কম্পিউটাৰ এটা কিনোঁতে.. (১) (মেদিনী নেওগ)

 

কম্পিউটাৰ এটা কিনোঁতে.. (১)

মেদিনী নেওগ

 

মোৰ জীৱনৰ প্ৰথম ডেস্কটপ কম্পিউটাৰটো ২০০৭ চনত কিনিছিলোঁ, উলুবাৰীৰ “জৈন কম্পিউটাৰ্ছ”-ৰ পৰা। অকলে গৈছিলোঁ কিনিবলৈ, কম্পিউটাৰ কিনাৰ বিষয়ে বৰ বিশেষ একো নাজানো তেতিয়া। দোকানীক ক’লো ডেস্কটপ এটা কিনিম বুলি আহিছোঁ, দোকানীয়ে কাগজ এখিলা উলিয়াই খচখচকৈ দহ-এঘাৰটামান বস্তুৰ নাম শাৰী শাৰীকৈ লিখি লৈ মোক সুধিবলৈ আৰম্ভ কৰিলে: “মাদাৰব’ৰ্ড?.. প্ৰচেছৰ?.. এচ-এম-পি-এচ?.. ৰেম?.. মনিটৰ?…”

 

মই যিকেইটাৰ বিষয়ে জানো, সেইকেইটা ক’লো, শেষত বাকী কেইপদ সামগ্ৰী দোকানীৰ পৰামৰ্শ মতেই কিনা হ’লগৈ ।

 

অসুবিধাটো এইখিনিতেই। কম্পিউটাৰ এটা আমি কি’নো নাই কমেও বিশ হাজাৰ টকা এটা খৰচ কৰি, সেই পইচাখিনি ভুল বস্তু কিনাত খৰচ কৰিমনে ? আমাক ভাল কম্পিউটাৰ এটাই লাগে, কিন্তু কম্পিউটাৰ এটা কিনাৰ সময়ত আমি প্ৰায়ে দোকানীৰ কথামতেই বস্তু কেইপদ কি’নো গৈ । দোকানীয়ে নিজৰ লাভৰ বাহিৰে বৰ বেছি কিবা এটা ভাবে বুলি প্ৰায় ক্ষেত্ৰতেই নালাগে ।

মই সেই কম্পিউটাৰটো কিনাৰ পিছৰে পৰা এই বিষয়ত সজাগ হ’লো । ইফালে সিফালে পঢ়ি শুনি, নিজে কৰি কিবাকিবি অলপ শিকিছোঁ, তাকে যিমান পাৰি সৰলকৈ বুজাব চেষ্টা কৰিম । একেবাৰতে গোটেই কথা খিনি ক’ব গ’লে আঁত হেৰুৱাই পেলাম, গতিকে অলপ অলপকৈ ক’ম । কিবা ভুল দেখিলে নিশ্চয় শুধৰাই দিব। ময়ো কথাবিলাক শিকিহে আছো…

 

আৰু মই কথাখিনি সদ্যহতে ডেস্কটপ কম্পিউটাৰৰ বিষয়ে ক’ম । লেপটপৰ বিষয়ে আলোচনাটো অলপ বেলেগ ধৰণৰ হয়, তালৈ পিছত আহিম।

 

কম্পিউটাৰতো চলে কিহত ?

কম্পিউটাৰ এটা বিদ্যুৎ শক্তিৰ সহায়ত চলে। আৰু কম্পিউটাৰ হৈছে এটা মেচিন। গতিকে, বিদ্যুৎ শক্তিত চলা আন যিকোনো মেচিনৰ দৰেই কম্পিউটাৰ এটাৰ ক্ষেত্ৰটো আমি কম্পিউটাৰটোক লগা ধৰণেৰে বিদ্যুৎ যোগান দিব পাৰিব লাগিব। এই কথাটো কম্পিউটাৰ এটা কিনাৰ সময়ত কিন্তু প্ৰায়ে উপেক্ষিত হৈ ৰয়। আৰু এই কাৰণেই আমি কিনি অনা ডেস্কটপ কম্পিউটাৰ বিলাকত অতি কম সময়তে বিভিন্ন বিসংগতিয়ে দেখা দিয়ে।

 

কম্পিউটাৰৰ কথা বাদেই, যিকোনো বৈদ্যুতিক সামগ্ৰী ঘৰত ব্যৱহাৰ কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে ঘৰৰ বিদ্যুত বৰ্তনীৰ “গ্ৰাউণ্ডিঙ”। ইয়াৰ মূখ্য কাৰণ হৈছে বৈদ্যুতিক সামগ্ৰী বিলাকৰ নিৰ্মাতা সকলে সামগ্ৰী বিধ গ্ৰাউণ্ডিঙ থকা বৰ্তনীৰ কাৰণেহে নিৰ্মাণ কৰে । গতিকে এই কথাটো সকলোতকৈ আগতে ঠিক কৰি লওঁক । [এইখিনিতে হয়তো বহুতে ক– “এইটো কথা হল নেকি কিবা? মই ইমান বছৰে চলাই আছো তেনেকৈয়ে…!!” – আপুনিও যদি এনেকৈয়ে ভাবিছে, মোৰ কবলগীয়া একো নাই.. 🙂 ]

তাৰ পিছত আহিম ইউ. পি. এচ. বুলি কোৱা বস্তুবিধলৈ। ইংৰাজীত ইয়াক কোৱা হয় Uninterrupted Power Supply বুলি। একেবাৰে সাধাৰণ ভাষাত ক’বলৈ গ’লে, হঠাতে কাৰেন্ট গ’লে কম্পিউটাৰতো যাতে লগে লগে বন্ধ হৈ নাযায়, এই কথাটো লক্ষ্য ৰাখে এই আহিলা বিধে। এই কামটো কৰিবৰ কাৰনে ইউ. পি. এচ. বিলাকৰ ভিতৰত এটা বেটেৰি থাকে। লগতে থাকে এটা সৰু বিদ্যুৎ বৰ্তনী। বৰ্তনীটোৱে বিদ্যুতৰ যোগান লক্ষ্য ৰাখে আৰু যদিহে বিদ্যুৎ যোগানত কিবা খেলিমেলিয়ে দেখা দিয়ে, বিদ্যুতৰ মূল যোগান লাইনৰ পৰিৱৰ্তে বেটেৰিটোক ব্যৱহাৰ কৰে, যাতে কম্পিউটাৰটোৱে প্ৰয়োজনীয় বিদ্যুতখিনি কোনো অসুবিধা নোহোৱাকৈ পাই থাকে। থোৰতে ইউ. পি. এচ. এটাৰ কাম এইখিনিয়েই। কিন্তু এইখিনি কম্পিউটাৰটোৰ বাবে বৰ প্ৰয়োজনীয় কাম।

 

ইউ. পি. এচ. এটা কিনিবৰ সময়ত ভাবিবলগীয়া সকলোতকৈ প্ৰয়োজনীয় কথাটো হ’ল আপোনাৰ কম্পিউটাৰটোত কি কি থাকিব আৰু সেই বস্তুখিনিক কিমান শক্তিৰ প্ৰয়োজন হ’ব। তাৰ লগতে আহি পৰে আপোনাক ইউ. পি. এচ.-টোৰ পৰা কিমান সময় “বেক-আপ” লাগিব। এই কথাকেইটা মই আজি ক’বলৈ লোৱা বাকী কেইটা বস্তু কিনাৰ সময়তো আহি পৰিব, গতিকে অলপ সময়ৰ কাৰনে ইউ. পি. এচ.-ৰপৰা ফালৰি কাটি বেলেগ কথাকেইটামান কৈ লওঁ।

 

আমি যে কম্পিউটাৰ বোৰ কিনো, সেইবিলাকৰ ভিতৰত লগোৱা সামগ্ৰী বিলাকে আচলতে নিৰ্ণয় কৰে কম্পিউটাৰটোৱে কিমান শক্তি খাব। আৰু এই শক্তিৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি আমি কিনা কম্পিউটাৰবিলাকক কেইটামান ভাগত ভগাব পাৰোঁ। এই বিষয়টোত নানা মুনিৰ নানা মত, কিন্তু মোৰ মতেৰে পৃথিৱীত তিনি ধৰণৰ ডেস্কটপ কম্পিউটাৰ আছে –

 

১) মাদাৰ-ব’ৰ্ড, প্ৰচেছৰ, মেম’ৰী, ডিস্ক ড্ৰাইভ, কুলাৰ আৰু মনিটৰ – এই কেইবিধ নিতান্তই প্ৰয়োজনীয় সামগ্ৰী থকা সাধাৰণ কম্পিউটাৰ এটা। এই বিধ ডেস্কটপেই পৃথিৱীত আটাইতকৈ বেছি সংখ্যাত আছে চাগৈ। আমাৰ প্ৰায়ভাগৰে কম্পিউটাৰ বিলাক এইটো শাৰীত পৰে। এই কম্পিউটাৰ বিলাকে আটাইতকৈ কম শক্তিত চলে কাৰণ ইয়াত ভিতৰত বৰ বেছি বিদ্যুৎ শক্তি প্ৰয়োজন হোৱা সামগ্ৰী নাথাকে। এনে ধৰণৰ কম্পিউটাৰ এটা সাধাৰণতে ২২০-অৰপৰা ৩৫০ ৱাট শক্তিৰ সহায়ত আৰামত চলি থাকে।

 

২) এই ভাগৰ কম্পিউটাৰৰ সংখ্যা প্ৰথম ভাগতকৈ কম, কিন্তু এই ভাগত বহুত বেলেগ বেলেগ ধৰণৰ কম্বিনেশ্যন-অৰ কম্পিউটাৰ পোৱা যায় । প্ৰথম ভাগত উল্লেখ কৰা সামগ্ৰী কেইবিধৰ বাহিৰেও এই কম্পিউটাৰ সমূহত গ্ৰাফিক্স কাৰ্ড, ছাউণ্ড কাৰ্ড, টিভি টিউনাৰ আৰু বহুক্ষেত্ৰত একাধিক মনিটৰ পোৱা যায়। কিন্তু এই ভাগৰ কম্পিউটাৰ বিলাকত ব্যৱহাৰ হোৱা সামগ্ৰী বিলাক প্ৰায়ে মধ্যম শাৰীৰ হয়। মানে ধৰক এই কম্পিউটাৰ বিলাক ব্যৱহাৰ কৰি আপুনি মধ্যম শাৰীৰ গে’ম খেলিব পাৰিব, আপুনি ফ’ট’ নাইবা ভিডিঅ’ এডিটিঙো কৰিব পাৰিব আৰু হাই ডেফিনিশ্যন চিনেমাও চাব পাৰিব, কিন্তু একেলগে ভিডিঅ’ এডিটিঙ আৰু হাই ডেফিনিশ্যন চিনেমা চলাওঁতে অলপ অসুবিধা পাব পাৰে। আজিৰ প্ৰজন্মৰ মধ্যবিত্তীয় ল’ৰা ছোৱালী বিলাকৰ হাতত এই শ্ৰেণীৰ কম্পিউটাৰ সৰহ সংখ্যাত দেখা যায়। এই শ্ৰেণীৰ কম্পিউটাৰ বিলাকে সাধাৰণতে ৩৫০-অৰপৰা ৬০০ ৱাট শক্তিৰ ব্যৱহাৰ কৰে।

 

৩) এই শ্ৰেণীৰ কম্পিউটাৰত আপুনি ওপৰত কৈ অহা সামগ্ৰীখিনিয়েই পাব, কিন্তু সিহঁতৰ পাৰ্ফৰমেন্স একদম ওপৰ খাপৰ হয়। অতিপাত শক্তিশালী প্ৰচেছৰ, গ্ৰাফিক্স কাৰ্ড, মাদাৰব’ৰ্ড আদি এই শ্ৰেণীৰ কম্পিউটাৰত দেখা যায়। এনে কম্পিউটাৰত একাধিক গ্ৰাফিক্স কাৰ্ড, লিকুইড কুলিং, একাধিক মনিটৰ ইত্যাদি ধৰণৰ প্ৰযুক্তি বিলাক দেখা যায়। এই শ্ৰেণীৰ কম্পিউটাৰত ৬০০ ৱাটতকৈ অধিক বিদ্যুৎ শক্তি সদায়েই লাগে।

 

ব্যৱহাৰ হোৱা শক্তিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি মই এই তিনিবিধ কম্পিউটাৰেই সাধাৰণতে দেখা পাওঁ। এতিয়া, কম্পিউটাৰ এটা কিনাৰ আগতে আপুনি এই তিনিবিধৰ কোন শ্ৰেণীৰ কম্পিউটাৰ এটা ল’ব, সেইটো ঠিক কৰক। ডিটিপি চেন্টাৰ এটা খুলিবৰ কাৰনে, সৰু ফ’ট’ ষ্টুডিঅ’ এটাৰ কাৰনে, ঘৰতে চিনেমা চাবৰ কাৰনে, ইন্টাৰনেট কেফে এখনৰ কাৰনে নাইবা কম্পিউটাৰ শিকাবৰ কাৰনে কম্পিউটাৰ ল’ম বুলি ভাবিছে, প্ৰথম বিধ কম্পিউটাৰ লওক। সেই শ্ৰেণীৰ কম্পিউটাৰ বিলাকৰ মাজতে বহুত ধুনীয়া কম্বিনেশ্যন পাই যাব, আৰু বহুত দিন চলিবও। [সেইবিলাক কিটিপ পিছলৈ..] এইবিলাকৰ বাহিৰে বেলেগ যিকোনো কামৰ বাবে মই দ্বিতীয় শ্ৰেণীৰ কম্পিউটাৰ এটা লোৱাৰ পক্ষপাতী। তৃতীয় শ্ৰেণীৰ কম্পিউটাৰ এটা সাধাৰণতে আমাক নালাগে। আপোনাক যদি ছাউণ্ড ৰেকৰ্ডিঙ ষ্টুডিঅ’ এটাৰ কাৰনে লাগে, নাইবা আপুনি বজাৰত ওলোৱা শেহতীয়া হাই ডেফিনিশ্যন গে’মটোহে যদি খেলি ভাল পায়, তেতিয়া বেলেগ কথা। তাৰোপৰি অলপমান পইচা খৰচ কৰিয়েই পিছলৈ দ্বিতীয় শ্ৰেণীৰ কম্পিউটাৰ এটাক প্ৰথম শ্ৰেণীৰ কম্পিউটাৰ কৰি তুলিব পৰা যায়। এনে কম্পিউটাৰ এটা আজিৰ তাৰিখত ভাৰতৰ যি কোনো বজাৰত মোটামুটি ৩৫-৫৫ হাজাৰ টকাৰ ভিতৰত পাই যাব।

 

এতিয়া ঘুৰি আহোঁ ইউ. পি. এচ.-অলৈ। পদাৰ্থ বিজ্ঞানৰ কথাবিলাক বাদ দি ইউ. পি. এচ.-অৰ কথা বুজোৱাটো টান, কিন্তু চেষ্টা এটা কৰি চাওঁ ৰব..

 

ইউ. পি. এচ. এটা কিনিবলৈ গ’লে দুটা বস্তু চকু দিব – এটা হৈছে ইউ. পি. এচ.-টোৰ VA ক্ষমতা আৰু ইটো হৈছে Watt ক্ষমতা। দুয়োটা সূচকেই বিদ্যুৎ শক্তিৰ পৰিমাণ বুজায়, কিন্তু আমি এই বিষয়ৰ বিজ্ঞানৰ সূত্ৰ বিলাকলৈ নাযাওঁ। মই মাত্ৰ ক’ম এই দুটা সূচকৰ ওপৰত নিৰ্ভৰ কৰি ভাল এটা ইউ. পি. এচ. কেনেকৈ বাচি ল’ব।

 

প্ৰথমেই চাওক মই ওপৰত কোৱা তিনিটা শ্ৰেণীৰ কম্পিউটাৰৰ ভিতৰত আপুনি বাচি লোৱা শ্ৰেণীটোৰ সৰ্বোচ্চ শক্তি প্ৰয়োজন কিমান। সেই সংখ্যাটোতকৈ অলপ বেচি নাইবা সমান Watt ক্ষমতাৰ ইউ. পি. এচ. এটা আপোনাক লাগে।

 

কিন্তু সিমানতে কথাটো শেষ নহয়।

 

এইবাৰ চাওক ইউ. পি. এচ.-টোৰ VA ক্ষমতা। ইউ. পি. এচ. এটাৰ Watt ক্ষমতা আৰু VA ক্ষমতাৰ অনুপাতটোক কোৱা হয় তাৰ পাৱাৰ ফেক্টৰ বুলি। আমি ব্যৱহাৰ কৰা কম্পিউটাৰ বিলাকত ব্যৱহাৰ হোৱা ইউ. পি. এচ. বিলাকৰ পাৱাৰ ফেক্টৰ ০.৬-০.৭ (নাইবা ৬০%-৭০%) হোৱা দৰকাৰ। মানে, আপুনি কিনিবলৈ লোৱা ইউ. পি. এচ. টোৰ ক্ষেত্ৰত এই ফৰ্মূলাটো প্ৰয়োগ কৰক:

 

Watt ক্ষমতা / VA ক্ষমতা = ০.৬ ~ ০.৭

 

উদাহৰণস্বৰূপে, আপুনি যদি মই উল্লেখ কৰা প্ৰথম শ্ৰেণীৰ কম্পিউটাৰ এটা লৈছে, আপোনাৰ কাৰনে ৬০০VA – ৩৬০Watt ইউ. পি. এচ. এটা ঠিক হ’ব। এনে ইউ. পি. এচ. এটাৰপৰা আপুনি ১২-১৫ মিনিট বেক-আপ পাব।

 

যদি এই কেইটা কথা মিলি গৈছে, তেতিয়া হ’লে আপুনি বাছি লোৱা ইউ. পি. এচ. টোৰ শক্তিৰ ক্ষমতা ঠিকে আছে। এতিয়া আহিল ডাঙৰ কথাটো – ইউ. পি. এচ.-টোৰ ভিতৰৰ বস্তুবোৰৰ মানদণ্ড। পাৱাৰ ফেক্টৰ মিলি গ’ল বুলিয়েইটো আৰু যা-তা কিবা এটা উঠাই লৈ আনিব নোৱাৰি।

 

মানদণ্ডৰ কথা যেতিয়াই আহে, সকলোৱে বেলেগ কোম্পানীৰ নাম লয়। এইটোহে ভাল, সেইটোহে ভাল। ইউ. পি. এচ.-অৰ পৃথিৱীখনত এই কাজিয়াবিলাকৰ উৰ্দ্ধত এটা কোম্পানীৰ নাম আছে – ’. পি. চি.। এই কোম্পানীৰ ইউ. পি. এচ. গোটেই পৃথিৱীতে বিখ্যাত আৰু লগতে ইয়াৰ মানদণ্ড বহুত ভাল। কিন্তু লগতে, ইয়াৰ দামটোও বাকী বিলাকতকৈ অলপ বেছি । দাম অলপ বেছি হ’লেও কিন্তু মই এ’. পি. চি. কিনাতেই গুৰুত্ব দিওঁ। আজিকালি লিউমিনাছ কোম্পানীৰ ইউ. পি. এচ. বিলাকো ভাল দেখিছোঁ। নিউমেৰিক আৰু মাইক্ৰটেক্সেও ভাল ইউ. পি. এচ. নিৰ্মাণ কৰে । কিন্তু এ’. পি. চি.-ৰ ইউ. পি. এচ. গুণগত ভাৱে বাকীবিলাকতকৈ ওপৰত বুলি বিশ্বাস কৰি আহিছোঁ।

 

ইন্টেক্স আৰু ফ্ৰন্টেক কোম্পানীৰ ইউ. পি. এচ.-অত ব্যৱহাৰ কৰা সামগ্ৰীৰ মানদণ্ড নিম্নখাপৰ বুলি সততে বিভিন্ন ফ’ৰাম বিলাকত পাই আহিছোঁ।

মই নিজেও কিনাৰ এবছৰৰ ভিতৰতে বেয়া হৈ পৰা দুটা ইন্টেক্স ইউ. পি. এচ.-অৰ মালিক। এটা ইউ. পি. এচ. কিনাৰ সময়ত মোটামুটিকৈ এইখিনি কথা লক্ষ্য ৰখা দৰকাৰ। অতি শীঘ্ৰেই কথা পাতিম পি. এচ. ইউ.-ৰ বিষয়ে, মানে পাৱাৰ চাপ্লাই ইউনিট। এইটোও বৰ দৰকাৰী বস্তু, ক’বলৈ গ’লে কম্পিউটাৰ এটাৰ ভিতৰৰ সামগ্ৰী খিনিৰ ভিতৰত সকলোতকৈ দৰকাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!