এ.টি.পি.এ. শ্বিল্ড (ATPA Shield) আৰু বৰদলৈ ট্ৰফীৰ ফুটবল প্ৰতিযোগিতাৰ বিষয়ে সামান্য (অচিন্ত বৰঠাকুৰ)

achinta da atpa

এ.টি.পি.এ. শ্বিল্ডৰ বিষয়ে কিঞ্চিৎ জানি লওঁ আহক

অসম চাহ খেতিয়ক সন্থা, অৰ্থাৎ, Assam Tea Planters’ Association (ATPA)ৰ নামত প্ৰচলিত এ.টি.পি.এ. শ্বিল্ড ফুটবল টুৰ্ণামেণ্ট অসমৰ ভিতৰতে তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। ১৯৫৫ চনৰ পৰা প্ৰতি বছৰে চেপ্টেম্বৰ-অক্টোবৰ মাহত যোৰহাট চহৰৰ মাজ-মজিয়াত অ‌ৱস্থিত খেলপথাৰত অনুস্থিত হো‌ৱা এই প্ৰতিযোগিতাখনত এসময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ দলসমূহৰ উপৰি কলকাতাৰ মহমদান স্পৰ্টিং ক্লাব আৰু মোহন বাগান, গো‌ৱাৰ ডেম্প’ ক্লা‌ব, বেংককৰ পোৰ্ট অথৰিটি অ‌ৱ থাইলেণ্ড, নেপালৰ ৰয়েল নেপাল এয়াৰলাইঞ্চ আদি দলৰ উপৰি ভাৰতৰ আন আন ঠাইৰ বহুতো বিখ্যাত দলে অংশগ্ৰহণ কৰিছিল। অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা দৰ্শকৰ সুবিধাৰ বাবে প্ৰতিখন খেলৰ বাবে কেইবাদিনৰো আগৰ পৰা টিকট বিক্ৰীৰ বাবে কাউণ্টাৰ খুলি ৰখা হৈছিল। খেলৰ কেইদিন দৰ্শকৰ ভীৰত যোৰহাট চহৰত বিৰ দি বাট নোপো‌ৱা অ‌ৱস্থাৰ সৃষ্টি হৈছিল। কেইবছৰমান আগলৈকে আকাশবাণীৰ ডিব্ৰুগড় আৰু গু‌ৱাহাটী কেন্দ্ৰযোগে এই খেলৰ কিছু অংশৰ অনাতাঁৰ ধাৰাভাষ্য বি‌ৱৰণীও প্ৰচাৰ হৈছিল।

১৯৬৮ চনৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থা (The Jorhat District Sports Association, JDSA)এ এই খেলৰ আয়োজনৰ দায়িত্ব লয়। এই গোটে ভালেমান দিন সফলতাৰে টুৰ্ণামেণ্টখন আয়োজন কৰি আহিছিল যদিও যো‌ৱা বিশ বছৰত বিভিন্ন কাৰণত এই খেল অনিয়মীয়া হ’বলৈ ধৰে। সময়ৰ প্ৰভা‌ৱত ভাৰতীয় উপ মহাদেশত ফুটবল খেলৰ গুৰুত্ব কমি অহাৰ লগে লগে এ.টি.পি.এ. শ্বিল্ড ফুটবল টুৰ্ণামেণ্টৰ জনপ্ৰিয়তাও ক্ৰমান্বয়ে কমি আহিবলৈ ধৰে। ভূতৰ ওপৰত দানহ পৰাদি, বৰ্তমান খেল অনুষ্ঠিত কৰা যোৰহাট ষ্টেডিয়াম আৰু খেল-পথাৰৰ পুণৰ্নিৰ্মানৰ কাম চলি থকাৰ আচিলাত যো‌ৱা পাঁচ বছৰৰ ভিতৰত তিনিবাৰকৈ এই খেলৰ আয়োজন স্থগিত ৰাখিবলগা হৈছে। পুণৰ্নিৰ্মিত খেলপথাৰৰ ভূমিভাগৰ অ‌ৱস্থা সন্তোষজনক নোহো‌ৱাৰ বাবেই ২০১১ চনত অনুস্থিত হো‌ৱা পঞ্চদশ সংখ্যক টুৰ্ণামেণ্টক সোণালী জয়ন্তী বিশেষ হিচাবে পালন কৰাৰ সিদ্ধান্তও পিছু‌ৱাই দিব লগা হয় সন্থাই। অবশ্যে, সন্থাৰ শেহতীয়া সভাত এইবছৰ, অৰ্থাৎ ২০১৪ বৰ্ষত অক্টোবৰ মাহৰ ১৭ তাৰিখৰ পৰা এ.টি.পি.এ. শ্বিল্ড ফুটবল টুৰ্ণামেণ্টৰ পুণৰ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এ.টি.পি.এ. শ্বিল্ড ফুটবল টুৰ্ণামেণ্টৰ ইতিহাসত অসম পুলিছ দলে এই পৰ্যন্ত সৰ্বোচ্চ ১২ বাৰ বিজয়ীৰ খিতাপ অৰ্জন কৰি আৰু ৭ বাৰ ৰানাৰ্ছ আপ হিচাবে থাকি তালিকাৰ পৰিসংখ্যাত শীৰ্ষস্থান দখল কৰি আছে। টুৰ্ণেমেণ্টত ডুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে ৯ বাৰ আৰু নগালেণ্ড পুলিছে ৫ বাৰ বিজয় সাব্যস্ত কৰি ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় সফল দল হিচাবে ইতিহাস ৰচি থৈছে। ২০১১ চনৰ ন‌ৱেম্বৰত হো‌ৱা শেষৰখন এ.টি.পি.এ. শ্বিল্ডৰ চূড়ান্ত খেলত গু‌ৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে শিলিগুৰিৰ সীমা সুৰক্ষা বল দলক ১-০ গ’লৰ ব্য‌ৱধানত পৰাজিত কৰি বিজয়ীৰ সন্মান দখল কৰে। খেলখনত সীমা সুৰক্ষা বল দলক অৰুণেশ্বৰ শৰ্মা ৰাণাৰ্ছ-আপ ট্ৰফী আৰু মৰাণ টাউন ক্লা‌বক পুণেশ্বৰ কছাৰী স্মাৰক সুন্দৰ প্ৰদৰ্শণ বটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলৰ চায়াঁৰাম বসুমতাৰীয়ে তোলেন শইকীয়া স্মাৰক শ্ৰেষ্ঠ খেলু‌ৱৈ বটা আৰু বোধেশ্বৰ বৰগোঁহাই স্মাৰক সৰ্বাধিক গ’ল দিওঁতা বটা লাভ কৰে।

চিত্ৰত এ টি পি এ শ্বিল্ডৰ সৈত্যে ২০১১ চনৰ বিজয়ী দল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে ১১-১১-২০১১ তাৰিখে অসমৰ তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ পৰা বটা গ্ৰহণ কৰাৰ দৃশ্য দেখা দেখা গৈছে।

********************************************************

বৰদলৈ ট্ৰফীৰ বিষয়ে কিঞ্চিৎ জানি লওঁ আহক

achinta da bordoloi trophy

বিশ্বকাপ ফুটবলৰ বতাহ মাৰ যো‌ৱাৰ পিছত শেহতীয়াকৈ ভাৰতত হ’ব লগা ভাৰতীয় চুপাৰ লীগ (ISL) ফুটবল খেলে দেশখনত ফুটবল খেলৰ দৰ্শকৰ সংখ্যা বঢ়াব বুলি আশা কৰিব পৰা যায়। এসময়ত জোতাৰ অভা‌ৱত অলিম্পিকৰ ফুটবল খেলত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হো‌ৱা দেশখনৰ বাবে আই.এছ.এল. এক উৎসাহজনক খবৰ। কিন্তু, প্ৰকৃততে বিভিন্ন বণিক সংস্থা আৰু বহুজাতিক প্ৰতিষ্ঠানে আমাৰ পচন্দ-অপচন্দ নিয়ন্ত্ৰণ কৰিবলৈ ধৰাৰ আগৰ পৰাই ফুটবল যে আমাৰ দেশত অতি জনপ্ৰিয় আছিল, বৰ্তমান সময়ত তাক বিশ্বাস কৰিবলৈয়ে টান লাগে। কাৰখানাত নিৰ্মিত ফুটবলৰ অভা‌ৱত ৰবাব টেঙাকেই ফুটবল কৰি লৈ খেলা ল’ৰালিৰ সময়খিনি এতিয়া হয়তো বহুতৰে বাবে এক নষ্টালজিয়া। বহুতৰ বাবে আকৌ নষ্টালজিয়া বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট।

বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট, মাত্ৰ দুটা দশকৰ আগলৈকে কে‌ৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে ক্ৰীড়াক্ষেত্ৰত আছিল এক প্ৰাতঃস্মৰণীয় নাম। ফুটবলৰ বিষয়ে জনা অসম আৰু ভাৰতৰ প্ৰতিজন লোকৰেই মোহন বাগান, ইষ্ট বেঙ্গল ক্লা‌ৱ, অসম পুলিছ, অসম ৰাইফল্‌ছ, অইল ইণ্ডিয়া লিমিটেড, গু‌ৱাহাটী টাউন ক্লা‌ৱ, অ’ এন জি ছি, গো‌ৱা একাদশ, বেংকক প’ৰ্ট অথৰিটি আদিৰ নাম আছিল নখ-দৰ্পনত। হয়, নবপ্রজন্মই সহজে বিশ্বাস কৰিবলৈ টান পালেও ই সত্য যে এইবিলাক দলে অতি হেপাহেৰে অংশগ্ৰহণ কৰিবলৈ অহা বৰদলৈ ট্ৰফী অসমতেই খেলা হো‌ৱা এখন ফুটবল টুৰ্ণামেণ্টৰ নাম। অসমৰ এজন প্ৰাক্তন ক্ৰীড়াপ্ৰেমী মূখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখন খেলো‌ৱা হৈছিল ১৯৫২ চনৰ পৰা। নগাঁ‌ৱত অনুষ্ঠিত হো‌ৱা স্বাধীনতা দি‌ৱস কাপ ফুটবল প্ৰতিযোগিতাৰ পিছতে বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট হৈছে অসমৰ দ্বিতীয়খন পুৰণি ফুটবল প্ৰতিযোগিতা। ১৯৮০ চন বাদ দি প্ৰতি বছৰে অসমৰ বিভিন্ন ষ্টেডিয়ামত খেলো‌ৱা এই খেলখনৰ বৰ্তমানৰ আয়োজক হ’ল গু‌ৱাহাটী ক্ৰীড়া সংস্থা (Guwahati Sports Association)। টুৰ্ণামেণ্টখনৰ ইতিহাসৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বাংলাদেশ, থাইলেণ্ড আৰু ভাৰতৰ ৫২টাতকৈও অধিক দলে অংশগ্ৰহণ কৰি ইয়াক এক বিশ্বমানৰ খেললৈ পৰ্য‌ৱসিত কৰি তুলিছিল। এসময়ত এইখন খেলৰ দৰ্শকৰ বাবে গু‌ৱাহাটীত এসপ্তাহতকৈও আগৰ পৰা অগ্ৰীম টিকট বিক্ৰী কৰা কাউণ্টাৰ খোলা হৈছিল যদিও দৰ্শকৰ সংখ্যাধিক্যৰ বাবে বহুতো আগ্ৰহী লোকে টিকট নোপো‌ৱাকৈয়ে উভটি যাব লগা হৈছিল। খেল চলি থকাকেইদিনত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিয়ে গু‌ৱাহাটীক এক ব্যস্ত ক্ৰীড়া-পৰ্যটনস্থলীলৈ পৰিবৰ্তিত কৰিছিল। সেইকেইদিনত জিলা প্ৰসাশন আৰু নিৰাপত্তাৰক্ষীৰ লোকৰো ব্যস্ততাৰ সীমা নোহো‌ৱা হৈছিল। কেইবছৰমান আগলৈকে আকাশবাণী আৰু দুৰদৰ্শনৰ গু‌ৱাহাটী কেন্দ্ৰয়ো এই খেলৰ চলন্ত বি‌ৱৰণী প্ৰচাৰ কৰিছিল।

বৰদলৈ ট্ৰফীৰ ইতিহাসত সৰ্বাধিকবাৰ বিজয়ী হো‌ৱা দলটো হৈছে কলকাতাৰ মোহন বাগান দল। এই দলে এতিয়ালৈকে ৭ বাৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম পুলিছ (দেৰগাওঁ), ইষ্ট বেঙ্গল ক্লাব (কলকাতা) আৰু মহমদীয়ান স্পৰ্টিং ক্লাব (কলকাতা)এ এতিয়ালৈকে ৫ বাৰকৈ বৰদলৈ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। এইবছৰ, অৰ্থাৎ ২০১৪ চনৰ ১৬-২৮ চেপ্টেম্বৰত অনুষ্ঠিত হৈ যো‌ৱা ৬৩ সংখ্যক বৰদলৈ ট্ৰফী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে সৰ্বমুঠ ১২টা দলে। ডুলীয়াজানৰ OIL, দিল্লীৰ CAG, সংযুক্ত চিক্কিম ফুটবল ক্লা‌ৱ, পুণে ফুটবল ক্লা‌ৱ, অসম ৰাইফল ছকাৰ দল (Assam Rifles Soccer Team), নগালেণ্ড পুলিছ আৰু ৰয়েল ‌ৱেইইংদন ফুটবল ক্লা‌ৱ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গ্ৰীণ ভেলী ছকাৰ ক্লা‌ৱ, উত্তৰ-পূ‌ৱ সীমান্ত ৰে’লও‌ৱে’ ফুটবল ক্লা‌ৱ আৰু গঙ্গা ছকাৰ ক্লা‌ৱ দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে বৰদলৈ ট্ৰফীত এইবাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।

সময়ৰ কুটিল গতিত ভাৰতৰ বিভিন্ন অংশত বিভিন্ন কাৰণত ফুটবলৰ জনপ্ৰিয়তা কমি অহাৰ লগে লগে বৰদলৈ ট্ৰফীৰ প্ৰতি মানুহৰ মাজত আগৰ সেই আকৰ্ষণ নোহো‌ৱা হৈ পৰিল। ক্ৰমান্বয়ে হ্ৰাস পাই অহা দৰ্শক, খেলু‌ৱৈ আৰু শক্তিশালী দলৰ সংখ্যাই এই খেলত স্পনচ’ৰ কৰোতা প্ৰতিষ্ঠানবিলাককো লাহে লাহে উদাসীন কৰি তুলিবলৈ ধৰিলে। স্পনচ’ৰাৰৰ অভা‌ৱত গু‌ৱাহাটী ফুটবল ক্লা‌ৱে দীৰ্ঘদিন ধৰি এই টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও ইয়াৰ ঐতিহাসিক প্ৰেক্ষাপটলৈ দৃষ্টি ৰাখি আৰু অসমৰ আবেগক ধৰি ৰখাৰ স্বাৰ্থতেই এতিয়াও অতি যত্নেৰে এই খেল অনুষ্ঠিত কৰি আহিছে।

দেশীয় বা বহুজাতিক প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ জৰিয়তেই হওক বা স্বতঃস্ফূৰ্তভাবেই হওক, ফুটবলৰ প্ৰতি ভাৰতৰ ন‌ৱ-প্ৰজন্মৰ মাজত অতি শেহতীয়াকৈ জাগি উঠা জনপ্ৰিয়তাই বৰদলৈ ট্ৰফীৰ ইতিহাসক পুণৰ উজ্জীৱিত কৰি তুলিব বুলি আশা কৰিব পাৰি নে?

(চিত্ৰত বৰদলৈ ট্ৰফীৰ ২০১৪ বৰ্ষৰ বিজয়ী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলটোক দেখা গৈছে।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!