কাটাৰৰ ডায়েৰী ( ডা০ ভূপেন শইকীয়া )

10563035_942958885724734_3497701221779222570_n

 

পুৱতি নিশাই আৰম্ভ হোৱা বৰষুণজাক এতিয়াও থমা নাই৷ৰাস্তাত ঠায়ে ঠায়ে কিছু পৰিমাণে পানী জমা হৈছে৷গাড়ীসমূহে ৱাইপাৰ চলাই ধীৰ গতিৰে লক্ষ্যস্থান অভিমুখে অগ্ৰসৰ হৈছে৷কাটাৰত শীতৰ এতিয়ালৈ অন্ত পৰাই নাছিল৷মানুহৰ মুখে মুখে কোৱাকুৱি চলিছে – এয়া বতৰ সলনি হোৱাৰ লক্ষণ৷বৰষুণ এৰিলেই গ্ৰীষ্মকাল আৰম্ভ হব৷
বিগত দিনকেইটাৰ কেইটিমান উল্লেখযোগ্য সংবাদ হ’ল – কাটাৰৰ ৭৫খন ফাৰ্মাচী চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে বিনা প্ৰেচকিপচনে দৰব বেচাৰ বাবে বন্ধ কৰি দিছে৷এন্টিবায়টিক আৰু ভায়েগ্ৰা এই দুইবিধ দৰব বেচিকৈ ডাক্তৰৰ নিদানপত্ৰ নোহোৱাকৈ বিক্ৰী হোৱা ধৰা পৰিছে৷ শেহতীয়া তথ্যমতে বিক্ৰী হোৱা এনে ডেৰলাখ ঔষধৰ বিপৰীতে ৫০হাজাৰখনহে প্ৰেচক্ৰিপচন পোৱা গৈছে৷স্বাস্থ্য বিভাগৰ এনে তৎপৰতা প্ৰসংশনীয় যদিও এই দেশত একেবিধ দৰবৰ মূল্যৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ নোহোৱাৰ ফলত বেলেগ বেলেগ ব্ৰেণ্ডৰ মূল্যত কেইবাগুণো তাৰতম্য হোৱাটো গ্ৰাহকৰ বাবে ক্ষতিকাৰক৷

আন এটি গুৰুত্বপূৰ্ণ সংবাদ হ’ল কাটাৰত অলপতে প্ৰধানমন্ত্ৰীৰ দ্বাৰা পুলিচ একাডেমিৰ উদঘাটন৷ ১৩০জন ছাত্ৰৰ বাবে চাৰি বছৰীয়া ডিগ্ৰী কোৰ্চৰ পাঠদান চেপ্তেম্বৰৰ পৰা আৰম্ভ হব৷ কেইটিমান চিট আন আৰবী দেশৰ ছাত্ৰৰ বাবে সংৰক্ষিত থাকিব বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা ঘোষণা কৰা হৈছে৷

10615534_942958719058084_6510953143896341664_n

 

 

আৰু আটাইতকৈ উল্লেখযোগ্য বাতৰিটো হ’ল ডোহাৰ কাটাৰা সাংস্কৃতিক ভিলেজত পালিত দুদিনীয়া ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল৷ কাটাৰৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ১৯আৰু ২০মাৰ্চত দুদিনীয়াকৈ পালিত হয় ‘ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল’৷ ভাৰতীয় দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰ হ’ল শতাধিক অৰাজনৈতিক সামাজিক মান্যতাপ্ৰাপ্ত গোটৰ সমষ্টি৷ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সংগঠন কাটাৰৰ অসম সমাজেও ইয়াত অংশগ্ৰহণ কৰি নিজৰ অস্তিত্ব সফলতাপূৰ্বক প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়৷১৯ মাৰ্চৰ বিয়লি ৪বজাত উৎসৱ মুকলি কৰে কাটাৰৰ ভাৰতীয় ৰাজদূত শ্ৰীসঞ্জীৱ অৰোৰাৰ সৈতে কাটাৰা সাংস্কৃতিক ভিলেজৰ মুৰব্বী খালিড বিন ইব্ৰাহিম অল চুলটানিয়ে৷ বুলগেৰিয়া আৰু দক্ষিণ কোৰিয়াৰৰ ৰাজদূতো উদ্ধোধনী অনুষ্ঠানৰ সন্মানিত অতিথিস্বৰূপে উপস্থিত আছিল৷অতিথিসকলক পুষ্পবৃষ্টিৰে স্বাগতম জনোৱাৰ পিছত ভাৰতবৰ্ষৰ নানাৰঙী নৃত্যৰ এটি সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷ উৎসৱথলীত নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ আৰ্হিত এটি বিশাল তোৰণ নিৰ্মাণ কৰি উলিওৱা হৈছিল৷ নিশাৰ আলোকসজ্জা আৰু ভাৰতীয় তিৰংগাই চৌদিশে এক অপূৰ্ব পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ বিশিষ্ট অতিথিসকলক ভাৰতবৰ্ষৰ ৰাজদূতৰ সৈতে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী গিৰিশ কুমাৰে ষ্টলসমূহ পৰিদৰ্শণ কৰিবলৈ সংগ দিয়ে৷ প্ৰত্যেক গোটেই ষ্টলসমূহত নিজৰ প্ৰদেশৰ দৃশ্যাৱলী ফুটাই তুলিবলৈ প্ৰয়াস কৰিছিল৷ অসমৰ ষ্টল সজোৱা হৈছিল বাঁহ-কাঠৰ হস্তনিৰ্মিত কুটীৰ সামগ্ৰী, গামোছা, জাপি আৰু আন নানা ধৰণৰ বস্ত্ৰৰে৷ অতিথিসকলক গামোছা, এখনি স্মৰণিকা আৰু আন উপহাৰেৰে আদৰণি জনোৱা হয়৷ ৰাজদূত সঞ্জীৱ অৰোৰাই ‘অসম সমাজ’ বিগত বছৰ সমূহত উল্লেখনীয় অৱদান আগবঢ়াই অহা এটি সক্ৰিয় গোট বুলি বিদেশী অতিথিসকলৰ আগত পৰিচয় দাঙি ধৰে৷ দুয়োদিনাই নিশাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন হয় কাটাৰৰ ভব্য এম্পি থিয়েটাৰত৷ ইয়াত ডোহাৰ ভাৰতীয় স্কুলসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে আৰু বিভিন্ন প্ৰদেশৰ গোটসমূহে মোহনীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি ৫সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ উল্লেখযোগ্যযে প্ৰথম নিশা স্থানীয় ডিপিএচ স্কুলৰ বিদ্যাৰ্থীসকলে আৰু দ্বিতীয় নিশা কাটাৰৰ অসম সমাজৰ যুৱতীৰ দলে বিহুনাচ প্ৰদৰ্শন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷বিহুনাচত ভাগ লোৱা শিল্পী কেইগৰাকী আছিল কাটাৰ এয়াৰবেজৰ কেবিন ক্ৰু ডেইজি দলে আৰু শাশ্বতী লগতে অলখোৰৰ স্কুলীয়া ছাত্ৰী কৃষ্টি দাস৷

এই সাংস্কৃতিক মহোৎসৱতেই দৰ্শক আৰু বিশিষ্ট অতিথিৰ সন্মুখত কাটাৰৰ অসম সমাজৰ দ্বিভাষিক বাৰ্ষিক স্মৰণিকা “নেদেখা সোণালী সূতাৰে বন্ধা”ৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন কৰা হয়৷ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি গিৰিশ কুমাৰ আৰু আই চি চিৰ মেনেজিং কমিটিৰ সমূহ সদস্যই এই উন্মোচনীত ভাগ লয়৷ কাটাৰৰ ওপৰিও বিশ্বৰ বিভিন্ন প্ৰবাসী অসমীয়াৰ বিভিন্ন স্বাদৰ লিখনিৰে সমৃদ্ধ এই স্মৰণিকাখনিৰ অনলাইন পিডিএফ প্ৰতিলিপি কাটাৰৰ অসম সমাজৰ ৱেবচাইটতো (www.assamsocietyqatar.org) আগ্ৰহী পাঠকসকলৰ বাবে উপলব্ধ কৰা হৈছে৷
দুদিনীয়া এই উৎসৱত উপস্থিত হোৱা দৰ্শকৰ সংখ্যা ৬০হাজাৰৰ অধিক আছিল বুলি নিৰ্ভৰ যোগ্যসুত্ৰৰ পৰা জনা গৈছে৷ অলপতে কাটাৰৰ আমীৰ ভাৰত ভ্ৰমণলৈ যোৱাৰ কথা৷ আমীৰৰ যাত্ৰাৰ প্ৰাক মুহূৰ্তত এনে উৎসৱে নিশ্চিতভাবে দুই দেশৰ মাজত সম্প্ৰীতি আৰু সদভাৱনাৰ বান্ধোন সুদৃঢ় কৰাত সহায়ক হব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!