কাটাৰৰ ডায়েৰী (ডা০ ভূপেন শইকীয়া)

কাটাৰৰ ৰাষ্ট্ৰীয় দিবসত অসম সমাজৰ ভূমিকা

যোৱা সপ্তাহৰ কথা মোৰ চেম্বাৰলৈ এজন আদবয়সীয়া ইৰাণী ভদ্ৰলোক আহিল নিজৰ অসুখৰনিদান বিচাৰি৷ নিজৰ ভিজিটিং কাৰ্ডখন মোলৈ আগবঢ়াই মোৰ সৈতে হেণ্ডশ্বেক কৰিলে৷ তাৰ পিছতসগৌৰবে আত্মপৰিচয় ডাঙি ধৰি কলে – যোৱা ৩০বছৰৰ পৰা মই কাটাৰৰ বাসিন্দা৷ চৰকাৰী চাপ্লাইআৰু ৰিয়েল ষ্টেটৰ বিজনেছ কৰোঁ ৷ মই  যি ৰেট দিওঁ, চৰকাৰে সেই ৰেটেই মানি লয়৷ কথা প্ৰসংগতজনালে তেওঁৰ চাৰিজনী পৰিবাৰ আৰু চাৰিটি সন্তান৷ ইৰাণী লোকজনে মোৰ সৈতে সলসলিয়াকৈ হিন্দীতে কথা পাতিছিল৷ অৱশ্যে তেওঁ এতিয়ালৈ ভাৰতত ভৰি দিয়াগৈ নাই৷ মাতৃভাষা আৰবী হলেওতেওঁ ইংৰাজীৰ ওপৰিও ফিলিপিনো আৰু টাৰ্কী ভাষাও কব পাৰে৷  ব্যৱসায়ত ব্যুপত্তিলভিবলৈ এনেদৰে ভাষাৰ জ্ঞান নিশ্চয়কৈ সহায়ক সিদ্ধ হয়৷ কাটাৰত নানাবিধ  ব্যৱসায়ত সকলোআৰবীভাষী লোকৰে প্ৰতিপত্তি আছে৷ উন্নতিৰ শিখৰত আৰোহন কৰা ভাৰতীয়সকলৰো আৰবী ভাষাত কথোপকথন ঈৰ্ষনীয়৷

নতুন বছৰৰ ৭,৮ আৰু ৯ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত ১৩নং ‘প্ৰবাসী ভাৰতীয়দিবস’ উদযাপন কৰা হব৷ ইয়াৰ পূৰ্বে এই দিবস দিল্লী, মুম্বাই, হায়দৰাবাদ, চেন্নাই, জয়পুৰ আৰুকোচিত পাতি অহা হৈছিল৷ এশ বছৰ আগতে  ৯জানুৱাৰীৰ দিনাখন মহাত্মা গান্ধীয়ে দক্ষিণআফ্ৰিকাৰ প্ৰবাসী জীৱন ত্যাগ কৰি ভাৰতত পদাৰ্পণ কৰিছিল৷ এই দিবস পালনৰ উদ্দেশ্য হ’ল- প্ৰবাসীসকলৰ সমস্যাৰ বুজ লোৱা, স্বদেশৰ উন্নয়নত কি দৰে তেওঁলোকে অৰিহনা আগবঢ়াব পাৰে তাৰদিশ নিৰ্ণয় কৰা আৰু  সৰ্বোপৰি এই অনুভূতি জগাই তোলা যে প্ৰবাসীসকল দেশমাতৃৰ নাভিৰ নাড়ীৰে (Umbilical cord) দেশৰ লগত সংলগ্নহৈ আছে৷ যোৱা ১৬ডিচেম্বৰ দিনা ভাৰতীয় সাংস্কৃতিককেন্দ্ৰৰ অশোকা হলত এই দিবস পালনৰ অগ্ৰগতিৰ খতিয়ান দিবলৈ আৰু এক সজাগতা  জাগ্ৰত কৰিবলৈভাৰতীয় লোকসকলৰ এখনি সভা আহ্বান কৰা হৈছিল৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন(১৯৯৯-২০০২) সভাপতি হাচান এ০ ছুগলেই  তেওঁ বিগত ১০বাৰৰ প্ৰবাসী দিবসত ভাগলোৱাৰ ৰসাল অভিজ্ঞতাৰ বৰ্ণনা শ্ৰোতাসকলৰ আগত দাঙি ধৰে৷ উল্লেখযোগ্যযে শ্ৰীছুগলেই নিজৰ কৃতিত্বৰ বাবে ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠ প্ৰবাসী বঁটাও লাভ কৰিছে৷ বৰ্তমান তেওঁ কাটাৰৰদিল্লী পাব্লিক স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি৷ কাটাৰৰ ভাৰতীয় ৰাজদূত শ্ৰীসঞ্জীৱ অৰোৰাই প্ৰবাসী ভাৰতীয় দিবস সম্পৰ্কে নানান লাগতিয়াল কথা সকলোকে অৱগত কৰায়৷  হিন্দী আৰুইংৰাজীত আলোচনা আগবঢ়োৱা আমাৰ ৰাজদূতে কথা প্ৰসংগত  ধেমেলীয়া সুৰত কয়যে তেওঁৰ এতিয়ামালয়ালম ভাষা জ্ঞানৰো যথেষ্ট উন্নতি ঘটিছে৷এই প্ৰসংগতে জনাব খোজোঁযে শেহতীয়া জনগণনামতেকাটাৰৰ মুঠ জনসংখ্যা হ’ল ২-২নিযুত৷  চুবুৰীয়া কুৱেইটৰ  জনসংখ্যা হ’ল ৩-৩নিযুত আৰু অতি ক্ষুদ্ৰদেশ বাহৰাইনৰ জনসংখ্যা হ’ল ১-৩নিযুত৷ এই সকলো দেশতেই  ভাৰতীয়সকল জনসংখ্যাৰ দিশতশীৰ্ষত অৱস্থান গ্ৰহন কৰিছে৷ কাটাৰত ২০১৩-২০১৪ চনৰ  প্ৰকাশিত সমীক্ষামতে মুঠ জনসংখ্যাৰ ৭৫শতাংশই হ’ল ভাৰতীয়৷আকৌ অপ্ৰকাশিত তথ্যটো হ’ল ভাৰতীয়সকলৰ ভিতৰত কেৰালা ৰাজ্যৰলোকেই হ’ল সৰ্বাধিক প্ৰবাসী ভাৰতীয়৷  কাটাৰত  ভাৰতীয়ৰ পিছত স্থান অধিকাৰ কৰিছে ক্ৰমেনেপাল, ফিলিপাইন আৰু  ইজিপ্তৰ  নাগৰিকে৷

পূৰ্বৰ দৰে এইবাৰো ১৮ডিচেম্বৰ তাৰিখে গতানুগতিক আনুষ্ঠানিক আডম্বৰৰে  কাটাৰ ৰাষ্ট্ৰীয়দিবস সমগ্ৰ দেশজুৰি পালন কৰা হয়৷ ডোহাৰ কৰনীচত মূল কাৰ্যসূচীত নবাগত আমীৰ  তামিম বিনহামাড অল থানিয়ে ধ্বজাৰোহন কৰি বিভিন্ন সৈন্য বাহিনী, স্কাউট-গাইড, স্কুলীয়া ছাত্ৰছাত্ৰীৰ পেৰেড লক্ষ্য কৰি অভিবাদন গ্ৰহণ কৰে৷ স্থল, নৌ আৰু বায়ুসেনাৰ নানাৰ কৌশল আৰু সমৰশক্তিৰ সমবেত ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয়৷ চিকিৎসালয়সমূহত ৰোগীৰ মাজত ফলমূল-মিঠাই বিতৰণ কৰা হয়৷ দেশৰ বিভিন্ন ঠাইত নানান খেল ধেমালিৰ প্ৰতিযোগিতা, প্ৰদৰ্শনী, বিনামূলীয়াস্বাস্হ্য শিবিৰ আদিৰ আয়োজন কৰা হয়্৷ সন্ধিয়া কৰনীচ আৰু কাটাৰৰ  সমুদ্ৰ তীৰত  আকৰ্ষণীয়আতচবাজি প্ৰদৰ্শিত হয়৷

কাটাৰৰ ৰাষ্ট্ৰীয় দিবস উপলক্ষে  বিভিন্ন ষ্টেডিয়াম, ভৱন আদিত আন আন দেশৰো  সাস্কৃতিক নৃত্য সংগীত আদিৰ আয়োজন কৰা হয়৷ শ্ৰীলংকা দেশে আমাৰ ভাৰতবৰ্ষৰ সৈতে একেলগে ডোহাৰচ’নেইয়াৰ ৱেষ্ট এণ্ড পাৰ্কত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰাৰ আমন্ত্ৰণ পালে৷ৱেষ্ট এণ্ড পাৰ্কৰ এম্পি থিয়েটাৰৰমঞ্চত প্ৰায়েই ভাৰতীয় শিল্পী সকলৰ  সংগীতানুষ্ঠান চলি থাকে৷ ইয়াৰ লাইটিং আৰু চাউণ্ড চিষ্টেম অতিউন্নত মানৰ৷  কুমাৰ চানু, অলকা য়াগনিক আৰু শ্ৰেয়া ঘোষালৰ অনুষ্ঠান এই মঞ্চত মই ইতিমধ্যে উপভোগ কৰিছোঁ৷ কাটাৰৰ অসম সমাজৰ বাবে গৌৰৱৰ বিষয় এইয়ে যে আমাৰ  দুজনকৈশিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ’ল৷ৰাজু উপ্ৰেতিয়ে এটিদেশপ্ৰেমমূলক গীত গালে আৰু ডা০ মধুস্মিতা লহকৰে আগবঢ়ালে এটি মোহনীয়  বিহু নৃত্য৷ ভাৰতীয়সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সক্ৰিয় সদস্য পলাশ দাসৰ  তৎপৰতাত কম সময়তে অসমৰ এইদুই শিল্পীয়ে কাটাৰৰ অসম সমাজৰ গৌৰৱোজ্বল  পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱাত এই তিনিওজনেইঅসমীয়া ৰাইজৰ অশেষ শলাগৰ পাত্ৰ৷

 

২০১৫-পহিলা জানুৱাৰীৰ কাটাৰৰ ডায়েৰী

মনতে আজি ঠানি ললোঁ দিনটোত যিমান ব্যস্ততা থাকিলেও আজি কাটাৰৰ ডায়েৰী এখিলা পাত হলেও লিখিমেই৷এইখিনিতে এটা কথা কৈ লোৱা ভাল হব বুলি ভাবিছোঁ- পাঠকসকলে আজিৰ লিখাখিনিত হয়তো বিশেষ ৰস বিচাৰি নাপাই পৰীক্ষাত লিখা এক ৰচনাৰ দৰে ভাবি লব পাৰে৷ বিগত বছৰটোৰ দেশখনৰ কি কি কথা লিখিম চমুকৈ পাগুলিয়ালে এনেদৰে হব :
১- ডোহাত অত্যাধুনিক সা-সুবিধাযুক্ত নতুন এক বিশাল এয়াৰপ’ৰ্টৰ শুভাৰম্ভ
২- সমুদ্ৰ দ্বীপত বিলাসী ‘বানানা অননন্তৰা’ ৰিচ’ৰ্টৰ উন্মোচন
৩- এটি ভয়াবহ মটৰ দূৰ্ঘটনাৰ দু:স্মৃতি
৪- মৰুৰ দেশত বৰষুণে কৰা বানপানী
৫- জাপানী আৰু আমেৰিকান কাৰৰ শ্ব’ৰুম প্ৰশাসনৰ দ্বাৰা বন্ধ কৰা
৬- গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়ংকৰ দূৰ্ঘটনা
৭ – প্ৰতীক্ষাৰত কাটাৰৰ লেবাৰ আইনৰ সংশোধন
৮- এজন ফিলিপিনো চিকিউৰিটিৰ কৰ্তব্যনিষ্ঠা
৯- আদালতৰ বাতৰি
১০– ইণ্ডিয়ান স্কুলত নাম ভৰ্তিৰ সমস্যা
যোৱা ২০১৪ৰ এপ্ৰিলৰ ৩০তাৰিখে কাটাৰৰ ৰাজধানী চহৰ ডোহাৰ সমুদ্ৰৰ কাষৰ এক নতুন ঠাইত ‘হামাড ইন্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট’ৰ শুভ উদ্ধোধন কৰা হয়৷ আগৰ এয়াৰপ’ৰ্টৰ তুলনাত নতুন বিশাল আৰু ভব্য এয়াৰপ’ৰ্টটো কমেও দহগুণ ডাঙৰ হব৷ ইয়াৰ নিৰ্মাণত প্ৰায় দহ বছৰ সময় লাগিল৷ কাটাৰ এয়াৰৱেজে বিশ্বৰ প্ৰায় সকলো উল্লেখযোগ্য চহৰলৈ নিজৰ বিমান চলায়৷ ইয়াৰ ওপৰিও আন আন সকলো প্ৰসিদ্ধ এয়াৰলাইনচ ডোহালৈ বা ডোহাহৈ আন ঠাইলৈ বিমানৰ চলাচল হৈ থাকে৷

২০১২চনৰ মাজ ভাগৰ পৰা থাইলেণ্ডৰ বিখ্যাত অননন্তৰা গোটে কাটাৰৰ কাষৰ পাৰস্য সাগৰৰ এটি অৰ্ধচন্দ্ৰাকাৰ দ্বীপত ৰিচৰ্ট বনোৱাৰ কাম আৰম্ভ কৰে আৰু নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাত আজি এক জানুৱাৰীৰ দিনা কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেইখ আব্দুল্লা বিন নাচেৰ বিন খলিফা অল থানিয়ে অনুষ্ঠানিকভাবে এই “বানানা অননন্তৰা ৰিচৰ্ট”ৰ আৰম্ভণি ঘোষণা কৰে৷ কাটাৰৰ টুৰিজমৰ দিশত ই এক নিশ্চিতভাবে উল্লেখযোগ্য সংযোজন৷ গাল্ফৰ সমূহ দেশৰ বিশেষকৈ চৌডি আৰবৰ সম্ভ্ৰান্ত, ধনবান পৰ্যটকে ইয়াত ভীৰ কৰিবহি বুলি অনুমান কৰা হৈছে৷ ইয়াৰ ওপৰিও ইউৰোপৰো আধ্যৱন্ত পৰ্যটকো আহিব বুলি ভবা হৈছে৷ বছৰটোৰ বাবে অনলাইন বুকিং কিছুদিন আগৰ পৰাই চলি আছিল৷ আজিৰ তাৰিখত ১৪৪টা কোঠালিৰ ৭৫শতাংশৰো অধিকৰ অগ্ৰিম বুকিং হোৱা দেখা গৈছে৷ সকলো ধৰণৰ বিলাসৰ সা-সুবিধাযুক্ত দুজনীয়া কোঠালিৰ প্ৰতি নিশাৰ ভাড়া ১৭৭০ৰিয়ালৰ পৰা ৮৭৭০ৰিয়াল৷ অন্তত: দুদিনৰ বাবে কোঠালি লোৱাটো বাধ্যতামূলক৷ এক কাটাৰী ৰিয়াল ভাৰতীয় ১৭ টকাৰ সমান হলে কোঠালি উপভোগ কৰাৰ মূল্য নিজেই বুজি লওক৷ ডোহাৰ কৰনীচৰ কাষত অৱস্থিত মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ কাষৰ সমুদ্ৰতীৰৰ পৰা মটৰবোটত বানানা আইলেণ্ডলৈ কুৰি মিনিটৰ দূৰত্ব৷কোনোবাই ইচ্ছা কৰিলে হামাড ইন্টাৰনেশ্বনেল এয়াৰপ’ৰ্টৰ পৰা হেলিকপ্তাৰৰ দ্বাৰাও সেউজী গছ-গছনিৰে ভৰা এই মোহনীয় বানানা আইলেণ্ডৰ ৰিচ’ৰ্টলৈ যাব পাৰে৷ ৰিচ’ৰ্টৰ আবাসীসকলে বিনামূলীয়া ব্ৰেকফাষ্টৰ বাহিৰে নিজৰ পচন্দৰ খাদ্য ৱেষ্টাৰ্ণ, এচিয়ান, ইটালিয়ান, আৰেবিয়ান ৰেষ্ট্ৰোৰাৰ পৰা ক্ৰয় কৰি খাব পাৰিব৷নানাধৰণৰ ইনডোৰ আৰু আউটডোৰ খেল-ধেমালি, সমুদ্ৰী ক্ৰীড়া, হেল্থক্লাব,জিম, চিনেমা,থিয়েটাৰ ,বটানিকেল গাৰ্ডেন, নৌকাবিহাৰ,শিশুৰ খেল-ধেমালি আদিৰ সা-সুবিধা ৰিচ’ৰ্টত পাব৷ মুঠতে ধন থাকিলে এই সকলো উপভোগ কৰিব পাৰিব৷ সঁচাই যোগ্যভোগ্য বসুন্ধৰা !
কেইমাহমানৰ আগতে হামাড ইন্টাৰনেশ্বনেল এয়াৰপ’ৰ্টৰ সমীপত এক ভয়াবহ মটৰ দূৰ্ঘটনা সংঘটিত হয়৷নিচান পাথফাইণ্ডাৰ গাড়ীখন এটি ফিলিপিনো পৰিয়ালে ইমাৰজেঞ্চি পাৰকিঙত ৰখাই তেওঁলোকৰ চৌডি আৰবৰ পৰা ফুৰিবলৈ অহা আলহী দুই নাৰ্চ যুৱতীক এয়াৰপ’ৰ্টৰ ৰূপৰেখা আৰু মানৱসৃষ্ট সৌন্দৰ্য দেখুৱাই গাড়ীত বহিবলৈ লৈছিলহি৷তেনেতে এজন ১৮বছৰীয়া স্থানীয় যুৱকে এখন তীব্ৰবেগী লেণ্ডক্ৰইচাৰ গাড়ীৰে তেওঁলোকক মহটিয়াইলৈ যায় ফলত গাড়ীখন যাত্ৰীসহ বেয়াকৈ অগ্নিদগ্ধ হয়৷ ফিলিপিনো দম্পত্তিহালৰ আৰু এবছৰীয়া সন্তানটিৰ থিতাতে প্ৰাণ যায়৷ দুই ফিলিপিনো নাৰ্চৰ পিছত চিকিৎসালয়ত মৃত্যু ঘটে৷ কাটাৰী যুৱকজনৰ বিশেষ একো জখম নহ’ল৷ অনুসন্ধানত ওলাল গাড়ীৰ ইঞ্চিৰেঞ্চৰ ম্যাদ দুমাহ আগতেই উকলি গৈছে৷ যুৱকৰ কোনো ড্ৰাইভিং লাইচেঞ্চ নাছিল আৰু সেই বিশেষ গাড়ীখনে যোৱা দেড়মাহৰ ভিতৰত ডজনৰো অধিক ট্ৰেফিক আইন উল্লংঘা কৰাৰ জৰিমণা ভৰিবলৈ বাকী ! এই লোমহৰ্ষক বেদনাদায়ক ঘটনাটোৱে কেবল ফিলিপিনো সমাজৰে নহয় আন আন দেশৰ নিবাসীসকলকো বহুদিনলৈ ম্ৰিয়মান কৰি ৰাখিলে৷ফিলিপিনো ৰাজদূতে মৃতদেহকেইটি দেশলৈ পঠোৱাৰ যাবতীয় ব্যৱস্থা কৰি দিয়ে৷ দোষীৰ দণ্ডৰ বাবে ফিলিপিনো চৰকাৰে আইনৰ সহায় লব বুলি ঘোষণা কৰিছে৷
ইয়াৰ ওপৰিও ৪জন বাচৰ বাবে ৰৈ থকা লোকক চৰকাৰী কাঁৰৱা চিটিবাচে বাচষ্টেণ্ডতে নিয়ন্ত্ৰণ হেৰুৱাই চেপি মৃত্যুমুখত পেলায়৷ যোৱা কেইমাহমানৰ পৰা দেশখনত কঠোৰ ট্ৰেফিক আইন থকা সত্বেও সঘনাই অনেক দূৰ্ঘটনা সংঘটিত হোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছে৷আনকি ফেচবুক আৰু টুইটাৰত কেইজনমান প্ৰবাসীয়ে কাটাৰ এৰি অইন দেশলৈ যোৱাৰ ইয়ো এটা কাৰণ বুলি উল্লেখ কৰা আমাৰ চকুত পৰিছে৷
মৰুৰ দেশত বৰষুণৰ বেচ কদৰ ৷ দেশী- প্ৰবাসী প্ৰায় সকলোৱে বৰষুণক উপভোগ কৰে৷ কিন্তু ২০১৪ৰ দুখন ছবি পাঠকক দেখুৱাব খুজিছোঁ য’ত বৰষুণৰ পানীয়ে বানপানী কৰা দেখা গৈছে৷আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে গম পালে কবই পাৰিব অকল অসমতেই হয় নেকি মৰুভূমিৰ দেশতো বানপানী হয় ! আচলতে ড্ৰেইনেজ চিষ্টেমৰ ত্ৰুতিৰ ফলত জোখতকৈ কিছু বেচি বৰষুণ হোৱাত হাইৱেৰ আন্দাৰ গ্ৰাউণ্ড টানেলত আৰু কিছু দ ঠাইত সাময়িকভাবে পানী জমা হৈছিল৷ ৷
কেইদিনৰ আগতে মিনিষ্ট্ৰি অৱ ইকনমিক্স এণ্ড কমাৰ্চৰ দলে আকস্মিক পৰিদৰ্শন কৰি জাপানীজ আৰু আমেৰিকান দুটা বিখ্যাত কোম্পানীৰ গাড়ীৰ শ্ব’ৰুমত তলা ওলমাই দিয়ে৷ হোণ্ডাই, নিচান এণ্ড ডোজ কোম্পানীত গৈ পৰিদৰ্শকে ধৰা পেলায় যে পূৰণি দূৰ্ঘটনা হোৱা গাড়ীকো ৰং আৰু মেৰামতি কৰি নতুন বুলি বেচিছিল৷ সচেতন গ্ৰাহকৰ অভিযোগ ভিত্তি কৰি এনে অসৎ কাৰ্য ধৰা পেলোৱাত ৰাইজে শলাগ লৈছে৷একেদৰে মিউনিচিপেলিটিৰ বিষয়াই ডোহাৰ প্ৰায় চাৰিকুৰি খাদ্য সামগ্ৰী বিক্ৰী কৰা দোকানত নিম্নমানৰ সামগ্ৰী দেখা পাই তলা বন্ধ কৰি দিছে৷ প্ৰত্যেক খাদ্য সামগ্ৰীত ম্যাদ লিখা থাকে, কোনো দোকানীয়ে ম্যাদ যোৱা সামগ্ৰী ৰাখিব নোৱাৰে৷ এই দেশৰ এনে কিছুমান লক্ষ্যনীয় প্ৰশাসনিক তৎপৰতা সৰ্বদা প্ৰসংশাযোগ্য৷
যোৱা বছৰৰ ২৭ফেব্ৰুৱাৰী দিনাৰ ডোহাৰ এখন টাৰ্কিছ ৰেষ্ট্ৰুৰেন্টৰ ৰান্ধনীৰ অসাবধানতাৰ ফলত গেছ চিলিণ্ডাৰ বিস্ফোৰন ঘটাৰ ফলত ১১জনলোকৰ প্ৰাণহানি আৰু ৩৫জন লোক জখমী হয়৷ৰান্ধনীকেইজন ওপৰত এতিয়া আদালতত বিচাৰ চলি আছে৷
কাটাৰত প্ৰায় বছেৰেকেই হ’ল স্পন্সৰশ্বিপ আৰু লেবাৰ আইনৰ সংশোধন হোৱাৰ দাবী আৰু আলোচনা আৰম্ভ হবৰ৷ বৰ্তমান আইনমতে নিয়োগকৰ্তাৰ অনুমতি অবিহনে কোনো কৰ্মচাৰীয়ে নিজৰ কৰ্মস্থল সলনি কৰিব নোৱাৰে৷ অন্যথাই দেশ এৰাৰ দুবছৰ হলেহে এজন ব্যক্তিয়ে আন চাকৰিত যোগদান কৰিবলৈ বুলি কাটাৰলৈ প্ৰত্যাবৰ্তন কৰিব পাৰিব৷ তদুপৰি নিয়োগকৰ্তাৰ অনুমতি (এক্সিত ভিছা) নহলে দেশ এৰিও যাব নোৱাৰে৷ ফলত বহু কৰ্মচাৰীয়ে কম দা-দৰ্মহা, কম সা-সুবিধাতেই কাম কৰি যাবলৈ বাধ্য হোৱা পৰিস্থিতিত চলি আছে৷ ২০২২চনৰ বিশ্বকাপৰ আয়োজন কৰিবলৈ লোৱা বিশ্বৰ এক নং চহকী দেশক এনে মানসিকতাই কদাচিত শোভা নাপায়৷ দক্ষিণ পূব এচিয়াৰ পৰা অহা কিছুমান বনুৱাই তেনেই কম মজুৰীত হাঁড়ভঙা শ্ৰম কৰি কষ্টকৰ জীৱন যাপন কৰি থকাতো এতিয়া আৰু বিশ্বৰ আগত গোপনীয়হৈ থকা নাই৷
ৰডেল ভিনলুৱান – এজন হামাড ইন্টাৰনেশ্বলেল এয়াৰপ’ৰ্টৰ যুৱা চিকিউৰিটি,ফিলিপিনো৷ তেওঁৰ তৎতপৰতাত এজন টাৰ্কিছ যাত্ৰীৰ প্ৰায় তিনিলাখ ৰিয়াল মূল্যৰ চুটকেচ এটা হেৰোৱাৰ পৰা উদ্ধাৰ হয়৷চিচি টিভিত চাই ৰডেলে ধৰা পেলায় যে ৬জন আনদেশৰ নাগৰিক যাত্ৰীয়ে সেইখিনি ভগাই ইটালিলৈ যোৱা বিমানত উঠিছিল৷অন্তিম মুহূৰ্তত উদ্ধাৰ কাৰ্য সম্পন্ন কৰা এই যুৱকজনক ফিলিপিনো ৰাজদূত আৰু কাটাৰ এয়াৰৱেজৰ মুখ্য বিষয়াই সন্মানিত আৰু পুৰস্কৃত কৰিছে৷

হত্যা,ধৰ্ষণ আদি ডাঙৰ অপৰাধ এই দেশত কদাচিতহে শুনা যায়৷২০১৪ৰ মাৰ্চ মাহত ল’ৰেন পেটাৰচন নামৰ ব্ৰিটিছ শিক্ষয়ত্ৰী এগৰাকী ৰহস্যজনকভাবে অন্তৰ্ধান হয়৷বদৰ হাচিম খামিজ আব্দুল অল জাবৰী নামৰ কাটাৰী এজনে আন এজন ডেকাৰ সহায়ত হত্যা কৰা বুলি অনুসন্ধানত ওলায়৷নিম্ন আদালতে দোষীজনক অলপতে মৃত্যুদণ্ডৰ ৰায় দিছে আৰু সহায়কাৰীক ৩বছৰৰ কাৰাবাসৰ হুকুম দিছে৷এতিয়া উচ্চ আদালতত অপৰাধীয়ে আপীল কৰা বুলি বাতৰি ওলাইছে৷

বৰ্তমান এই দেশত ইণ্ডিয়ান স্কুলত নাম ভৰ্তিৰ সমস্যা দিনক দিনে বাঢ়িব ধৰিছে৷ কাৰণ ভাৰতীয় চাকৰিয়াল পৰিয়ালৰ সংখ্যা ক্ৰমাত বাঢ়িবলৈ ধৰিছে৷ সেই অনুপাতে স্কুলসমূহত আসন বঢ়া নাই৷ অলপতে বাতৰি ওলাইছে ডোহাৰ এম ই এছ ইংলিছ স্কুল-য’ত ভাৰতৰ চি বি এচ ইৰ চিলেবাচ চলে-তাত ১০৪০০ ছাত্ৰছাত্ৰীয়ে অধ্যয়ণ কৰে৷ স্কুলৰ অনুমতি কিন্তু ৫৪০০জনৰ বাবেহে৷ যোৱা দুবছৰে এই স্কুলখনে নতুন ছাত্ৰ-ছাত্ৰী ভৰ্তি কৰিবলৈ শিক্ষাবিভাগৰ অনুমতি পোৱা নাই৷ নতুন কেম্পাচ খুলিলেহে এই পপুলাৰ স্কুলখনে আৰু ছাত্ৰ ভৰ্তি কৰাৰ অনুমতি শিক্ষা বিভাগৰ চুপ্ৰিম কাউঞ্চিলৰ পৰা পাব বুলি সংবাদটোত প্ৰকাশিত হৈছে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!