কথোপকথন(-জ্যোতিপ্ৰকাশ নাথ)
(মোৰ কাষত বহা মানুহ্জনীয়ে খিৰিকীয়েদি গোট পাঁচ টকীয়া এটা নদীখনলৈ দলিয়াই দিলে। স্থান : শৰাইঘাট দলং ।)
: আপুনি পাঁচ টকা এটা পানীত পেলাই দিলে?
: পানীত পেলোৱা নাই। নদীক সেৱা যাচিছোঁ।
: কিন্তু সেই টকাটো এনেই নষ্ট হৈ গ’ল দেখোন!
: কি কোৱা হে তুমি! এনেয়ে নষ্ট হল, নদীখনৰ ওপৰৰ এই দলং খনেৰে নিতৌ কিমান মানুহ, গাড়ী-মটৰ অহা যোৱা কৰে, সকলোৱে যাতে ভালে কুশলে এইফালেৰে পাৰ হৈ যাব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
: কিন্তু তাৰ বাবে আপুনি টকাটো নদীত পেলাই নিদিলেও হয়, টকাটোৰ এটা মূল্য আছে আৰু পানীত পেলাই দিয়াৰ কাৰণে টকাটো বেয়া হৈ গ’ল মানে তাৰ মুল্যটো আমি হেৰুৱালো, আমাৰ দেশৰ লোকচান হল।
: দেশৰ লোকচান হ’ল, কেনেকৈ? অলপ বুজাই কোৱাচোন ভাইটী।
: চাওক আপোনাৰ হাতত যিমান টকা আছে, মোৰ হাতত যিমান টকা আছে, এখেতৰ হাতত যিমান টকা আছে, দেশৰ সমগ্ৰ মানুহৰ হাতত থকা টকা, চৰকাৰৰ লগত থকা টকা এইবিলাক টকা লগ হৈ আমাৰ মুঠ টকাৰ পৰিমান হয়গৈ। এতিয়া আপুনি পাঁচ টকাৰে মোৰ পৰা চাহ একাপ কিনি খালে—সেই পাঁচ টকাটো আপোনাৰ হাতৰ পৰাহে নোহোৱা হ’ব, কিন্তু মোৰ হাতত থাকি যাব আৰু মোৰ পৰা কোনোবা বেলেগে পাব। তেনেকৈ আমাৰ দেশৰ ধন আমাৰ দেশতেই থাকিব, কিন্তু সেই পাঁচ টকাটো পানীত দলিয়াই বা আন উপায়েৰে নষ্ট কৰিলে দেশৰ মুঠ ধনৰ পৰা পাঁচ টকা হেৰাই যাব যিটো কেতিয়াও আমি ঘুৰাই নাপাওঁ।
: এহ দেশৰ ইম্মানসোপা ধনৰ পৰা মাত্ৰ পাঁচ টকাটো মই পানীত দলিয়াই দিওঁতেই দেশখন দুখীয়া হৈ যাবনে?
: কথাটো সেইটো নহয়। চাওক এইখন দলঙৰ ওপৰেৰে দৈনিক দহ হেজাৰ মানুহ পাৰ হয়?
: হয়।
: তাৰে ধৰক এহেজাৰ মানুহে গড়ে দুই টকাকৈ পানীত পেলাই দিয়ে?
: পেলাই নিদিয়ে, পূজা কৰে ।
: ধৰক পূজা কৰে কিন্তু মুঠতে পেলায়ে দিয়ে, মানে দিনে দুই হেজাৰ টকা আৰু মাহে
ষাঠি হেজাৰ টকা এখন দলঙতেই শেষ হয় ।
: …………………….
: যদি ধৰোঁ দেশৰ মুঠ দহ খন দলঙত এনেকুৱা ঘটনা ঘটে ( আৰু কিমান দলং আছে ) তেনেহ’লে দেখোন দিনে ছয় লাখ টকা নোহোৱা হৈ আছে ।
: অ… কথাটো হয়!
: যিখন দেশত মানুহে খাবলৈ নাপাই ভোকত মৰে, কাপোৰ নাপাই ঠাণ্ডাত মৰে, ঘৰ নাই বাবে প্লেটফৰ্মত শোৱে, সেইখন দেশৰ ধন যদি এনেকৈ ধ্বংস কৰা হয় তেনেহ’লে কি হ’ব পাৰে আপুনি নিজেই ভাবকচোন!
: হয় দেই! আজি তুমি মোক এটা ডাঙৰ শিক্ষা দিলা বোপা, ভগৱানৰ শপত খাই কৈছোঁ আজিৰপৰা কেতিয়াও আৰু নদীত পইছা দি সেৱা নকৰোঁ লাগিলে পাঁচ টকা এটা মগনীয়াকে দিম।
: ধন্যবাদ !
( এনেতে কামাখ্যা ষ্টেছন পালো আৰু তেখেতক বিদায় জনাই মই নামিব ধৰিলো।)