কি যে অদ্ভূত!! (উদ্দীপ তালুকদাৰ)

Uddip Talukdar

কি যে অদ্ভূত!!
নিউজ লাইভত এটা অনুষ্ঠান এতিয়া দেখুৱাই আছে। এটা পিন্ধা মাদলী (pendant)। কোৱাণ্টাম এনাৰ্জি মাদলী ! এইটো পিন্ধিলে কোৱাণ্টাম এনাৰ্জি স্কেলাৰ এনাৰ্জি হৈ (এইটো যদি বুজা নাই নিউটনৰ তৃতীয় গতিসূত্ৰক আলুৰ লগত পিটিকা কৰি খাওঁক) চৌ-চোৱাই আপোনাৰ দেহৰ ভিতৰ সোমায়। গাটো ভাল লাগে। মন চনচনীয়া হৈ উঠে। জোৰ শক্তি বাঢ়ি যায়। টিভিত দেখুওৱা মতে, চাৰিজন মানুহে ডাঙিব নোৱাৰা মানুহ এজনক সেই চাৰিজনে বিছ ছেকেণ্ড কবচটো ধাৰণ কৰাৰ পাছত ডাঙিব পৰা হৈ যায়।
যি দেখুৱালে তাত মই আপত্তি কৰা নাই। কৱচৰ লগত জড়িত নথকা ডা. হিতেশ বৰুৱা আৰু পদাৰ্থবিজ্ঞানৰ অধ্যাপক (ক্ষেমিব। মই নামটো দেখা নাপালো।) দুয়োজনেই কৱচৰ ব্যৱসায়ী দুজনৰ আগতে ধুনীয়াকৈ কৈ দিলে এইটোৱে একো কাম দিয়া নাই। কিন্তু মই যিটো কথা লক্ষ্য কৰিলো, সেয়া হ’ল, ব্যৱসায়ী দুজনে অদ্ভূত কিবা-কিবি যুক্তি দেখুৱাই কৈ আছে সেইটোৱে সেই সময়ত কাম নকৰাৰ কাৰণ । আনহাতে অধ্যাপকজনে কৈছে, “মই অবিশ্বাস কৰা বুলি কোৱা নাই, কিন্তু এইটোৱে অন্তত: মোৰ লগত একো কাম কৰা নাই।”
আমোদজনক বুলি এইকাৰণেই কৈছোঁ, তেখেতে চিধাই কৈ দিব পাৰিলেহেঁতেন যে ‘এইটো মই একেবাৰে অবিশ্বাস কৰিছোঁ । মই মুঠেই নামানো ।’ কিন্তু তাকে কওঁতে তেখেতে মুখ লজ্জাকণ বজাই ৰখাত ক্ৰুটি কৰা নাই। কিন্তু এনে ধৰণৰ অনুষ্ঠানত মুখলজ্জা আদি বজাই ৰখাতকৈ চিধা-চিধি কৈ দিয়াটোৱেই ভাল নহয় জানো ?
নেটত আৰু অলপ খুচৰিলোঁ, আৰু কিছুমান আমোদজনক তথ্য পালোঁ। যেনে: এই ধৰণৰ কৱচৰ ব্যৱসায় যোৱা তিনি বছৰৰপৰা চলি আহিছে। আৰু তেওঁলোকৰ বিজ্ঞাপনৰ প্ৰধান উপায় হৈছে, টেলিব্ৰেণ্ডছৰ দৰে শ্ব’ত কৱচটোৰ গুণাগুণ দেখুওৱা। নিউজ লাইভৰ অনুষ্ঠানত কিন্তু বিজ্ঞাপনৰ দৰে দেখুওৱা হোৱা নাই। বৰং আলোচনাই হৈছে। কিন্তু তাত মুখলজ্জা বজাই ৰাখি অধ্যাপক এজনে মন্তব্য দিলে ৰাইজে ভুল বুজাৰ থল থাকে। ‘মই অবিশ্বাস কৰা নাই’ বুলিলে ‘মই বিশ্বাস কৰিছোঁ, কিন্তু…’ এইটোহে বুজায় ।
শেষত কথা এটা মনত খেলালে, এই কৱচটো বস্তা কঢ়িওৱা শ্ৰমিকবিলাকক কোম্পানীটোৱে বিলাই নেযায় কিয় ? এমাহ পাছত দেখিব এজনে একোখন ট্ৰাক ডাঙি ডাঙি নিয়া আৰম্ভ কৰিছে!! ক’বলৈ পাহৰিছিলোৱেই, যিমানে বেছিদিন পিন্ধে কৱচৰ শক্তি সিমানে বাঢ়ি যায়!
কিযে অদ্ভূত !!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!