কিনো তোমাৰ লীলা ..( জয়শ্ৰী এম গগৈ )

ননী দৌৰা দৌৰি কৈ গৈছে৷
মই দেখি অবাক! যিজনী ছোৱালীয়ে বিয়াৰ পিছতো জিনচ পিন্ধিব নোৱাৰিম বুলি হ’বলগীয়া বিয়া খন ভাগিছে! তাই মেখেলা চাদৰ পিন্ধি, এখন কান্ধত ডাঙৰ ফুলাম গামোচা এখন ( সম্ভৱ বাণিজ্য মেলাত কিনা! )
লৈ কেনিও নোচোৱাকৈ গৈছে৷ মাজে মাজে পাছফালে চাই তললৈ মেখেলাৰ পতা উভতি গৈছে নেকি?

মই বোলো–” ননী? ? বাহ! বৰ ধুনীয়া লাগিছে তোমাক এই সাজত৷ পিছে কলৈ যোৱা ইমান কোবাকোবিকৈ?”

তাই মোক দেখি অকণমান অপ্ৰস্তুত হৈ কলে–” নহয় মানে নামঘৰৰ পৰা আহোঁ৷ ভাদ মহীয়া নাম লৈছে নহয় আইসকলে, সেৱা এটা কৰি আহোঁ৷
” মই আৰু বেছি অবাক৷ মুখ খন মেল খাই ভেবা লাগি তাইলৈ চাই থাকোঁতে তাই খৰধৰকৈ গুচি গ’ল৷
বাটত ননীৰ মুখত উচ্চাৰিত হোৱা কেইটিমান শব্দই মোৰ মগজুটোক আমনি কৰি থাকিল!
নামঘৰ ( তাইৰ ভাষাত এলেহুৱা মানুহৰ স্থান )
ভাদ মাহ ( তাই দেখোন অসমীয়া বাৰ মাহৰ নাম মুখতে নুফুটে বুলি কয় )
আই সকল ( আউট ডেটেড বুঢ়ী, যিসকলে আধুনিক পৃথিৱীৰ কথা নাজানে )
সেৱা? ( এই পৃথিৱীত ভগৱান বুলি কিবা আছে তাই হেনো নামানে )
তেন্তে? ? ? ? ? ?
মোৰ মূৰটো ঘূৰি যোৱা যেন লাগিল৷ তথাপিও ভাবিলোঁ! নিজকে ধিক্কাৰ দিলোঁ৷
ননী সলনি হৈছে, নিজৰ সংস্কৃতিৰ প্ৰতি টান আহিছে ভাল হে৷ কিনো আবোল তাবোল ভাবি আছোঁ!
চিকমিকিয়া সন্ধ্যা লাগিল ননীৰ কথা ভাবি ভাবি৷
এনেতে কোনোবা এগৰাকীয়ে কিবা কোৱা যেন লাগিল মোক৷
মই বাৰাণ্ডাৰ পৰা ভালদৰে চিনিব নোৱাৰি আগুৱাই গলো৷ ননী! ফোনত হে তাই কথা পাতি পাতি নামঘৰৰ পৰা উভতি গৈছে৷
ময়ো মোক মাত দিয়া নাই বুলি জানি গেটখন লগাই উভতিব লৈছোঁ আৰু ……কাণত পৰিল! ! !
মই শুনি লৈ বাৰান্দাতে ধুপুচ কৈ বহি পৰিলোঁ৷ তাই কৈ কৈ গৈ থাকিল …..
..
..
..
এ কি কোৱা, আজিকালি এফ বি ত এই ধৰণৰ ফটোবোৰ দিলে বহ্ হুত লাইকচ্ আহে জান্না?
ভাল ইম্প্ৰেশ্যন পৰে৷ মই আজি নামঘৰত বুঢ়ী কেইটা লগত কিম্মান যে চেলফি লৈছোঁ না৷ যিটো একদম বেষ্ট আহে সেইটোহে দিম৷ চাবা এইবাৰ মই থাউজেণ্ড আপ লাইকচ্ এণ্ড কম্মেণ্টচ্ পামেই পাম!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!