কাটাৰত কৰ্মৰত এজন অসমীয়া পাইলটৰ পৰিচয় -ডা০ ভূপেন শইকীয়া

এজন অসমীয়া ডেকা পাইলটৰ সৈতে আমাৰ অসমীয়া লোকসকলক পৰিচয় কৰাই দিব খুজিছোঁ৷ নাম তেওঁৰ সমীন চুতীয়া৷ একান্ত আগ্ৰহ আৰু অধ্যৱসায়ৰ যোগেদি গঢ়ি উঠা তেওঁৰ কৰ্মোদ্যম আনৰ বাবে অনুকৰনীয়৷ উজনি অসমৰ নামৰূপৰ পৰা চৰকাৰী হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণহৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ জলপানিলৈ হৰিয়ানাৰ কৰণালৰ ফ্লায়িং ক্লাবৰ কমাৰ্চিয়েল পাইলট প্ৰশিক্ষণ কেন্দ্ৰত নাম ভৰ্তি কৰে৷ ২০০৩চনত সুখ্যাতিৰে প্ৰশিক্ষণ সম্পন্ন কৰাৰ পিছত প্ৰায় দুবছৰকাল পোনতে কানপুৰত, পিছলৈ বাৰামতীত সহকাৰী বিমান প্ৰশিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰে৷ পাঠকক জনাও যে বিমান চালনৰ কাৰিকৰী শিক্ষালৈ থকাৰ মাজতে সমীনে স্নাতক (বি.বি.এ) ডিগ্ৰীও লাভ কৰে৷

নিজে বিচৰামতে জীৱনৰ লক্ষ্য পাইলট হোৱাৰ পিছৰ পৰা সমীনে এদিনো থমকি ৰব লগীয়া হোৱা নাই৷ দক্ষিণ আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশলৈয়ে তেওঁ বিমান চলাই গৈছে৷ পোনতে সহকাৰী পাইলটৰ পৰা অভিজ্ঞতা বঢ়াৰ সৈতে সামঞ্জস্য ৰাখি আজি তেওঁৰ পদবী হ’ল বিমানৰ জেষ্ঠ কেপ্তেইন৷ বৰ্তমান কাটাৰ এয়াৰবেজৰ তেওঁ এজন দায়িত্বশীল পাইলট হিচাবে সকলো মহলৰে সমাদৰ আৰু সুনাম লাভ কৰিবলৈ সমৰ্থ হৈছে৷

২০০৫চনত প্ৰশিক্ষকৰ দায়িত্ব এৰি সমীনে নতুনকৈ আৰম্ভ হোৱা এয়াৰ ডেক্কানত সহকাৰী পাইলট হিচাবে কামত যোগদান কৰে৷ এয়াৰ ডেক্কানৰ বিমান সেৱা বন্ধ হোৱাত ২০০৭চনত জৰ্ডান এভিয়েচনত, ২০০৮চনত বাহৰেইন এয়াৰ কোম্পানীত সমীনে কৰ্মৰত হয়৷ ২০১০চনৰ পৰা পুনৰ ভাৰতবৰ্ষৰ ইণ্ডিগো এয়াৰলাইনচত চাৰি বছৰ কাল সেৱা আগবঢ়ায়৷ ২০১৪চনত বিশ্বৰ অন্যতম বৃহৎ বিমান পৰিবহণ সংস্থা কাটাৰ এয়াৰৱেজত কেপ্তেইন হিচাবে যোগদান কৰে৷ কাটাৰ এয়াৰৱেজৰ মুখ্য কাৰ্য্যালয় থকা ৰাজধানী চহৰ ডোহাত পৰিয়ালসহ বসতি কৰিবলৈ ধৰে৷ মহাৰাষ্ট্ৰীয়ন পৰিবাৰৰ সৈতে সমীনৰ বিবাহ হয় ২০০৭চনত৷ বৰ্তমান তেওঁ এটি ৭বছৰীয়া সন্তানৰ পিতৃ৷

কাটাৰ এয়াৰৱেজত কাম কৰি তেওঁ সুখী৷ কিয়নো এই পৰিবহণ সংস্থাটোৱে সদায় নিজৰ উচ্চ মানদণ্ড আৰু নিয়ম শৃঙ্খলা বৰ্তাই ৰখাত গুৰুত্ব দিয়ে৷ এই বিমান সংস্থাৰ ডাঙৰ ডাঙৰ এয়াৰবাচ চলোৱাৰ অভিজ্ঞতা তেওঁ আৰ্জন কৰিছে৷ অলপতে সমীনে তেওঁৰ বিমান চালনৰ দহ হেজাৰ ঘণ্টা সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়৷ এজন পাইলটৰ বাবে এই লক্ষ্যত উপনীত হোৱাটো এক সন্মানিত প্ৰাপ্তি আৰু গৌৰৱময় উপলব্ধি৷ তেওঁ আশা ৰাখিছে শৰীৰ আৰু মন সুদৃঢ় থাকিলে কেইবছৰ মানৰ ভিতৰত বিমান চলোৱাৰ এক ৰেকৰ্ড সময় অতিবাহিত কৰিবলৈ সমৰ্থ হব৷

পাঠকসকলে জানি ভাল পাব সমীন হ’ল কাটাৰ এয়াৰৱেজত কৰ্মৰত একমাত্ৰ অসমীয়া পাইলট৷ কিন্তু কেবিন ক্ৰু, এয়াৰহোষ্টেজ, এয়াৰক্ৰাফ্ট মেকানিকেল ইঞ্জিনিয়াৰ আৰু গ্ৰাউণ্ড ষ্টাফ হিচাবে ডেঢ়কুৰি জনমান অসমীয়া যুৱক-যুৱতী কাটাৰত কৰ্মৰতহৈ আছে৷ সমীন চুতীয়াকে ধৰি কাটাৰ এয়াৰৱেজৰ আন আন অসমীয়া লোকসকলে সময় সুবিধা বুজি কাটাৰ অসম সমাজৰ সাংস্কৃতিক অনুষ্ঠানসমূহত ভাগলৈ আহিছে৷ কাটাৰ অসম সমাজৰ বাৰ্ষিক দ্বিভাষীক স্মৰণিকা ‘নেদেখা সোণালী সূতাৰে বন্ধা’ত নিজৰ ৰচনাৱলীও প্ৰকাশিত কৰি আহিছে৷ নিজৰ বাৰে বৰণীয়া অভিজ্ঞতাৰ সৰস বৰ্ণনা দিব জনা হাঁহিমুখীয়া সমীন অসম সমাজৰ সকলোৰে আদৰৰ পাত্ৰ৷ কেইদিনমানৰ আগতে ফেচবুকৰ পাততে পঢ়িবলৈ পাইছিলোঁ- এজন অসমীয়া বিজ্ঞানীয়ে জাৰ্মানীলৈ আন কেইজনমান ভাৰতীয়লোকৰ সৈতে এখন চেমিনাৰত ভাগ লবলৈ গৈছিল৷ তাত এবাৰ টেক্সিৰে ভ্ৰমণ কৰোতে তেখেতসকলৰ আলোচনাত টেক্সিচালকজনেও সমানে ভাগলৈ কেউজনকে আচৰিত কৰি তুলিছিল৷ নামিবৰ সময়ত গম পালে সেই চালকজন আচলতে ড্ৰাইভাৰ নহয়, তেওঁ জাৰ্মানীৰ প্ৰখ্যাত লুফথানচা এয়াৰলাইচৰ এজন পাইলটহে৷ সেইদিনাখন ড্ৰাইভাৰজন ডিউটিত নহাত ৰাইজৰ অসুবিধা নহবৰ বাবে নিজেও আজৰি থকাত টেক্সিখন চলাইছিল৷ এই কাহিনীৰ দ্বাৰা মোৰ বক্তব্য হ’ল ভ্ৰমণে মানুহৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধিশালী কৰি তোলে৷ সমীন হ’ল তাৰ এক প্ৰত্যক্ষ উদাহৰণ৷ বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ জ্ঞানৰ পৰিসৰৰ আভাস সামান্য বাৰ্তালাপতে পোৱা যায়৷

উল্লেখযোগ্য সমীনৰ পদাংক অনুসৰণ কৰি তেওঁৰ ভাতৃও এয়াৰ ইণ্ডিয়াৰ পাইলট৷ সমীনে আশা ৰাখে আৰু অধিক অসমীয়া যুৱক-যুৱতী এই দায়িত্বশীল পাইলটৰ বৃত্তিলৈ আগবাঢ়ি আহে যেন৷ লগতে তেওঁ অসম চৰকাৰক এই দিশত সহায় আৰু প্ৰয়োজনীয় দিশ নিৰ্দেশনা আগবঢ়াবলৈ অনুৰোধ জনায়৷ আমি এইজনা উদ্যমী অসমীয়া পাইলটৰ আৰু সুনাম, আৰু উন্নতি কামনা কৰিলোঁ৷ অসমীয়া নৱ প্ৰজন্মৰ বাবে সমীন চুতীয়া হওক অনুপ্ৰেৰণাৰ এক উৎস৷■■

2 thoughts on “কাটাৰত কৰ্মৰত এজন অসমীয়া পাইলটৰ পৰিচয় -ডা০ ভূপেন শইকীয়া

  • January 3, 2020 at 8:11 pm
    Permalink

    ভাল লাগিল। সমীন চুতীয়া অসমীয়া ছাত্ৰৰ কাৰণে অনুপ্ৰেৰণা হওক।

    Reply
  • January 3, 2020 at 8:15 pm
    Permalink

    সচাই অনুপ্ৰেৰণাদায়ক কাহিনী

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!