কলৰ বৰফি- দীপজ্যোতি বৰা

উপকৰণ:

১) ভীমকল অথবা ভালকৈ পকা অন্য মিঠা কল ২) ভজা পিঠাগুৰি বা ভাল চিৰা ৩) গাখীৰ ৪) খিচমিচ ৫) শুকান খেজুৰ ৬) কাজু

প্ৰণালী:

প্ৰথমতে পকা কলকেইটা ভালকৈ ফেটি লওক৷ ভীমকল হ’লে ইচ্ছা কৰিলে গুটিবোৰ চেকি লওক৷ আপোনাৰ পচন্দ মতে পিঠাগুৰিৰে অথবা চিৰা অলপ অলপকৈ দি নিমজকৈ সানি লওক৷ লগতে অলপমান গাখীৰ যোগ দিয়ক৷ ৰুটীৰ বাবে সনা আটাৰ দৰে মঠি লোৱা হৈ গ’লে তাত শুকান খেজুৰ, খিচমিচ যোগ কৰক আৰু ভালকৈ মিহলি কৰক৷ তাৰপাছত মিশ্ৰণটো এখন থালত চেপেটা সমানকৈ বহলাই দিয়ক৷ এতিয়া তাৰ ওপৰত কাজুবাদাম এটা এটাকৈ গুজি দিয়ক৷ তাৰপিছত কেইঘণ্টামান ফ্ৰীজত ৰাখক৷ শেষত বাহিৰলৈ আনি জোখ মতে কাটি উলিয়াওক৷ ইচ্ছা কৰিলে ওপৰত মিহিকৈ কটা আলমণ্ড বা পিস্তা ছটিয়াই পৰিবেশন কৰক৷ বি:দ্ৰ: ফ্ৰীজত নৰখাকৈয়ো এই বৰফি তৈয়াৰ কৰিব পাৰি৷ কিন্তু সোনকালে খাই শেষ কৰিব লাগিব৷ নহ’লে নষ্ট হ’ব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!