ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্প : ধনঞ্জয় ডেকা

মাননীয় সম্পাদক ডাঙৰীয়া,
সাহিত্য ডট্ অৰ্গ

বিষয়: ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্প

সৰ্থেবাৰীৰ কাঁহ শিল্প এতিয়া বিলুপ্তিৰ পথত৷ ঐতিহ্যমণ্ডিত এই কাঁহ শিল্পৰ কাঁহশিল্পী সকল শিল্পীৰ মৰ্যদা আৰু চৰকাৰী অনুদানৰ পৰা সদায় অৱহেলিত হৈ আহিছে৷ এই শিল্প ভবিষ্যতেও বৰ্তি থাকিবলৈ চৰকাৰী অনুদানৰ প্ৰয়োজন অপৰিহাৰ্য৷ শিল্পী সকলৰ উপাৰ্জনৰ ধনেৰে পেটৰ কথা ভবাৰ বাহিৰে অইন কথা ভাবিবই নোৱাৰে৷ আপোনালোকে জানিলে হতভম্ব হ’ব যে বহুত স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়েও এই শিল্পত জড়িত হৈ মজুৰি কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷
শিল্পী সকলে ৰাতিপুৱা চাৰি মান বজাৰ পৰা সন্ধিয়া ছয়/সাত মান বজালৈ কাম কৰিব লাগে৷ সেইবাবে বয়সৰ লগে লগে তেওঁলোক ৰুগীয়া হৈ পৰে৷ নিজৰ দেহা মাৰি হ’লেও শিল্পী সকলে এই ঐতিহ্যমণ্ডিত কাঁহ শিল্প ৰক্ষা কৰি আহিছে৷ প্ৰায়ে কেঁচামাল (ভঙা কাঁহ)ৰ দাম বৃদ্ধি আৰু কেঁচামালৰ অভাৱে শিল্পী সকলক বাৰুকৈয়ে জুৰুলা কৰিছে৷ এঙাৰৰ অভাৱ আৰু মুল্য বৃদ্ধিয়েও শিল্পটোলৈ দুৰ্যোগ নমাই আনিছে৷ এঙাৰৰ অভাৱৰ কাৰণে কেতিয়াবা কেতিয়াবা কাম-কাজ বন্ধ কৰিবলগীয়া হয়৷ আনকি নিজে কেঁচামাল কিনি বাচন গঢ়াৰ ক্ষমতাকণো শিল্পীসকলৰ নাই৷ সেই কাৰণে শিল্পীসকলে মহাজনসকলৰ তলত কাম কৰিবলৈ বাধ্য৷ এই সুযোগ লৈ একাংশ মহাজনে শিল্পী সকলৰ ওপৰত শোষণ কৰাৰ অভিযোগ মাজে সময়ে শুনিবলৈ পোৱা যায়৷ নিজৰ দেহা মাৰি হলেও শিল্পীসকলে এই শিল্প ৰক্ষা কৰি আহিছে৷ আৰ্থিক দুৰৱস্থাৰ বাবে শিল্পীসকলে পৰিয়ালক ভৰণ-পোষণ দিবলৈ অপাৰগ৷ শিল্পী সকলৰ আৰ্থিক দুৰৱস্থা আতৰ কৰি এই ঐতিহ্যমণ্ডিত কাঁহ শিল্পটোক জীয়াই ৰখাৰ
দায়িত্ব আৰু কৰ্তব্য চৰকাৰৰ নাই জানো৷ শিল্পী সকলে দুখ-দৈন্য, হাঁহাকাৰ, অনাহাৰ, অৰ্দ্ধাহাৰত দিন যাপন কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে৷ শিল্পীসকলক উপযুক্ত চৰকাৰী আৰ্থিক সাহায্য বা ঋণৰ পৰা সদায় অৱহেলিত কৰি অহা হৈছে৷ এই ঐতিহ্যমণ্ডিত কাঁহ শিল্পটোক মৃত্যুৰ মুখৰ পৰা বচাবলৈ চৰকাৰক আহ্বান জনালোঁ৷ চৰকাৰে এই শিল্পটোৰ ওপৰত চকু দিলে অসমৰ নিবনুৱা সমস্যা কিছু হ’লেও উপশম হ’ব৷ দৈৱ কাৰ্য্য, উৎসৱ পাৰ্বণত আৰু দৈনন্দিন কাৰ্য্যত ব্যৱহৃত এই কাঁহৰ বাচন-বৰ্তনৰ মৰ্যদাৰ প্ৰতি লক্ষ্য ৰাখি এই আপুৰুগীয়া শিল্পটোক ৰক্ষা কৰিবৰ অৰ্থে কৰণীয়খিনি চৰকাৰক কৰিবলৈ আহ্বান জনালোঁ৷

ইতি

ধনঞ্জয় ডেকা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!