৃথিৱীলৈ নামি আহিছে, লক্ষ্য তাই নিজেও নাজানে। একো চিনি নাপাই কিৰিনে ত্ৰুগুল ট্ৰেপৰ মতে আহি গুৱাহাটী নামৰ চহৰ এখনত নামিল।
কিৰিনে এয়াৰ কেমোফ্লেজ মুডটো অন কৰিয়েই লেণ্ড কৰিছিল। ফলত স্বাভাৱিকতে কোনো মানুহে তাইক দেখা নাছিল। তাইৰ শৰীৰত থকা ছফ্টৱেৰটোৰ দ্বাৰা পৃথিৱীৰ সকলো ভাষাকে কনভাৰ্ট কৰিব পাৰি। আৰু কিছুদিন আগতেই তাই ‘অল ইন ওৱান’ ভ’কেল কৰ্ডডালো ইনষ্টল কৰি লৈছে। গতিকে কিৰিনে পৃথিৱীত আহি বিশেষ একো চিন্তা কৰিবলগীয়া নাই।
কিৰিনৰ সন্মুখত এখন কিতাপৰ দোকান। এখন আলোচনীত এজনী ধুনীয়া ছোৱালীৰ ফটো দেখিলে, আলোচনীত লিখা থকা কথাখিনি তাই কনভাৰ্টাৰেৰে পঢ়ি চালে, “কৰীণা, দা ৰিয়েল বিউটি”। এই ছোৱালীজনাৰ নাম তাৰমানে কৰীণা। কিৰিনৰ বৰ মন গ’ল কৰীণাৰ লগত কথা পাতিবলৈ। তাই কৰীণাৰ ছবি স্কেন কৰি ছাউণ্ডৱেব অন কৰি কথা আৰম্ভ কৰিলে।
কৰীণাৰ কোনো উত্তৰ নাই। বোধহয় পৃথিৱীত ছাউণ্ড ৱেব মেছেজ কাম নকৰে। টৰেণ্ট গ্ৰহত কোনোবাৰ ছবি নিজৰ দেহত থকা বিল্ড ইন কম্পিউটাৰত স্কেন কৰি ছাউণ্ড ৱেবৰে মেছেজ কৰিলেই কথা কব পাৰি। এই মেছেঞ্জাৰৰ নাম Yoooo Messenger।
কিৰিন হতাশ হ’ল। কৰীণাই হয়তো ক’ব পাৰিলেহেঁতেন এই প্ৰতিযোগিতাখন ক’ত হ’ব।
ইমানপৰে কিৰিন কেমোফ্লেজ মুড অন কৰি অদৃশ্য হৈ আছিল। গতিকে দোকানৰ মালিকে তাইক দেখা নাছিল। দোকানত থকা একমাত্ৰ গ্ৰাহক সাংবাদিকজনেও তাইক দেখানাছিল।
কিৰিনে ভাবিলে শ্বপ বীং ( Shop being) মানে দোকানীজনে এইপ্ৰতিযোগিতাখন কত হ’ব সেয়া হয়তো জানিব। গতিকে তাই মানুহৰ ৰূপ ধাৰণ কৰাৰ সিদ্ধান্ত ললে। কৰীণা কাপুৰৰ ছবিখন স্কেন কৰা আছিলেই। সেই ছবিখনকেই ‘ফেইচকনভাৰ্টৰ’ ফ’ল্ডাৰত পে’ষ্ট কৰি ‘কনভাৰ্ট ইন হিউমেন’ আইকনত ক্লিক কৰি এয়াৰকেমোফ্লেজ মুডৰ পৰা ওলাই আহিল।
দোকানীজন ব্যস্ত হৈ থকা বাবে কৰীণাৰূপী কিৰিনক দেখা নাপালে। কিন্তু সাংবাদিক মহোদয়ে ঠিকেই দেখা পালে। মুহূৰ্ততে পদোন্নতি, ব্ৰেকিং নিউজ, আপোনাৰ অনুভৱ আদি বিভিন্ন শব্দ সাংবাদিকৰ মগজুৰে পাৰ হৈ গ’ল। লগে লগে প্ৰশ্নবাণ আৰম্ভ হৈ হ’ল,
– কৰিণাজী আপ য়াহাঁ?
কিৰিনে লেংগুৱেজ কনভাৰ্টাৰ অন কৰিলে। বীঙটোৱে সুধিছে, ‘আপুনি ইয়াত কেনেকৈ’? কিৰিনে সাংবাদিকৰ মগজু স্কেন কৰি বিশুদ্ধ অসমীয়াত উত্তৰ দিলে,
– মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ক’ত হৈছে সেই বিষয়ে মোক খবৰ লাগিছিল।
প্ৰশ্ন শুনি সাংবাদিক মহোদয়ৰ মূৰ ঘুৰি গ’ল। কৰীণা কাপুৰে সুধি আছে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ক’ত হ’ব, তাকো অসমীয়াত। কিবা এটাতো গণ্ডগোল হৈছে। যোৱা ৰাতি অলপ নিচা হৈ ৰুমীৰ লগত ফোনত কাজিয়া হৈছিল বাৰু। কিন্তু মাতাল হোৱা নাছিল সি। মাতাল অৱস্থাত থাকিলেও সি ৰিপৰ্ট ঠিকেই মেনেজ কৰে। আজি কি হৈছে একো বুজিব পৰা নাই।
হয়তো ছোৱালীজনী কৰীণা নহয়, দেখাতহে সাইলাখ একে। অলপ বুৰ্বক যেন লাগিছে। মুহূৰ্ততে বিভিন্ন বুদ্ধি সাংবাদিকৰ মনলৈ আহিল, এটা ব্ৰেকিং নিউজ হৈ যাব। ৰুমীৰ লগতো লাহে লাহে ভাল নলগা হৈ আহিছে। এইবাৰ বিনয়ৰ অৱতাৰ হৈ সাংবাদিকে উত্তৰ দিলে,
– এই প্ৰতিযোগিতাখনৰ বিষয়ে ভালদৰে জানো। যোৱা দুবছৰ আমাৰ চেনেলটোৱেই লাইভ টেলিকাষ্ট কৰি আছে। মই আপোনাক সকলো ঠিক ঠাক কৰি দিম। আপুনি একেবাৰে ঠিক মানুহকে পাইছে।
মিছা আজিকালি তাৰ মুখতে থাকে। কথাখিনি কৈ তাৰ নিজকে প্ৰতিযোগিতাখনৰ বিচাৰক যেন লাগি গল।
কিৰিনে এইবাৰ ক’লে,
– তেনেহলে আপুনি মোক তালৈ লৈ যাব নেকি বাৰু?
তাইৰ কথা শুনি সাংবাদিকৰ মনত দুষ্ট ৰোমান্টিক বুদ্ধি খেলিবলৈ ধৰিলে। আগৰেপৰা এই খেল খেলাত সি পাকৈত।
এইবাৰ নিউজ বীঙটোৱে তিনিচকীয়া এক অদ্ভুত যান এখন মাতি আনিলে। স্কেন কৰি চাওঁতে ড্ৰাইভাৰ বীঙটো ওচৰৰে দেশ এখনৰ বুলি গম পোৱা গ’ল। বিদেশী ড্ৰাইভাৰ!!! নিউজ বীঙটো বৰ পাৱাৰফুল হ’ব, কিৰিনে মনে মনে ভাবিলে। বীঙটোৱে উঠাৰ দৰে কিৰিনেও যানখনত উঠি ললে।
ৰিক্সা চলিছে সাংবাদিকৰ প্ৰিয় ‘ক্লাব মিণ্ট পাব’লৈ। এইফালে কিৰিন ভিতৰে ভিতৰে ৰোমাঞ্চিত।
পাবত লৈ গৈ নিউজ বীঙে কিৰিনক পানীৰ দৰে কিবা খাবলৈ দিলে। তাই ‘ফুড টেষ্টিং ৰে’ ব্যৱহাৰ কৰি দেখিলে সেয়া খাব পাৰি। এগিলাছমান খাই তাই সোৱাদ পালে, গতিকে হিচাপ নোহোৱাকৈ খাবলৈ ধৰিলে।
এইফালে সাংবাদিক নিজৰ প্লেনমতে গৈ আছে। তাইক মাতাল কৰি লব পাৰিলেই তাৰ কাম সহজ হৈ যাব। লাহে লাহে সি তাইৰ হাত এখনত ধৰিলে।
কিৰিনে মন কৰিলে নিউজ বীংটোৰ গাৰ পৰা ‘ৰোমাণ্টিক ৰে’ (ray)’ বাহিৰ হৈছে। কিয় জানো তাইৰ পিংকিকৰ কথা মনলৈ আহিছে। পিংকিক তাইৰ বিশেষ বন্ধু। কিন্তুএতিয়ালৈ দুয়ো ফিটেড (Fitted) হোৱা নাই। পিংককে কৈছে আগন্তুক ‘লাভ লাইট ডে’ত দুয়ো ৰেজিষ্ট্ৰেচন কৰি ফিটেড হ’ব।
সাংবাদিকে সুধিলে,
– তুমি বিবাহিতা নেকি?
বিবাহিতা শব্দটোক কিৰিনে স্ক্ৰীণত দেখি ফিট বুলি বুজিলে।
– নাই মই এতিয়াও বিয়া কৰোৱা নাই।
ৰোমাণ্টিচিজম ৰে হয়তো নিউজ বীঙে বেছিকৈ প্ৰযোগ কৰিলে। কিৰিনে ধৰিব নোৱাৰা হ’ল। তাইৰ মনত পৰে তাই বীংটোৰ লগত বহুত নাচিলে। নাচৰ তালে তালে বীঙে তাইৰ টেম্প’ৰেৰী স্কিন্ দুখনমান খুলিলে।
– বলা মোৰ ৰুমলৈ যাওঁ। বীঙটোৱে কিৰিনক ফুচফুচাই ক’লে।
কিৰিন নিউজ বীঙৰ লগত ধলং পলংকৈ তললৈ নামি আহিল। নিচাগ্ৰস্ত, কাপোৰ কানি অসংলগ্ন। পাবৰ তলতেই বহুত বীঙ ঘূৰাপকা কৰি আছিল। কিৰিনক সেই ৰূপত দেখি এচামে কিৰিলি পাৰি উঠিল, এচামে আকৌ অপসংস্কৃতি ৰোধ কৰিবলৈ লগে লগে আগুৱাইআহিল। মুহূৰ্ততে জনতাই কিৰিনক আগুৰি ধৰিলে, বেছিভাগৰে পৰা নিউজ বীঙৰ লগত খোৱা পানীয়বিধৰ গোন্ধ। চাৰিওফালে বীঙবোৰৰ চিঞৰ বাখৰ আৰম্ভ হ’ল।
কিৰিনে দেখিলে নিউজ বীঙটো ক’ৰবাত পলাল। তাইক আগুৰি ধৰা সকলোৱে বিভিন্ন ৰে’ তাইলৈ নিক্ষেপ কৰিছে। ৰে’ বোৰ যে ভাল নহয় সেয়া তাইৰ ইণ্ডিকেটৰে এলাৰ্ম দি তাইক সাৱধান কৰি দিছে।
চাৰিওফালে হুলস্থুল। বিভিন্ন টুকুৰা শব্দ যেনে মাৰ তাইক, চুলি খুৰাই দে, খোল খোল, ইহ একেবাৰে যেন কৰীণা হে- এইবোৰ চাৰিওফালৰ পৰা উৰি উৰি আহিল। তাৰ মাজত ৰঙা টি চাৰ্ট পিন্ধা এটা বীং এটাই কিৰিনৰ ফলচ্ স্কীন্বোৰ খুলিবলৈ চেষ্টা কৰি জোৰে জোৰে চিঞৰি আছিল,
– ফিউজ লাইভ মাত, জল্দি জল্দি।
টনা আজোৰা চলি থাকোতেই কিৰিনে দেখিলে নিউজ বীংটো আহি ওলাইছে, লগত এটা কেমেৰামেন বীং। এইবাৰ কিন্তু তাৰ গাৰপৰা ৰোমাণ্টিক ৰে’ ওলোৱা নাই। আগতে কেতিয়াও নাম নুশুনা ‘অনুভৱ ৰে’ তাইৰ গাত প্ৰয়োগ কৰি নিউজ বীঙে তাইক সুধিলে,
– মাজনিশাখন এই অৱস্থাত হাতে লোটে ধৰা পৰি আপোনাৰ অনুভৱ কেনে?
ইতিমধ্যে কিৰিনৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছিল। নিউজ বীংটোৱে দিনটো ভাল ব্যৱহাৰ কৰি হঠাৎ যে এনেদৰে স্কিন্ সলাই দিব তাই ভবাই নাছিল।
তাই ক্ৰুগুলত পঢ়িছিল এই হিউমান বীঙবোৰ জীৱশ্ৰেষ্ঠ কেটেগৰীত পৰে। কিন্তু তাই পঢ়া শিয়াল, কুকুৰকেইটাতকৈ বেয়া কেটেগৰী যেন লাগিছে দেখোন তাইৰ। পিংককে ঠিকেই কৈছিল, ক্ৰুগুলৰ সকলো কথা বিশ্বাস কৰিব নোৱাৰি।
কিৰিনৰ বিৰক্তি লাগিছে আৰু। মিছ ইউনিভাৰ্ছ হোৱাৰ নিচা কেতিয়াবাই ফাটিছে। তাই লগে লগে ঘূৰি যোৱাৰ সিদ্ধান্ত ল’লে। লগে লগে এয়াৰ ক্লেমোফেজ অন কৰিলে। লগে লগে তাই বীঙবোৰৰ পৰা নিৰাপদ দূৰত্বলৈ উৰি গল।
চাৰিওফালে হাহাকাৰ, ক’লৈ গ’ল ছোৱালীজনী। পুলিচো আহি পাইছিল। ৰঙা টি চাৰ্ট পিন্ধাজনে বীৰদৰ্পে পুলিচ আৰু কেমেৰামেনক কিৰিনৰ ফলচ্ স্কিন্ দেখুৱাই আছিল। সাংবাদিকো লাইভ ক’ভাৰেজত ব্যস্ত।
ওপৰৰ পৰা কিৰিনে সকলো চাই আছিল। পিংককে দিয়া ফল্চস্কিন্খিনি নিউজ বীঙ আৰু ৰঙা বীঙৰ হাতত। কিৰিনৰ মনত দুষ্ট বুদ্ধি খেলালে। ওপৰৰ পৰা ৰে’ প্ৰয়োগ কৰি দুয়ো পিন্ধি থকা ফলচ্ স্কিনখিনি টানি লৈ তাই পুনৰ টৰেণ্ট অভিমুখে প্ৰস্থান কৰিলে। পিংককক প্ৰেজেন্ট দিব তাই। ৰঙা স্কিনটোৰে পিংককক কি যে ধুনীয়া লাগিব।
কেমাৰামেন বীৰেনে প্ৰমোচনৰ এই সুবৰ্ণ সুযোগ হেৰুৱাত নাই। সেই স্থানত উপস্থিত ৰাইজ আৰু টিভিৰ দৰ্শকে ঠিকেই দেখিলে, আকাশত উৰি থকা কাপোৰৰ পিছে পিছে দৌৰিছে উলংগ দুই যুৱক। পিছে পিছে অনুভৱ জানিবলৈ থ্ৰী ৱাইৰ সাংবাদিক।
 
_
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!