কুশলদা (জয়ন্ত শৰ্মা)

ছিপ কাটি দিয়াৰ পৰা বৰশী গাঁঠি দিয়ালৈকে, শুকান কলছোচনিয়ে হওক বা জোপোহা কোবায়ে হওক নাঁৱৰীয়া বৰলৰ বাঁহ বিচৰাৰ পৰা টোপ গাঠি দিয়ালৈকে সকলো বিলাক কুশঁল দায়ে শিকাঁইছিল৷ কি মাছে কি টোপ ভাল পায়, পুঙাটো কিমান ত গাঠিলে মাগুৰ মাছ, কিমানত গাঠিলে শিঙি৷ বৰশীটো পটাৰ আগতে সূতাডাল টানি ছিপৰ আগেৰে পানীখিনি ঘোঁটালি কেনেকৈ মাছৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে এই সকলো বিলাক কুশঁল দায়ে শিকাইছিল৷ এককথাত বৰশী বোৱাটো যদি বিদ্যা বুলি ধৰোঁ তেন্তে মোৰ এই বৰশী বিদ্যালয়ৰ একমাত্ৰ শিক্ষক আছিল এই কুশঁল দা৷ পাৰদৰ্শী শিক্ষক পাই ছাত্ৰও পাকৈত বৰশীবিদ হোৱাত দেৰি কৰা নাছিলো৷ আনকি পুঙা টনাৰ স্পীড দেখিয়েই মাছৰ আকৃতি অনুমান কৰিব পৰা হৈছিলো৷ আমাৰ ঘৰৰ মেছত থাকি কলেজত পঢ়া কুশল দা আৰু মোৰ শুই উঠি প্ৰথম কামটোৱেই আছিল ৰাতি পাটি থোৱা বৰশী ছেক কৰা৷ বেছিদিনেই কিন্তু মাছে কুশলদাৰ বৰশীতহে ওলমিছিল৷ কলেজত যোৱাৰ আগে আগে দাদাই বৰশী দুটাত আকৌ টোপ লগাই পাতি থৈ যায় পিছবেলাৰ সাঁজৰ বাবে৷
সিদিনা মই স্কুলৰ পৰা সোণকালে আহি পালোঁ৷ মোৰ বৰশীৰ টোপ খাই থৈছে৷ কুশলদাৰ টো ছালো৷ মেটেকাৰ ছোপ এটাৰে সৈতে জোটপোট হৈ লাগি আছে এটা মাগুৰ৷ বহুদেৰি বায়ো সিদিনা মাছ নাপালো৷ কুশল দা আহি নোপোৱাত ময়ো গুছি আহিলো৷ ঘৰত আহি গম পালো যে দাদা দুদিনৰ বাবে ঘৰলৈ গৈছে৷ বাৰে বাৰে দাদাৰ বৰশীৰ নাছি থকা মাছটো মনত পৰিবলৈ ধৰিলে৷ মাজে মাজে মাছটো দাঙি ছাও৷ ইতিমধ্যে মনৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছে৷ দাদা দুদিনৰ মূৰতহে আহিব তেতিয়ালৈ মাছটো কিবাই খাই পেলাব গতিকে ময়ে নিও আকৌ ভাবো লোকৰ মাছ যি হয় হওক মই নিলে চোৰ কৰাহে হব৷ কিন্তু শেষত লোভৰে জয় হ’ল৷ মাছটো আনিলো যদিও পাপবোধ হব ধৰিলে৷ ৰাতিলৈ মই মাছটো নাখালো৷ অকল সেই দিনাই নহয় ২৫ বছৰ ধৰি কুশল দাক আকস্মিক ভাবে লগ নোপোৱালৈকে মই আৰু মাগুৰ মাছ নাখালো৷ মাগুৰৰ নিচিনা দেখি বাবেই শিঙিমাছো খাবলৈ বেয়া লগা হ’ল৷
কুশলদাৰ ওচৰলৈ যাবলৈও সংকোচ লগা হ’ল৷ মই চোৰ মই চোৰ ভাব এটা অনবৰত লাগি থকা হ’ল৷ চেভেনৰ বৃত্তি পৰীক্ষাও ওচৰ ছাপি আহিল৷ বৰশী বিদ্যাৰ সাধনা সিমানতে এৰি ফুটবল খেলিব যোৱা হ’লো৷ কিছুদিন পিছত কুশল দাও গলগৈ৷
ডাঙৰ দাদাক নাৰায়নাত ভৰ্তি কৰা ৫ দিন হল৷ ষ্ট্ৰোক৷ মই ৰখীয়া৷ বাকী বিলাক attendant ৰ লগতো চকুৰ চিনাকি যেন হৈছে৷ মানুহজন ক দেখি কৰবাত যেন দেখিছো তেনে লাগে৷ এবাৰ মানুহজনে ফ’নত কথা কোৱা শুনিলো৷ মাতটো যেন চিনাকি৷ হাতত থকা ডাঙৰ খাম টোত নাম টো দেখিলো৷ কুশল শৰ্মা, দলা, টংলা৷ চকুৰ আগত মাগুৰ টো ভাহি উঠিল৷ বহুত কথা পাতিলো৷ যোৱা ২৫ বছৰৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!