কবিতা (চন্দ্ৰমা কলিতা)

আজি স্নিগ্ধ জোনাকত এপলক বিমুগ্ধ হোৱাৰ মন
গুণগুণকৈ গাই চাওঁচোন
কোনো এটা আধা পাহৰা গান।
কিবা এটা যেন নাই
সেয়া পাহৰি থকাই কিজানি ভাল
নথকাটোৰ হেঁপাহত পাই থকাখিনিয়ে যে হেৰাল
বিচাৰি পোৱাই এতিয়া টান।
হিচাপ নিকাচবোৰ নিলগাই থোৱা যাওক
বতাহেৰে মিতিৰালি কৰি যেনি তেনি ওপঙি থকাই হওক
গ’লেগৈতো উভটি নাহে
ক্ষন্তেকীয়া মধুৰ জীৱন।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!