ক'ভিড-১৯, সামাজিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক আৰু ক্ৰান্তিকালৰ চিন্তা – ডা:ৰাজীৱ কুমাৰ দাস

সমগ্ৰ বিশ্বতে মানসিক স্বাস্থ্যৰ বিষয়টো এক সততে আলোচিত বিষয়। ধৰ্ম, বৰ্ণ, ভৌগোলিক অৱস্থান, অৰ্থনীতি, পৰিৱেশ আদিৰ পাথৰ্ক্য থাকিলেও এই মানসিক স্বাস্থ্যৰ ভাৰাক্ৰান্ত অৱস্থাই সকলোকে সমাজ ব্যৱস্থা আৰু ভৱিষ্যৎৰ পৃথিৱীখনত সকলো লোকৰ লগত উমৈহতীয়া জীৱন প্ৰক্ৰিয়া অবলম্বন কৰি সমাজলৈ বাৰ্তা  প্ৰেৰণ কৰাৰ কেতবোৰ নতুন নিৰ্দিষ্ট নিয়ম( new normal) আৰু ৰীতি-নীতি নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰি তুলিছে।

আচলতে, মানসিক স্বাস্থ্য আৰু সামাজিক স্বাস্থ্য ইটো সিটোৰ পৰিপূৰক। জীৱনত সংঘটিত হৈ থকা  সৰু-সৰু কথাবোৰৰ মাজত আৰু সামাজিক বান্ধোনৰ নীতি নিয়মৰ মাজত  মন আৰু সমাজৰ বিভিন্ন দিশবোৰ পৰিপূৰক হিচাপে থকাটো প্ৰয়োজনীয়। ব্যক্তি এজনে কেনেদৰে চিন্তা কৰে, নিজৰ চৌপাশৰ কথাবোৰ কেনেদৰে ভাবে আৰু নিজৰ ভাব প্ৰকাশ কেনেদৰে কৰে আদি বিষয়বোৰ মানসিক স্বাস্থ্যৰ ভিতৰতে পৰে।

সময়ৰ লগে লগে আমাৰ চৌপাশৰ সামাজিক সম্পৰ্কবোৰৰ বহুত পৰিৱৰ্তন ঘটিল। বিশেষকৈ কামৰ সন্ধানত আৰু বৃত্তিগত কাৰণত আমাৰ সমাজৰ যৌথ পৰিয়ালৰ গাঠনিৰ সলনি পতি-পত্নী আৰু সীমিত একক পৰিয়ালৰ ধাৰনা বেছিকৈ দেখিবলৈ পোৱা গ’ল। সামাজিক মিলাপ্ৰীতি আৰু মানুহৰ মাজৰ সম্পৰ্কবোৰৰ হীন-দেঢ়ি ঘটিবলৈ ললে। এনেধৰনৰ বহুতো কাৰণৰ বাবে ব্যক্তি এজনৰ সামাজিক আৰু মানসিক স্বাস্থ্যৰ সমানুপাতিক বিকাশৰ ধাৰাটো অলপ পিছপৰি ৰ’ল। কিন্তু ইয়াৰ বিপৰীতে ইন্টাৰনেটৰ পৃথিৱীখনে মানুহক এক নতুন ধৰনৰ মনোৰঞ্জন, সামাজিক সম্পৰ্ক আৰু বিকশিত ধাৰালৈ লৈ কঢ়িয়াই নিলে। হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, টিক্ টক্ আদিৰ ভাৰ্চুৱেল পৃথিৱীখনে সকলোকে আকৰ্ষিত কৰিলে। কিন্তু লগে লগে তথ্যৰ অপব্যৱহাৰ, ইন্টাৰনেটৰ লুকাই থকা অৰ্থনীতি,  ভুৱা বাতৰি,  চাইবাৰ অপৰাধ আৰু মানুহৰ মানসিক পৰিৱৰ্তনৰ পৰিবৰ্ধিত চাপ আদিয়ে কোনেও নেদেখাকৈ সমাজৰ বহু ব্যক্তিৰ মানসিক স্বাস্থ্যত আঘাট হানিবলৈ ললে। কোনোবা এগৰাকী বয়ঃসন্ধি কালৰ যুৱক যুৱতী ৰাতিটোৰ ভিতৰতে ফেচবুকৰ আৰ্কষণ বা টিক্ টক্ জগতৰ তাৰকা হৈ পৰিল, কিন্তু টিক্ টক্ নিষিদ্ধ হোৱাৰ পিচত তেওঁ নিজৰ মনৰ অকলশৰীয়া জগতখনৰ চিকাৰ হৈ পৰিল। ক’ভিড-১৯ ৰোগৰ সময়ত এনে সমস্যাবোৰ বেছিকৈ পৰিলক্ষিত হ’ল। দীৰ্ঘ দিনীয়া লক্ ডাউনৰ সময়ছোৱাত বন্ধ পৰিৱেশৰ ভিতৰত নাগৰিক সকল সোমাই থাকিবলৈ বাধ্য হোৱাৰ ফলত প্ৰত্যেক নাগৰিকৰে দৈনন্দিন জীৱন  যাত্ৰা আৰু মনৰ পৃথিৱীখনত অলপ শংকা  আৰু উদ্বেগৰ সৃষ্টি হ’ল। ফলত অন্যান্য শাৰিৰীক উপসৰ্গ আৰু ৰোগৰ উপৰিওঁ  ক’ভিড-১৯  মহামাৰীৰ লগত সাঙোৰ খাই থকা এক প্ৰধান ক্ষেত্ৰ হ’ল মানসিক স্বাস্থ্যৰ জগতখন। এইসময়ত সকলো মানুহেই আগতে কেতিয়াওঁ সন্মুখীন নোহোৱা  আৱেগ, অনুভুতি আৰু মানসিক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে। দৈনন্দিন জীৱনৰ পদে পদে মানুহে অভূতপুৰ্ব এক পৰিৱেশৰ সন্মুখীন হৈছে। বজাৰ সমাৰ কৰোতে, কৰ্ম ক্ষেত্ৰলৈ যাওঁতে মুখত মাস্ক পৰিধান কৰাৰ উপৰিও এক নিৰ্দিষ্ট সামাজিক দুৰত্ব মানি চলিব লগীয়া হৈছে। বস্তু বিনিময় কৰোতে ভাইৰাছৰ সংক্ৰমনৰ শংকা হৈছে। ক’ভিডৰ নিয়ন্ত্ৰণৰ দ্বায়িত্বত থকা সকলে ঘৰৰ পৰা আতঁৰত থাকি কৰ্তব্য কৰিবলগীয়া হৈছে। ৰোগী সকল আছুতীয়াকৈ থাকিব লগা হৈছে। নিজৰ প্ৰিয়জনৰ লগতো মুকলি মনেৰে কোনেও মিলামিছা কৰিব পৰা নাই। সকলোতে এক শংকা আৰু ভয়ৰ পৰিৱেশ বিৰাজমান। এই শংকাৰ পৰা বহুক্ষেত্ৰত ‘পেনিক’  বা ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থনীতিৰ মন্দা অৱস্থা, কৰ্ম সংস্থাপনহীনতা, হতাশজনক পৰিস্থিতি  আৰু মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ অৱনতিৰ ফলত এই পৰিস্থিতিটো আৰু বেয়াৰ দিশলৈ ঢাল খাইছে। তাৰোপৰি বহু মানুহৰ জীৱিকাৰ অসুবিধা হৈছে, বহুতৰে কৰ্ম সংস্থাপন নাইকিয়া  হৈছে, অৰ্থনীতিৰ সকলো পৰ্যায়তে ব্যয়ৰ পৰিমান বেছি হৈছে। যুৱচাম ঘৰত সোমাই আছে, শিক্ষানুষ্ঠান সমুহ বন্ধ হৈ আছে।অনলাইন যোগে শ্ৰেণীসমুহ চলিছে, কিন্তু সুবিধাৰ অভাৱত সেইয়া সকলোৱে কৰিব পৰা নাই।সকলো দিশতে নিৰাশাৰ প্ৰতিচ্ছবি। বোলছবি তাৰকা আত্মহত্যাৰ পৰা ধৰি  কিছু কিছু ক্ষেত্ৰত বিয়োগাত্মক খবৰবোৰহে আমি দেখিবলৈ পাইছো।

মানসিক চাপৰ সময়ত কি কি  সাধাৰণ লক্ষণ ফুটি উঠিব পাৰে::
এনে সময়ছোৱাত কম বেছি পৰিমানে মানুহৰ মাজত তলৰ লক্ষণবোৰ ফুটি উঠে:-

উৎকণ্ঠা, ভয় , টোপনি নোযোৱা, অস্থিৰ, অমনোযোগিতা, দু:চিন্তা, হতাশা আদি

এইবোৰ বৰ বেছি জটিল সমস্যা নহয়। দৈনন্দিন জীৱনৰ বিভিন্ন খোজ বা স্তৰত আমি প্ৰায়েই এইবোৰৰ সন্মুখীন হওঁ। কিন্তু আমাৰ মাজতেই এনে পৰিস্থিতিৰ সন্মুখীন হোৱা একাংশই জটিল সমস্যাত ভুগিব পাৰে।

কোন কোন ব্যক্তি বা গোট এনেধৰনৰ মানসিক অৱস্থাৰ চিকাৰ হ’ব পাৰে?

১)অকলশৰীয়া জীৱন
২)বয়:সন্ধিৰ পৰা প্ৰাপ্ত বয়স্ক হোৱা সময়ছোৱা
৩)জীৱনৰ বিয়লি বেলা
৪)শিশু গৃহত থকা আৱাসীসকল
৫)গৰ্ভৱতী মহিলা আদি

কিছুমানে মানসিক ৰোগৰ চিকাৰ হৈ অত্যন্ত হতাশাত ভুগিব পাৰে, আনকি আত্মহত্যাৰ কথাও চিন্তা কৰিব পাৰে। কোনোবা জনপ্ৰিয় মানুহে এনে ধৰনৰ মানসিক অৱস্থাৰ চিকাৰ হোৱাৰ ফলশ্ৰুতিত তেওঁক অনুকৰন কৰা কিশোৰ-কিশোৰীসকলেও সেই বিভ্ৰম আৰু বিভ্ৰান্তিৰ বলি হৈ পৰে।  শেষত সেইটো এক সামাজিক ব্যাধিত পৰিণত হয়। এনেক্ষেত্ৰত বিজ্ঞান সচেতনতা আৰু মনস্কতাৰো ভুমিকা আছে।

এইবোৰৰ উপৰিও এটা ডাঙৰ সমস্যা হ’ল বহুক্ষেত্ৰত প্ৰকৃত আৰু শুদ্ধ তথ্যৰ প্ৰচাৰ নোহোৱাটো (Fake news)। ইন্টাৰনেটৰ ব্যাপক প্ৰসাৰৰ বাবে  কেতিয়াবা অশুদ্ধ বা  আংশিক ভাৱে শুদ্ধ তথ্য এটা বিজুলী বেগত ৰাইজৰ মাজত বিয়পি পৰে। ভুৱা বাতৰি, কল্পনা প্ৰসূত মনেসজা কাহিনী, ভিত্তিহীন অপবিজ্ঞান, অন্ধবিশ্বাসৰ প্ৰচলনে উপৰোক্ত মানুহসকলৰ মানসিক অৱস্থাটো আৰু অধিক সমস্যাবহুল কৰি তোলে।

এনে সময়ত বহুতো ব্যক্তিয়ে মানসিক চাপৰ পৰা আতঁৰি থাকিবলৈ মন পৰিৱৰ্তন কৰা দ্ৰব্য যেনে ধুম্ৰপান, অত্যাধিক মদ্যপান, ড্ৰাগছ জাতীয় দ্ৰব্যৰ আশ্ৰয় লোৱা পৰিলক্ষিত হ’য় (Drugs abuse)। এনে ব্যৱহাৰে এই মানসিক আৰু সামাজিক স্বাস্থ্যৰ অসন্তুলিত অৱস্থাটো আৰু বেছি জটিল কৰি তোলে

ক’ভিড-১৯ আৰু আমাৰ কিছু কৰণীয়::
ক’ভিড-১৯  বেমাৰ সমাজত বিয়পি নপৰিবলৈ কতৃপক্ষই ক’ৰ’ণা সংক্ৰমিত হ’ব পৰা সম্ভাব্য ব্যক্তি সকলক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে। লকডাউনৰ সময়ছোৱাত ব্যক্তি এজন যদি আছুতীয়াকৈ থাকিব লগা হয়, তেন্তে মানসিক ভাৱে মানুহজনৰ সামগ্ৰিক পৰিৱেশ মনৰ ভাবৰ  পৰিৱৰ্তন হ’ব পাৰে।এনে ব্যক্তি সকলৰ বহুতেই তেনে পৰিৱেশত খাপ খাব নোৱাৰি বিভিন্ন বেমেজালিৰ সৃষ্টি কৰিছে। বহুটো আছুতীয়া সামাজিক কক্ষ বা গৃহত বিভিন্ন সা- সামগ্ৰী লণ্ডভণ্ড কৰা বুলি খবৰ পৰিৱেশন কৰা হৈছে। এই বিষয়টো আচলতে মানসিক স্বাস্থ্যৰে এক প্ৰতিফলন। এনে ক্ষেত্ৰত আগতিয়াকৈ ব্যক্তি সকলৰ সামূহিক ভাৱে কাউঞ্চেলিং কৰাৰ ব্যৱস্থা কৰিলে বিষয়টোৰ সমাধান হ’ব। ব্যক্তিগৰাকীয়ে তেনে পৰিৱেশত খাপ খাবৰ বাবে মানসিকভাবে নিজক প্ৰস্তুত কৰিব লাগিব আৰু এনে ক্ষেত্ৰত তেওঁৰ বন্ধুবৰ্গ, পৰিয়াল, সামাজিক অনুষ্ঠান আৰু বিভাগীয় কৰ্তৃপক্ষই সহায় কৰাটো অত্যন্ত প্ৰয়োজনীয়।  এই বিষয়টো আচলতে মানসিক স্বাস্থ্যৰে এক প্ৰতিফলন।এনে ক্ষেত্ৰত আগতিয়াকৈ ব্যক্তি সকলৰ সামূহিক ভাৱে কাউঞ্চেলিং কৰাৰ ব্যৱস্থা কৰিলে বিষয়টোৰ সমাধান হ’ব বুলি ভাৱো।
এই প্ৰসংগতে মোৰ এজন প্ৰিয় ‘মটিভেচনেল স্পীকাৰ’ নিক ভুজিকিকৰ কথা উল্লেখ কৰিব বিচাৰিছো। তেওঁৰ হাত আৰু ভৰি নথকা স্বত্বেও তেওঁ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিছে। তেওঁৰ এক বিখ্যাত উক্তি হ’ল,
‘I was never crippled until I lost hope’; অৰ্থাৎ আশা নেহেৰুৱালৈকে মই বিফল হোৱা নাছিলোঁ। যেতিয়াই মানুহ মানসিক দুশ্চিন্তাৰ চিকাৰ হৈছে বা হোৱাৰ দুৱাৰদলিত থাকে, তেওঁলোকক অনুপ্ৰানিত কৰিবলৈ এক যোগাত্মক পৰিৱেশৰ সুচনা কৰিবলৈ সৃষ্টিমুলক কামৰ আৰম্ভণি কৰা উচিত। ব্যক্তিগত জীৱনতো যোগাত্মক পৰিৱেশ গঢ়ি তুলিবলৈ কিছুমান  সৰু সৰু লক্ষ্য  ঠিক কৰি ল’ব পৰা যায়। এখন ধুনীয়া বোলছবি চোৱা, সুমধুৰ নষ্টালজিক সংগীত শুনা, এখন ভাল গ্ৰন্থ পঢ়াটোৱেও আপোনাক এনে পৰিৱেশত বহুত সকাহ দিব পাৰে। ৰাতিপুৱাৰ নিয়ৰ সানি  অথবা আবেলি বেলকনিত ঠিয় হৈ বেলিৰ ৰঙচুৱা আভা গাত লৈ একাপ ধুনীয়া চাহ খোৱা কাৰ্যইও আপোনাক প্ৰশান্তি দিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত বাৰ্তালাপ বা সময় কটোৱা, বন্ধু বৰ্গৰ লগত মানদণ্ড বিশিষ্ট সময় কটাইও  নিজকে চহকী মনৰ গৰাকী কৰি তুলিব পাৰি।ক’ভিড আক্ৰান্ত বহুত যুৱক যুৱতীয়ে আছুতীয়া কক্ষ (কোৱাৰেন্টাইন)ত থাকোতে সামাজিক দুৰত্ব বজাই ৰাখি সমজুৱাকৈ  গীত গোৱাকে ধৰি বিভিন্ন সৃষ্টিমুলক কামত নিয়োজিত কৰাৰ ভিডিঅ আমি দেখিবলৈ পাইছো। এইবোৰ বাৰ্তাই এক যোগাত্মক দিশৰ সুচনা কৰে।

মনোবিজ্ঞানৰ জগতখনৰ বিষয়ে ক’বলৈ গলে চিগমণ্ড ফ্ৰয়ডৰ কথা ন’কলে অসম্পুৰ্ণ হ’ব। মনোবৈজ্ঞানিক বিশ্লেষণৰ পৃথিৱীখনৰ তেওঁ পিতৃপুৰুষ স্বৰূপ। তেওঁৰ মতে ব্যক্তি এজনৰ প্ৰাপ্তবয়স্ক জীৱনক বহু পৰিমাণে শৈশৱ কালৰ পৰিঘটনাবোৰে প্ৰভাবাম্বিত কৰে।অৰ্থাৎ শৈশৱ কালৰ  লালন পালনে ভৱিষ্যৎৰ জীৱনৰ বিভিন্ন দিশ, ব্যক্তিত্ব আদি বহু  ক্ষেত্ৰত গঢ় দিয়ে। মানুহৰ মনোজগতখনত  “Ego”য়ে বহুত পৰিমানে প্ৰভাৱ বিস্তাৰ কৰে আৰু মানসিক আৰু সামাজিক স্বাস্থ্যৰ সন্তুলনত এই কথাটোৱে গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

বৰ্তমান ফেচবুক লাইভ,  ইউ টিউব ব্লগিঙৰ দিন। ইন্টাৰনেটৰ বহুল প্ৰসাৰৰ বাবে মনৰ জগতখন দুৰ্বাৰ গতিত আগবাঢ়ি গৈছে। কিন্তু মনৰ ভাৰ্চুৱেল পৃথিৱীখন আগবাঢ়ি যোৱাৰ বিপৰীতে সমাজে সকলো এতিয়াওঁ আকোঁৱালি ল’ব পৰা নাই। কিশোৰ কিশোৰী সকলৰ “জেন এক্স”ৰ ধাৰনাৰ বিপৰীতে জ্যেষ্ঠ সকলৰ লগত “জেনেৰেচন গেপ” বাঢ়ি গৈছে। বিভিন্ন ক্ষেত্ৰত সমনীয়াৰ লগত মিলামিছা, যৌনতা, সমলৈংগিক বিবাহ, লিংগ বৈষম্য আদি বিষয়বোৰে সমাজত যিধৰনেৰে মুক্ত চিন্তা আৰু কণ্ঠৰে আলোচিত হ’ব লাগিছিল সেইদৰে হোৱা নাই। কিন্তু ভাৰ্চুৱেল পৃথিৱীত অাজিৰ ‘জেনেৰেচন’ অাগবাঢ়ি গৈ আছে। মাত্ৰ মনৰ  খুদুৱনি, ভয়, শংকা আৰু সহায় সহযোগ নোপোৱাৰ আশংকাত তেওঁলোকে সমাজত মুক্ত মনেৰে কথাবোৰ আলোচনা কৰিব পৰা নাই।

জীৱনৰ বিভিন্ন সময়ত আমি বহুতো ধৰণৰ বেয়া খবৰৰ সন্মুখীন হওঁ। যিকোনো বেয়া খবৰৰ সন্মুখীন হলে আমি প্ৰথমেই নিজকে প্ৰস্তুত কৰি লব লাগে। দীঘল উশাহ লৈ অলপ পৰিবেশৰ লগত অভ্যস্ত হবলৈ চাব লাগে  (Abdominal breathing and Relaxation) আৰু খবৰটো বেলেগ  কাৰোবাক দিবলৈ হ’লে শোকৰ অনুভুতি প্ৰকাশ হওতে সহায় কৰিব লাগে। আজি কালিৰ দিনত এইটো বহুত গুৰুত্বপুৰ্ণ। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত এনে বিষয়ৰ ওপৰত  (Bereavement) এক সম্পূৰ্ণ অধ্যায়েই আছে। আজিকালি এই বিষয়টো উলাই কৰাৰ বাবে বহুতো ভুল বুজাবুজিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়।

আমি কি কি কৰা উচিত::
পর্যাপ্ত পৰিমানে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা
ভাল টোপনি
ব্যায়াম আৰু যোগাসন
মানসিক শান্তিৰ বাবে যোগাত্মক পৰিৱেশ গঢ়ি তোলা
ভাললগা (হবি) সৃষ্টিশীল কামত নিজকে নিয়োগ কৰা
আশাহত নোহোৱা
কিবা কথা বা কামত অশান্তি বোধ কৰিলে নিজৰ পৰিয়াল,বন্ধু-বৰ্গ বা প্ৰিয়জনৰ লগত কথাৰ ভাগ -বতৰা কৰা
যিবিলাক কাম কাজে নিজক সপ্ৰতিভ আৰু কৃতজ্ঞ হবলৈ শিকাইছিল বা যিবোৰ ভাল কামে নিজৰ লগতে সকলোকে আনন্দ দিছিল, তেনে কথা বা কামৰ তালিকা তৈয়াৰ কৰা।
ধপাত,মদ্যপান বা তেনেধৰনৰ বদ অভ্যাস কম কৰিবলৈ লোৱা।
নিজৰ বাবে এখন ৰুটিন তৈয়াৰ কৰি  তাৰ মাজে মাজে সংগীত শুনা,পাকঘৰত খাদ্য বনোৱা,ফুলনিত ফুল ৰোৱা, গছ ৰোপন কৰা।

তথ্যৰ সঠিক ব্যৱহাৰ আৰু নিজক বুজি উঠা::
সঠিক তথ্য সমৃদ্ধ ৱেবচাইট, ব্লগ যেনে বিশ্ব স্বাস্থ্য  সংস্থা,মানসিক স্বাস্থ্যৰ ৰাষ্ট্ৰীয় (অনুমোদিত প্ৰতিষ্ঠানৰ ব্লগ) আদিত থকা তথ্যবোৰ চাই  আমি আমাৰ মানসিক ‘হ’ম ৱৰ্ক’বোৰ কৰি ল’ব পাৰো। তেনে ক্ষেত্ৰত ভুৱা বাতৰিৰ পৰা আমি নিজকে সতৰ্ক কৰি ৰাখিব পাৰিম। বিভিন্ন সামাজিক সংস্থাৰ বুলেটিন আৰু স্বাস্থ্য সম্বন্ধীয় খবৰ বোৰেও আমাক সহায় কৰিব পাৰে। সামাজিক ভাৱে সক্ৰিয় হৈ থাকিলে আমাৰ জীৱনৰ অকলশৰীয়া ভাৱটোৱেও আমাক আমনি কৰিবলৈ সুৰুঙা নাপায়।এনে ধৰনৰে মনৰ উৎকৰ্ষ সাধন কৰিলে বিভিন্ন সময়ত নিজৰ জীৱনৰ গুৰুত্বপুৰ্ণ  সিদ্বান্তবোৰ লওতে সহায়ক হয়।অনলাইন যোগে উপলব্ধ বিভিন্ন কৌশল বিকাশৰ শিক্ষণ প্ৰণালীৰ সহায়ত নিজৰ কামকাজৰ সমীক্ষাৰ (self assessment tool) গঠনমুলক ধাৰনা এটাও পাব পাৰি। বিভিন্ন কৰ্মক্ষেত্ৰৰ মানুহৰ লগত যোগসূত্ৰ স্থাপন কৰি সমাজৰ মুখ্য বিষয়বস্তু বা ধাৰনাৰ লগত নিজকে সংযোজিত কৰিব পাৰিলে বহুত ক্ষেত্ৰত নিজকে এক বৃহত্তৰ সমাজৰ অংশৰূপে অনুভৱ  (socialization) কৰিব পাৰি আৰু তেনেক্ষেত্ৰত নিজকে অকলশৰীয়া যেন বোধ নহয়।

সামৰণি::
সামাজিক স্বাস্থ্য, মনৰ সুখ, গৰিমা আৰু বুদ্ধিদীপ্ত চিন্তা যোগাত্মক জীৱনৰ মেটমৰা সম্ভাৰ স্বৰূপ। সমাজ এখনৰ দিকনিৰ্ণায়ক আলিবাটত সামাজিক স্বাস্থ্যই  অণুঘটকৰ কাম কৰে। এই প্ৰক্ৰিয়াটোত অণুঘটকৰ কাম কৰে মানসিক স্বাস্থ্যই। বৰ্তমান বহুতো ক্ষেত্ৰত  সামাজিক ভাৱে অস্পৃশ্য জ্ঞান কৰা কথাবোৰে  (social stigma) আকৌ গা কৰি উঠিছে। এনে ক্ষেত্ৰত সুস্থ চিন্তাধাৰা, বিজ্ঞানসন্মত চিন্তাধাৰা আৰু এক সুনিৰ্দিষ্ট জীৱনধাৰাই আমাক পোহৰৰ বাট দেখুৱাব বুলি আমি দৃঢ়ভাবে বিশ্বাস কৰো। আমাৰ মৰমৰ সমাজ এইখনেই। আমাৰ ধুনীয়া পৃথিৱীও এইখনেই। পাৰস্পৰিক সহযোগিতা আৰু সমিলমিলৰ ধাৰনাৰে এক সুস্থ সমাজৰ আধাৰশিলা আমি সকলোৱে গঢ়ি তুলিব পাৰো। মাত্ৰ আমি সুন্দৰ মন, সৱল মানসিক শক্তি আৰু সমাজ গঢ়াৰ আধাৰশিলাৰ সম্পদ বোৰৰ গৰাকী হলেই হ’ল। ধনী, দুখীয়া, ধৰ্ম, জাতি, ভৌগোলিক ভাৱে পাৰ্থক্য থকাটো কোনো ডাঙৰ কথা নহয়। বৰ্তমান ভাৰ্চুৱেল পৃথিৱীৰ বিজুলী বেগৰ সন্মুখত আমাৰ সমাজৰ নতুন কথাবোৰ, নতুন ৰীতি নীতি (new normal)সমূহ আমি গ্ৰহণ কৰিবলৈ মানসিক ভাৱে প্ৰস্তুত থাকিব লাগিব। মুক্ত চিন্তা, যৌনতাৰ সুস্থ প্ৰকাশ, কিশোৰ কিশোৰীৰ ক্ৰমবৰ্ধমান মানসিক জগত খনৰ ব্যাপ্তি, সমলৈংগিক স্বীকৃতি, প্ৰৌঢ় অৱস্থাৰ মানসিক সহায় সহযোগ, সামাজিক অস্পৃশ্যতা আদিৰ কথাবোৰ আমাক আকৌ এবাৰ ভাবিবলৈ এই সময়খিনিয়ে আমাক এক সুযোগ দিছে। এইয়াই ক্ৰান্তিকালৰ চিন্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!