“কণীৰ পনীৰ” বিলাহীৰ স’তে

 

উচ্চজিৎ কলিতা

 

(এই ৰন্ধন-প্ৰকৰণত পনীৰ নালাগে)

উপকৰণ: (৪ জনৰ খোৱাৰ জোখাৰে)

১) ৮ টা কণী (হাঁহ বা কুকুৰাৰ)

২) ডাঙৰ বিলাহী ৪ টা

৩) আলু ২ টা

৪) পনৰু ২ টা

৫) আদা ১ ইন্সি

৬) নহৰু ১০ ফোটা

৭) কেঁচা জলকীয়া ৪-৫ টা

৮) জিৰা গুড়ি ১ চামুচ, ধনিয়া গুড়ি ১ চামুচ (গৰম মচলা ১ চামুচ দিব পাৰে)

৯) হালধি ১ চামুচ

১০) নিমখ সোৱাদ অনুযায়ী

 

প্ৰস্তুতি:

১) আলুকেইটা দীঘলাই কাটক পাতল পাতল চকল কৰি।

২) আদা-নহৰু বটি বা খুন্দি লওক, জলকীয়াকেইটা চিৰিলাওক।

৩) বিলাহীকেইটা সৰু সৰুকে কাটক, পনৰুকেইটা মিহিকৈ কাটক।

 

ষ্টীলৰ টিফিন বাকচ এটাত কণীকেইটা ভাঙি অকণমান নিমখ দি ভালদৰে ফেটি লওক আৰু বাকচটোৰ সাঁফৰখন মাৰি দিয়ক। প্ৰেছাৰ কুকাৰ এটাত অলপ পানী দি তাত কণীভৰ্তি টিফিন বাকচটো থৈ কুকাৰৰ ঢাকনি মাৰি জুইত বহাই দিয়ক আৰু তিনি-চাৰিটামান সুহুৰি যোৱালৈ অপেক্ষা কৰক।

কুকাৰৰ সুহুৰি অহা সময়লৈকে কেৰাহীত তেল গৰম কৰক (যিকোনো তেল আপুনি ভাল পোৱা) আৰু আলুৰ চকল কেইটুকুৰা অলপ নিমখ দি পাতল ৰঙচুৱা হোৱালৈকে ভাজক আৰু কেৰাহীৰ পৰা নমাই থাল এখনত থওক। কেৰাহীত ৰৈ যোৱা তেলখিনি তেনেকৈ থাকিবলৈ দিয়ক।

কুকাৰৰ ভাপ নিৰ্গম হোৱাৰ পাছত কুকাৰৰ পৰা টিফিন বাকচটো উলিয়াই আনি ঠাণ্ডা পানীত ডুবাই দিয়ক। গৰম বাকচটো খালী হাতেৰে নুচুব। বাকচটো চেঁচা হ’লে সাঁফৰখন খোলক। দেখিব কণীখিনি গোট মাৰি দেখাত পনীৰৰ নিচিনা হৈছে। “কণীৰ পনীৰ”খিনি উলিয়াই আনি চুৰীৰে সৰু সৰু টুকুৰা কৰি কাটক।

এতিয়া কেৰাহীত ৰৈ যোৱা তেলখিনিত পনৰু আৰু জলকীয়াখিনি ৰঙচুৱাকৈ ভাজক। তাৰ পিছত তাত বিলাহীখিনি দি ৩ মিনিটমান হেতাৰে লৰাই থাকক আৰু তাৰ পিছত “কণীৰ পনীৰ”ৰ টুকুৰাকেইটা কেৰাহীত দি দিয়ক আৰু ৫-৬ মিনিট ভাজক জোখমতে নিমখ আৰু হালধি এচামুচ দি। ধনিয়া গুড়ি, আদা-নহৰুৰ মিশ্ৰণ, জিৰা গুড়ি (গৰম মচলা ভাল পোৱাসকলে এচামুচ গৰম মচলাও দি) দি হেতাৰে ভালকৈ মিহলাই দিয়ক। এতিয়া ৩ মিনিটমান কম জুইত ভাপত সিজিবলৈ দিয়ক ঢাকনি মাৰি দি।

অলপ শুকান শুকান হ’লে কেৰাহীত ৩০০ মি:লি: পানী দি বেছি জুইত ঢাকনি নিদিয়াকৈ উতলিবলৈ দিয়ক। ভালকৈ উতলিবলৈ ধৰা সময়ত আধাভাজি থোৱা আলুৰ চকলকেইটা দি দিয়ক আৰু তাৰ পিছত ঢাকনি মাৰি কম জুইত ভাপত ১০ মিনিট সিজিবলৈ দিয়ক। ১০ মিনিট পিছত জুই নুমাই দি ঢাকনি মাৰি থৈ দিয়ক। আধাঘণ্টা পিছত পৰিৱেশন কৰক “কণীৰ পনীৰ”ৰ আঞ্জা।

কণী খাই ভাল পোৱা সকলোৱে এইখন আঞ্জা ভাল পাবই বুলি মোৰ দৃঢ় বিশ্বাস। ৰুটীৰ লগত খোৱাতকৈ ভাতৰ লগত খাই বেছি ভাল পাব । প্ৰথম দেখিলে অবিকল পনীৰৰ আঞ্জাযেন দেখি। সেয়ে ইয়াৰ নাম আমি বাংগালোৰত দিছিলোঁ “অণ্ডা পনীৰ” ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!