কাটাৰৰ ডায়েৰী : কাটাৰৰ অসমীয়া সমাজৰ চমু ইতিবৃত্ত (ডা° ভূপেন শইকীয়া)

ৱেম্বৰৰ শেষ দিনটোত সন্ধিয়া পৰত এজাক বৰষুণ আহিল৷ কাটাৰত যোৱা ছমাহৰ মূৰত এসপ্তাহৰ আগতেও ঠায়ে ঠায়ে কিনকিনিয়া বৰষুণ হৈছিল৷ এইবাৰৰ বৰষুণ পিছে গাড়ীৰ ৱাইপাৰ চলাবলগীয়া বৰষুণ৷ লগে লগে ডিচেম্বৰ মাহৰ শীতৰো কাটাৰলৈ আগমণ ঘটিল৷ বতৰৰ তাপমান সৰ্বনিম্ন ১৪ ডিগ্ৰী  চেলচিয়াচ আৰু সৰ্বোচ্চ ২৪ ডিগ্ৰী চেলচিয়াচৰ মাজত দোদুল্যমান লৈ ধৰিলে৷ ঘৰবিলাকত   চিৰ সলনি  গৰম পানীৰ গিজাৰৰ চুইচ অন কৰিবলগীয়া হৈছে৷ গৰমকোট, চুৱেটাৰ আলমাৰীৰ পৰা বিচাৰি ওলিয়াই পিন্ধিব লগীয়া হৈছে৷ দোকানবজাৰবিলাকত শীতকালী বস্ত্ৰৰ আকৰ্ষণীয় প্ৰদৰ্শনী অঘোষিত প্ৰতিযোগিতাহে যেন আৰম্ভ হৈছে৷ 

যোৱা ২৮ ৱেম্বৰ শুকুৰবাৰে ডোহাৰ গ্ৰেণ্ড কাটাৰ পেলেচ হোটেলত কাটাৰ অসম সমাজৰ এখনি  প্ৰীতি সন্মিলনৰ আয়োজন হৈছিল৷ উপলক্ষ আছিল দীপাৱলী৷ পুৰণি সদস্যৰ সমিলমিলত এক আকৰ্ষণীয়  সংগীত সন্ধিয়া  সমবেত ৰাইজে উপভোগ কৰে, য’ আছিল বৰগীত, হিন্দী আৰু অসমীয়া আধুনিক গীত,  ভূপেন্দ্ৰ সংগীত, ভাৰত নাট্যম, সুৰসমলয়, কৌতুক, আধুনিক নৃত্য ইত্যাদিৰ সমাহাৰ৷ অনুষ্ঠানত আমাৰ সকলোৰে অতিথি অসমৰ ডিবৰুৰ পৰা অহা হিপজুৰ ৰহমানৰ পিতৃমাতৃক সম্বৰ্ধনা জনোৱা হয় ৷

কাটাৰ অসম সমাজৰ পৰৱৰ্তী কাৰ্যসূচী ২৪ জানুৱাৰী শণিবাৰে অল ৱাক্ৰা পাৰ্কত ভোগালী বিহু  উপলক্ষে খেলধেমালি, ৰঙৰহইছ আৰু প্ৰীতি ভোজৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ কাটাৰ অসম সমাজৰ দ্বিভাষিক বাৰ্ষিক স্মৰণিকা নেদেখা সোণালী সূতাৰে বন্ধা কামো ভিতৰি ভিতৰি চলি আছে৷ কাটাৰ অসম সমাজৰ সদস্যসকলৰ পৰিও অসমৰ, ভাৰতৰ আৰু দেশবিদেশৰ নানা ঠাইত কৰ্মৰত অসমীয়া লোকৰ লেৰে এই সংখ্যা সমৃদ্ধিশালী বুলি  আশা কৰা হৈছে৷ ইতিমধ্যে অসমৰ মাননীয় ৰাজ্যপাল জানকীবল্লভ পটনায়ক আৰু কাটাৰত ভাৰতীয় ৰাজদূত শ্ৰীসঞ্জীৱ অৰোৰাৰ শুভেচ্ছাবাণী আমাৰ হাতত আহি পৰিছেহি৷ দুয়োজনেই  বিগত সংখ্যাৰ আলোচনীৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে কাটাৰ অসম সমাজৰ ত্তৰোত্তৰ উন্নতি কামনা কৰি বাৰ্তা পঠাইছে৷  আমাৰ অসম সমাজৰ বাবে উদগণিমূলক ভাল খবৰ এটি এইয়ে যে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ (Indian Cultural Center ) সদ্যগঠিত ১২ জনীয়া নতুন মেনেজিং কমিটিলৈ কাটাৰ অসম সমাজৰ পৰাও এজন সদস্যক নিৰ্বাচিত কৰা হৈছে৷ ১৩০টাকৈয়ো অধিক মান্যতাপ্ৰাপ্ত গোটৰ ভিতৰৰ পৰা আমাৰ সমাজ  মাননীয় ৰাজদূত আৰু ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বীৰ চকুত পৰাটো এক লক্ষনীয় বিষয়৷ শেহতীয়া খবৰমতে কাটাৰত প্ৰথম বাৰৰ বাবে ভাৰতীয় সাস্কৃতিক কেন্দ্ৰত উত্তৰপূৰ্বাঞ্চলৰ অসমীয়া সমাজৰ সদস্য সকলৰ মাজৰ পৰা  পলাশ দাসক ১২জনীয়া কাৰ্যকৰী কমিটীলৈ বাছনি কৰি হেল্‌থ  চেফ্টি  আৰু এনভাইৰনমেণ্ট মুখ্য  বিষয়াৰ দায়িত্বভাৰ অৰ্পণ কৰে 

 অসমৰ পৰা কাটাৰলৈ কেতিয়াৰ পৰা আমাৰ অসমীয়া মানুহৰ আগমণ আৰম্ভ  বিষয়টো অনুসন্ধান ৰোঁতে অৱগত হোৱা তথ্যসমূহ চমুকৈ তলত উল্লেখ কৰিলোঁ

 ১৯৭০ৰ পৰা আৰম্ভ হোৱা দশকটোতে প্ৰথম অসমীয়াজনৰ ব্যৱসায়জনিত কামত কাটাৰত পদাৰ্পণ ঘটে৷ অনুসন্ধিসু পাঠকসকলক তেওঁৰ পৰিচয় অৱগত হোৱাৰ লগে লগেই জনাম বুলি কথা দিছোঁ৷ সেই সময়ত  কাটাৰ ভাৰতীয় টকাৰ প্ৰচলন আছিল৷

ইয়াৰ পিছত আমাৰ হাতত পৰা তথ্যমতে ১৯৮৮ চনত হোজাইৰ মহম্মদ ইব্ৰাহিম লী আৰু  চিলচৰৰ  ৰুহুল আমিন মজুমদাৰ  পোনতে চাকৰি কৰিবলৈ কাটাৰলৈ আহে সময় যোৱাৰ লগে লগে  দুয়োজনে নিজাকৈ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি নিজকে প্ৰতিষ্ঠিত কৰে৷ দুয়োজনেই কাটাৰ অসম সমাজৰ সদস্য তালিকাভুক্ত সন্মানিত ব্যক্তি৷

ইয়াৰ পিছত ১৯৯৪ চনত যোগ হয় কাটাৰত আজমল পাৰফিউমচ প্ৰবেশ৷ ১৯৫১ চনত হোজাইৰ হাজী আজমল আলিয়ে ভাৰতৰ বোম্বাই চহৰত আগৰৰ ব্যৱসায় আৰম্ভ কৰে৷ ২০১০ চনত তেওঁ প্ৰয়াত হোৱাত তেওঁৰ পাঁচ পুত্ৰই ব্যৱসায়ক আগুৱাই নিয়ে৷ পুত্ৰসকল  আমীৰউদ্দিন আজমল, ফকৰউদ্দিন  আজমল, মৌলানা বদৰুদ্দিন আজমল, ছিৰাজউদ্দিন আজমল আৰু নাজিৰ আজমল৷ সত্তৰৰ দশকতেআজমল পাৰফিউমচ গাল্ফলৈ আগমন ঘটে পোনতে ডুবাইত৷ ১৯৯৪ চনত ডোহাৰ তেতিয়াৰ চৌকঅলআহমেড  বজাৰত আজমল পাৰফিউমচৰ প্ৰথমখন শ্বৰুম মুকলি হয়৷ তেতিয়াৰ পৰা আজমল পাৰফিউমচে কাটাৰত ক্ৰমে ক্ৰমে প্ৰসিদ্ধি লভিবলৈ ধৰে আৰু আজি কাটাৰত কুৰি বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত এই ক্ষুদ্ৰ দেশখনত শ্বৰুমৰ সংখ্যা  ২০খন৷ উল্লেখযোগ্যযে আজমল পাৰফিউমচৰ বিভিন্ন প্ৰতিষ্ঠানত বিভিন্ন ভাৰতীয়ৰ লগতে অনেকজন অসমীয়াৰো নিয়োগ হয়৷ অসমতো নানাজন লোক বা  ভালকেইটা পৰিয়াল আগৰ ইণ্ডাষ্ট্ৰিৰ সৈতে  জড়িত হৈ পৰে৷

বাটকতিয়া আজমল পাৰফিউমচৰ পৰা অনুপ্ৰেৰণা পাই মুস্তফা জালাল চৌধুৰী আৰু  মহম্মদ আব্দুল  হুচেইনে যোৱা দশকটোৰ ভিতৰত কাটাৰলৈ আহি নিজাকৈ আগৰৰ ব্যৱসায়ত প্ৰতিষ্ঠা লভিবলৈ সমৰ্থ হয়৷ এই সকলক দেখি শেহতীয়াকৈ এইবছৰো দুজনমান অসমীয়াৰ এই ব্যৱসায়ত পদাৰ্প ঘটিছে৷

 যোৱা ডেৰটা দশকৰ পৰা অসমৰ পৰা কৰ্মসূত্ৰে ভালে সংখ্যক অসমীয়ালোকৰ কাটাৰত আগমন ঘটিছে৷ ব্যক্তিগতভাৱে তেখেতসকলৰ নাম উল্লেখ কৰাৰ পৰা বিৰথাকিলোঁ৷  পোনতে প্ৰায়সকলেই  আছিল  উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন ইঞ্জিনিয়াৰিং কলেজৰ ডিগ্ৰীধাৰী৷ তেওঁলোকে ইয়াত সংস্থাপিত হোৱাৰ লগে লগে  পৰিয়ালৰো আগমন ঘটিল৷ ইয়াৰ পিছত অন্যান্য চৰকাৰী বা ব্যক্তিগত খণ্ডৰ চাকৰি, শিক্ষকতা, আই টি প্ৰফেচন, চিকিৎসক আদিৰো আগমন ঘটিব ধৰিলে৷ এতিয়া  কাটাৰ অসম সমাজৰ প্ৰতিটো অনুষ্ঠান বা সমাবেশতে ৪জন নবাগতক আদৰণি জনোৱা হয়৷  আকৌ  সমুদ্ৰস্থলত ডিউটি কৰা (Offshore duty), ৰিফাইনেৰীত সৰুডাঙৰ কাম কৰা বহুজনৰ আমাৰ মিটিং বা  অনুষ্ঠানলৈ আহিবলৈ সময় সুবিধাৰ নাটনি৷ ইয়াৰ ওপৰিও দুই এজন অসমীয়া স্বভাৱবশতঃ গণবিচ্ছিন্ন হৈয়ো থাকে৷  গতিকে আজিৰ তাৰিখত থুলমুলকৈ অনুমানিক ৫০০ জন অসমীয়া কাটাৰৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে৷ 

 ২০০৮ চনৰ ১৪মাৰ্চত পোন প্ৰথমবাৰৰ বাবে কাটাৰ অসম এচোচিয়েচননামেৰে এটি অসমীয়া গোটৰ জন্ম হয় ইঞ্জিনীয়াৰ পলাশ দাসৰ বাসভৱনত৷ ঘাইকৈ তেওঁৰ উদ্যমত বিজন চৌধুৰী, অসীম বৰা,শিৱ বৰা, প্ৰবীন কোঁৱৰ, ইচমাইল, গণেশ, নিত্যানন্দ, ত্ৰিদিব, নীল আৰু ভালেকেইজনে মিলি ৰঙালী বিহু আৰু  ভোগালী বিহু  উদযাপন কৰে৷ ২০০৯ চনত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মান্যতাপ্ৰাপ্ত গোট হিচাবে স্বীকৃতিও লাভ কৰে৷কাটাৰ অসম এচোচিয়েচনে বিহু হুঁচৰি কাটাৰৰ স্বতন্ত্ৰতা দিসত আৰু  ভাৰতৰ স্বাধীনতা দি পালনৰ  দিনত প্ৰদৰ্শন কৰি কাটাৰ  অসমৰ  স্বকীয়তা  প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পিছত কিছু ভুল বুজাবুজিৰ বাবে সাময়িকভাবে কাটাৰৰ অসমীয়া সমাজৰ গতিবিধি  সাময়িকভাৱে স্থবিৰ যেন হৈ পৰিছিল৷ কিন্তু ২০১০চনত কৌস্তু শইকীয়া, সুজাতা শইকীয়া, প্ৰাঞ্জল দেউৰী,  উৰ্মি বুঢ়াগোঁহাই, বিজন চৌধুৰী, মোনা চৌধুৰী, নীল চৌধুৰী, বিক্ৰমজিত বৰুৱা, উপাসনা বৰুৱা, গণেশ চুব্বা, অমি প্ৰধান, উপেন টাইড, লিটন দত্ত,  জনৈক ব্ৰহ্ম আদিৰ সক্ৰিয় সহযোগত অল খোৰৰ গ্ৰেণ্ড পেলেচ ৰেষ্টুৰেন্টত উৎসাহ উদ্দীপনাৰে  ৰঙালী বিহু পালন কৰা হয়৷ সেই সময়তে গুণ গুণমিঠা নামেৰে এখনি স্মৰণিকাও প্ৰকাশ কৰা হয়৷

২০১১ চনৰ পৰা কাটাৰত অসম সমাজ নতুনকৈ সংগঠিত আৰম্ভ কৰে আৰু ২০১২ চনত অসম সমাজ,কাটাৰ নামৰ গোটে  ভাৰতীয় সাস্কৃতিক কেন্দ্ৰৰ মান্যতা লাভ কৰে আৰু তেতিয়াৰ পৰা এই সমাজে ৰাইজৰ আশীষত দিনক দিনে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি আহিছে৷ ২০১১ চনৰ পৰা কাটাৰ অসম সমাজৰ গতিবিধি পাঠকসকলে সময়ে সময়ে মোৰ লিখনিৰ মাধ্যমেৰে অৱগত হৈ আহিছে আৰু কাটাৰৰ ডায়েৰী কিতাপত এই বিষয়ে কেইবাটিও বিস্তাৰিত প্ৰন্ধ আছে৷

 

আজিলৈ কাটাৰৰ ডায়েৰী ইমানেই৷ পুনৰ লগ পোৱাৰ আশাৰে সামৰিলোঁ৷

 

ডা° ভূপেন শইকীয়া

ডিচেম্বৰ ২০১৪

ডোহা, কাটাৰৰ পৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!