কাটাৰৰ ডায়েৰী – কেইটিমান সৰু সৰু কথাৰে (ডা০ ভূপেন শইকীয়া)

(১) আন গাল্ফ দেশৰ পৰা আহি কাটাৰত নৱাগত হোৱা সকলৰ মনৰ কথা৷

বাহৰেইনৰ পৰা কাটাৰলৈ কৰ্মসূত্ৰে বদলি হৈ অহা সকলৰ আপচোচ – বাহৰেইনীসকলৰ ব্যৱহাৰ অতি ভদ্ৰ ৷ বাট-পথত গাড়ী চলোৱাত তেওঁলোকে দেখোৱা শিষ্টাচাৰ অনন্য৷ যেন হিন্দীত প্ৰচলিত যোজনা ‘পহলে আপ’ৰ প্ৰয়োগহে কৰিছে৷ আকৌ মাজে মাজে বাহৰেইন হোৱা আন্তৰাষ্ট্ৰীয় কাৰ ৰেচ ডোহাত দেখা নোপোৱাৰ কথাও মাজে মাজে বন্ধুৰ আগত কথা প্ৰসংগত উল্লেখ কৰে৷
সংযুক্ত আৰব আমীৰাটৰ পৰা কৰ্মসূত্ৰে কাটাৰলৈ বদলি হৈ অহাসকলৰ এই দেশত ‘এডজাষ্ট’ হবলৈ কিছু সময় লাগে৷ কাৰণ সেই দেশত সঘনাই পায় অহা ক্ৰিকেট খেলকে ধৰি নানান মনোৰঞ্জনৰ আহিলাৰ তুলনামূলকভাৱে কাটাৰত অভাৱ৷ মেট্ৰ,সুলভ বাচ-টেক্সি সেৱা,খাদ্যৰ তুলনামূলক সুলভ মূল্য আদিয়েও মনত আমনি নিদিয়াকৈ নাথাকে৷
এই দুই দেশৰ অভিজ্ঞতাৰ বিপৰীতে পৃথক মন্তব্য ব্যক্ত কৰে চৌডি আৰবৰ পৰা কাটাৰলৈ বদলি হৈ অহা লোকসকলে৷ চৌডিত সকলো ধৰ্মৰে মহিলাই এয়াৰপ’ৰ্টৰ বাহিৰ ওলালেই বোৰ্খা পিন্ধাটো বাধ্যতামূলক৷ চৌডি আৰবত মহিলাই গাড়ী চলোৱা নিষেধ৷ পুৰুষৰ বাবেও সেই দেশত অনেক বাধা নিষেধ আছে৷ এনে সংকীৰ্ণ মনোভাৱৰ পৰা মুক্তি পাই কাটাৰলৈ আহি তেওঁলোকে বেচ মুকলিত উশাহ লোৱা যেন অনুভৱ কৰে৷

(চৌডি আৰবৰ বিষয়ে পাঠকৰ জ্ঞাতাৰ্থে কেইটিমান কথা সংযোজন কৰিলোঁ ৷
যোৱা ভেলেন্টাইন ডেত পাৰ্টি আয়োজন কৰি ধৰা পৰা কেইবাজনকো বেত্ৰাঘাত আৰু জৰিমনা বিহা হয়৷
স্কুলত সংগীত শিক্ষা নিষিদ্ধ৷ ৰাজহুৱা স্থানত যি কোনো মিউজিক চিষ্টেম বজোৱা নিষিদ্ধ৷ দেশখনত কোনো চিনেমা হল নাই৷ তাত আজিও মানুহে ঘৰতহে ভি চি আৰত ভিডিঅ’ কেছেট চলাই চিনেমা চায়৷
৪৫ৰ তলৰ কোনো মহিলাই পুৰুষ অভিভাৱক নোহোৱাকৈ কলৈকো যাত্ৰা কৰিব নোৱাৰে৷
ধাৰ্মিক বাধ্যবাধকতা হ’ল – দেশখনত কোনেও ইছলাম ধৰ্ম ত্যাগ কৰি অইন ধৰ্ম গ্ৰহণ কৰিব নোৱাৰে৷
দেশখনলৈ কোনো ধাৰ্মিক প্ৰতিকৃতি,ধৰ্মগ্ৰন্থ আনিব নোৱাৰে৷
কোনেও সন্তানৰ নাম ৰাম,মায়া,মল্লিকা আৰু তালিকাভুক্ত আন তিনিকুৰি নাম ৰাখিব নোৱাৰে৷)

(২) কাটাৰীসকলৰ দৈনন্দিন জীৱন যাত্ৰাত পাৰফিউম

কাটাৰৰ প্ৰতিটো আলিয়ে-গলিয়ে, প্ৰতিখন সৰু বৰ মল বা চুপাৰমাৰ্কেটত আতৰ বা পাৰফিউমৰ দোকান দেখিবলৈ পোৱা যায়৷ ম’বাইল ফোনৰ প্ৰচলন হোৱাৰ আগতে অসমত এটা সময়ত এনেদৰে পাব্লিক টেলিফোন বুথ (PCO ) অজস্ৰ দেখা গৈছিল৷ এতিয়া ৱাইন শ্বপ বা বাৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱাৰ দৰেই কাটাৰৰ সৰু ডাঙৰ প্ৰতিখন চহৰত আছে আতৰৰ দোকান৷ সৰ্বোত্তম আতৰৰ লাখ লাখটকীয়া কেঁচামালৰ সিংহ ভাগ আহে অসমৰ পৰা৷ মুম্বাইত ৰপ্তানিৰ হেডকোৱাৰ্টাৰ৷ ডুবাইৰ বৃহৎ ফেক্টৰিত সেই কেঁচামাল ৰূপান্তৰিত হয় নানা আকৃতিলৈ – চেন্ট, স্প্ৰে, ধূপ, চাবোন, পাউদাৰ, বডিলোচন, ফেচ ক্ৰিম ইত্যাদিলৈ৷ গ্ৰাহক বিশ্বৰ সকলো দেশতে আছে যদিও আৰবীসকল হ’ল ক্ৰেতাৰ ভিতৰত শ্ৰেষ্ঠ৷ এই ক্ষুদ্ৰ দেশ কাটাৰতে আজমল পাৰফিউমৰ দোকানৰ সংখ্যা হ’ল এক ডজন৷ মই আগতেই পাঠকসকলক জনাইছোঁ আতৰ হ’ল কাটাৰীসকলৰ দৈনন্দিন জীৱন যাত্ৰাৰ এক অপৰিহাৰ্য পদাৰ্থ৷ জন্ম-মৃত্যু-বিবাহ সকলোতে আতৰ ব্যৱহৃত হয়৷ সদায় ঘৰত সুগন্ধি আগৰৰ কাঠ জ্বলাইহে ধোঁৱা দিয়ে৷ গতিকে এটা সঠিক সিদ্ধান্তত উপনীত হব পাৰি যে আমাৰ বাবে যিদৰে টুথপেষ্ট বা চাবোন – সেইদৰে কাটাৰীসকলৰ বাবে আতৰ৷

(৩) চাইকেল আৰু মটৰচাইকেল

কাটাৰত চাইকেল আৰু মটৰচাইকেল সাধাৰণতে যিকোনো বস্তুৰ হ’ম ডেলিভাৰিৰ বাবেহে ব্যৱহৃত হয়৷ খবৰ কাগজ, সৰু ডাঙৰ মিনাৰেল ৱাটাৰ বটল, পিজ্জা বা আন ফাষ্টফুডৰ বিতৰণ এই দুই বাহনে কৰে৷ সাধাৰণ শ্ৰেণীৰ কিছুমান মানুহে কামলৈ অহা-যোৱা কৰিবলৈয়ো চাইকেল ব্যৱহাৰ কৰে৷ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যায়াম হিচাপেও এক শ্ৰেণীৰ লোকে নিজৰ পৰিসৰৰ ওচৰে পাজৰে চাইকেল চলোৱা পৰিলক্ষিত হয়৷

(৪) ট্ৰেফিক নিয়ন্ত্ৰণত ৰাডাৰ

কাটাৰৰ প্ৰতিটো চাৰিআলি বা ৰাউণ্ড এবাউটত স্বয়ংক্ৰিয় ট্ৰেফিক লাইটৰ দ্বাৰা যান বাহন নিয়ন্ত্ৰণ কৰা হয়৷ আইনভংগ কৰিলে কেমেৰাই ফটো তুলি গাড়ীৰ মালিকক এচ এম এচ আৰু নেটযোগে সূচনা দিয়ে৷ লগতে জনাই দিয়ে জৰিমনাৰ পৰিমাণ৷ টলহদাৰী ট্ৰেফিক পুলিচে ক’ৰবাত নো-পাৰ্কিঙত গাড়ী ৰখোৱা দেখিলে গাড়ীত ‘ট্ৰেফিক আইন ভংগ কৰা’ বুলি ষ্টিকাৰ লগাই থৈ গুচি যায়৷ গাড়ীৰ চালকৰ সৈতে ক’তো কোনো বাক-বিতণ্ডা লগাৰ প্ৰশ্নই নুঠে৷ হাইৱেবিলাকত ঠায়ে ঠায়ে গাড়ীৰ সৰ্বোচ্চ গতিবেগ লিখা থাকে ক’ৰবাত ১২০ যদি ক’ৰবাত ১১০৷ ৰাডাৰে দূৰৈৰ পৰাই গাড়ীসমূহ অহৰ্নিশ লক্ষ্য কৰি থাকে৷ এবাৰ এটা হাইৱেই দি গৈ থাকোঁতে মোলৈ মেছেজ আহিল – অমুক এলেকাত ইমান বজাত আপোনাৰ গাড়ীৰ গতিবেগ ১১৪কিলোমিটাৰ হোৱা বাবে ৩০০ৰিয়াল জৰিমনা বিহা হৈছে৷

(৫) কাটাৰৰ ১০৭ এফ এম চেনেল

প্ৰবাসীসকলৰ মাজত এক জনপ্ৰিয় চেনেল হ’ল কাটাৰ ৰেডিঅ’ৰ ১০৭ এফ এম৷ দেশখনৰ প্ৰায় সকলো গাড়ী আৰু টেক্সিতেই ৰেডিঅ’ আৰু মিউজিক চিষ্টেম থাকেই৷ ১০৭ এফ এম চেনেল হ’ল চৰকাৰী কাটাৰ ৰেডিঅ’ৰ উৰ্দু বিভাগ৷ কোনো হিন্দী চেনেল নথকাত হিন্দী বুজি পোৱা সকলো প্ৰবাসীয়েই এই চেনেল উপভোগ কৰে৷ দৰ্জি, লণ্ড্ৰি, চেলুনৰ কৰ্মচাৰী, টেক্সিচালকসকলে কামৰ সময়তো এফ এম ৰেডিঅ’ শুনি থাকিব পাৰে৷ এই চেনেল জনপ্ৰিয় হোৱাৰ ঘাই কাৰণ হ’ল ইয়াৰ অনুষ্ঠানসমূহ৷ নতুন পুৰণি হিন্দী বোলছবিৰ গীত, চিকিৎসা পৰামৰ্শ, কাটাৰৰ ট্ৰেফিক আইন আদি অৱগত কৰোৱা, বিভিন্নজনৰ সাক্ষাৎকাৰ, খুহুটীয়া বাৰ্তালাপ, কিশোৰ আৰু যুৱকসকলৰ অনুষ্ঠান আদি৷ বিশেষকৈ কেনেকৈ প্ৰবাসলৈ আহিল আৰু ইয়াত পোৱা সুবিধা অসুবিধাৰ আন্তৰিকতাৰে বুজ লোৱা, ইয়াতে জনম লভা ভাৰতীয়-পাকিস্তানী আদি নৱ প্ৰজন্মৰ স্বদেশৰ প্ৰতি অনুভূতি, শিক্ষা-সংস্থাপনৰ খা-খবৰ আৰু পৰামৰ্শ আদি হ’ল অতি আকৰ্ষণীয় আৰু উপকাৰী অনুষ্ঠান৷ কাটাৰৰ পৰা শুনিব পৰা ১০৪-২ এফ এম হ’ল বাহৰাইনৰ হিন্দী চেনেল৷ এইখিনিত উল্লেখ কৰিব পাৰোঁ যে ডুবাইত একাধিক মালায়লম এফ এম ৰেডিঅ’ চেনেল কাৰ্যৰত – বাকীখিনি কথা নিজেই অনুমান কৰি ল’ব পাৰে৷

আজিলৈ কাটাৰৰ ডায়েৰী ইমানেই৷ আগ্ৰহী পাঠক পালে ডায়েৰী বহল হৈ গৈ থাকিব৷

ডা০ভূপেন শইকীয়া
৬মে ২০১৪,মঙলবাৰ
ডোহা,কাটাৰৰ পৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!