“কাব্য সাহিত্য বিশেষ” – ভূপেনদালৈ সশ্ৰদ্ধ প্ৰণাম…..এটি গীতেৰে (শৰৎ বৰকাকতি)

“কাব্য সাহিত্য বিশেষ”

ভূপেনদালৈ সশ্ৰদ্ধ প্ৰণাম…..এটি গীতেৰে

 

 

 

হে শিল্পী, হে সুধাকণ্ঠ

অসমীয়া আমি প্ৰতিজনৰ

তেজে তেজে বয়

তোমাৰ সুৱদী গীতি ছন্দ

লুইতৰ ঢৌৱে ঢৌৱে

বিশ্ব বিয়পি যায়

ভাষা, সুৰ, কণ্ঠৰ

সুললিত সমাহাৰ

মৰমৰ যাদুসনা মন্ত্ৰ

 

কোনটো ব’হাগে

বৰদৈচিলা হৈ তোমাৰ গীতে, মাতে

নাচি উঠা নাই

কঁহুৱা বনে সুৰ হৈ কাৰ

মন অশান্ত কৰা নাই

স্বদেশৰ কি ছবি সুধাকণ্ঠ

তোমাৰ গীতত হোৱা নাই মূৰ্ত

 

শীতত কঁপি উঠা

মানুহৰ বাবে তুমি

বহল বুকুৰ উত্তাপ

বিভেদৰ বিপৰীতে

সমন্বয়ৰ বাণী

সাহসৰ সুৰ-সংলাপ

অমৰ জ্যোতি তুমি

প্ৰেৰণাৰ উৎস

প্ৰণাম তোমাক- হে শিল্পী

হে সুধাকণ্ঠ

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!