কচাইখানাৰ গাভৰু (টুনুজ্যোতি গগৈ)

ৰাজকুমাৰীৰ অভিনয় কৰি কৰি
তুমি স্বেচ্ছাই ৰৈ আছাহি কচাইখানাত
ইমান গোপনে!
এজনী মৰণমুখী অসহায় ছাগলীৰ দৰেই
নিস্ফল ক্ৰোধ আৰু যন্ত্ৰণাত বেবাইছা
অ’ প্ৰজাৰ মৰমৰ ছোৱালী…
কচায়ে তোমাৰ ডিঙি কাটিলেও তেওঁক নুদুষিবা
দুষিবা অন্ধ ঈশ্বৰক, যি তোমাক ছাগলী কৰি তুলিলে
দুষিবা ৰাজঘৰীয়া ক্ৰেতাক, যি কেজিৰ হিচাপত
তোমাৰ গাৰ মঙহ কিনি নিব
এই দুখীয়া প্ৰজাৰ পুতেকে
কচাইৰ পৰা বিনা পইচাতে বিচাৰিব তোমাৰ হৃদয়খন
যি হৃদয় ৰজাৰ মানুহে পইচাৰে কিনিব নোৱাৰে
অ’ প্ৰজাৰ মৰমৰ ছোৱালী
ৰজাৰ পুতেকে তোমাৰ মঙহবোৰ
কামনাৰ আঙঠাত পুৰি দচকি খোৱাৰ সময়ত
তোমাৰ সপোনৰ শাৰী শাৰী কবৰত বহি বহি
মই ইনাই বিনাই কান্দিম তোমাৰ হৃদয়খন সাৱটি
অ’ প্ৰজাৰ মৰমৰ ছোৱালী
ৰাজকুমাৰীৰ অভিনয় কৰি কৰি
তুমি কচাই খানাত স্বেচ্ছাই ৰৈ আছাহি
মই যে শুনিব লাগিব কচায়ে তোমাৰ ডিঙি কটা শব্দ!
মই যে চাব লাগিব কচায়ে তোমাৰ ডিঙি কটা দৃশ্য!!
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!