এলুমিনিয়ামৰ আঙুলি (গল্পকাৰ:- মনোজ কুমাৰ গোস্বামী ) (গ্ৰন্থ আলোচনা – ধ্ৰুৱজ্যোতি শৰ্মা)

গল্প সংকলন: এলুমিনিয়ামৰ আঙুলি
গল্পকাৰ : মনোজ কুমাৰ গোস্বামী
প্ৰকাশক: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০১০
মূল্য: ২৪০.০০ মাত্ৰ
ISBN: ৯৭৮-৯৩-৮০৩৯০-৯১-৮

সাংবাদিকতাক সাৰথি কৰি গোটোৱা অভিজ্ঞতাৰে কাগজৰ বুকুত নীলা খোচ মাৰি বাস্তৱৰ সৈতে পাঠকক মুখামুখি কৰোৱাটো যিজন সাংবাদিক গল্পকাৰৰ বাহাদুৰি, তেৱেই হৈছে মনোজ কুমাৰ গোস্বামী | যিসময়ত অসমীয়া গল্পৰ জগতত গল্পকাৰৰ প্ৰভাৱ প্ৰায় নাইকীয়া হৈ গৈছিল, সেই সময়তে গল্পৰ পৃথিৱীত পদাৰ্পন কৰিছিল মনোজ কুমাৰ গোস্বামীয়ে | ৰূঢ় বাস্তৱৰ একো-একোখন ছবিৰ উপস্থাপনেৰে তেওঁ পাঠক সমাজলৈ আগবঢ়াই দিছিল চিন্তাৰ বিতচকু | সকলো স্তৰৰ মানুহৰ জীৱনৰ ছৱি অঁকাত নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে গল্পকাৰ | বিশেষকৈ মধ্যবিত্ত নগৰীয়া সমাজৰ | সৰু সৰু মনস্তাত্বিক দিশৰপৰা খুব স্পৰ্শকাতৰ সামাজিক দিশকো আৱৰি পাঠক সমাজলৈ প্ৰতিটো গল্পৰ মাজেৰে লৈ গৈছে একো-একোটা যোগাত্মক বাৰ্তা | তাকো পাঠকে বিচৰা শৈলীৰে | যি সময়ত অসমীয়াৰ সাহিত্যৰ অৱক্ষয় হবলৈ আৰম্ভ কৰিছিল, সেই সময়তেই চন্দ্ৰপ্ৰসাদ শইবকীয়াৰ ভাষাত “সংবাদেই হব গল্প” আখ্যানকেই সাৱটি লৈ মনোজ কুমাৰ গোস্বামীয়ে এক স্বকীয় ধাৰাৰে গঢ়ি তুলিছিল তেওঁৰ গল্পৰ পৃথিৱীখন | য’ত আছিল সমাজৰ কদৰ্য ৰূপৰ বিপৰীতে যোগাত্মক দৃষ্টিভংগী | কিন্তু হঠাতে যেন কৰবাত কেৰোণ লাগিছিল | মাজতে স্তব্ধ হৈ গৈছিল মনোজ কুমাৰ গোস্বামীৰ গল্পৰ কলম | তাতো আছিল হতাশা, ক্ষোভ | পাঠকৰ উদাসীনতা, সমালোচকৰ অৱজ্ঞা ইত্যাদি আছিল এই ক্ষোভৰ কাৰণ | হঠাতে যেন ন-চেতনাৰে জাগি উঠিছিল তেওঁ | বুজি উঠিছিল, প্ৰশংসা হ’লেও, নিন্দা হ’লেও সংবাদেই হব লাগিব গল্প | আৰু তাৰেই ফলস্বৰূপে আমাৰ হাতত আজি ডেৰকুৰিৰো অধিক গল্প সম্ভাৰেৰে পৰিপুষ্ট “এলুমিনিয়ামৰ পৃথিৱী” | এক আত্মদ্বন্দক আন্ত:মনস্তাত্বিক দৃষ্টিৰে সুন্দৰভাৱে অংকন কৰা তেওঁৰ শেহতীয়া গল্প “অন্তহীন”ক আৰম্ভনিৰূপে লৈ আয়োজন কৰা গল্প সংকলনটিৰ প্ৰতিটো গল্পতেই আছে তীক্ষ্ন মনস্তাত্বিক বিৱৰণ | আৰু তাৰ পৰা পাঠকে পাইছে এক নতুন সোৱাদ | বাহুল্যবিহীন তেওঁৰ ভাষা প্ৰয়োগ, অথচ সংবেদনশীল তেওঁৰ বিষয় -যেন এক বৈচিত্ৰহে | পূৰ্ব্বানুমান (প্ৰেদিক্টেবিলিটি) গল্পকাৰৰ এক অন্য বশিষ্ট্য | কোনোটো গল্পত যদি গল্পকাৰ ক্ষমাহীন আৰু নৃশংস হৈছে , তাৰ মাজতো বিজুলীৰ নিচিনা চমকিবলৈ তেওঁ পাহৰা নাই | আৰু সেই চমকনিয়েই পাঠকলৈ কঢ়িয়াই নিছে গল্পটিৰ উদ্দেশ্য আৰু মূলভাৱ, য’ত নিহিত হৈ থাকে বাস্তৱতাই উন্মোচন কৰা উপলব্ধি | তেওঁৰ গল্পইউ পাঠকক দিয়ে নিজকে নিজে জুঁকিয়াই চোৱাৰ সমল | এয়াই সংকলটিৰ প্ৰতিটো গল্পত গল্পকাৰৰ চমত্কাপৰিতা | সংকলনটিৰ প্ৰায়কেইটা গল্পইম অসমৰ কঠিন পৰিস্থিতিৰ সমসাময়িক কালৰ প্ৰতিচ্ছৱি দাঙি ধৰিছে | এজন বিদ্ৰোহী নেতাৰ নি:সংগতাক যিদৰে দেখুওৱা হৈছে, তাৰ লগে লগে এচামৰ স্বপ্নভংগৰ ভয়ে সৃষ্টি কৰা বিমূঢ় অৱস্থাকো প্ৰতিফলিত কৰা হৈছে | সেয়ে হয়তো “সমীৰণ বৰুৱা আহি আছে” গল্পটি বহুলভাৱে চৰ্চিত হৈছে | কোনোৱাটো গল্পত যদি দেখুওৱা হৈছে ঔত্সুমকতা, কোনোৱা ক্ষণত আকৌ সেই ঔত্সুেকতাক থানবান কৰি জ্বলন্ত বাস্তৱমিশ্ৰিত অশান্ত পৰিস্থিতিয়ে কঢ়িয়াই লৈ আহিছে দু:সংবাদ | কোনোৱাটো গল্পত অকৌ দেখুৱাব খোজা হৈছে মানুহৰ গভীৰৰপৰা গভীৰতম কোনো স্থানত লুপ্ত একান্ত ব্যক্তিগত কিছুমান অনুভূতি আৰু স্পৃহা যিয়ে এবাৰলৈও আমাক ভৱাই তুলিছে বিশ্বাসৰ আঁৰত অবিশ্বাস, সত্যৰ আঁৰৰ মিছাবোৰ | হতা্শা আৰু আত্মসন্মানবোধৰ লগত জীৱিকাৰ তাড়নাৰ সংঘাতৰ ফলশ্ৰুতিত গল্পৰ নায়কে কেতিয়াবা বিচাৰি লৈছে তেওঁ কেতিয়াও বিশ্বাস নকৰা ঈশ্বৰ আৰাধনাৰ পথ – সেয়াও বাস্তৱ | চৰম সত্য | সেই চৰম সত্যকেই ফু্টাই তুলিবলৈ গল্পকাৰৰ যেন কোনো ধৰণৰ কষ্টয়েই হোৱা নাই | কোনোবাতো গল্পত আকৌ দৃশ্যমান হৈছে নিৰ্য্যাতিতৰ ওপৰত সুবিধাবাদীসকলৰ দৃষ্টি, কোনোবাটোত বা উন্মোচিত হৈছে স্বপ্নভংগৰ বেদনা , গতিময় পৰিৱৰ্তনৰ ঢৌত টিকিব নোৱাৰা বিধ্বস্ত, নগৰীয়া মধ্যজীৱিৰ যন্ত্ৰনা | “ব্যক্তিগত আৰু নৈৰ্বক্তিক” আৰু “সূৰ্য্যৰ পোহৰত এজন আততায়ী” গল্পই মুখামুখি কৰি দিছে জান্তৱ বাস্তৱৰ বিভত্সগতাৰ লগত | মুঠৰ ওপৰত প্ৰতিটো পৰিস্থিতিতেই মানুহৰ প্ৰতিক্ৰিয়া আৰু ঠিক তাৰ পাচৰ অধ্যায়ৰ উপস্থাপন সঁচাকৈয়ে বিস্ময়কৰ | নগৰীয়া মধ্যবিত্তৰ জীৱন আৰু চেতনাৰ ছৱি অংকন কৰাত যে গল্পকাৰ সুনিপুণ, তেওঁৰ প্ৰায়ভাগ গল্পই তাৰেই ছৱি তুলি ধৰে | বিশিষ্ট ঔপন্যাসিক ধ্ৰুৱজ্যোতি বৰাৰ ভাষাত “খেদ আৰু অপ্ৰাপ্তিৰ অতৃপ্তিৰে ভৰা পৃথিৱীখনত মনোজৰ চৰিত্ৰবোৰত আমি বিচৰণ কৰিছো অৰ্থ আৰু অৰ্থহীনতাৰ মাজত| সমকালীন সমাজৰ এনে বাংময় আৰু বিশ্বস্ত চিত্ৰায়ণ সঁচাই দুৰ্লভ|” সংকলনটিৰ নিৰ্মানশৈলীৰ ক্ষেত্ৰত ব্যৱহাৰৰ গাথঁনি সঁচাকৈয়ে অভিনৱ | কেতিয়াবা এনেকুৱা লাগে, আমাৰ যেন ভাষা-গাথঁনিৰ মেৰপাকত উকমুকনি লাগিছে অথচ সেই উকমুকনিয়েই বান্ধি ৰাখিছে পাঠকক | মনোজ কুমাৰ গোস্বামীৰ গল্পৰ এই স্বকীয়তা, এনে ভিন্নসুৰী লেখনিশৈলীয়েই তেওঁৰ গল্পসমূহক যোৱা দুটা দশকৰ শ্ৰেষ্ঠতম গল্পসমূহৰ ভিতৰত স্থান দিছে | লগতে “এলুমিনিয়ামৰ আঙুলি”ক স্থান দিছে মোৰ প্ৰিয় এখন গল্প সংকলনৰ শাৰীত |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!