কৃতজ্ঞতাৰ পৃষ্ঠা (শশধৰ ডেকা)

( শ্ৰদ্ধাৰ শিল্পী ড০ ভূপেন হাজৰিকাৰ ৮৫ তম জন্মদিৱস উপলক্ষে)

গাঁৱৰ মুকলি আকাশ আৰু বিস্তীৰ্ণ পথাৰত
মোৰ শৈশৱ কৈশোৰ আৰু যৌৱনে
দেও দি দি নাচি ফুৰিছিল
ডিঙিত পিন্ধি
ৰং-বিৰঙৰ মালা
বুকুত গুজি তোমাৰেই ভুৱন ভোলোৱা মোহনীয় সুৰ
জাতিৰ অস্থি মাংস আৰু তেজৰ |

সেই সুৰৰ লহৰ আৰু মায়াজালত
মোহাচ্ছন্ন হৈ উঠিছিল আমাৰ প্ৰাণ
সজীৱ জীপাল হৈ উঠিছিল জীৱনৰ প্ৰতিটো ক্ষণ
বাঢ়িছিল আকাৰ উলাহ আৰু উত্সাহৰ
বুকুৰ ভিঠাৰ
জাতিৰ জনতাৰ
বুভুক্ষু মেহনতী কিম্বা ৰাজদৰবাৰৰ |

এতিয়াও তোমাৰ প্ৰতিটো গীতৰ কথা, সুৰ
তাল লয় মান
আৰু তোমাৰ সুললিত কণ্ঠ
আমি জীয়াই ৰখিছোঁ
আমাৰ প্ৰতিটো শ্বাস- প্ৰশ্বাসত |

দোহৰিছোঁ পুনৰ
তুমি আমাৰ সুৰ আৰু সংস্কৃতিৰ আকাশৰ
ভোটাতৰা
তোমৰ কথা সুৰ আৰু কণ্ঠই
অসীমত সাজিছে অশেষ বাহ
যি উমান লৈ থাকিব জাতিৰ কৃষ্টি সাহিত্যৰ
চিৰদিন চিৰকাল |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!