কচুৰ বিষয়ে অকণমান ক’বলগীয়া: বৰ্ণালী বৰুৱা

য’তে ত’তে সহজে পোৱা কচু শাকখিনি মুঠেই পেলনীয়া খাদ্য নহয়‌। ভিটামিন এ’( কেৰ’টিন)ৰ ই যথেষ্ট ভাল উৎস‌। ICMR ( Indian Council for Medical Research)ৰ তথ্য অনুসৰি ক’লা জাতৰ কচুৰ প্ৰতি ১০০ গ্ৰামত কেৰ’টিন থাকে ১২,০০০ মাইক্ৰ’গ্ৰাম আৰু সেউজীয়া বিধত থাকে ১০,২৭৮ মাইক্ৰ’গ্ৰাম‌। খনিজ লৱণো আছে‌। বহুতে ৰক্তহীনতাতভোগাসকলক কচু খাবলৈ উপদেশ দিয়ে‌। পিছে এই ক্ষেত্ৰত দুটামান কথা আমি মনত ৰখা উচিত‌। ICMR ৰ তথ্য অনুসৰি ক’লা জাতৰ পাতত আইৰণ থাকে মাত্ৰ ০.৯৮ মিলি গ্ৰাম‌। সেউজীয়াবিধৰ পাতত অৱশ্যে ১০ মিলি গ্ৰাম‌ থাকে‌। গতিকে ইয়াক কম বুলিব নোৱাৰি‌। কিন্তু ডাঙৰ কথাটো হ’ল,কচুত থকা ফাইটেট,অক্সেলেট আদিয়ে আচলতে আমি খোৱা আইৰণৰ সতে লগ হৈ কিছুমান যৌগৰ সৃষ্টি কৰে‌ যিবোৰ আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে‌। আমাৰ দেশত ৰক্তহীনতাৰ প্ৰাদুৰ্ভাৱৰ বাবে প্ৰচুৰ ফাইটেটযুক্ত আহাৰো বহু পৰিমানে দায়ী‌।

তথাপিও কিন্তু কচুক আমি অনাদৰ কৰিব নোৱাৰোঁ‌। তাৰ ভাল গুণো বহুত‌। জুতিৰ ক্ষেত্ৰততো একেবাৰে অনন্য। সেয়েহে চাৰিওফালে কচুৱে থোৰ মেলোঁতেই আহক আজি কচু থোৰ পাতত দি একেবাৰে খাঁটি অসমীয়া সোৱাদ এটাকে লওঁ-

 

 

 

 

 

পাতত দিয়া কচু শাক আৰু কণ-বিলাহী

সামগ্ৰী:

কুমলীয়া পাতেৰে সতে কচু থোৰ – এমুঠি

কণ-বিলাহী – আধা কাপ

নহৰু – ৪,৫ ফুটা

কেঁচা জলকীয়া – ১ টা

নিমখ – আন্দাজ মতে

মিঠা তেল – ১/৪ ( চাৰি ভাগৰ এক চাহ চামুচ)

কলপাত – বান্ধিবৰ বাবে

 

পদ্ধতি:

১) কচু-থোৰখিনিৰ চোঁচ গুচাই দীঘল দীঘল টুকুৰা কৰি কাটি ধুই লওক‌।

২) কণ-বিলাহী কেইটাও ধুই লওক‌।

৩) কলপাতখন জুইৰ ওপৰত দি অকণমান লেৰেলাই লওক‌। মাইক্ৰ’ৱেভ ব্যৱহাৰ কৰা সকলে ৩০ চেকেণ্ডৰ বাবে কলপাতখন সেকি ল’ব পাৰিব‌।

৪) লেৰেলাই লোৱা কলপাতখনত কচু-থোৰ,কণ-বিলাহী, নহৰু কেই ফোঁটা আৰু কেঁচা জলকীয়াটো দি ভালদৰে মেৰিয়াই বান্ধি লওক‌। বান্ধিবৰ বাবে কলপাতখনৰ কাষৰ সিৰডালকে ব্যৱহাৰ কৰিব‌।

৫) এতিয়া জুইত বা গেছত কম জুইত সেকক‌। এফালে ভালকৈ সেকা হ’লে আনটো ফাল লুটিয়াই দিয়ক‌। মাইক্ৰ’ৱেভত দিলে ১০ মিনিট মাইক্ৰ’ ম’ডত দিব‌।

৬) নমাই আনি কলপাতৰ বান্ধোন খুলি নিমখ আৰু কেঁচা মিঠা-তেল দি ভালদৰে সানক‌।

৭) গৰমে গৰমে পৰিবেশন কৰক‌।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!