‘কুইন’ সংবাদ -(দেৱ প্ৰতীম হাজৰিকা)

কুইনসংবাদ

-দেৱ প্ৰতীম হাজৰিকা

 


দিল্লীৰ এজনী সাধাৰণ, সহজ-সৰল ছোৱালী ৰাণী। হিন্দীত কোৱাৰ দৰে ‘বেহেনজী টাইপ’। বিয়া কৰিবলৈ ওলাইছে বহুদিনীয়া প্ৰেমিক বিজয়ৰ লগত। বহুতো ভাৱনা চিন্তাই তাইৰ মনটোৰ লগত আহি খেলিবলৈ ধৰিছেহি, ভাবিছে বহুতো কথা; এজনী সাধাৰণ ছোৱালীয়ে বিয়াৰ আগতে ভবাৰ দৰে। প্ৰথম দৃশ্যতেই দেখা পাব ৰাণীৰ আইতাকৰ লগতে কেইগৰাকীমান বৃদ্ধাই এটা প্ৰসিদ্ধ গীতত নৃত্যৰ অনুশীলন কৰি আছে। হ’বলগীয়া এই বিয়াখনকলৈ ৰাণী তথা তাইৰ সহজ সৰল ‘মিঠাইৱালা’ পৰিয়ালৰ সকলো লোকেই উৎফুল্লিত।

কিন্তু ‘ষ্টেটাছ’ৰ দোহাই দি লণ্ডনত কৰ্মৰত বিজয়ে বিয়াৰ এদিন আগত ৰাণীক দিলেহি এটা দুঃসংবাদ। অকস্মাত বিজয়ে আৱিষ্কাৰ কৰিছিল যে সহজ সৰল ৰাণী তাৰ লগত বিয়াত বহিবলৈ অনুপযুক্ত।

এই দুঃসময়ত ভাগি পৰিছিল ৰাণী তথা তাইৰ পৰিয়ালৰ সকলো লোক। কিন্তু সকলোকে আচৰিত কৰি ৰাণীয়ে পৰিয়ালবৰ্গক নিজৰ এটা বহুদিনীয়া ইচ্ছাৰ কথা কৈছিল। সেইয়া আছিল পেৰিচ আৰু আমষ্টাৰ্ডামলৈ হনীমুন কৰিবলৈ যোৱাৰ, তাকো অকলে।

তাৰ পাছতেই আমি দেখা পাম ভাগি পৰা ৰাণীয়ে বহুদিনীয়া এক আশা পূৰণৰ বাবে যাত্ৰা কৰে সুদূৰ পেৰিচলৈ। অজান দেশত নাই কোনো চিনাকি, নাজানে সেই দেশৰ ভাষা। এক অৰ্থত ‘বেহেনজী’ ৰাণীৰ বাবে এক কঠিন মুহূৰ্ত। সেই কঠিন সময়ত ৰাণীৰ সহায়ক হয় বিজয়লক্ষ্ণী নামৰ এগৰাকী অবিবাহিতা মাতৃ। খামখেয়ালী স্বভাৱৰ বিজয়লক্ষ্ণী ৰাণীৰ এজনী ভাল বান্ধবী হৈ পৰে। তাইৰ লগত থাকি জীৱনটোক এটা বেলেগ ৰূপত দেখে ৰাণীয়ে। কেতিয়াও কৰি নোপোৱা কিছুমান কাম কৰিবলৈ আৰম্ভ কৰে। এক কথাত এক বান্ধোনৰ পৰা মুক্ত হৈ পৰে, হেৰোৱা সাহস পুনৰ ঘুৰাই পাইছিল তাই। কিছুমান নতুন নতুন অভিজ্ঞতা লাভ কৰিবলৈ আৰম্ভ কৰিছিল ৰাণীয়ে।

এইবাৰ ৰাণীৰ যাত্ৰা আৰম্ভ হয় পেৰিচৰ পৰা আমষ্টাৰ্ডামলৈ। আকৌ এক নতুন পৰিবেশ, নতুন মানুহ, নতুন ভাষা। লাহে লাহে সাহস ঘুৰাই পাবলৈ আৰম্ভ কৰা ৰাণীয়ে এইবাৰ লগ হ’ল ভিন্ন দেশৰ তিনিজন যুৱকৰ সৈতে, যি আছিল তাইৰ ৰুমমেট। প্ৰথমে সংকোচবোধ কৰা ৰাণী লাহে লাহে এই তিনিজনৰ ভাল বন্ধু হৈ পৰিল। ৰাছিয়া,  জাপান আৰু ফ্ৰান্স দেশৰ তিনিজন বন্ধুৰ সৈতে জীৱনৰ আন এটা ৰূপৰ লগত পৰিচয় ঘটিছিল ৰাণীৰ। কিছুমান নতুন কাম কৰিবলৈ লৈছিল যিবোৰ কৰাত আগতে পাইছিল বাধা। ‘বেহেনজী’ মনোভাৱৰ পৰা তাই মুক্ত হৈছিল। ৰাণীয়ে এক নতুন ৰূপ ধাৰণ কৰিছিল।

আপুনি হাঁহি বাগৰি পৰিব যেতিয়া দেখিব সহজ সৰল ৰাণীয়ে অতি সৰলতাৰে কেইটামান সামগ্ৰী কিনে এখন ‘ছেক্স টয়’ দোকানৰ পৰা আৰু কিনাৰ কাৰণ দোহায় এজনী আকৰীৰ দৰে। বিদেশী বন্ধুকেইজনক ‘ছান্টা-বান্টা’ৰ আমিষ(নন-ভেজ) কৌতুক বুজোৱাৰ দৃশ্যও আছিল অতি আমোদজনক। ৰাণীৰ সৰু ভায়েক আৰু বিজয়লক্ষ্ণীৰ মাজৰ ‘কেমেষ্ট্ৰী’ৰ পৰা আৰম্ভ কৰি ইটালীয়ান ৰেষ্টোৰা মালিকজনৰ আৰু ৰাণীৰ মাজৰ কথোপকথন আদিকে ধৰি কথাছবিখনত আছে বহুতো হাঁহিৰ খোৰাক।

কিন্তু পদে পদে দুঃসংবাদটোৱে তাইৰ পিছা লৈছিল। কিন্তু তাই বুজি উঠিছিল এটা দুঃসংবাদে এটা জীৱন কেতিয়াও শেষ কৰিব নোৱাৰে। জীৱনত কৰিবলগীয়া বহুতো আছে। বহু নতুন অভিজ্ঞতা লৈ ৰাণী আকৌ ঘুৰি আহিছিল নিজৰ দেশলৈ। এই দুঃসংবাদৰ পৰিৱৰ্তনৰ বাবে ঘুৰি আহিছিল বিজয়, কিন্তু তেতিয়ালৈ বহু দেৰি হৈছিল, এতিয়া ৰাণী আগৰ ‘বেহেনজী’ৰূপী আঁকৰী হৈ থকা নাছিল। এজনী নতুন ৰাণীৰ ইতিমধ্যে জন্ম লাভ হৈছিল। এতিয়া ৰাণী মুক্ত, আৰম্ভ হৈছিল তাইৰ এক নতুন জীৱনৰ।

চিনেমাখন আছিল এক যাত্ৰা, নিজকে আৱিষ্কাৰ কৰাৰ এক কাহিনী। দিল্লীৰ ৰাজৌৰি গাৰ্ডেনৰ এজনী সাধাৰণ ছোৱালী ৰাণীয়ে শেষত নিজকে বিচাৰিবলৈ সক্ষম হৈছিল। তাই বিজয়ী হৈছিল, এই বিজয়ে তাইৰ লগতে সকলো দৰ্শকৰ মুখত হাঁহি বিৰিঙাইছিল।

উপসংহাৰ: বোলছবিখনত সম্পূৰ্ণ এক বেলেগ ৰূপত দেখা পালো ‘ৰাণী’ৰ ৰূপত অভিনয় কৰা কংগনা ৰনাৱতক। অভিনয়নত দেখা নাপালো কোনো ধৰণৰ জড়তা। এক কথাত ক’বলৈ গ’লে ছবিখন আছিল সম্পূৰ্ণভাৱে কংগনা ৰনাৱতৰ। ভাল অভিনয়ৰ কাৰণে জনাজাত কংগনাৰ অভিনয় জগতৰ ক্ষেত্ৰত এইখন হ’ব এক উল্লেখযোগ্য কথাছবি। ‘বিজয়লক্ষ্ণী’ ৰূপত লিজা হেইডেনৰ অভিনয়ত দেখা পালো এক নতুন চমক। ‘বিজয়’ৰূপী ৰাজকুমাৰ ৰাৱৰ অভিনয় আছিল প্ৰশংসনীয়। লগতে আন আন চৰিত্ৰসমূহৰ অভিনয়ত দেখা নাপালো কোনো ধৰণৰ অতিৰঞ্জিত অভিনয়। এক সৰল কাহিনীৰ এক সুন্দৰ উপস্থাপন কেনে হ’ব লাগে এই ছবিখন চালেই বুজিব পৰা যায়। ‘চিল্লৰ পাৰ্টী’ৰ যোগেদি নিৰ্দেশনা জগতত খোজ পেলোওৱা বিকাশ বেহেলৰ নিৰ্দেশনা আছিল অতি সুন্দৰ। ভাল সংগীত এখন কথাছবিৰ কাৰণে অতি প্ৰয়োজনীয়, এই ক্ষেত্ৰত অমিত ত্ৰিৱেদীয়ে কোনোধৰণৰ কৃপণালি কৰা দেখা নগ’ল। প্ৰতিটো গানেই আছিল মনোমোহা। এক কথাত ক’বলৈ গ’লে বহু বছৰৰ মূৰত সকলো ফালৰ পৰা ‘কুইন’ হ’ল এখন সফল কথাছবি, চোৱাৰ শেষত মনত নাথাকিব কোনো ধৰণৰ অনুশোচনা, মনলৈ আহিব এক ‘ফিল গুড’ ধৰণৰ অনুভৱ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!