ওজন হ্ৰাসৰ সহজ পদ্ধতি আৰু ইয়াৰ পৰা হ’ব পৰা সমস্যা (নীত কাশ্যপ)

বৰ্তমানৰ যুগটো হৈছে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ যুগ । প্ৰতিযোগিতাত নামি পৰিছো আপুনি মই সকলো । আমাৰ এই প্ৰতিযোগিতাত বাধা দিয়ে সৰু বৰ বহু সমস্যাই । এই সমস্যাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সমস্যা হৈছে মেদবহুলতা বা ওজন বৃদ্ধি হোৱা । আপুনি লিফ্টত উঠিছে আপোনাৰ ফালে অস্বস্তিৰে চাই দুজন মানুহ আঁতৰি দিছে , বাছৰ দুজনীয়া চিটটোত আপুনি আহি বহাৰ লগে লগেই কাষৰ জন উচপিচাই উঠিছে, দোকানত নিজৰ জোখৰ কাপোৰ বিচাৰি বিচাৰি আপুনি হায়ৰান হৈ পৰিছে ! হয়, এনেকুৱা আৰু বহুতো সৰু-ডাঙৰ সমস্যাত ভোগা দেখা যায় শকত মানুহবোৰক । কাষেৰে লাহী , সুস্বাস্থ্যৰ মানুহ এজন পাৰ হৈ গ’লে দুগুণ হৈ পৰে আমাৰ এই সমস্যাবোৰে সৃষ্টি কৰা আমাৰ হতাশা । টেলিভিছন অন কৰিলেই পৰ্দাত দেখা পোৱা সেই আশাব্যঞ্জক বিজ্ঞাপনবোৰ ” ৩০ দিনত ৩০ কেজি (?) ওজন কমাওঁক “, ” আগতে মই এনেকুৱা আছিলো আৰু এই প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পাচত এতিয়া মই এনেকুৱা”  ইত্যাদি ইত্যাদি । প্ৰায়ে আমাক আকৰ্ষিত কৰে এই মন ভুলোৱা বিজ্ঞাপনবোৰে । কিন্তু কেতিয়াবা আমি ভাবি চাইছো নে , আপোনাক মোক প্ৰলোভিত কৰা এই বিজ্ঞাপনবোৰ কিমানদূৰ ফলপ্ৰসু  বা এই বিজ্ঞাপনবোৰে প্ৰচাৰ কৰা সামগ্ৰীসমূহ আমাৰ কাৰণে কিমান সুৰক্ষিত । সৌন্দৰ্য্য প্ৰতিযোগিতাৰ দৌৰত সততে অতি সহজ উপায় বুলি অৱলম্বন কৰা এই উপায় সমূহৰ পৰা হ’ব পৰা সমস্যা সমূহৰ বিষয় আজি অলপ আলোচনা কৰিব বিচাৰিছো । আলোচনা কৰাৰ আগতে আহক জানি লওঁ কি কি কাৰণত মেদবহুলতাৰ সৃষ্টি হ’ব পাৰে । তলত কিছু সাধাৰণ কাৰণ উল্লেখ কৰিছো –
১) থাইৰয়ডৰ ( thyroid ) সমস্যা : হাইপ’থাইৰয়ডিজিম বা থাইৰয়ড হ’ৰমনৰ পৰিমাণ কমি যোৱা, যাৰ ফলত প্ৰায়ে ওজন বৃদ্ধি হয় । বিশেষকৈ প্ৰৌঢ় ব্যক্তি আৰু মহিলাসকলৰ ক্ষেত্ৰত এই সম্ভাৱনা অধিক ।
২) মধুমেহৰ ( diabetes ) চিকিৎসা : মধুমেহ বা ডায়েবেটিছৰ চিকিৎসা হিচাপে ইনচুলিন ( insulin ) ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱা দেখা যায় ।
৩) ষ্টেৰয়ড ( steroid )ৰ ব্যৱহাৰ : আৰ্থাইটিছ ( arthritis ), হাপানী (asthma ) আদি বিভিন্ন ৰোগৰ চিকিৎসা হিচাবে ব্যৱহাৰ কৰা ষ্টেৰয়ডেও ওজন বৃদ্ধিত যথেষ্ট কাম কৰে ।
৪) অৱসাদ আৰু হতাশা ( stress ) : বহু লোকৰ ক্ষেত্ৰত মানসিক হতাশা ওজন হ্ৰাসৰ কাৰণ যদিও বহু ক্ষেত্ৰত ই মেদবহুলতাৰো কাৰণ হৈ পৰে । বিশেষকৈ সেইসকলৰ বাবে যিয়ে অতি বেছি খাদ্য গ্ৰহণ হতাশা মুক্তিৰ বিকল্প হিচাবে লয় ।
৫) বয়স : বযসৰ লগে লগে কমি অহা শাৰীৰিক পৰিশ্ৰমৰ ফলত কেলৰি কমকৈ বাৰ্ন (callori burn ) হয় । ই বয়সৰ লগত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ ।
৬ ) বংশাণুক্ৰমিক কাৰক : মেদবহুলতা এক শক্তিশালী বংশাণুক্ৰমিক কাৰণ ।
৭) অতি বেছি খাদ্য আৰু অতিমাত্ৰা জ্যাংক ( junk ) ফুড গ্ৰহন ।
৮) কিছুমান বিশেষ দৰৱৰ ব্যৱহাৰ ।
৯) হ’ৰমনৰ তাৰতম্য : মহিলা সকলৰ ক্ষেত্ৰত মাহেকীয়া বন্ধ হোৱাৰ পাছত বৃদ্ধি হোৱা ওজনৰ অন্যতম কাৰণ হ’ৰমনৰ তাৰতম্য । ইত্যাদি ।
কাৰণ সমূহ জনাৰ পাছত আমি ব্যৱহাৰ কৰা উপায় বা সামগ্ৰীসমূহৰ এই কাৰণ সমূহৰ ওপৰত প্ৰভাৱ আছে নে নাই সেইটো জানি লোৱাতো যথেষ্ট দৰকাৰী । অন্যথা এই ধৰণৰ সামগ্ৰী সমূহে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে । এনেকুৱা কেইটামান গুৰুত্বপূৰ্ণ সমস্যা যেনে –
১) গ’লব্লাডাৰ ষ্টোনৰ ( gall bladder stone ) সম্ভাৱনা : হঠাৎ ওজন হ্ৰাস হোৱা ১২ % ৰ পৰা ২৫ % মানুহৰ ক্ষেত্ৰত গ’লব্লাডাৰত পাথৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ।
২) পুষ্টিহীনতা : সাধাৰণতে দীৰ্ঘসময়ৰ কাৰণে অপৰ্যাপ্ত পৰিমাণে খাদ্য গ্ৰহণ আৰু প্ৰটিনৰ অভাৱৰ ফলত পুষ্টিহীনতাই দেখা দিয়ে ।
৩) ডিহাইড্ৰেচন ।
৪) আয়নৰ অভাৱ : আয়নৰ অভাৱৰ ফলত জীৱনলৈ ভাবুকি পৰ্য্যন্ত আহিব পাৰে ।
আন আন কিছুমান সাধাৰণ সমস্যা হ’ল –
৫) মূৰ কামোৰণি ।
৬) মূৰ ঘূৰণি ।
৭) সোনকালে ভাগৰ লগা ।
৮) চুলি সৰা ।
৯) মাংসপেশী শিথিল হোৱা ।
১০) অনিয়মিত মাহেকীয়া ।
১১) কোষ্ঠকাঠিন্য ( constipation ) । ইত্যাদি ।
শেষত কওঁ প্ৰকৃত সৌন্দৰ্য্য শাৰীৰিক নহয় মানসিকহে । শকত মানুহ এজনেও সুন্দৰ হ’ব পাৰে , প্ৰয়োজন এক সুন্দৰ ব্যাক্তিত্বৰ । ওজন হ্ৰাসৰ কাৰণে খৰতকীয়া আৰু ক্ষতিকাৰক পদ্ধতি কিছুমান অৱলম্বন কৰাতকৈ আমি এক সুস্থিৰ খাদ্যপদ্ধতি আৰু নিয়মীয়া কিছু শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা যথেষ্ট সুফল পাব পাৰো ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!