ওটচ্(oats) আৰু কলৰ অসমীয়া কাস্তাৰ্ড -(পিংকি বৰুৱা)

ওটচ্(oats) আৰু কলৰ অসমীয়া কাস্তাৰ্ড

akhal-পিংকি বৰুৱা

 

ওটচ্(oats) আৰু কলৰ অসমীয়া কাস্তাৰ্ড পিংকি বৰুৱা কেৰাহি গৰম কৰি ঘি এক চামুচ দি ইলাছি দুটা মান দিলো৷ এতিয়া ওটচ্ এক কাপ দি অলপ সময় ভাজি নমাই থলো৷ পকা জাহাজী কল তিনিটা পিটিকি মিক্সাৰ গ্ৰাইন্ডাৰত দুকাপ গাখীৰৰ লগত ফেটি ললো৷ ওটচ্ খিনি মিক্সাৰ গ্ৰাইন্ডাৰত অলপ মিহি কৰি ললো৷ এতিয়া ওটচ্ আৰু কল গাখীৰ খিনি একেলগে মিহলি কৰি ললো৷ দুচামুছ মৌ মিহলাই দিলো৷ চেনিও দিব পাৰিব ৷ অলপ কাজু গুৰি কৰি মিহলালো৷ পাত্ৰ এটাত সৰু সৰুকে আপেল কুটি ললো৷ এতিয়া আপেল খিনিৰ ওপৰত কল গাখীৰ ওটচ্ৰ মিশ্ৰণখিনি ঢালি দিলো৷ অন্য ফলমূলো কাটি দিব পাৰিব৷ তাৰ ওপৰত মই চেৰী ,কৰ্নফ্লেক্স, চ’ক’চ(chocos) দি সজাই দিছো৷ ল’ৰা ছোৱালীয়ে খাই ভাল পাব(ডায়েটিং কৰি থকা সকলৰ বাবেও উপকাৰী)৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!