ঔঁ জাতীয়তাবাদী-এএএএ নমঃ ( জীতেন্দ্ৰ জিতু শইকীয়া )

(১)

১ম বন্ধুঃ ‘বিজনেছ’ এটাৰ কথা ভাবিছো৷ একদম ঝাক্কাচ৷ জিৰ’ ইনভেষ্টমেণ্ট, ৰিটাৰ্ণ মালামাল৷

২য় বন্ধুঃ বাঃ…৷ এনেকুৱা কি বিজনেছ আছে অ’?

১ম বন্ধুঃ কিবা নাম এটা দি জাতীয় সংগঠন এটা ষ্টাৰ্ট কৰোঁ৷

২য় বন্ধুঃ কি ফাল্টু কথা বকিচ’ অ’? বিজনেছৰ কথা কৈ আকৌ সংগঠনৰ কথা ক’লি যে?

১য় বন্ধুঃ আৰে ভাই…, তাতেইতো লুকাই আছে আচল যাদু৷

২য় বন্ধুঃ বুজাই ক’চোন কি ক’ব বিচাৰিছ’?

১য় বন্ধুঃ চা…চৰকাৰে সংস্থাপন কিমান দিব? চৰকাৰী চাকৰিতো আৰু চবকে দিব নোৱাৰে৷ অসমত ইণ্ড্ৰাষ্ট্ৰী-ফিণ্ড্ৰাষ্ট্ৰীতো একো নাই৷ ষ্ট্ৰং জাতীয়তাবাদৰ কাৰণে অসমত এইবোৰ আহিবও নোৱাৰে৷ গতিকে একো এডাল কৰিব নজনা মোৰ নিচিনা ধোদৰ পচলা একোটাই কৰিম কি? কিন্তু ‘মাল’তো আমাকো লাগে চলিবলৈ৷ আমাৰ নিচিনাবোৰৰ কাৰণে অসমত এটাই ভাল বিজনেছ আছে…, সংগঠনৰ বিজনেছ৷

২য় বন্ধুঃ কি নো বলকিচ’, একো বুজা নাই৷ ভালকৈ বুজাই ক’৷

১য় বন্ধুঃ সংগঠন এটা গঠন কৰি লিডাৰ হৈ ল’৷ ১২ৰ পৰা ১৭-১৮ বছৰীয়া ল’ৰা-ছোৱালীক স্কুল-কলেজৰ পৰা বাচি বাচি ভৰাই ল’৷ সিহঁতৰ মূৰত ‘জাতীয়তাবাদ’ৰ পোক ভৰাই দে৷ এনে ল’ৰা-ছোৱালীৰ তেজ গৰম৷ নতুন তেজতো৷ গতিকে কাম বিবেকেৰে নহয়, আবেগৰে কৰে৷ ৰাজনীতি, কূটনীতি এইবোৰ ইমান বুজি নাপায় দেচোন এই বয়সত৷

২য় বন্ধুঃ ঠিকেই কৈছ’৷ কিন্তু এই সৰু ল’ৰা-ছোৱালীবোৰক লৈ কি কৰিবিনো?

১য় বন্ধুঃ আৰে ভাই……চৰকাৰৰ কামত লাফ্ৰা লগাই ইহঁতক ৰাস্তাত খাৰা কৰি দিম৷ তাৰ পিছত চাবি, কিমান গাড়ী ভাঙি দিলে, কিমান জ্বলাই দিলে আৰু কিমান ৰাজহুৱা সম্পত্তি বৰবাদ কৰি দিলে৷ আৰে………নতুন তেজ না…গৰমতো হ’বই৷ হাংগামা চলি থাকিব৷ তই মাত্ৰ ঘৰত বহি টিভিত চাই ফুৰ্টি কৰি থাক৷

২য় বন্ধুঃ এইবোৰ কৰি লাভ কি হ’ব? ৰাইজৰ ক্ষতিহে হ’ব৷

১য় বন্ধুঃ ধেৎ বুৰ্বক৷ ৰাইজৰ ক্ষতিৰ কথা ভাবিলে তোৰ বিজনেছ চলিব নেকি? হাংগামা হ’লে তোক মানুহে চিনি পাব৷ চৰকাৰে বুজিব তোৰ লগত ৰাইজ আছে৷ তই ডাঙৰ জাতীয় নায়ক হৈ যাবি৷ এতিয়া তই হৈ পৰিবি অসমৰ জাতি, মাটি, ভেটি আৰু সংস্কৃতিৰ আচল মালিক৷ শংকৰদেৱ তোৰ, মাধৱদেৱ তোৰ, বিহু তোৰ, পূজা তোৰ……চব তোৰ৷ এইবোৰৰ ৰক্ষা কৰাৰ দায়িত্ব অকল যেন তোৰহে৷

২য় বন্ধুঃ চব বুজিলো৷ কিন্তু বিজনেছ ক’ত? টকাই নাপালে কিহৰ বিজনেছ হ’ল?

১য় বন্ধুঃ বুৰ্বক…শুনি যা…৷ এই ধৰ বিহু আহিল৷ বিহু পতাৰ দায়িত্ব তোৰ হ’ব নে নহ’ব? ধৰ তোৰ এৰিয়াত ১ লাখ কালেক্চন হ’ল৷ তাৰে ২০ হাজাৰ মান খৰচ কৰি বিহু পাতি জাতিৰ মান ৰাখি দে৷ বাকী ৮০ হাজাৰ তোৰ পকেটত নগ’লনে? লিডত থকা দুটামানে মিলি ভগাই ল’লি, বচ৷ বিজনেছ চাক্চেছ৷ চাল্লা এক টকাও ইনভেষ্ট নহ’ল৷ আৰু ৰিটাৰ্ণ দেখিলি?

২য় বন্ধুঃ কিন্তু ৰাস্তাত গাড়ী ভঙা সেই সৰু সৰু ল’ৰাবোৰক পাহৰিলি নেকি? সিহঁতে কি পাব?

১য় বন্ধুঃ হেঃ হেঃ হেঃ৷ সিহঁতে পাব “বাবাজী কা থুল্লু“৷

২য় বন্ধুঃ অকল পূজা, বিহু, তিথি পাতি ধনী হ’ব পাৰিম জানো?

১য় বন্ধুঃ আৰে ভাই……সংগঠনবোৰৰ কোনটো লিডাৰক দুখীয়া দেখিচ’? ইনকামৰ পথ একো নাই, কিন্তু দামী বাইক, গাড়ী, আট্টালিকা…চব আছে৷ সিহঁতৰ ঘৰত “আলাডিন কা চিৰাগ’’ আছে নেকি বে? আৰে……চৰকাৰক দম দিম, ইণ্ড্ৰাষ্ট্ৰিয়েলিষ্টবোৰক মাটি নিদিও, তেল নিদিও বুলি দম দিম৷ হাংগামা হ’লে ইহঁতে আমাক ‘মেনেজ’ কৰিবলৈ ‘মাল’ দিব৷ ‘মাল’লৈ আমি বিনদাছ চুপ হৈ বহি দিম৷ বচ্……৷ দেখিলি কি হেভী প্ৰফিট?

২য় বন্ধুঃ ………বাঃ…৷ কি বুদ্ধি বে তোৰ৷ জাতিৰ কথা কৈ যদি জাতিক লুটিব পাৰি, ৰাইজৰ সম্পদ ভাঙি, জ্বলাই যদি জাতীয়তাবাদী হ’ব পাৰি, ……আৰু কি লাগে আমাক বে? হাঃ হাঃ হাঃ৷

১য় বন্ধুঃ বুজিলিতো এতিয়া? মাত্ৰ তই দুটামান ৰেডিমেট ডায়েলগ ৰেডি কৰ……যেনে “তেজ দিম তেল নিদিওঁ’’–টাইপৰ৷

………বাৰু……যাওঁ দে আজিলৈ৷ আৰু মজা মজা কথা আছে৷ কৈ থাকিম দেইইইই৷ বাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!