কাটাৰৰ ডায়েৰী – ১ (ডা ভূপেন্দ্ৰ শ‍ইকীয়া)

২৫৷১১৷২০১১ শুকুৰবাৰ

সন্ধিয়া সমুদ্ৰতীৰত ফুৰিব ওলালো – ঠাইডোখৰ ‘কৰনিচ’ নামেৰে জনাজাত ৷অতি মোহনীয় সেই ঠাইডোখৰত শ্বেৰাটনকে ধৰি কেইবাখনো ফাইভ ষ্টাৰ হোটেল আছে৷তাত থকা বেলেগ-বেলেগ ডিজাইনৰ সুউচ্চ আধুনিক বিল্ডিংবিলাকে ডোহাৰ শোভা আৰু মৰ্য্যাদা বঢ়াইছে৷আৰু আছে তাত কেইবাখনো সুন্দৰ ফুলনিৰ বাগিচা৷আগতেও কেইবাবাৰো কৰনিচলৈ গৈছো৷সাগৰৰ পাৰৰ মুকলি বতাহে দেহ-মন শীতল কৰি তোলে৷

মই থকা অল-চাদ নামৰ ঠাইৰ পৰা সাগৰৰ পাৰলৈ দূৰত্ব পাঁচ কিলোমিটাৰ হব৷আকাশী নীলা বৰণৰ ‘কাৰঁৱা’ পৰিবহন সংস্থাৰ টেক্সী এখন ৰখালো৷কিছুমান নিৰ্দিষ্ট পথত কাৰঁৱাৰ চিটিবাচো চলে৷বাচৰ ভাড়া অলপতে বাঢ়িল- ফলত ই মিতব্যয়ী হৈ থকা নাই৷কাৰঁৱাৰ টেক্সীচালক সকল ঘাইকৈ ভাৰতৰ অৰ্থাৎ কেৰেলাৰ,বাংলাদেশ,নেপাল,পাকিস্তান,আফগানীস্তান নাইবা আফ্ৰিকা মহাদেশৰ কোনো এখন দেশৰ৷এওঁলোকে ৮ঘন্টাৰ শ্বিফ্টত দিনটোৱেই সেৱা আগঢ়বঢ়ায়৷তথাপিও ডোহাৰ পৰিবহণ ব্যৱস্থাৰ বাবে ইয়াক যথেষ্ট বুলিব নোৱাৰি৷ বৰ্তমান টেক্সীৰ ন্যুনতম ভাড়া দহ ৰিয়াল৷প্ৰায়বিলাক টেক্সীচালকেই মিটাৰমতে ছপা ৰচিদ যাত্ৰীক দিয়ে- কিন্ত ইয়াৰ ব্যতিক্ৰমো পাইছো৷ইয়াত কাৰঁৱাৰ বাহিৰে কিছু সংখ্যক অইন প্ৰাইভেট টেক্সীও আছে৷

ইয়াৰ মুদ্ৰাক কাটাৰী ৰিয়াল বোলে৷এক ৰিয়াল ভাৰতীয় ১৪ টকাৰ সমান৷শুনিবলৈ পোৱা মতে ১৯৭৫ চন মানলৈকে কাটাৰত ভাৰতীয় নোটৰেই প্ৰচলন আছিল৷

সমুদ্ৰতীৰত উপস্থিতহৈ দেখিবলৈ পালো – অনেক মানুহ, এক উৎসৱমুখৰ পৰিবেশ৷চাহ,কফি,কল্ডড্ৰিংকচ,পপকৰ্ণৰ ঘুমটিত ঠাহখোৱা ভীৰ৷ফেৰীৱালাই (অধিকাংশই ভাৰতীয়) সৰু লৰা-ছোৱালীৰ ইলেক্ট্ৰনিক খেলা সামগ্ৰী বিক্ৰী কৰি ফুৰিছে৷বিস্তৃৰ্ণ সেউজ ঘাঁহনিত জুমবান্ধি মানুহে পিকনিক খাইছে, কোনোবা ব্যস্ত খেলা-ধুলাত নাইবা ফটো তোলাত৷ইমান সমাগম সত্বেও ঘাঁহনিত এখিলা কাগজ,এটা চিগাৰেটৰ টুকুৰা, কল্ডড্ৰিংকচৰ এটা খালি পেকেট পৰি থকা দেখা নাপালো৷শুকুৰবাৰ আৰু অইন বন্ধৰ দিনত সমুদ্ৰতীৰৰ এটা অংশ মহিলা আৰু পৰিয়ালৰবাবে সংৰক্ষিত থাকে৷

সাগৰত নৌকা ভ্ৰমণৰ সুবিধাও আছে ৷মটৰচালিত নাওবিলাক ৰঙ বিৰঙৰ পাতাকাৰে সজোৱা ৷কুৰিজনমানকৈ বহিব পৰা এই নৌকাবিলাকৰ মজিয়াত ইৰাণী কাৰ্পেট পৰা, বহা চিট বিলাক আৰামদায়ক৷সমুদ্ৰত প্ৰায় এঘন্টা ঘূৰাই দিয়াৰ বাবদ ১৫ ৰিয়াল লয়৷মই উঠা নৌকাখনৰ পৰিচালক এজন বাংলাদেশী আছিল৷মই বাংলাভাষাৰে কথাবতৰা হোৱাত মোৰ ভাড়া দহ ৰিয়াল ললে৷প্ৰতেকখন নৌকাতেই হিন্দী চিনেমাৰ গান বাজি আছিল৷

ডোহাৰ  চিনেমাহলত মাজে মাজে হিন্দী চিনেমা চলে৷মইহে চোৱাৰ সুবিধা পোৱা নাই৷

কৰনিচৰ পাৰ্কসমূহ বিভিন্ন শুৱনি ফুলেৰে জাতিষ্কাৰ৷ফুলনিত (খজুৰ,তাল,নিম,কৰবী,জবাফুল আদিৰ ভালে সংখ্যক গছো আছে৷সাগৰৰ তীৰত আৰু ফুলনিত দুঘন্টাৰো অধিক সময় অতিবাহিত কৰি এক সতেজ ফৰকাল মনলৈ ঘৰমুৱা হলো৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!