ওলগ… তোমালৈ… (মিতালী বর্মন)

Mitali Barman

ওলগ… তোমালৈ…
———————-
মিতালী বর্মন
থুপুক-থাপাক এখোজ
ডালিম গুটি যেন এধানি দাঁত
তিৰবিৰ তৰা জ্বলা দুচকু…

তোমাৰ দুচকু
আমাৰ হৃদয়ত মুকুতা হৈ জ্বলে
উমলি ফুৰে ছন্দ-কথাৰ সেউজ পথাৰত…

থুপুক-থাপাক খোজেৰে তোমাৰ
বিশ্বৰ প্রান্তে প্রান্তে মিলন সেঁতু গঢ়াৰ অভিলাষ
সাত সাগৰ-তেৰ নদীৰ দুয়োপাৰেও যে চেনেহৰ দৃঢ়তাই তোমাৰ মূলধন…

ডালিমগুটীয়া দাঁতৰ ফাঁকেৰে
সৰি পৰে তোমাৰ প্রত্যয়ৰ হাঁহি
তোমাৰ এধানি হাঁহি আমাৰ বিশ্বাসৰ সোপান…

তুমি আমাৰ আপোন
তোমাকলৈয়ে সপোন দেখোঁ নানা
নীল-আকাশত বৈ দিওঁ তোমাৰ স’তে সাতোৰঙী ৰামধেনু…

আমাৰ আকাশত ৰামধেনুৰ বোল
ক’লা ৰংবোৰ বাষ্প হৈ নিমিষতে উৰি যাব
তোমাৰ কেচভাচত উজলিব আঘোণৰ সোণালী পথাৰ…

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!