কাটাৰৰ ডায়েৰী (- ড: ভুপেন্দ্ৰ শইকীয়া)

(১) কাটাৰত পালিত ভাৰতৰ ৬৭তম স্বাধীনতা দিবসৰ এক পৰ্যালোচনা

১৫আগষ্ট’২০১৩ তাৰিখ বৃহস্পতিবাৰে ভাৰতৰ স্বাধীনতা দিবস কাটাৰৰ ৰাজধানী ডোহাত পালিত হয় । তাৰ এটি
চমু আভাস পাঠকসকলক দিব খুজিছোঁ৷ ভাৰতীয় দূতাবাসৰ সৌজন্যত মূল কাৰ্য্যসূচী পুৱা ৮-৩০বজাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগনত আৰম্ভ হয়৷ পতাকা উত্তোলন কৰে ৰাজদূত শ্ৰীসঞ্জীৱ অৰোৰাই৷ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিৰ লিখিত ভাষণ পাঠ কৰি শুনোৱা হয়৷ সভাত আন আন সকলৰ ওপৰিও ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি শ্ৰীতৰুন কুমাৰ বসুৱেও বক্তব্য দাঙি ধৰে৷ সকলো বক্তাই আমাৰ দেশৰ গৌৰৱময় অতীত আৰু স্বাধীনতাৰ বাবে সংগ্ৰামীসকলে কৰা ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে৷ কাটাৰ দেশৰ নাগৰিকসকলৰ ভাৰতৰ প্ৰতি থকা সদ্ভাৱৰ কথাও প্ৰসংগক্ৰমে উল্লেখিত হয়৷ নতুনকৈ কাৰ্য্যভাৰ গ্ৰহন কৰা কাটাৰৰ আমীৰ শ্বেখ টামিম বিন হামাদ অল থানিয়ে ভাৰতবাসী আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ আগদিনায়ে স্বাধীনতা দিবস উপলক্ষে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰাৰ কথা ইয়াত সকলোৰে জ্ঞাত৷

স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি এক মনোৰম সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় ২৩মাৰ্চ শুকুৰবাৰে সন্ধিয়া ৬-৩০ পৰা ৯-৩০লৈ ডোহাৰ চৌক ৱাকিফৰ অল-ৰায়ান থিয়েটাৰত৷ অনুষ্ঠানৰ আৰম্ভণিতেই চি বি এচ ইৰ পৰীক্ষাত ভাল ফলাফল দেখোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷ সংগীতানুষ্ঠানৰ আগতে ভাগ লোৱা দল সমূহক এটিকৈ স্মাৰক আৰু এখনিকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ এখনি ৰঙীন
স্মৰনিকাৰো এই সন্ধিয়াতেই উন্মোচন কৰা হয়৷

ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ অধীনতবৰ্তমান সৰ্বমুঠ ৮৬টা স্বীকৃতিপ্ৰাপ্ত গোট আছে৷ তাৰে কেবল
দহটা মাত্ৰ গোটক সাস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ বাচি বাচি নিমন্ত্ৰণ জনোৱা হৈছিল৷ ইয়াৰ বাহিৰে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নিজা সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ডোহাৰ ভাৱন পাব্লিক স্কুলৰ বিদ্যাৰ্থীসকলক অনুষ্ঠান পৰিবেশন কৰিবলৈ অনুমতি দিয়া হৈছিল৷ সেই অনুসৰি বংগ, উৰিষ্যা, কৰ্ণাটক, কেৰেলা, তামিল,তেলেগু,গুজৰাট সকলোৱে নিজা প্ৰান্তৰ একোটাকৈ সুন্দৰ নৃত্যনাটিকা বা আন মনোমোহা দেশপ্ৰেমমূলক অনুষ্ঠান উপস্থিত তিনি হাজাৰৰো অধিক দৰ্শকৰ আগত দাঙি ধৰি সকলোকে মন্ত্ৰমুগ্দ্ধ কৰি ৰাখে৷ অত্যন্ত পৰিতাপৰ কথা বিভিন্ন অসুবিধাৰ হেতু অসম সমাজৰ পৰা কোনো শিল্পী এই অনুষ্ঠানত ভাগ লবলৈ আগবাঢ়ি নাহিল৷ বৰ্তমান স্কুলবিলাকৰ গৰমৰ বন্ধ চলি থকাত কিছুসংখ্যক আমাৰ শিল্পীয়ে কাটাৰৰ পৰা নিজা জনমভূমিলৈ যোৱাটোও সত্য৷ তথাপিও আগ্ৰহ কৰিলে, সুসমন্বয়ৰ অভাৱ নোহোৱা হলে বৰ্তমানৰ থকাখিনিৰ দ্বাৰাই এটি অসমৰ পৰিচয় থকা এক সংগীতানুষ্ঠান দাঙি ধৰিব পৰা গ’লহেতেন৷ অনুষ্ঠান উপভোগ কৰিব যোৱা আমি মাত্ৰ তিনি অসমীয়াই এফালে অনুষ্ঠানৰ বিচিত্ৰতাত মুগ্দ্ধ হৈছোঁ, আনফালে অসমৰ ‘ৱাক অভাৰ’ৰ বাবে গোটেই সময়খিনি উচপিচাই থাকিলোঁ৷

(২) প্ৰবাসী ভাৰতীয়ৰ মাজত এমুঠি অসমীয়াৰ মনোবেদনা


আজিৰ এই লিখনিৰ মাধ্যমেৰে সমূহ অসমবাসী অনুস্থান প্ৰতিস্থানলৈ এটি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ – অহা নভেম্বৰ মাহৰ ২৮আৰু ২৯তাৰিখে কাটাৰৰ ৰাজধানী চহৰ ডোহাত ভাৰতীয় দূতাবাসৰ সৌজন্যত
আডম্বৰপূৰ্ণভাবে “ইণ্ডিয়া ফেষ্টিভেল” পাতিবলৈ ঠিৰাং কৰা হৈছে৷ ইয়াৰ বাবে এই বছৰ স্থান বাচনি কৰা হৈছে পাৰস্য সাগৰৰ পাৰত অৱস্থিত মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ সুবিশাল পাৰ্কত৷ অনুমান কৰা মতে ইয়াত এশখনৰো অধিক ষ্টল থাকিব৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ অধীন ইয়াৰ স্বীকৃতি প্ৰাপ্ত ৮৬টা গোটকো ভাগ লবলৈ আমন্ত্ৰণ জনোৱা হৈছে৷ প্ৰতিটো অংশগ্ৰহনকাৰী গোটে ষ্টলৰ বাবদ সামান্য এটা মাচুল দিব লাগিব৷ খোৱা সামগ্ৰী বিক্ৰীৰ বাবে পৃথককৈ ফুডষ্টল থাকিব- গতিকে আন ষ্টলত খাদ্য বস্তু বনাই বিক্ৰী কৰিব নোৱাৰিব৷ কিন্তু প্ৰদৰ্শনীৰ বাবে সজাই ৰখা সকলো সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ অসম আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল কুটিৰ শিল্পজাত সামগ্ৰীৰে ভৰা৷ অনেক আত্মসহায়ক গোটে এই ক্ষেত্ৰত কৰ্মৰতহৈ আছে৷ চৰকাৰী,অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান আৰ্টফেড,নেফডিহাট ইত্যাদিও আছে৷ এই সকলৰ উৎপাদিত বাঁহ-বেঁতৰ সামগ্ৰী, নানাবিধ ড্ৰইংৰুমত সজোৱা সৰু-সুৰা সামগ্ৰী যেনে কাঠৰ বনোৱা গঁড়,শৰাই,জীৱ-জন্তু আদি, নানা ধৰনৰ কাপোৰ যেনে গামোছা,ৰুমাল,চাদৰ,গাৰু গিলিপ, কুৰতা-পায়জামা,খাদীবস্ত্ৰ ইত্যাদি এই প্ৰদৰ্শনীস্থলীত ৰাখিব পাৰিব৷ পেকেট কৰি ৰখা অসমৰ চাহপাত, মাঁহ-কৰাই, পিঠা,লস্কৰা আদিও বিক্ৰী কৰিব পৰা যাব৷দুদিনীয়া এই উৎসৱলৈ কাটাৰ কৰ্মৰত বিশ্বৰ বিভিন্ন দেশৰ লোক আহিব৷ তদুপৰি কাটাৰী আৰু আন আৰবী লোকসকলৰ এনে উৎসৱত উপস্থিত হবলৈ সদা তৎপৰ হৈ থাকে৷ যি কোনো বস্তু ক্ৰয়ৰ ক্ষেত্ৰত আৰবী লোকসকলে মূল্যতকৈ বস্তুৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়ে৷ ইয়াৰ ব্যৱসায়ী লোকসকলৰ দৃষ্টি কাটাৰীসকল ভাল ক্ৰেতা৷ পইচাৰ কোনো আকাল নাই, মাত্ৰ বস্তু পচন্দ হব লাগে৷ আমাৰ গামোছা আৰু আন আন সামগ্ৰীয়ে কেবল কাটাৰীৰে নহয় বিশ্বৰ আন লোককো মুহিব পাৰিব বুলি মোৰ বিশ্বাস৷ গতিকে এই উৎসৱত ভাগ লবলৈ যদি কোনোবা অসমৰ প্ৰতিস্থানে ইচ্ছা কৰে তেনেহলে তেওঁলোকে অনতি পলমে যেন যোগাযোগ কৰে৷ ফে’চবুকৰ ‘কাটাৰ অসম সমাজ’ত আৰু তথ্য লাভ কৰিব পাৰিব৷ [email protected] ই-মেইলযোগে
সম্পৰ্ক সাধিব পাৰে৷ ভাৰতীয় দূতাবাসে কাটাৰৰ ভিছা পাবলৈ প্ৰয়োজন হোৱা নথিপত্ৰ যোগান ধৰি সহায় কৰিব৷ বিক্ৰী সামগ্ৰীৰ ওপৰত কাকো ক’তো একো কৰ-কাটল দিব নালাগে৷ মাথো ষ্টলৰ ভাড়াৰ এটা অংশ দিলেই হব৷ মোৰ এই গোহাৰি ফলপ্ৰসু হলে ধন্য হম৷ দুয়োটা দিনেই প্ৰদৰ্শনস্থলীত সাস্কৃতিক অনুস্থানো চলি থাকিব – গতিকে প্ৰদৰ্শনীত ভাগ লবলৈ ইচ্ছুক সকলৰ মাজত যদি কোনো শিল্পীও থাকে আৰু ভাল কথা৷
কাটাৰত চৰকাৰী বন্ধৰ দিন শুকুৰবাৰ ৷ গতিকে ২৯নভেম্বৰ শুকুৰবাৰৰ দিনা অত্যধিক দৰ্শকৰ নিশ্চয় সমাগম ঘটিব৷
এতিয়া পাঠকসকলৰ জানিবৰ মন যাব ভাৰতবৰ্ষৰ আন আন প্ৰদেশৰ গোটসকলেনো এই বিষয়ে কি কৰিছে,কি ভাবিছে৷ তেওঁলোকে নিজ নিজ ঠাইৰ হেণ্ডলুমৰ সামগ্ৰী ইতিমধ্যেই সংগ্ৰহ কৰাত তৎপৰ হৈ পৰিলেই৷
কোন কোন কেতিয়া ঘৰলৈ যাব আৰু কাৰ ঘৰৰ পৰা কোন কেতিয়া আহিব, দেশৰ পৰা কোনে কি সামগ্ৰী আনিব সকলোৰে তালিকা বনাই আঁচনি কৰাত লাগি গৈছে৷ অৱশ্যে তেওঁলোকৰ সুবিধা সংখ্যাগত দিশৰ পৰা৷
কাটাৰ দেশত আমাৰ অসমীয়াৰ সংখ্যা এতিয়ালৈকে অৱগত হোৱা মতে ছয়কুৰিৰ অধিক নহব৷ তাৰে সকলোৱে আজিলৈকে কাটাৰ অসম সমাজৰ সদস্যভুক্তই হোৱা নাই৷ মাহেকে,দুমাহে শুকুৰবৰীয়া বন্ধৰ দিনত আয়োজন
কৰা বৈঠকত কোনোমতে কুৰিজনে ভাগ লবলৈ সময় ওলিয়াব পাৰে-গতিকে আমাৰ সমাজৰ সক্ৰিয় কৰ্মকৰ্তাসকলে কি কঠিন পৰিস্থিতত মাজত নিজৰ জাতিগত পৰিচয় বৰ্তাই ৰাখিবলৈ স্ংগ্ৰাম কৰিবলগীয়া হৈছে সি সহজেই অনুমেয় ! নিৰাশাৰ মাজতো আশাৰ বতৰা এয়েযে আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান কাটাৰ অসম সমাজৰ সদস্য এক সজ প্ৰচেষ্টালৈ আগবাঢ়ি আহিছে৷ইণ্ডিয়া ফেষ্টিভেলৰ আগে আগে এখনি দ্বিভাষিক (অসমীয়া আৰু ইংৰাজী) স্মৰণিকা প্ৰকাশিত কৰাৰ কাম হাতত লৈছে৷ তাত সন্নিবিষ্ট হব প্ৰবাসী অসমীয়াৰ নাম-ঠিকনা, অভিজ্ঞতাৰ বিৱৰণ, ৰঙালী বিহু উপলক্ষে অঁকা শিশুৰ চিত্ৰাংকন সমূহৰ ফটো, অসমীয়া যুৱকৰ সফলতাৰ কাহিনী, বিদেশত চাকৰি লাভ কৰাৰ কৰাৰ বাবে জানিবলগীয়া লাগতিয়াল কথা আদি সময়োপযোগী ৰচনাৱলী, ভাৰতীয় দূতাবাসৰ ৰাজদূতৰ বাণী, অসমৰ ৰাজ্যপালৰ বাণী আৰু কাটাৰ দেশ সম্পৰ্কে কিছু লাগতিয়াল তথ্যৰ বিবৰণ৷ অসমবাসীয়ে যেন এই প্ৰচেষ্টা সুন্দৰভাবে ৰূপায়িত হবলৈ আশীষ প্ৰদান কৰে যেন !
আজিলৈ কাটাৰৰ ডায়েৰী ইমানেই৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!