কাটাৰৰ ডায়েৰী – ১৩ (ডা০ ভূপেন শইকীয়া)

কাটাৰৰ ডায়েৰী – ১৩
(ডা০ ভূপেন শইকীয়া)

আজি কাটাৰৰ ডায়েৰী লিখিবলৈ লৈ মই থমকি ৰবলগীয়া হৈছে৷ মন বিষাদেৰে ভৰি পৰিছে৷ যোৱাকালি ড’হাত সংঘটিত এক ভয়াবহ দূৰ্ঘটনাই এই সৰু দেশখনত থকা দেশী-বিদেশী প্ৰতিজন লোকৰ অন্তৰ বেদনাক্লিষ্ট কৰি তুলিছে৷ দেশখনৰ ইতিহাসত সৰ্ববৃহৎ এক ভয়ংকৰ অগ্নিকাণ্ডত ১৪জন শিশুসহ আন ৬জনক ধৰি মুঠ ২০জনৰ প্ৰাণহানি হয়৷ কমেও ১৭জন আন অগ্নিদগ্দ্ধৰ ১৩জনক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়৷ মৃতসকলৰ ভিতৰত ৭জনী ছোৱালী, ৭জন ল’ৰা, ৪গৰাকী শিক্ষয়ত্ৰী আৰু দুজন অগ্নিনিৰ্বাপক বাহিনীৰ লোক৷ শিক্ষয়ত্ৰী কেউগৰাকী ফিলিপাইনৰ- তাৰে ৩গৰাকী কাটাৰলৈ নতুনকৈ অহা৷ মেহমুদ নামৰ ২৭বছৰীয়া পেলেষ্টাইনী অগ্নিনিৰ্বাপক বাহিনীত কাম কৰা যুৱকজনে দুটি শিশুক উদ্ধাৰ কৰাৰ পিছত পুনৰ অগ্নিস্থলীলৈ গৈ আৰু ঘূৰি নাহিল৷ আনজন মৰেক্কোৰ ২২বছৰীয়া সাহসী যুৱক হাউচাম চাহবুনে সহায় কাৰ্যত লাগি থাকোতেই কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়৷ আন এগৰাকী শিক্ষয়ত্ৰীৰ সেইদিনা ডিউটি নথকাত জীৱন ৰক্ষা পৰে৷

প্ৰয়াত দূৰ্ভগীয়ালোক সকলোৱেই আছিল প্ৰবাসী৷ তেওঁলোক স্পেইন, ফ্ৰান্স, নিউজিলেণ্ড, জাপান, ফিলিপাইন, জৰ্ডান, ইজিপ্ত, দক্ষিণ আফ্ৰিকা আৰু পশ্চিম আফ্ৰিকাৰ দেশ বেনিনৰ নাগৰিক৷ নিহত এটি ৩বছৰীয়া শিশু হ’ল ফ্ৰান্সৰ৷ স্পেইনৰ নিহত ৪জনৰ ভিতৰত একেটা পৰিয়ালৰে তিনিজনলোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো হৃদয় বিদাৰক৷ নিউজিলেণ্ডৰ তিনিটিও একে পৰিয়ালৰ৷ শিশুসকল ১৫ মাহৰ পৰা ৩-৪বছৰ বয়সৰ৷ তেওঁলোক আছিল “জিম্পাঞ্জী ডে-কেয়াৰ চেন্টাৰ আৰু নাৰ্চাৰীৰ” তত্বাবধানত৷ শিশুসকলৰ অভিভাৱকসকল চাকৰিয়াল হেতুকে এই অনুস্থানত ক্ৰেচিৰ সুবিধাতো তেওঁলোকে গ্ৰহণ কৰিছিল৷ অনুস্থানটো ভিতৰত আহল-বহল যদিও একমাত্ৰ প্ৰবেশ পথটো যথেষ্ট সংকীৰ্ণ আছিল আৰু নাছিল কোনো জৰুৰীকালীন নিষ্কাষন পথ (Emergency Exit Door)৷ তদুপৰি ই আছিল ভিল্লাজিয়োৰ (Villaggio) প্ৰথম মহলাত অৱস্থিত৷ ভিল্লাজিয়ো হ’ল এক প্ৰকাণ্ড চুপাৰ মাৰ্কেটৰ সমষ্টি৷ বিশাল অঞ্চল আগুৰি থকা ভিলাজিয়োৰ ঘৰবোৰ এমহলীয়া বা দুমহলীয়া৷ ইয়াৰ পৰা কাটাৰৰ সৰ্বোচ্চ ভৱন “টৰ্চ হোটেললৈ” দূৰত্ব এক কিলোমিটাৰৰো কম৷

অভিশপ্ত দিন ২৮মেৰ দুপৰীয়া ১১বজাত নাৰ্চাৰীৰ ভিতৰত জুই লাগিল৷ কাৰণটো জনা নাযায়৷ ফায়াৰ এলাৰ্ম বাজিছিল নে বজা নাছিল সঠিককৈ কোনেও কব নোৱাৰিলেও ভিলাজিয়োত জুই লগা কথাটো কেইমিনিটমানৰ ভিতৰতে জনাজাত হৈ যায় আৰু আধাঘন্টাৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনী, পুলিচ, প্ৰশাসনৰ লোক, চিকিৎসা বাহিনীৰ লোক উদ্ধাৰ কাৰ্য্যত তৎপৰ হৈ পৰে৷ হামাড হস্পিতেলৰ পৰা এয়াৰ এম্বুলেঞ্চো আহি পায়হি ৷ ১৮০জন লোক এই উদ্ধাৰ কাৰ্য্যত জড়িত হৈ পৰে৷ ইমানখিনি তৎপৰতা সত্বেও ভিলাজিয়োৰ চৌদিশে ধোঁৱা, গেছ আৰু জুই বিয়পি পৰে৷ ওপৰমহলালৈ যোৱাটো কঠিন হৈ পৰাত চিলিং ভাঙি উদ্ধাৰৰ চেষ্টা চলোৱা হয়৷ কিন্তু ইতিমধ্যে যথেষ্ট পলম হৈছিল৷ কাটাৰ চৰকাৰৰ গৃহমন্ত্ৰী আৰু্ স্বাস্থ্যমন্ত্ৰীয়ে জৰুৰী সাংবাদিক মেল পাতি শোক ব্যক্ত কৰিলে আৰু তদন্ত কমিটি গঠন কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰিলে৷ আজি দেশৰ বিভিন্ন ঠাইত শোক প্ৰাৰ্থনাৰ আযোজন কৰা হৈছে৷ ভিল্লাজিয়ো শ্বপিংমল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰা হৈছে৷ কুৰিটা মূল্যবান জীৱন হানিৰ উপৰিও অগ্নিকাণ্ডই বহু কোটি টকাৰ সম্পত্তিৰ ক্ষতি সাধন কৰিলে৷ শ্বপিংমলৰ আবদ্ধ কোঠাৰ ভিতৰত নাৰ্চাৰী স্কুল খোলাৰ অনুমতি দিয়াৰ বাবে মিউনিচিপেলিটি আৰু টাউন প্লেনিং বিভাগক জগৰীয়া কৰি সৰ্বত্ৰ আলোচনা চলিছে৷ এক নিৰপেক্ষ তদন্তই হয়তো আচল কেৰোণটো বিচাৰি উলিওৱাত সহায়ক হব৷

পাঠক সকলে দোষ নধৰিব – এইবাৰ আন এটি বিষয়লৈ কলম ঘূৰাব খুজিছোঁ৷ এডভেঞ্চাৰৰ কাহিনী৷ ৫০বছৰীয়া এলেইন ৰবাৰ্টৰ কাহিনী আমাৰ গোটৰ বহুতে হয়তো শুনিছে৷ “ফ্ৰেঞ্চ স্পাইডাৰমেন” নামেৰে জনাজাত এই লোকজনে বিশ্বৰ বিভিন্ন সুউচ্চ ভৱন একো সহায় নোলোৱাকৈ সুদা হাতেৰে বগাই নানান ৰেকৰ্ড গঢ়ি বিশ্বৰ জনতাক স্তম্ভিত কৰি তুলিছে৷ ৭বছৰ বয়সৰ পৰাই এনে এটা আচৰিত চখ প্ৰতিপালিত কৰা এলেইন ৰবাৰ্টে এতিয়ালৈকে পৃথিবীৰ নানা ঠাইত ১২০টা উচ্চ ভবনত আৰোহণ কৰিছে৷ তেওঁ যোৱা বছৰ ৬ঘন্টা ১৫মিনিটত সংযুক্ত আৰব আমীৰাটৰ ডুবাইতস্থিত বিশ্বৰ সৰ্বোচ্চ টাৱাৰ বগাবলৈ সক্ষম হৈছিল৷ ইয়াৰ বাহিৰে অষ্ট্ৰেলিয়াৰ চিডনিৰ ৫৭মহলীয়া ল্যুমিয়েৰি স্কাইস্কেপাৰ (২০১০চনত), নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিং, ছিকাগোৰ ৱিলচ টাৱাৰ, কুৱালালামপুৰৰ পেট্ৰনাচ টাৱাৰ আদি হাজাৰ হাজাৰ জনতাৰ আগত বগাই দেখুৱাই দৰ্শকক ৰোমাঞ্চিত কৰি আহিছে৷ ২০০৮চনত ড’হাৰ পঞ্চতাৰকা লা-চিগেল হোটেল বগাইছিলহি৷ এইবাৰ যোৱা ১২এপ্ৰিলৰ আবেলি ৭০০০হেজাৰ দৰ্শকৰ আগত ড’হাৰ টৰ্চ হোটেল এঘন্টা ৩৪মিনিটত বগাই দেখুৱালেহি৷ ২০০৬চনত কাটাৰত হোৱা এচিয়ান গেমচৰ সময়ত অলিম্পিক টৰ্চৰ আৰ্হিত নিৰ্মিত এই ৫২মহলীয়া ৯৮৫ফুট (৩০০মিটাৰ) উচ্চতাৰ ভৱনটো মুকলি কৰা হৈছিল৷ টৰ্চ টাৱাৰ বগাবৰ দিনা আছিল প্ৰবল বতাহ আৰু বতাহত ধূলিকণা – তেনে প্ৰতিকুল পৰিস্থিতিৰ মাজতো এক জটিল কাৰ্য্যক সম্ভৱপৰ কৰি তুলিছিল এই ফ্ৰেঞ্চস্পাইডাৰমেনে৷ ইয়াৰ ওপৰি আধাখিনি বগোৱাৰ পিছত তললৈ চাই এখন হাতেৰে দৰ্শকক অভিবাদনো জনাইছিল৷ তেওঁৰ লগত অহা এটি দলে বৰ্তমান তেওঁৰ জীৱনৰ ওপৰত এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে৷ কাটাৰৰ সৰ্বোচ্চ টাৱাৰটো কম সময়ত বগোৱাৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচৰ ফালৰ পৰাও এলেইন ৰবাৰ্টক সন্মানিত কৰা হয়৷ এক সাক্ষাৎকাৰত তেওঁ জনায় যে প্ৰতিটো এনে দূ:সাহসিক কাৰ্য্য সম্পন্ন কৰাৰ পিছত পুনৰ জনম লভা যেন উপলব্ধি কৰে৷

(ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!