ঐতিহ্যৰ পৃথিবীত ভাৰত (খণ্ড -৫) (ভাস্কৰজ্যোতি দাস)

খাজুৰাহোৰ ধ্বংসাৱশেষ

আগকথা:-
বিশ্ব ঐতিহ্য ক্ষেত্ৰ (UNESCO-World Heritage Site) হিচাবে তালিকাভুক্ত হোৱা ভাৰতৰ ঐতিহ্যক্ষেত্ৰসমুহৰ বিষয়ে অকবত লিখা এইটো পঞ্চমটো লেখা। আগৰ লেখা কেইটাত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাংস্কৃতিক-স্পৰ্শনীয় শ্ৰেণীৰ অন্তৰ্ভূক্ত গুজৰাটৰ “ৰাণী কী ভাৱ”, বিহাৰৰ “নালন্দা বিশ্ববিদ্যালয়” আৰু শেষ হিন্দু সাম্ৰাজ্য বিজয়নগৰৰ ৰাজধানী হাম্পী চহৰৰ বিষয়ে কিছু কথা লিখিছিলোঁ তথা সাংস্কৃতিক-অস্পৰ্শনীয় শ্ৰেণীত লিপিবদ্ধ হৈ থকা পুৰুলিয়া, চেৰাইকেল্লা আৰু ময়ুৰভঞ্জৰ “চাও নৃত্য”ৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। এই খন্ডটোত আমি মধ্যপ্ৰদেশৰ খাজুৰাহোৰ ধ্বংসাৱশেষৰ ঐতিহ্যৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰিম। ভাৰতৰ এই ক্ষেত্ৰখন ১৯৮২ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুল তালিকাৰ “সাংস্কৃতিক-স্পৰ্শনীয়” শ্ৰেণীত লিপিবদ্ধ হয়।

খাজুৰাহো ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্তৰপুৰ জিলাত অৱস্থিত এখন চহৰ যিখন ঐতিহ্যৰ দিশেৰে ভাৰতৰ ভিতৰতে এখন লেখত ল’বলগীয়া স্থান। খাজুৰাহোৰ এই ঐতিহ্যক্ষেত্ৰৰ মুল আকৰ্ষণ হ’ল কিছুমান হিন্দু আৰু জৈন মন্দিৰ৷ তথ্য অনুযায়ী ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশই খ্ৰীষ্টীয় ৯৫০ ৰ পৰা ১০৫০ লৈকে, এই এশটা বছৰৰ ভিতৰতে এই মন্দিৰসমূহ নিৰ্মান কৰিছিল যদিও ইয়াৰে সৰহসংখ্যক মন্দিৰ খ্ৰীষ্টীয় ৯৭০ ৰ পৰা ১০৩০ ৰ ভিতৰত নিৰ্মান কৰাৰ তথ্য পোৱা যায়৷ বৰ্তমান এই স্মাৰকসমূহৰ সিংহভাগেই ধ্বংসপ্ৰাপ্ত হৈছে যদিও যি একুৰিমান মন্দিৰ এতিয়াও অক্ষত অৱস্থাত আছে সেইসমূহে চান্দেলা ৰাজবংশৰ কলা-দৰ্শনৰ সুন্দৰ আভাস পৰ্যটকক দিব পাৰে৷

প্ৰায় ৬ বৰ্গকিলোমিটাৰ এলেকাত বিস্তৃত হৈ থকা এই ক্ষেত্ৰখনৰ নিৰ্মানশৈলীত নানাধৰণৰ স্থাপত্যৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। চান্দেলা ৰাজবংশৰ ধৰ্ম, সংস্কৃতি তথা পুৰাতত্বৰ এক অনন্য ধ্বজাবাহক হ’ল এই খাজুৰাহো৷ তথ্য অনুযায়ী এই ক্ষেত্ৰখনত মুঠ ৮৫টা মন্দিৰ সজা হৈছিল যদিও বৰ্তমানলৈ ইয়াৰ ২১ টা মন্দিৰহে বিদ্যমান। এই ২১ টা মন্দিৰৰ বেৰসমূহত খোদিত হৈ থকা কলা-কৃতিৰ বিষয়বস্তু হ’ল সেই সময়ৰ জীৱন আৰু দৰ্শন৷ এই মন্দিৰসমূহ একে সময়সীমাৰ ভিতৰতে হিন্দু আৰু জৈনসকলৰ উপাস্য দেৱতাৰ পুজা-অৰ্চনাৰ বাবে সজা হৈছিল আৰু এইসমূহত এই দুয়োটা ধৰ্মৰ সমলসমূহৰ সহাৱস্থান স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়৷ বিন্ধ্য পৰ্বতমালাৰ পৰিসৰত এই খাজুৰাহোৰ মন্দিৰসমূহ সজা হৈছিল৷ থলুৱা লোকসকলৰ মতে এই মন্দিৰক্ষেত্ৰত মুঠ ৬৪ টা জলক্ষেত্ৰ আছে যদিও এতিয়ালৈকে ইয়াৰে ৫৬ টা জলক্ষেত্ৰহে উদ্ধাৰ কৰা হৈছে৷ এইসমূহৰ ভিতৰত শিৱসাগৰ, খজুৰ সাগৰ, খুদৰ নদী ইত্যাদিবোৰ উল্লেখযোগ্য৷ এই ক্ষেত্ৰখনত জৈন মন্দিৰসমূহ মুল হিন্দু মন্দিৰসমূহৰ দক্ষিণ-পুৱ দিশত অৱস্থিত আৰু ইয়াৰ ভিতৰত চৌষঠ যোগিনী মন্দিৰ আৰু ঘান্টাই মন্দিৰ অতিকে অকৰ্ষণীয়৷

ভাৰতৰ আন মন্দিৰসমূহৰ দৰে খাজোৰাহোৰ মন্দিৰসমূহৰ আকৃতিও প্ৰায় একেই যাক “বাস্তু-পুৰুষ-মণ্ডল” নামেৰে জনা গৈছিল৷ এই মন্দিৰৰ কলাকৃতিৰ আন এটা বৈশিষ্ট্য হ’ল এয়ে যে ইয়াৰ ফলকসমূহৰ খোদিত ভাস্কৰ্যসমূহৰ এক নিৰ্দিষ্ট অন্তৰালত পুণৰাবৃত্তি ঘটে৷ এই কলাকৃতিৰ লগত সংগতি থকা শিলালেখ মন কৰিবলগীয়া৷ এই শিলালেখসমূহ মুলত: কিছুমান কবিতা যিসমূহে দুটা অৰ্থ বহন কৰে৷

খাজুৰাহো বুলিলে সাধাৰণতে আমাৰ মনলৈ আহে এনে কিছুমান দৃশ্য যি প্ৰাপ্তবয়স্কসকলক এক কৌতুহলৰ মাজলৈ লৈ যায়৷ খাজুৰাহোৰ মন্দিৰসমূহত খোদিত হৈ আছে বহুতো কলাকৃতি, মুৰ্ত্তি আৰু ফলক যিসমুহত সততে দেখিবলৈ পোৱা যায় যৌন সম্ভোগৰ বিভিন্ন দৃশ্য৷ সমকামিতাৰ পৰা আৰম্ভ কৰি বহুসম্ভোগৰ দৰে বৰ্তমান সময়ত বিতৰ্কিত তথা নীতিৰিৰুদ্ধ বুলি ধৰা বহু সমল এই ক্ষেত্ৰখনত দেখা যায়৷ বহুলোকে ইয়াক তান্ত্ৰিকৰ যৌন সম্ভোগ প্ৰণালী বুলি অভিহিত কৰে যদিও সিংহভাগ বিশেষজ্ঞৰ মতে এইসমূহ সমকালিন সময়ৰ স্বাভাৱিক যৌনসম্ভোগৰ কিছুমান দৃশ্য৷ ইয়াৰ আনসমূহ কলাকৃতি দৈনন্দিন জীৱনৰ ওপৰত আধাৰিত৷ এক অৰ্থত বাস্তৱ জীৱনৰ চাৰিটা দশা ক্ৰমে ধৰ্ম, কৰ্ম, অৰ্থ আৰু মোক্ষৰ সমাহাৰ এই মন্দিৰৰ বিভিন্ন কলাকৃতিৰ মুল বিষয়বস্তু৷

চান্দেলা সাম্ৰাজ্যৰ মধ্যযুগৰ ৰাজধানী চহৰ মাহ’বাৰ পৰা প্ৰায় ৫০ কি.মি আঁতৰত অৱস্থিত এই খাজুৰাহো৷ প্ৰাচীন তথা মধ্যযুগৰ বুৰঞ্জীত চান্দেলাৰ ৰাজপৰিয়ালসমূহক যিহ’তি, যেযাহ’তি, চিহ-চি-ত’ আৰু যেযাকাভুক্তি নামেৰে জনা গৈছিল বুলি উল্লেখ আছে৷ বুৰঞ্জীবিদ আলবেৰুনীৰ বুৰঞ্জীত খাজুৰাহো যাযাহ’তিসকলৰ ৰাজধানী চহৰ আছিল বুলি উল্লেখ আছে৷ এই মন্দিৰসমূহ বাৰশ শতিকালৈকে জাগ্ৰত আছিল আৰু এইসমূহত পুজা-পাতল, যজ্ঞ ইত্যাদিসমূহ বিধি অনুযায়ী চলি আছিল৷ ১০২২ চনৰ কলিঞ্জাৰৰ ধ্বংসযজ্ঞৰ সময়ত গজনীৰ মাহমুদে হিন্দু ৰজাৰ পৰা কৰ আদায় কৰে আৰু চুক্তি কৰে যদিও এইসময়ছোৱাত কিছুসংখ্যক মন্দিৰ ভাঙি চুঢ়মাৰ কৰে৷ তেৰশ শতিকাত দিল্লীৰ সম্ৰাট কুটুবুদ্দিন আইবাকে মধ্য ভাৰতত আক্ৰমণ কৰে আৰু চান্দেলা সাম্ৰাজ্যৰ ৰাজপ্ৰসাদকে আদি কৰি এই ক্ষেত্ৰৰ সিংহভাগ মন্দিৰেই ভাঙি পেলাই৷ ইয়াৰ এটা দশকৰ পাছত মৰক্ক’ৰ পৰা অহা প্ৰব্ৰজক ইবন বটুটাই ভ্ৰমনবুৰঞ্জী “ৰিহলট”ত ইয়াৰ উদ্ধৃতি দিয়ে৷

তেৰশ শতিকাৰ পৰা ওঠৰশ শতিকালৈকে এই মন্দিৰসমূহ মুচলিম সাম্ৰাজ্যৰ স্বত্বদখলত থাকে যদিও এইসমূহৰ ওপৰত কোনোধৰণৰ চকু নিদিয়াৰ ফলত ইয়াত কিছুমান বৃহদাকাৰৰ গছ গজে আৰু এইসমূহ কালৰ সোঁতত জাহ যাবলৈ লয়৷ ১৮৩০ চনত থলুৱা হিন্দুসমাজে খাজুৰাহোৰ বিষয়টো বৃটিছৰ জৰিপ বিষয়া টি.এচ.বান্তক অৱগত কৰে আৰু তেখেতে তেতিয়াই হাবি-জংঘল কাটি এই মন্দিৰসমূহ উদ্ধাৰ কৰি বিশ্ববাসীৰ আগত ইয়াত ঐতিহ্য তথা ভাস্কৰ্যক পৰিচয় কৰাই দিয়ে৷

খাজুৰাহোৰ মন্দিৰসমূহৰ ভিতৰত সকলোতকৈ ডাঙৰ তথা আকৰ্ষনীয় মন্দিৰটো হ’ল কান্দাৰিয়া মহাদেৱৰ মন্দিৰ৷ ৬৫০০ বৰ্গফুট এলেকাত অৱস্থিত এই মন্দিটোৰ উচ্চতা হ’ল ১১৬ ফুট৷ গোহাত থকা ভগৱান শিৱক পুজা কৰিবৰ বাবেই এই মন্দিৰটো নিৰ্মান ক’ৰা হৈছিল বুলি তথ্যত উল্লেখ৷ এই মন্দিৰটোত প্ৰায় ৯০০ৰো অধিক কলাকৃতি আছে যিসমূহৰ মুল বিষয়বস্তু হ’ল যৌন সম্ভোগ আৰু ইয়াত সমকামিতাৰ পৰা পশুৰতি, বহুসম্ভোগলৈকে বিভিন্ন বিষয়ৰ উপস্থাপন হোৱা দেখা যায়৷ ইয়াত থকা আন কিছু মন্দিৰতো এইসমূহ দৃশ্য দেখিবলৈ পোৱা যায় যদিও সেইসমূহৰ কাৰুকাৰ্য কান্দাৰিয়া মন্দিৰৰ দৰে বহল পৰিসৰৰ নহয়৷ এই মন্দিৰটো চান্দেলা সাম্ৰাজ্যৰ সম্ৰাট গণ্ডাৰ ৰাজত্বকালত ১০১৭ চনৰ পৰা ১০২৯ চনৰ ভিতৰত নিৰ্মান কৰা হৈছিল৷ খাজুৰাহোৰ মন্দিৰসমূহৰ নিৰ্মানৰ বাবে লগা সময় ১০০ বছৰ হ’লেও চান্দেলা সাম্ৰাজ্যৰ সম্ৰাট যশবৰ্মন আৰু ধংগাৰ দিনতেই এইসমূহৰ নিৰ্মানৰ কাম ক্ষিপ্ৰতাৰে কৰা হৈছিল৷ এই মন্দিৰসমূহৰ ভিতৰত কেৱল মাতঙ্গেশ্বৰ মন্দিৰতহে বৰ্তমানলৈ পুজা-পাতল চলি আছে৷

খাজুৰাহোৰ মন্দিৰসমূহৰ নিৰ্মানশৈলীৰ এক বিশেষত্ব এয়ে যে মুলত: শিল আৰু গ্ৰেণাইডেৰে সজা এই মন্দিৰসমূহত সমকালীন সময়ৰ আন মন্দিৰসমূহৰ দৰে কোনোধৰণৰ চুণশিলৰ প্ৰয়োগ কৰা নাছিল বা থলুৱাভাৱে নিৰ্মিত চিমেন্টৰ দৰে কোনোধৰণৰ সামগ্ৰীৰ প্ৰয়োগ কৰা হোৱা নাছিল৷ বৃহদাকাৰ শিলাখণ্ডসমূহৰ মাজত এটাকৈ ফুটা কৰি সেইসমূহক এক বিশেষ পদ্ধতিৰে সংযোগ কৰি মন্দিৰবোৰ সঁজা হৈছিল৷

বৰ্তমানে দেখিবলৈ পোৱা মন্দিৰসমূহৰ ভিতৰত ৬টা মন্দিৰ মহাদেৱ তথা মহাদেৱৰ ৰূপসমূহ, ৮ টা মন্দিৰ বিষ্নু তথা বিষ্নুৰ অৱতাৰসমূহ, একোটাকৈ মন্দিৰ ভগৱান গণেশ আৰু সুৰ্যৰ আৰু ৩টা মন্দিৰ জৈন তীৰ্থাংকৰসকলৰ উপাসনাস্থলী হিচাবে চিনাক্ত কৰা হৈছে৷ ক্ষেত্ৰখনত থকা আন মন্দিৰসমূহ তথা ইয়াৰ ভগ্নাৱশেষৰ চিনাক্তকৰণৰ বাবে কোনো প্ৰামাণিক তথ্য উপলব্ধ নহয়৷

পৰ্যটনৰ দিশেৰে খাজুৰাহো আজি এখন অতি গুৰুত্বপূৰ্ণ ঠাই৷ দেশ-বিদেশৰ অজস্ৰ পৰ্যটকেৰে খাজুৰাহো আজি এক বিশ্ব-স্মাৰক৷ পৰ্যটকৰ সুবিধাৰ বাবে ইয়াত ইলেকট্ৰনিক ট্যুৰ গাইডৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগেও মন্দিৰসমূহৰ বুৰঞ্জী তথা ইয়াৰ স্থাপত্যৰ বিষয়ত পৰ্যটকক তথ্য প্ৰদানৰ হেতু কিছুমান অ’ডিঅ’ গাইডৰো ব্যৱস্থা কৰিছে৷ প্ৰতিদিনাই গধুলিৰ ইয়াৰ ঐতিহ্যৰ বিষয়ে পৰ্যটকক জনাবৰ বাবে দৃশ্য-শ্ৰাব্য দৰ্শনীৰো ব্যৱস্থা কৰা হৈছে৷

11986396_1187918587891597_9103527692524127848_n

ছবিত কান্দাৰিয়া মহাদেৱৰ মন্দিৰ তথা খাজুৰাহোৰ শৈলখোদিত কিছু কলাকৃতি৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!