কাজিৰঙাত সংঘটিত এটা বাঘৰ ৰহস্যময় হত্যাকাণ্ডৰ আঁত ধৰি (কামাল আজাদ)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জৰ অধীনস্থ ৰৌমাৰি বন শিবিৰৰ সমীপত ২০১১ চনৰ ৬ ছেপ্তেম্বৰ তাৰিখে এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল | হত্যাকাণ্ডৰ খবৰ পোৱা মাত্ৰকে মই শিবিৰত উপস্থিত হৈছিলো, তাত্ক্ষণিক তদন্তৰ বাবে | হত্যাকাণ্ডৰ তত্কালীন অনুসন্ধানৰ বাবে তাত ইতিমধ্যেই দুজন ডাক্টৰ, অন্যান্য প্ৰতিনিধি আৰু উচ্চপদস্থ বিষয়াসহ ৭ জনীয়া দল তাত উপস্থিত আছিল | শিবিৰৰ বনকৰ্মী সকলে আঙুলিটোৱাই মৃতদেহটোৰ স্থান অৱগত কৰালে | হত্যাকাণ্ডটো শিবিৰটোৰ পূৱপিনে প্ৰায় ৫০০ মিটাৰ আঁতৰত ইকৰাৰে ভৰা ডাঠ ঘাঁহনিৰ মাজত সংঘটিত হৈছিল | ততাতৈয়াকৈ বনকৰ্মীসহ আমাৰ দলটো বন্যজন্তু চলাচল কৰা দণ্ডীৰে শাৰীপাতি ঘটনাস্থলীৰ পিনে আগবাঢ়িবলৈ ধৰিলো | শাৰীটোৰ সন্মুখৰ বন্দুকধাৰী বনকৰ্মীসকলে ডাঠ ইকৰাবোৰ ফালি ফালি পথনিৰ্দেশনা দি আগুৱাই গ’ল |
কিছুসময় খোজকঢ়াৰ পিছত সন্মুখৰ ঘাঁহনিৰ মাজত কিহবাই ঝৰ্‌ঝৰাই উঠা শব্দ শুনা গ’ল | শব্দটোৰ তীব্ৰতা অনুসৰি সন্মুখত কোনো বিশাল জন্তুৰ উপস্থিতি অনুমান কৰিলো | আমি সকলোৱে সচকিত হৈ পৰিলো আৰু ইজনে সিজনক নিৰৱে থকাৰ ইংগিত দিলো | পৰিবেশটো যথেষ্ট গহীন আৰু ভয়াবহ হৈ পৰিল | সন্মূখৰ পিনে থকা বনকৰ্মীকেইজনে কিবা অনুমান পাই খুব জোৰে হৈ-হাল্লা কৰি দুই জাঁই গুলি ফুটাই দিলে | পিছপিনে থকা বনকৰ্মীকেইজনেও হৈ-হাল্লা কৰিলে আৰু বন্দুকৰ বেৰেল্‌ডাল উঠা-নমা কৰি খট্‌খট্‌শব্দৰ সৃষ্টি কৰিলে | দণ্ডীটোৰ পৰা এটা প্ৰকাণ্ড গঁড় হুৰমুৰাই ইকৰা ফালি আঁতৰি গ’ল | আমি যথেষ্ট আতংকিত হৈ পৰিছিলো যদিও বনকৰ্মী সকলৰ আশ্বাসত পুনৰ আগবাঢ়িবলৈ ললো |
তাৰ পৰা প্ৰায় ১০০ মিটাৰমান আগবাঢ়ি লক্ষ কৰিলো সন্মুখৰ ঘাঁহনিডৰা ছেদেলি-ভেদেলি হৈ আছে | দলটোৰ আটাইকেইজন তাত থিয় দিলো | কাষতে এটা ঢেঁকীয়াপটীয়া বাঘৰ মৃতদেহ পৰিলক্ষিত হ’ল | প্ৰথম দৰ্শনতে নিশ্চিত হৈছিলো যে হত্যাকাণ্ডটো খুব নিৰ্মমভাৱে সংঘটিত কৰা হৈছিল | মৃতদেহটোৰ বিভিন্ন অংশত, বিশেষকৈ মূৰ আৰু গলধনত মাৰাত্মক আঘাতৰ চিন আছিল | হত্যাকাৰী সিমানতে শান্ত হোৱা নাছিল | সি মৃতদেহটোৰ পিছফালটো খাই পেলাইছিল |
ঘটনাটোৰ আঁৰত কোন ? কিয় সংঘটিত কৰিলে এনে জঘন্য হত্যাকাণ্ড ? এনেবোৰ প্ৰশ্নৰ দ্ৱাৰা মই বৰ বিমোৰত পৰিলো |
অতি পুংখানুপুংখভাৱে মৃতদেহটো পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলো | প্ৰাৰম্ভিক তদন্তত মৃতকৰ বয়স আৰু লিংগ নিৰ্ধাৰণৰ চেষ্টা কৰিলো | নখৰ আকাৰ, দাঁতৰ আকাৰ আৰু মাটিৰ পৰা কান্ধৰ উচ্চতাৰ জোখ লৈ দেখা গ’ল যে মৃতদেহটো এটা কিশোৰাৱস্থাপ্ৰাপ্ত ঢেঁকীয়াপটীয়া বাঘৰ | যৌনাংগ নিৰীক্ষণ কৰি বাঘৰ লিংগ নিৰ্ধাৰণ কৰা হয়, কিন্তু মৃতদেহটোৰ পিছফাল নোহোৱাৰ বাবে লিংগ নিৰ্ধাৰণ কৰা সম্ভৱ নহ’ল |
ঢেঁকীয়াপটীয়া বাঘ হ’ল বনৰ ৰজা | সেই অৰ্থত এইজনা যুৱৰাজক হত্যা কৰাৰ সাহ কোনে কৰিব পাৰে ? কাজিৰঙাত ঢেঁকীয়াপটীয়া বাঘৰ প্ৰতিদণ্ডী কোন ? কাজিৰঙাত খুব কমসংখ্যক নাহৰফুটুকী বাঘ আছে | তাৰোপৰি নাহৰফুটুকী বাঘে ঢেঁকীয়াপটীয়া বাঘক আক্ৰমণ কৰাৰ মৰসাহ ভুলতেও নকৰে | কাজিৰঙাত কিছুসংখ্যক ভালুকো আছে | ভালুক অতি হিংস্ৰ প্ৰবৃত্তিৰ | হত্যাকাৰী যে ভালুকো হ’ব পাৰে তাৰ অৱকাশ নথকা নহয় | কিন্তু প্ৰকৃত তথ্য অবিহনে কেবল সন্দেহৰ ভিত্তিত কাকো হত্যাকাৰী বুলি প্ৰক্ষেপ কৰা উচিত নহয় | গোটেই ঘটনাটো গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিল | ক’ৰবাত কিবা সম্ভেদ পোৱাৰ আশাৰে আমি গোটেই ঘটনাস্থলী এফালৰ পৰা চলাথ কৰিব ধৰিলো |
এটা এটাকৈ তিনিটা সম্ভেদ আমাৰ চকুত পৰিল | ১) মৃতদেহটোৰ চাৰিওকাষে প্ৰায় ৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত ইকৰা ঘাঁহবোৰ ছেদেলি-ভেদেলি হৈ ভাঙি পৰিছিল | অৰ্থাত্‍মৃত্যুৰ পূৰ্বে তাত এখন তয়াময়া ৰণ সংঘটিত হৈছিল | ২) মৃতদেহটোৰ কাষতে কিছুসংখ্যক বাঘৰ খোজ পোৱা গ’ল | খোজবোৰৰ আকাৰ মৃতবাঘটোৰ খোজতকৈ ডাঙৰ আৰু ম’তা বাঘৰ যেন অনুমান হ’ল | বাঘৰ খোজৰ পৰা লিংগ নিৰ্ধাৰণ কৰিব পাৰি | পিছঠেঙৰ পদচিহ্নৰ চাৰিওকাষ চুৱাকৈ এটা চতুৰ্ভূজ আঁকিলে ম’তা বাঘৰ ক্ষেত্ৰত চতুৰ্ভূজটো বৰ্গাকাৰ হয় আৰু মাইকী বাঘৰ ক্ষেত্ৰত চতুৰ্ভূজটো আয়তাকাৰ হয় | ৩) মৃতদেহটোৰ কাষত আন এটা বিষেশ সম্ভেদ পোৱা গ’ল | প্ৰায় ৫ মিটাৰমান আঁতৰৰ এঠাইত সজীৱ শৌচ পোৱা গ’ল | মই শৌচখিনি ভালদৰে পৰ্যবেক্ষণ কৰি চালো | শৌচখিনিযে বাঘৰে হয় সেইয়া খাটাং | শৌচ আকাৰ, গোন্ধ আৰু তাৰ কন্টেন্ট খিনিৰ পৰা বাঘৰ শৌচ চিনাক্ত কৰিব পাৰি | শৌচত খাদ্যপ্ৰাণী যেনে পহু, গাহৰি, ম’হ আদিৰ নোমবোৰ হজম নোহোৱাকৈ ওলাই আহে | সেই নোমবোৰ পৰীক্ষা কৰি (অনুবীক্ষণ যন্ত্ৰৰ সহায়ত) বাঘে কি জন্তু খাইছিল তাৰ বিতং তথ্য পোৱা যায় | যোৱা কেইবছৰেদি মই বাঘৰ খাদ্যাভাস সম্পৰ্কে অধ্যয়ন কৰি আছো | গতিকে খালী চকুৰেই পৰীক্ষা কৰি কিছুমান খাদ্যপ্ৰাণীৰ পৰিচয় উলিয়াব পাৰো | অতি আশ্চৰ্য্যজনকভাৱে শৌচখিনিত কোনো পহু, গাহৰি নতুবা ম’হৰ নোম পোৱা নাছিলো, পাইছিলো বাঘৰ নোমহে | ঘটনাটো ক্ৰমাত্‍আৰু জটিল হৈ পৰিল |
বিভিন্ন জন্তুৰ ক্ষেত্ৰত ইনফেন্‌টিচাইড বোলা এটা চৰিত্ৰ দেখা পোৱা যায় | ইনফেন্‌টিচাইডৰ অৰ্থ হ’ল প্ৰাপ্তবয়স্কই নিজ প্ৰজাতিৰে পোৱালি হত্যা কৰাৰ প্ৰৱণতা | পোৱালিটো নিজৰো হ’ব পাৰে নাইবা আন কাৰোবাৰো হ’ব পাৰে | ইনফেন্‌টিচাইড কিছুমান অনুবীক্ষণিক প্ৰাণী, পোক-পতংগৰ পৰা আৰম্ভ কৰি মাছ, উভচৰ, সৰীসৃপ, চৰাইৰ উপৰিও অতি উন্নত স্তন্যপায়ী প্ৰাণীতো দেখা পোৱা যায় | ইনফেন্‌টিচাইডৰ কাৰণ ভিন্ন হ’ব পাৰে | মানৱ সমাজতো ইনফেন্‌টিচাইডৰ প্ৰৱনতা একালত বহুলভাৱে প্ৰচলিত আছিল আৰু বৰ্তমানো ই ভিন্ন ৰূপত চলি আছে | মানৱ ভ্ৰূণহত্যা ঠিক ইনফেন্‌টিচাইড নহয় যদিও ই তেনেকুৱাই এক প্ৰৱনতা | মানৱতত্ব বিজ্ঞানত এই বিষয়ত বহুলভাৱে অধ্যয়ন কৰা হৈছে | বান্দৰ আৰু ঘৰচীয়া মেকুৰীৰ ক্ষেত্ৰত অতি সহজেই ইনফেন্‌টিচাইড দেখিবলৈ পোৱা যায় | ঢেঁকীয়াপটীয়া বাঘ মেকুৰীজাতীয় প্ৰাণীৰ অন্তৰ্ভূক্ত আৰু ঢেঁকীয়াপটীয়া বাঘৰ ক্ষেত্ৰতো ইনফেন্‌টিচাইড সঘনাই সংঘটিত হয় | ঢেঁকীয়াপটীয়া বাঘৰ ইনফেন্‌টিচাইড বিষয়ে বহু ৰহস্য তথ্য সম্বলিতে পোহৰলৈ আহিব বাকী আছে |
ইনফেন্‌টিচাইড সম্পৰ্কে বিভিন্ন বৈজ্ঞানিক বিশ্লেষণ আছে | কিছুমান জটিল তথ্যই এই প্ৰবৃত্তিক অধিক জটিল কৰিছে | ঢেঁকীয়াপটীয়া বাঘৰ ক্ষেত্ৰত ম’তা বাঘটো মূলতঃ হত্যাকাৰী সিঁহতে আনৰ পোৱালিহে হত্যা কৰে | উল্লেখনীয় যে, বাঘে এক সীমিত পৰিসৰৰ সামাজিক জীৱন নিৰ্বাহ কৰে | বাঘৰ ক্ষেত্ৰত মূলতঃ দুই ধৰণৰ সামাজিক জীৱন দেখা যায় | ম’তা আৰু মাইকী বাঘে সংগমৰ সময়ত ভাৱৰ আদান-প্ৰদানৰ বাবে কিছুদিন একেলগে থাকে | দ্বিতীয়তে মাইকী বাঘে পোৱালিৰ সৈতে প্ৰায় আঢ়ৈ বছৰ একেলগে থাকিবলগীয়া হয় | মাকৰ তাগিদাতে এই কালছোৱাত পোৱালিবোৰে চিকাৰ কৰাৰ সকলো আদৱ-কায়দা শিকি লৈ আত্মনিৰ্ভৰশীল হৈ পৰে আৰু পিছলৈ সিঁহতে নিজৰ অকলশৰীয়া স্বাধীন জীৱন অতিবাহিত কৰে | সাধাৰণতে পোৱালিৰ ভৰণ-পোষণত বাপেকে অংশ নলয়; কিন্তু মাজেসময়ে পৰিয়ালটো দেখা কৰিবলৈ আহে | কেতিয়াবা আনকি চিকাৰো ভগায় খায় | ৰাজস্থানৰ ৰান্‌থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যানত বাঘ বিশেষজ্ঞ বাল্মিক থাপৰে বাপেকৰ সৈতে পোৱালিবোৰক একে ঠাইত পানী খাই থকা আৰু সিঁহতৰ মাজত আলসুৱা ভাৱৰ আদান-প্ৰদান কৰা দৰ্শন কৰিছিল | কাজিৰঙাত এবাৰ দুটা পোৱালিসহ মাক-বাপেকৰ ফটো স্বয়ংক্ৰিয় কেমেৰাৰ দ্বাৰা একেখন ফ্ৰেমতে আৱদ্ধ হৈছিল | পোৱালি দুটাৰ বয়স প্ৰায় ৮-৯ মাহৰ আছিল | ছবিখনত পোৱালিবোৰে খেল-সুলভ আৰু বাপেকৰ দেউতা-সুলভ চৰিত্ৰ ধৰা পৰিছিল | আন এক ধৰণৰ সামাজিক সম্পৰ্ক ঢেঁকীয়াপটীয়া বাঘৰ ক্ষেত্ৰত পোৱা যায় | সেইয়া হ’ল সম্পৰ্কীয় বাঘৰ মাজত সহনশীলতা | যিটো অচিনাকী অথবা সম্পৰ্ক নথকা বাঘৰ মাজত কল্পনাই কৰিব নোৱাৰি | সম্পৰ্কীয় বাঘৰ মাজত সহনশীলতাৰ উত্‍কৃষ্ট উদাহৰণ হ’ল সিঁহতৰ মাজত এলেকাৰ ভাগবতৰা | বাঘে জীৱনকালত নিজৰ এটা এলেকা প্ৰতিষ্ঠাপিত কৰি লয় | এই এলেকাটোক হোমৰেঞ্জ (অসমীয়াঃ চোং) বুলি কোৱা হয় | প্ৰতিটো বাঘে নিজৰ জীৱনকালত হোমৰেঞ্জৰ ভিতৰতে চিকাৰ কৰা, পোৱালি জন্ম দিয়া আৰু প্ৰতিপালন কৰা, দৈনন্দিন চলন-ফুৰণ আদি কৰে | বাঘে নিজৰ মূত্ৰ, শৌচ অথবা আঁচোৰৰ সহায়ত নিজ নিজ এলেকাৰ সীমা চিহ্নিত কৰি লয় | কোনো অচিনাকী বাঘে আন বাঘৰ এলেকাত প্ৰৱেশ কৰিলে সিঁহতৰ মাজত তুমুল যুদ্ধ হয় | যুদ্ধত জয়লাভ কৰা বাঘটোই এলেকাৰ বিস্তাৰ কৰাৰ সুযোগ পায় | এনেধৰণৰ টেৰিটৰিয়েল যুদ্ধ যথেষ্ট ভয়াবহ হৈ পৰে ফলত কেতিয়াবা দুয়োটা বাঘৰে মৃত্যু হয় | স্বয়ংক্ৰিয় কেমেৰাত আৱদ্ধ হোৱা ফটোবোৰ অধ্যয়ন কৰি কাজিৰঙাৰ প্ৰায়বোৰ বাঘ মোৰ পৰিচিত হৈ পৰিছে | সিঁহতৰ এলেকাৰ পৰিসৰ, বয়সৰ উপৰিও বিভিন্ন কাৰকৰ সাময়িক পৰিৱৰ্তনৰ কিছু অভিজ্ঞতা হৈছে | এনে অভিজ্ঞতাৰ ভিত্তিত কিছুমান বাঘৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছো | তাৰে দুজনী ভনীয়েক মোৰ খুব পছন্দৰ | এজনী অগৰাতলি ৰেঞ্জৰ দেৱেশ্বৰী বনশিবিৰৰ আশেপাশে আৰু আনজনী ৰজামাৰি বনশিবিৰৰ আশেপাশে বসবাস কৰে | দুয়োজনী ভনীয়েকে নিজ নিজ এলেকাৰ কিছু অংশ ভাগবতৰা কৰি বসবাস কৰি আছিল | এনেধৰণৰ বিভিন্ন সম্পৰ্ক পৰিলক্ষিত হৈ যদিও সাধাৰণতে বাঘ মূলতঃ অকলশৰীয়া ও অসামাজিক বুলি গণ্য |
বাঘৰ ইনফেন্‌টিচাইডৰ দুটা মুখ্য কাৰণ উল্লেখনীয় | প্ৰথম, পোৱালি জন্ম দিয়াৰ পিছত মাকে পোৱালিবোৰৰ আহাৰ-পানী যোগান ধৰা, ৰক্ষণাবেক্ষণ আৰু প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰায় আঢ়ৈ বছৰ কাল নিৰবিচ্ছিন্নভাৱে নিয়োগ কৰিবলগীয়া হয় | অসামাজিক চৰিত্ৰ্ৰৰ কামাতুৰ ম’তা বাঘে মাকজনীৰ মাতৃত্ৱৰ ত্যাগ বুজিব নোৱাৰে | সি সুযোগ পালেই পোৱালিবোৰৰ হত্যা কৰে | পোৱালিৰ মৃত্যু হ’লে মাকজনী কেইসপ্তাহ মানৰ ভিতৰতে পুনৰ সংগমৰ বাবে সাজু হৈ পৰে ফলত ম’তা বাঘটোই তাৰ বাসনা চৰিত্ৰাৰ্থ কৰে | এইদৰে বাসনাৰ তাড়নাত পৰি ম’তা বাঘে পোৱালিবোৰ হত্যা কৰে |
দ্বিতীয়তে, নতুনকৈ জন্মগ্ৰহণ কৰা ম’তা পোৱালিবোৰ পুৰণি ম’তা বাঘৰ বাবে সংকটজনক | ডাঙৰ হৈ সিঁহতে নিজৰ এলেকা প্ৰতিষ্ঠাপন আৰু বিস্তাৰ কৰি সেই এলেকাৰ মাইকী বাঘবোৰক নিজৰ অধীনত লৈ আহে | তাৰবাবে আৱশ্যক হ’লে সেই এলেকাৰ পুৰণি বাঘটোক হত্যাও কৰে | গতিকে ভৱিষ্যত সংকটৰ পূৰ্বানুমান কৰি ম’তা বাঘে ম’তা পোৱালিবোৰৰ হত্যা কৰে |
ইনফেন্‌টিচাইডৰ কিছুমান তাত্‍ক্ষণিক কুপ্ৰভাৱ আছে | নিশ্চিতভাৱে ই প্ৰজাতিটোৰ সংখ্যাবৃদ্ধিত বাধা প্ৰদান কৰে | তাৰোপৰি পোৱালি হত্যা কৰি কেইসপ্তাহ মানৰ ভিতৰতে মাইকী বাঘজনীৰ সৈতে পুনৰ সংগম কৰাৰ ফলত খুব কম দিনৰ ভিতৰতে তাই দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হয় | যাৰবাবে তাই শাৰীৰিক ভাৱে দুৰ্বল হৈ পৰে | অশেষ কষ্টেৰে তুলিটালি ডাঙৰ কৰা পোৱালিক হত্যা কৰা ঘটনাই সন্তানহাৰা মাতৃজনীক মানসিকভাৱেও ভাৰাক্ৰান্ত কৰে | সেইবাবে ইনফেন্‌টিচাইড প্ৰতিৰোধ কৰিবলৈ বাঘিনীবোৰেও সতৰ্কতা অৱলম্বন কৰে | সিংহৰ ক্ষেত্ৰত কেইজনী মান মাইকী একেলগে থাকি পোৱালিৰ ৰক্ষণাবেক্ষণ দিয়ে | পোৱালি থকা বাঘিনীয়ে পৰিচয়হীন ম’তা বাঘৰ পৰা পাৰ্যমানে আঁতৰি থাকে | আৱশ্যক হ’লে বাঘিনীয়ে ম’তা বাঘৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈ সিঁহতক খেদি পঠিয়াই |
ইনফেন্‌টিচাইড প্ৰতিৰোধৰ বাবে বাঘিনীবোৰে আন এক বিশেষ চাতুৰ্য্যতা দেখুৱাই | কোনোবা ম’তাৰ দ্বাৰা গৰ্ভধাৰণ হোৱাৰ ঠিক পিছতেই তাই ছদ্ম ৠতুস্ৰাৱ হোৱা দেখুৱাই পুনৰ দ্বিতীয় অন্য এটা ম’তা বাঘৰ সৈতে সংগম কাৰ্যত লিপ্ত হয় | ফলত হ’বলগা পোৱালিবোৰক দুয়োটা ম’তাই নিজৰ পোৱালি বুলি ভাৱে আৰু সেইদৰে পোৱালিবোৰৰ ইনফেন্‌টিচাইডৰ সম্ভাৱনা হ্ৰাস পায় |
অতি আশ্চৰ্য্যকৰ তথা নিষ্ঠুৰ এইযে বাঘৰ ক্ষেত্ৰত বিষয়টো কেবল ইনফেন্‌টিচাইডতে সীমাৱদ্ধ নাথাকি ই কেনিবেলিজ্‌মৰ ৰূপ লয় | কেনিবেলিজ্‌ম হ’ল একে প্ৰজাতিৰ মাংস ভক্ষণ কৰা এক বিশেষ চৰিত্ৰ | বাঘে পোৱালি হত্যা কৰি ভক্ষণ কৰা পৰিলক্ষিত হয় | এই চৰিত্ৰ আমি ঘৰচীয়া মেকুৰিৰ ক্ষেত্ৰতো দেখো | WWF ৰ বন্যজীৱবিদ যোচেফ ভেট্টাকাভানে মোক এবাৰ এখন ছবি দেখুৱাইছিল | ছবিখনত এটা এমহীয়া বাঘৰ পোৱালিৰ কেবল মূৰটোৰ সন্মুখ অংশখিনি বনৰ মাজত পৰি আছিল | এটা ম’তা বাঘে পোৱালিটো হত্যা কৰি মূৰটোক বাদে দেহৰ বাকী সকলোখিনি গ্ৰাস কৰিছিল |
কেনিবেলিজ্‌মে হত্যাকাৰী বাঘক খাদ্যৰ যোগান ধৰে যদিও ইয়াৰ কিছুমান কুপ্ৰভাৱো আছে | কেনিবেলিজ্‌মৰ দ্বাৰা ভয়ানক ৰোগ তথা ৰোগৰ বীজাণু বিয়পে| ডেভিদ ফেনিং নামৰ এজন জীৱৱিদে চালামাণ্ডাৰৰ (উভচৰ) ওপৰত কেনিবেলিজ্‌মৰ গৱেষণা কৰি দেখিলে যে যিবোৰ চালামাণ্ডাৰে ৰোগযুক্ত চালামাণ্ডাৰ ভক্ষণ কৰে সেইবোৰৰ মৃত্যু হোৱাৰ প্ৰৱণতা অধিক হয় |
কাজিৰঙাত বাঘৰ ঘনত্ব অত্যাধিক হোৱা বাবে প্ৰায়ে প্ৰাপ্তবয়স্ক বাঘবোৰৰ মাজত কাজিয়া সংঘটিত হয়, তাৰে কিছুসংখ্যক বাঘৰ মৃত্যুও ঘটে | কিন্তু কেতিয়াও বাঘে প্ৰাপ্তবয়স্ক বাঘক হত্যা কৰি ভক্ষণ কৰা পৰিলক্ষিত হোৱা নাই | বাঘ অত্যন্ত বুধিয়ক প্ৰাণী, তাৰোপৰি সিঁহতৰ ঘ্ৰাণ আৰু দৰ্শণ ইন্দ্ৰিয় অতি উন্নতমানৰ | বাঘে কোনবিধ খোৱাৰ যোগ্য, কোনবিধ অযোগ্য তাৰ ভালদৰে উমান পায় | পোৱালিবোৰ ইমিউন’লজিকেলি যথেষ্ট শক্তিশালী, যাৰবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন হয় | সম্ভৱতঃ সেইবাবেই বাঘে হত্যা কৰি পোৱালি ভক্ষণ কৰে কিন্তু প্ৰাপ্তবয়স্ক ভক্ষণ নকৰে |
বাঘৰ কেনিবেলিজ্‌ম প্ৰৱণতাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰাটো যথেষ্ট জটিল | সীমিত তথ্যৰ আধাৰত আমি কিছুমান যুক্তিসংগত ধাৰণাহে স্থাপন কৰিব পাৰো | এই সন্দৰ্ভত বিখ্যাত বাঘ বিশেষজ্ঞ জৰ্জ চেলাৰৰ এটি উদাহৰণ আৰু তাৰ সন্দৰ্ভত বিখ্যাত বাঘ বিশেষজ্ঞ ষ্টিফেন মিল’ৰ মন্তব্য উল্লেখনীয় | জৰ্জ চেলাৰে আফ্ৰিকা মহাদেশৰ চেৰেংগেটি ৰাষ্ট্ৰীয় উদ্যানত সিংহৰ অধ্যয়ন কৰি আছিল | তাত এজনী মাইকী সিংহৰ তিনিটা পোৱালি আছিল | তিনিওটা পোৱালিকে এটা ম’তা সিংহই হত্যা কৰিছিল আৰু তাৰে দুটাক ভক্ষণ কৰিবলৈ দাঙি লৈ গৈছিল | বাকী থকা পোৱালিটো যথাস্থানত পৰি ৰ’ল | জৰ্জ চেলাৰে মাকজনীৰ প্ৰতিক্ৰিয়া অধ্যয়ন কৰিবলৈ গোটেই দিনটো কাষৰে জংগলত লুকাই থাকিল | ঠিক আন্ধাৰ হোৱাৰ পূৰ্বে তাত মাকজনী উপস্থিত হ’ল | প্ৰথমে তাই মৃত পোৱালিটোক শুঙিলে তাৰ পিছত চেলেকীলে আৰু শেষত পোৱালিটো খায় পেলালে | এই ঘটনা সন্দৰ্ভত ষ্টিফেন মিল’ৰ মন্তব্য এনেধৰণৰ – বাঘে কেতিয়া কি ভাৱে আমি মানুহে কেতিয়াও তাৰ বোধগম্য হ’ব নোৱাৰো |
এনে ধৰণৰ ঘটনাস্থলীৰ পৰা উভতি আহি পোনপ্ৰথমে মৃত বাঘৰ পৰিচয় উলিওৱাৰ চেষ্টা কৰো | ২০০৯ চনৰ পৰা স্বয়ংক্ৰিয় কেমেৰাৰ দ্বাৰা কৰা বাঘৰ চেন্সাচৰ বাবে প্ৰায়বোৰ বাঘৰ ফটো আমাৰ হাতত আছে | মই মৃত বাঘটোৰ বিভিন্ন অংশৰ ফটো তুলি আনিছিলো | ঢেঁকীয়াপটীয়া বাঘৰ দেহত থকা আঁকবোৰৰ পৰা সিঁহতৰ পৰিচয় উলিয়াব পাৰি | এইয়া ঠিক ফিংগাৰ প্ৰিন্ট পদ্ধতিৰ লেখীয়া | প্ৰত্যেক মানুহৰ ফিংগাৰ প্ৰিন্ট ভিন্ন হোৱাৰ দৰে প্ৰতিটো ঢেঁকীয়াপটীয়া বাঘৰ দেহত থকা আঁকবোৰৰ সাজোন ভিন্ন হয় | ফটোবোৰ পৰষ্পৰ পৰীক্ষা কৰি বাঘবোৰৰ পৰিচয় উলিয়াব পাৰি | ২০১১ চনৰ আৰম্ভণিতে ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ মান আঁতৰত একেলগে দুটা পোৱালিৰ ফটো পোৱা গৈছিল | এই পূৰ্বানুমানৰ আধাৰত প্ৰথমেই সেই পোৱালিবোৰৰ ফটোৰ সৈতে মৃত বাঘটোৰ ফটোৰ পৰীক্ষা কৰিলো | প্ৰথমবাৰতেই মই সফল হৈছিলো, অৰ্থাত্‍মৃত বাঘটো তাৰেই এটা পোৱালিৰ আছিল | ঘটনাস্থলীত যদিও বাঘটোৰ বয়স ১২/১৪ মাহৰ বুলি কৰা হৈছিল দৰাচলতে তাৰ বয়স ৮/৯ মাহ মানৰ ভিতৰত বুলি ফটোৰ পৰা ঠাৱৰ কৰিব পৰা গ’ল | ১৯৯৯ চনত বি.বি.চি. য়ে বাঘৰ বিষয়ে এখনি চিনেমা নিৰ্মাণ কৰিছিল | বাঘৰ পোৱালি ১৩ মাহমান বয়স কেনিবেলিজ্‌মৰ বাবে কিছু অধিক বুলি তাত উল্লেখ কৰিছে | তাৰোপৰি ৯ মাহতকৈ কম বয়সৰ পোৱালিহে বাঘে ভক্ষণ কৰে বুলি ষ্টিফেন মিলে উদ্ধৃতি দিছে |
সকলো বিশ্লেষণৰ পৰা আমি পতিয়ন যাও যে হত্যাকাৰী দৰাচলতে এটা বাঘেই হয় | সি হয়তো তাৰ এলেকাৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত তাক হত্যা কৰিছে নতুবা পোৱালিটোৰ মাকৰ সৈতে তাৰ বাসনা চৰিত্ৰাৰ্থ কৰিবলৈ তাক হত্যা কৰিছে | গোটেই প্ৰক্ৰিয়াটো অতি নিষ্ঠুৰ যেন লাগিলেও বিৱৰ্তন বিজ্ঞানৰ দৃষ্টিভংগীত ইয়াৰ গুৰুত্ব অপৰিসীম | প্ৰকৃতিয়ে প্ৰজাতি এটাৰ যোগ্যবোৰকহে জীয়াই থকাৰ বাবে বাচনি কৰে | যিয়ে সমগ্ৰ প্ৰজাতিটোক অদূৰ ভৱিষ্যতলৈ ৱৰ্তী থকাত সহায় কৰে | বাঘে বনাঞ্চল এখনৰ অন্যান্য জন্তুৰ সংখ্যা প্ৰাকৃতিক ভাৱে সন্তুলিত ৰখাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ উপৰিও ইনফেন্‌টিচাইড তথা কেনিবেলিজ্‌ম প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ সংখ্যাও সন্তুলিত কৰি ৰাখে |
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!