কাটাৰৰ ডায়েৰী (ডা০ ভূপেন শইকীয়া)

kataror diary

২০২২চনৰ ফুটবলৰ বিশ্বকাপৰ বতৰা

চেপ্তেম্বৰ মাহৰ শেষৰ ফালে এতিয়া কাটাৰৰ বতৰৰ ৰেহৰূপ ক্ৰমে সলনি হবলৈ ধৰা পৰিলক্ষিত হৈছে৷ তাপমান বৰ্তমান ২৭ আৰু ৩৭ডিগ্ৰী চেলচিয়াচৰ মাজত দোদূল্যমান হৈ আছে৷ সন্ধিয়াৰ সময়ত ঘৰৰ বাহিৰত এতিয়া আৰু গা দেই-যোৱা যেন অনুভৱ নহয়৷ সন্ধিয়া আৰু নিশাৰ বেলা সাগৰৰ পাৰৰ কৰনীচত শীতল বা লবলৈ যোৱা লোকৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে৷ একেদৰে চৌক ৱাকিফৰ মুকলি ৰেষ্ট্ৰোৰা সমূহতো বিয়লিবেলা জন-সমাগম বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰ আৰু আন বন্ধৰ দিনত ডোহাৰ নানাবিধ ফুলেৰে জাতিস্কাৰ সকলো পাৰ্কতে পিকনিকৰ পৰিবেশ এটা অহাৰ সময় সমাগত৷ কাটাৰলৈ অহা অসমীয়ালোকৰ সংখ্যাও দুই-চাৰিজনকৈ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে আৰু আগতে অকলশৰীয়া জীৱন যাপন কৰা অসমীয়ালোকেও লাহে লাহে কাটাৰ অসম সমাজৰ সদস্যভুক্ত হবলৈ ধৰিছে৷
বতৰৰ বতৰাৰ মাজতে আজি জৰুৰীভাবে লিখিবলগীয়া বিষয়টো হ’ল ২০২২চনৰ ফুটবলৰ বিশ্বকাপৰ বিষয়ে৷ ২০১০চনৰ ডিচেম্বৰ মাহত চুইজাৰলেণ্ডৰ জুৰিখত বহা ফিফাৰ বৈঠকত ২৪জনীয়া সদস্যই কৰা সৰ্বোচ্চ ভোট লাভৰ ভিত্তিত আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানক চেৰ পেলাই কাটাৰে বিশ্বকাপ ফুটবল আয়োজন কৰাৰ স্বত্বলাভ কৰিবলৈ সমৰ্থ হয়৷ এই বাতৰি জ্ঞাত হোৱাৰ লগে লগে কেবল কাটাৰ দেশতেই নহয় সমগ্ৰ গাল্ফ দেশসমূহত উছাহৰ ঢৌ ববলৈ ধৰে৷কাটাৰে পূৰ্ণোদ্যমে নিজৰ লক্ষ্য ঠিৰ কৰি লৈ বিশ্বকাপ ফুটবলৰ বাবে ষ্টেডিয়াম, ফ্লাইঅভাৰ, বাটপথ, মেট্ৰ ৰেল, হোটেল,মল আদিৰ সৰ্বাংগীন উন্নয়নত দিশত মনোনিবেশ কৰিব আৰম্ভ কৰে৷ফুটবলৰ মহাৰণৰ বাবে ডোহাৰ কাটাৰাৰ সমীপত ‘লুইচেল চিটি’ নামেৰে এখনি সৰ্বাংগসুন্দৰ অত্যাধুনিক মহানগৰী গঠনৰ পৰিকল্পনা কৰি কাম আৰম্ভ কৰে৷ উল্লেখযোগ্যেযে লুইচেল চিটিয়ে সাগৰ স্পৰ্শ কৰিলেও মুলত: অঞ্চলটো মৰুভূমিয়েই৷ মৰুৰ সেউজীকৰণৰ সৈতে কেবল কোটি কোটি টকাৰ খৰছেই একমাত্ৰ বিষয় নহয়৷ ইয়াৰ সৃষ্টিত স্থপতিবিদৰ পৰিকল্পনাৰ সৈতে ওত:প্ৰোতভাবে জড়িত আছে লাখ লাখ বিদেশী মজদুৰৰ শৰীৰৰ তেজ আৰু ঘাম – যাৰ অৱদানৰ অবিহনে যি কোনো সুন্দৰ সৃষ্টিয়েই সম্ভৱপৰ নহয়৷
কিন্তু হঠাৎ যেন চন্দপতন ঘটাৰ উপক্ৰম হব ধৰিছে৷এই বছৰৰ আৰম্ভণিৰ পৰা খেল-জগতখনৰ গোটেই বাতাবৰণ যেন ধূলিৰে ধূসৰিত হব ধৰিছে৷ কাটাৰত ফুটবলৰ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ বিষয়লৈ বিভিন্ন অভিযোগ, প্ৰতিবাদে বিশ্বৰ সংবাদপত্ৰ আৰু দূৰদৰ্শনৰ চেনেলসমূহ তোলপাৰ লগাব ধৰিছে৷ মই ইয়াৰ পূৰ্বে অসমীয়াত কথা বতৰা গোটত এই সংক্ৰান্তৰ এটি প্ৰৱন্ধৰ নামাকৰণ কৰিছিলোঁ – ‘কাৰ উত্তাপ বেচি বতৰৰ নে খেলৰ ৰাজনীতিৰ ‘? আগ্ৰহীসকলৰ বাবে লিংকটো দিলো
ঘটনাক্ৰমসমূহ হ’ল থুলমূলকৈ এনেকুৱা :
ফিফাৰ এজন সক্ৰিয় কৰ্মকৰ্তা বিন হামাদ কাটাৰী লোক৷ তেওঁ পৰবৰ্তী পৰ্যায়ত ফিফাৰ উপ-সভাপতি পদৰ বাবে প্ৰতিযোগিতা আগবঢ়োৱাৰ কথা আছিল৷ তেওঁৰ ওপৰত অভিযোগ উঠিল কমেও ৪জন আফ্ৰিকান সদস্যক বিপুল পৰিমানৰ ধনৰাশি আৰু উপঢৌকন দি কাটাৰৰ পক্ষে ভোটদান কৰোৱালে৷ অভিযোগ তীব্ৰ হোৱাত তেওঁক ফিফাৰ পৰা আজীৱন কাললৈ বহিস্কাৰ কৰা হ’ল৷ ইয়াৰ পিছৰ পৰা কাটাৰৰ সলনি অইন দেশলৈ বিশ্বকাপৰ খেল নিয়াৰ দাবী উঠিব ধৰিল – কেইবাখনো উন্নত দেশে নিজৰ তাত বিশ্বকাপ পতাৰ আগ্ৰহ ব্যক্ত কৰিলে৷ শুকুৰবাৰ ১৬মে ২০১৪ তাৰিখে ফিফাৰ সভাপতি চেপ ব্লেটাৰে ছুইছ টিভিৰ আগত এটি সাক্ষাৎকাৰত কলে কাটাৰক ফুটবলৰ বিশ্বকাপ আয়োজন কৰিবলৈ দিয়া সিদ্ধান্তটো ‘ভুল’ আছিল বুলি তেওঁ কাৰিকৰী কমিটিৰ প্ৰতিবেদন পোৱাৰ পিছত উপলব্দ্ধি কৰিছে৷
সোমবাৰ ২২ চেপ্তেম্বৰ ২০১৪ তাৰিখে ফিফাৰ কাৰ্য্যবাহী সমিতিৰ জাৰ্মান দেশৰ সদস্য থিঅ’ জোৱাংগিয়াৰে বাৰ্লিনত কলে – জুন, জুলাই মাহত যি সময়ত কাটাৰৰ তাপমাত্ৰা ৪৫ডিগ্ৰী চেলচিয়াচ অতিক্ৰম কৰি যায় – তাত কেনেকৈ বিশ্বকাপ পতাটো সম্ভৱপৰ হব ?
ফিফাৰ উপ সভাপতি জিম বয়ছে প্ৰায় একে সময়তে ৰেডিঅ’-৫ৰ আগত কলে যে তেওঁ কাটাৰৰ হাতৰ পৰা বিশ্বকাপ কাঢ়ি আনক দিলে ভাল পাব৷
ইয়াৰ লগতে কিছুমান আৰু কথা সময়ে-সময়ে যোগ হ’ল৷কাটাৰৰ উষ্ণ বতৰত পুতৌ লগা পৰিবেশত থাকি বাৰঘন্টাকৈ বনুৱাসকলে শ্ৰম কৰিবলগীয়া হোৱাটো মানৱ অধিকাৰৰ বিৰোধী বুলি প্ৰচাৰিত হ’ল৷শ্ৰমৰ বিনিময়ত জীৱনক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাত দেশখনে গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিল৷১৪মে ২০১৪ তাৰিখে কাটাৰ চৰকাৰে ঘোষণা কৰিলে দেশখনৰ সকলো বনুৱাৰ উন্নয়ণৰ বাবে যথোপযুক্ত ব্যৱস্থা লব৷ নিউয়ৰ্ক টাইমচ,গাৰ্জিয়ান আদি আমেৰিকান আৰু ইউৰোপিয়ান বাতৰিকাকতে কাটাৰৰ বিৰোধিতা কৰাত পূৰ্ণ উজান দিলে৷ ব্লেটাৰৰ পদত্যাগ আৰু খেলৰ স্থান সলনিৰ বাবে নতুন ভোটদান আদিৰ দাবীও উথ্থাপিত হ’ল৷
যোৱা ২৬চেপ্তেম্বৰত ২০১৮ (ৰাচিয়া) আৰু ২০২২ (কাটাৰ) – এই দুই বিশ্বকাপৰ নিৰ্বাচনত কিবা বিসংগতি হৈছিল নেকি তাৰ ৩৫০ পৃষ্ঠাৰ প্ৰতিবেদন ব্লেটাৰৰ হাতত পৰে৷ইয়াৰ বিতং তথ্য ব্লেটাৰে ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰিছে৷
১৮চেপ্তেম্বৰৰ দিনা কাটাৰৰ আমীৰ শ্বেইখ তামিম বিন হামাড অল থানিয়ে জুৰিখত ফিফাৰ সভাপতি চেপ ব্লেটাৰ আৰু চেক্ৰেটেৰী জেনেৰেল জেৰ’মি ভাল্কেক সাক্ষাৎ কৰি কাটাৰৰ বিশ্বকাপৰ দিশত হোৱা অগ্ৰগতিৰ খাতিয়ান ডাঙি ধৰে৷ তেওঁ স্পষ্টকৈ জনায় যে জহকালিয়ে হওক বা জাৰ কালিয়ে হওক কাটাৰে বিশ্বক এক ভাবিব নোৱৰা উচ্চমানৰ বিশ্বকাপ উপহাৰ দিবলৈ সৰ্বদা প্ৰস্তুত৷
আমীৰে দোহাৰে যে সকলো (সংখ্যাত দহটা) ষ্টেডিয়ামেই আকৃতিত বিশাল হলেও সেয়া পূৰ্ণতয়া বাতানুকুলিত হব৷ ২০২২চনত বিশ্ববাসীক আদৰিবৰ বাবে কাটাৰৰ আতিথিয়েতাৰ আৰু প্ৰয়োজনীয় সুখ-সুবিধাৰ কেতিয়াও অভাৱ নহব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিশ্বকাপ সুকলমে হৈ যোৱাৰ পিছত এই ডিচপজিপল / ডিচমেন্টেলেবল কেইবাখনো ষ্টেডিয়াম আন অভাৱী দেশক দান দিয়াৰ কথা কাটাৰে ইতিমধ্যে ঘোষণা কৰিছে৷পৰিশেষত এই লিখকেও অনুভৱ কৰে যে যিমানেই প্ৰবল বিৰোধিতা নহওক কিয় ২০২২চনত কাটাৰত ফুটবলৰ বিশ্বকাপ হবই হব৷৷

kataror diary2 jpg

* কাটাৰৰ স্বাস্থ্যখণ্ডৰ বিষয়ে কিছু জানিবলগীয়া :

কাটাৰৰ স্বাস্থ্যখণ্ডৰ এটি নতুন সংযোজনৰ বিষয়ে অকবৰ পাঠকসকলক অৱগত কৰিব খুজিছোঁ৷ নেশ্বনেল হেল্থ ইঞ্চিঅ’ৰেঞ্চ কোম্পানী (NHIC) হ’ল এটি চৰকাৰী সংস্থা৷ নেশ্বনেল হেল্থ ইঞ্চিঅ’ৰেঞ্চ কোম্পানী কাটাৰৰ স্বাস্থ্য বিভাগৰ সৰ্বোত্তম কৰ্তৃপক্ষ চুপ্ৰিম কাউঞ্চিল অৱ হেল্থৰ অধীন এক সংস্থা ৷ দেশৰ নাগৰিকৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কাটাৰ চৰকাৰে এক দীৰ্ঘ ম্যাদী দূৰদৰ্শী আঁচনি প্ৰৱৰ্তন কৰিছে৷ ২০১৩ চনৰ জুলাই মাহৰ পৰা আঁচনিৰ প্ৰথম পৰ্য্যায়ৰ শুভাৰম্ভ হয় ৷এই আঁচনিৰ দ্বাৰা ১২বছৰৰ ওপৰৰ সকলো কাটাৰী মহিলাৰ প্ৰসূতি, স্ত্ৰীৰোগ, প্ৰসৱজনিত সমস্যা আৰু নাৰীৰ স্বাস্থ্যজনিত সকলো সমস্যাৰ সমাধানৰ ওপৰত গুৰুত্ব দিয়া হয়৷ দ্বিতীয় পৰ্য্যায়ৰ আঁচনি আৰম্ভ হয় এই বছৰৰ ৩০এপ্ৰিলৰ পৰা৷ দেশখনৰ সকলো কাটাৰী নাগৰিকৰ স্বাস্থ্যৰ সৰ্বাত্মক সুৰক্ষা এই আঁচনিয়ে কৰিব৷ বিদেশলৈ গৈ চিকিৎসা কৰাব খুজিলে আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে কচমেটিক চাৰ্জাৰী কৰাব খুজিলে এই আঁচনিয়ে সহায় নকৰে৷ নেশ্বনেল হেল্থ ইঞ্চিঅ’ৰেঞ্চ কোম্পানীৰ কাৰ্য্যকৰী দলক চেহা (SEHA ) বুলিয়ে সাধাৰণতে কোৱা হয়৷ চেহাই তেওঁলোকৰ নিৰ্বাচিত সকলো বিভাগৰ চিকিৎসা কেন্দ্ৰসমূহৰ তালিকা প্ৰকাশিত আৰু প্ৰচাৰিত কৰে৷ সকলো বিভাগৰ চিকিৎসা কৰ্মীক এই আঁচনিৰ সংক্ৰান্তত প্ৰশিক্ষণ দিয়ে৷ যোৱা দুমাহৰ ভিতৰত মই নিজেও দুবাৰ প্ৰশিক্ষণ লৈছোঁ৷

ইঞ্চিঅ’ৰেঞ্চৰ মাধ্যমেৰে ৰোগীয়ে দেশখনৰ যি কোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসা প্ৰতিস্থানলৈ গৈ চিকিৎসা ল’ব পাৰিব৷ ফিজিঅ’থিৰাপি আৰু দন্ত চিকিৎসাও ইঞ্চিঅ’ৰেঞ্চৰ দ্বাৰা পাব৷ দন্ত চিকিৎসাৰ সুবিধা এই বছৰৰ ২৬জুনৰ পৰা আৰম্ভ কৰা হৈছে৷ চকুৰ বিভিন্ন ৰোগৰ চিকিৎসাৰ ওপৰিও চচমাৰ সুবিধাও এটা পৰ্য্যায়লৈকে পাব৷ ডায়েবেটিজ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসাৰ সা-সুবিধাও এই আঁচনিৰ অন্তৰ্ভূক্ত কৰা হৈছে৷ এই সুবিধা উপলব্ধ কৰিবলৈ একো জটিল প্ৰক্ৰিয়াৰ মাজত ৰোগীজন সোমাব নালাগে৷ লাগিব মাথো থাকিব তেওঁৰ হাতত কাটাৰী পৰিচয় পত্ৰ (Qatari National ID card (QID)৷ চৰকাৰে ঘোষণা কৰা মতে অহা দুবছৰৰ ভিতৰত আৰম্ভ হ’বলগীয়া তৃতীয় পৰ্য্যায়ৰ আঁচনিয়ে বিদেশৰ পৰা আহি কাটাৰত কৰ্মৰত লোক সকলকো সামৰি ল’ব৷ তৃতীয় পৰ্য্যায়ৰ আঁচনি কাৰ্য্যকৰী হ’লে বৰ্তমানৰ প্ৰচলিত সকলো প্ৰাইভেট স্বাস্থ্য বীমাৰ প্ৰচলন বাধ্যতামূলকভাবে বন্ধ কৰি দিয়া হ’ব বুলি শুনা গৈছে৷ আৰু অন্তিম পৰ্য্যায়ত কাটাৰলৈ অহা টুৰিষ্টেও আকস্মিক দুৰ্ঘটনা বা গুৰুতৰ ৰোগৰ সন্মুখীন হ’লে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব৷ ইঞ্চিঅ’ৰেঞ্চৰ প্ৰিমিয়ামৰ নামত ৰোগীয়ে এক ৰিয়ালো ভৰিব নালাগে৷ আয়ুৰ্বেদিক, হোমিঅ’পেথিক, একোপাংচাৰ, য়ুনানী জাতীয় চিকিৎসা সদায় ইঞ্চিঅ’ৰেঞ্চৰ বাহিৰত থাকিব৷ প্ৰবাসী কাটাৰত কৰ্মৰত লোকসকলৰ ইঞ্চিঅ’ৰেঞ্চৰ প্ৰিমিয়াম হয়তো নিয়োগকৰ্তাই দিবলগীয়া হ’ব পাৰে৷ তৃতীয় পৰ্য্যায়ৰ আঁচনি ঘোষণাৰ সময়ত সেই কথা জনা যাব৷

এতিয়া এই খবৰসমূহলৈ লক্ষ্য কৰক :
প্ৰথম পৰ্য্যায়ৰ আঁচনি শুভাৰম্ভ কৰাৰ লগে লগে এই সুবিধা ৩০হেজাৰজনে প্ৰথম ৬মাহত লয় আৰু এবছৰত এই সংখ্যা ২লাখ ৩০হেজাৰ অতিক্ৰম কৰে৷ যোৱা চেপ্তেম্বৰৰ শেষলৈ দ্বিতীয় পৰ্য্যায়ৰ আঁচনিৰ সুবিধা একলাখজনে গ্ৰহণ কৰা বুলি জনা গৈছে৷
এতিয়া পাঠকসকলৰ জানিবৰ মন যাব দেশখনৰ অনা-কাটাৰীসকলৰ চিকিৎসাৰ বাবে কি চিকিৎসাৰ ব্যৱস্থা চৰকাৰে উপলব্ধ কৰিছে ? তাৰ আগতে নতুন পাঠকসকলৰ বাবে কাটাৰৰ জনবিন্যাস আৰু জনসংখ্যাৰ বিষয়ে দুকলম লিখি লওঁ৷ কাটাৰ হ’ল এখন অতি ক্ষুদ্ৰ দেশ – যাৰ আয়তন অসমৰ তুলনাত ৬ভাগৰ এভাগতকৈয়ো কম৷ সঠিক হিচাবটো হ’ল – অসমৰ মাটিকালি হ’ল ৭৮,৫৫০ বৰ্গ কিলোমিটাৰ আৰু কাটাৰৰ হ’ল ১১,৫৭১ বৰ্গ কিলোমিটাৰ৷ অৰ্থাৎ আমাৰ অসম প্ৰদেশখন কাটাৰ দেশখনতকৈ চাৰে ছয় গুণত কৈয়ো বৃহৎ আয়তনৰ৷ শেহতীয়া জনগণনা অনুসৰি ইয়াৰ বৰ্তমান জনসংখ্যা হ’ল ১৯,০৩,৪৪৭, তাৰে ১৪ লাখ পুৰুষ আৰু ৫ লাখ মহিলা ৷ কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ’ল বহিৰাগত৷ কাটাৰীলোকৰ মুঠ জনসংখ্যা ২,৭৮,০০০ৰ বিপৰীতে আন আন দেশৰ লোকৰ সংখ্যা এনে ধৰণৰ : ভাৰতীয় – ৫,৪৫,০০০; নেপালী – ৩,৪১,০০০; ফিলিপিনো ১,৪৮,০০০; বাংলাদেশী ১,৩৭,০০০; শ্ৰীলংকান -১লাখ; পাকিস্তানী-৯০,০০০৷ বিশ্বৰ অন্যান্য দেশৰ লোকৰ সংখ্যা হাজাৰৰ পৰা শৰ ভিতৰত সীমিত৷ পাঠকৰ উৎসুকতা নিবাৰণৰ অৰ্থে জনাওঁ যে কাটাৰত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত অসমীয়া লোকৰ সংখ্যা এহেজাৰৰ অধিক নহয়৷ উল্লেখযোগ্যযে দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ডোহাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ আ‌‌ৱিষ্কাৰ হয় ৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ ভাৰতৰ দৰে দেশৰ বাবে বিস্ময়কৰ হ’লেও এইটো সত্য যে স্বাধীনোত্তৰ কালত দেশৰ ক্ষিপ্ৰ সৰ্বাংগীন উন্নয়নে আজি কাটাৰক বিশ্বৰ অন্যতম ধনী দেশৰ তালিকাৰ শীৰ্ষস্থানত উপনীত কৰাইছে৷

অনা-কাটাৰী যি সকলৰ মাহিলী আয় অন্ত:ত ৫হেজাৰ ৰিয়াল, তেওঁলোকক সাধাৰণতে নিয়োগকৰ্তা প্ৰতিস্থানে একোখনকৈ নিজৰ আৰু পৰিয়ালৰ বাবে প্ৰাইভেট হেল্থ ইঞ্চিঅ’ৰেঞ্চ কাৰ্ড দিয়ে৷ এই হেল্থ ইঞ্চিঅ’ৰেঞ্চ কাৰ্ডৰ সহায়ত তেওঁলোকে মান্যতাপ্ৰাপ্ত ক্লিনিকত নিজৰ চিকিৎসাৰ সা-সুবিধা লাভ কৰে ৷ আনহাতে অন্যান্য অনা-কাটাৰী চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীসকলে ‘হামাড হেল্থ কাৰ্ড’ৰ সহায়ত বিভিন্ন চৰকাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চৰকাৰী চিকিৎসালয় সমূহত ৰোগৰ নিদানৰ বাবে যায়৷ ‘হামাড হেল্থ কাৰ্ড’ বনাবলৈ আৱ্শ্যকতা হয় এখন পাচপৰ্ট ফটোৰ, ১০০ৰিয়াল আৰু কাটাৰী ৰেচিডেন্ট প্ৰমাণ পত্ৰৰ৷ ‘হামাড হেল্থ কাৰ্ড’ দেখুৱালে স্বাস্থ্য কেন্দ্ৰ আৰু চৰকাৰী চিকিৎসালয়সমূহত প্ৰায় বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে৷ দৰ‌ৱৰ নামত, লেবৰেটৰী , ই চি জি, ই ই জি, এস্কৰে, চিটি স্কেন, এম আৰ আই, এণ্ডোস্কোপি, আলট্ৰাচাউণ্ড আদিৰ বাবে বজাৰৰ দৰতকৈ মাত্ৰ দহ শতাংশ মূল্য বহিৰ্বিভাগৰ ৰোগীয়ে ভৰিবলগীয়া হয়৷ কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সৰু-বৰ সকলো চিকিৎসা আৰু সৰু-ডাঙৰ সকলো অপাৰেচনেই হ’ল সম্পূৰ্ণ বিনামূলীয়া৷ অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব যে বিশেষ পৰীক্ষাসমূহৰ বাবে আৰু চুপাৰ স্পেচিলিষ্টৰ সাক্ষাৎকাৰৰ বাবে এজন ৰোগীয়ে দীৰ্ঘকাল সময় প্ৰতীক্ষা কৰিবলগীয়া হোৱা ব্যৱস্থাটো বেচ আমনিদায়ক৷একেদৰে একেবাৰে নিতান্তই জৰুৰী নহ’লে অপাৰেচনৰ তাৰিখো কেইবা মাহৰ পিছতহে পোৱা যায়৷ অৱশ্যে যি কোনো আকস্মিক দুৰ্ঘটনাৰ জৰুৰীকালীন সেৱা বেচ তৎপৰতাৰেই চৰকাৰী চিকিৎসালয়সমূহত উপলব্ধ হয়৷ দেশখনত জৰুৰীকালীন এম্বুলেঞ্চ সেৱা সৰ্বত্ৰ তৎপৰ৷

বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে, ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে৷ প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য্৷ কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷ এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো ৷ কিন্তু চিকিৎসাৰ দিশত সৰ্বতো প্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷এই হেন ক্ষুদ্ৰ দেশত বিনামূলীয়া কিডনি ট্ৰান্সপ্লান্ট, লিভাৰ ট্ৰান্সপ্লান্ট দৰে গুৰুতৰ অপাৰেচন সফলতাৰে সম্পন্ন হোৱাটো উল্লেখযোগ্য কথা৷ চৰকাৰৰ তত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে৷ আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷ স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণ মই ভ‌ৱাত তিনিটা৷ প্ৰথমটো হ’ল বছেৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ৷ দ্বিতীয়তে এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা, যাৰ বিষয়ে আগলৈ বহলাই বৰ্ণনা কৰিম৷ তৃতীয়তে দেশখনৰ সীমিত জনসংখ্যা ৷ তদুপৰি পৰিস্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷ এইখিনিতে ৰেচিডেন্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই ল’ব খুজিছোঁ৷ কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন৷ এনে প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট সংৰক্ষণ কৰে৷ মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে ; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ -বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগমুক্ত বুলি প্ৰমাণিত হ’লেহে ৰেচিডেন্ট ভিছাৰ বাবে যোগ্য হ’ব৷ ইয়াৰ ওপৰি হেপাটাইটিচ –বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷ ৰেচিডেন্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হ’লে ১০০ৰিয়াল খৰচ কৰি আগতে উল্লেখ কৰি অহা “হামাড হেল্থ কাৰ্ড” বনাই ল’ব পাৰে৷ আকৌ প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷ গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷

ৰাজধানী চহৰ ডোহাত ১৯৫৭ চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল মুকলি হয়৷ ১৯৭৭ চনত চৰকাৰে ইয়াৰ আন্তৰ্গাঠনিৰ প্ৰভূত উন্নতি সাধে৷ ১৯৮২ চনত ৬২১খন বিচনাযুক্ত হামাড মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷ ১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷ ২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷ লাহে লাহে দেশখনৰ আন ঠাইতো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ’ল৷ যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ’ল৷ এই সকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে আমাৰ দেশৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ – “চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে” ৷ কাটাৰত সঘনাই হৈ থকা আন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ডোহাত ২০০৯ চনত মুকলি কৰা হৈছে – অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ “এচপিটাৰ হস্পিতেল”৷ ২০০৬ চনত য’ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷ এইখিনিতে উল্লেখ কৰিলে ভাল হ’ব যে ২০২২চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ’ল কাটাৰ৷

মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে ন‌ৱাগত৷ ২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড’হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খন বিচনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হ’ব৷বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷ মুঠ ৬বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷
বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসকৰ মাজত ভাৰতীয় চিকিৎসকৰ এক সুকীয়া স্থান আছে৷ কাটাৰত এক বুজন সংখ্যক চিকিৎসকেই হ’ল ভাৰতীয় ৷ইয়াত নতুনকৈ কামত যোগদান কৰিবলৈ অহা ডাক্তৰ, নাৰ্চ, টেকনিচিয়ান সকলোৱে চুপ্ৰিম কাউঞ্চিল অব হেল্থৰ লাইচেঞ্চ প্ৰাপ্তিৰ বাবে পৰীক্ষা দিব লাগে৷তাৰ পিছতো মাজে মাজে বিভিন্ন বাধ্যতামূলক প্ৰশিক্ষণ লৈ থাকিব লাগে৷

মেডিচিন বিভাগৰৰ ডাক্তৰ হিচাবেএই দেশত মোৰ অভিজ্ঞতা এনেকুৱা : মই সচৰাচৰ চোৱা ৰোগ সমূহ হ’ল – ডায়েবেটিজ, উচ্চ-ৰক্তচাপ, তেজত অধিক চৰ্বি হোৱা ৰোগ, কাঁহ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ, বিভিন্ন উদৰৰ বিকাৰ, বাত বা গাঠিৰ বিষ, জ্বৰ-মূৰৰ বিষ, খহু-খজুৱতি আদি চৰ্ম ৰোগ৷ প্ৰথম তিনি বিধ অসুখৰ ৰোগী সদায়েই চাওঁ৷ তিনিও বিধ অসুখৰ পৰাই বিভিন্ন উপসৰ্গ আৰু জটিলতা, হৃদৰোগ, কিডনিৰ অসুখ আদি দেখা দিব পাৰে৷ উদৰৰ বিকাৰৰ ভিতৰত ঘাইকৈ বুকু জ্বলা-পুৰা কৰা, টেঙাপানী বমি হোৱা, পেটফুলা, গেছ হোৱা আৰু ভোক কমকৈ লগা আদিয়েই প্ৰমুখ উপসৰ্গ ৷ কেতিয়াবা এপেণ্ডিচাইটিচ, পিত্তত পাথৰ, কিডনিত পাথৰ হোৱাৰ ফলত পেটৰ বিষলৈয়ো ৰোগী আহে৷থাইৰড হৰম’নৰ পৰিমান কম থকা আৰু য়ুৰিক এচিড বেচি থকা ৰোগীও মাজে-মাজে পাওঁ৷কাঁহ-চৰ্দি-ডিঙিৰ বিষ ঘাইকৈ টনচিল বা ফেৰিংচত বীজানুৰ সংক্ৰমণৰ ফলত শীত কালত বেচিকৈ হয়৷ ভ‌ৱামতে কাটাৰত হাঁপানী ৰোগী বেচি দেখা নাই৷ ইয়াৰ জলবায়ু শুকান৷ বায়ুত আদ্ৰতা কম৷ ভিজা কাপোৰ সোনকালে শুকায় আৰু শুকান খোৱা বস্তু (যেনে পাপৰ) বহু দেৰীলৈকে সেমেকি নাযায়৷ জলবায়ুৰ প্ৰভাৱ শ্বাসৰ ৰোগ আৰু বিভিন্ন এলাৰ্জিজনিত ৰোগৰ ক্ষেত্ৰত অৱশ্যেই পৰে৷
কাটাৰত ভাইৰেল ফিভাৰৰ ৰোগী প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কম৷ প্ৰদূষিত পানীৰ ব্যৱহাৰৰ ফলত হোৱা হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ আদি ৰোগ দেখা পাবলৈ নাই৷ ডেংগু নাই৷ মেলেৰিয়া ৰোগীও নাই৷অৱশ্যে ছুটীত ঘৰলৈ গৈ ঘুৰি আহোতে দুই এজনে মেলেৰিয়া জণ্ডিচ, টাইফয়েড, ডিচেন্ট্ৰিত আক্ৰান্ত হৈ অহাৰ কথাটো সুকীয়া৷ মহ ইয়াত নাই৷ মাখি কাচিৎ কৰবাত দুই এটা দেখা যায়৷ মিনাৰেল ৱাটাৰৰ বাহিৰে ইয়াত অইন কোনো পানী খোৱাৰ বাবে ব্যৱহাৰ নহয়৷ মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হ’ব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷

ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷ তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷
কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় – সেইটো হ’ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক’ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য ৷ শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাউট (Gout) আৰু বিভিন্ন হৃদৰোগ জীৱন ধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!