“কাব্য সাহিত্য বিশেষ” – পিঁয়াজ (অঞ্জল বৰা)

“কাব্য সাহিত্য বিশেষ”

পিঁয়াজ

 

 

 

পিঁয়াজ এবিধ পাচলি নহয়

এক জলন্ত সমস্যাৰ নাম পিঁয়াজ

মূল্যহীন মানুহৰ বজাৰত

ৰাজনৈতিক বাদ-বিবাদৰ নাম পিঁয়াজ।

 

পিঁয়াজৰ প্ৰতিটো তৰপত

লুকাই থাকে

ৰাজনীতি, অৰ্থনীতি, দুৰ্নীতিৰ নেদেখা খবৰ

এমুঠি চাউলৰ বাবে দুখৰ চকুলোৰে

বাট নেদেখা কোনো দৰিদ্ৰৰ চকুলোক

উপহাস কৰে পিঁয়াজে

সুখ আৰু দুখৰ চকুপানীৰ নাম পিঁয়াজ।

 

পিঁয়াজ কেৱল এবিধ গুলপীয়া পাচলি নহয়

পিঁয়াজত নাথাকে চকুপানী

পিঁয়াজৰ তৰপতে মাথোঁ লুকাই থাকে

কোনো মধ্যভোগী দালালৰ জটিল সমীকৰণত পিষ্ট

হাড়ভঙা খেতিয়কৰ পানী যেন দেহৰ ঘাম।

 

পিঁয়াজ খাদ্য নহয়

পিঁয়াজ ভোক নহয়

পিঁয়াজ এক মুখৰ বিলাসিতা

পিঁয়াজৰ চকুপানী মাথোঁ এতিয়া

সুখ আৰু প্ৰাচুৰ্য্যৰ উচ্চাকাংক্ষা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!