কৃতজ্ঞতা প্ৰকাশৰ অভ্যাস কৰক – দিবাকৰ বৰদলৈ

আপোনাৰ উপকাৰত অহা কাম এটা যেতিয়া কোনোৱে কৰে তেতিয়া যি গৰাকী ব্যক্তিয়ে আপোনাৰ উপকাৰ সাধে তেওঁক অতি কমেও আপুনি ‘ধন্যবাদ’ এটা কয় বা যাচে নিশ্চয়! আপুনি শেষবাৰৰ বাবে কেতিয়া ‘ধন্যবাদ’ যাচিছিলে মনত আছেনে ? মনত পেলাওঁকচোন ।

‘ধন্যবাদ’ হ’ল কৃতজ্ঞতা জনোৱাৰ এটা ধৰণ। ধন্যবাদ মানে- কেৱল ক’ব বা জনাব লাগে বুলিয়েই কোৱা বা জনোৱা ধন্যবাদৰ কথা কোৱা নাই। ধন্যবাদ যাচিব লাগিব আপুনি অন্তৰৰ পৰা। ধন্যবাদটোত প্ৰকাশ পাব লাগিব যে ব্যক্তিজনে কৰা উপকাৰটো আপুনি মৰ্যাদাসহকাৰে গ্ৰহণ কৰিছে। ধন্যবাদটোৰ দ্বাৰা উপকাৰটোক মূল্য দিব লাগিব। আৰু উপকাৰটোক ‘উপহাৰ’ হিচাপে গ্ৰহণ কৰি উপকাৰীৰ সদিচ্ছাক মান্যতা দিব আৰু প্ৰশংসা কৰিব লাগিব।তেতিয়াহে প্ৰকৃত কৃতজ্ঞতা প্ৰকাশ পাব। অৰ্থাৎ আন মানুহে আপোনাৰ উপকাৰ কৰিলে যেতিয়া আপুনি উপকাৰটো গ্ৰহণ কৰি উপকাৰীক আন্তৰিক মৰ্যাদা আৰু প্ৰশংসা কৰে তেতিয়া আপোনাৰ মনত যি আৱেগৰ প্ৰকাশ পাই সেয়াই কৃতজ্ঞতা।

ইয়াত ‘উপহাৰ’ বুলি কোৱা কাৰণটো হ’ল- উপহাৰ আমি উপাৰ্জন নকৰোঁ, উপহাৰ মানে ধাৰ বা ঋণ নহয় কিয়নো পৰিশোধ কৰিব নালাগে আৰু উপহাৰ আমাৰ অধিকাৰ নহয়- আমি দাবী কৰিব নোৱাৰো।

কৃতজ্ঞতা কেৱল উপকাৰ কৰা ব্যক্তিজনকহে জনাব লাগিব তেনে কোনো কথা নাই। আপুনি কৃতজ্ঞ হোৱা যিকোনো কাম বা কথাৰ বাবে কৃতজ্ঞতা জনাব পাৰে। আপুনি যে পুৱা সোঁ-শৰীৰে সাৰ পালে তাৰ বাবে ঈশ্বৰক কৃতজ্ঞতা জনাব পাৰে । কোনো বিপদ বিঘিনি নোহোৱাকে দিনটো পাৰ হোৱাৰ বাবেও কৃতজ্ঞতা জনাব পাৰে। সুন্দৰ চিনেমা এখন উপভোগ কৰাৰ সুযোগ দিয়াৰ কাৰণে টিভিটোক বা টিভি ছেনেলটোকো কৃতজ্ঞতা জনাব পাৰে।আপুনি কৃতজ্ঞতা জনাব পাৰে আপোনাৰ হাতত থকা মোবাইল ফোনটোক, যাৰ জৰিয়তে আপুনি আপোনাৰ আপোন মানুহবোৰৰ খবৰ-খাতি ল’ব পাৰিছে।

এতিয়া প্ৰশ্ন হ’ল আমি কৃতজ্ঞতা কিয় জনাব লাগে? কৃতজ্ঞতাই আমাক কেনেধৰণে উপকৃত কৰে? কৃতজ্ঞতা হ’ল এটা ইতিবাচক আৱেগ(Positive Emotion)।ইতিবাচক মনোবিজ্ঞান (Positive Psychology)ৰ প্ৰবক্তাসকলে গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰিছে যে কৃতজ্ঞমনৰ মানুহবোৰ অকৃতজ্ঞমনৰ মানুহবোৰতকৈ অধিক মনোযোগী, দৃঢ়মনা, প্ৰাণৱন্ত, উৎসাহী, সহায়কাৰী, আগ্ৰহী, আনন্দমনৰ আৰু আশাবাদী হয়।

মনোবৈজ্ঞানিক, সামাজিক আৰু শাৰীৰিক ক্ষেত্ৰত কৃতজ্ঞতাই আমাক বিভিন্ন প্ৰকাৰে উপকৃত কৰে। সুস্বাস্থ্য আৰু সুখৰ ক্ষেত্ৰত কৃতজ্ঞতাৰ প্ৰভাৱ সম্পৰ্কে হোৱা বিভিন্ন পৰীক্ষা-নিৰীক্ষাই প্ৰমান কৰিছে যে-

•কৃতজ্ঞতাই উদ্বেগ, বিমৰ্ষতা আদি হ্ৰাস কৰে৷

•কৃতজ্ঞতাই শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিয়ে৷

•কৃতজ্ঞতাই আশাহত মানুহক আশাবাদী কৰি তোলে৷

•কৃতজ্ঞতাই ভাল টোপনি হোৱাত সহায় কৰে৷

•আৱেগিক আৰু মানসিকভাবে সবল হোৱাত কৃতজ্ঞতাই সহায় কৰে৷

•কৃতজ্ঞতাই সৃষ্টিশীলতা বঢ়াই তোলাৰ লগতে শৈক্ষিক দিশতো উন্নতি সাধে৷

কৃতজ্ঞতাই আমাৰ মনটোৰ বাবে সাৰ (Fertilizer) হিচাপে কাম কৰে। ই আমাৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ অভিজ্ঞতাসমূহৰ মাজত সংযোগ ঘটাই মনৰ কাৰ্যদক্ষতা উন্নত কৰে। স্নায়ুবিজ্ঞানী ৰিক হেনছনে (Rick Hanson) কৈছে যে আমাৰ মনে যেনেদৰে ভাবে ঠিক তেনেদৰেই আমাৰ মগজুটোৱে আকৃতি লয়। যদি আপোনাৰ মনটো অনবৰতে চিন্তা, বিষাদ, বিৰক্তিত ডুব গৈ থাকে তেন্তে আপোনাৰ মগজুটোৱে স্নায়ৱিকভাবে খং, উদ্বেগ, আৰু বিমৰ্ষৰ আকৃতি ল’ব। অৰ্থাৎ আপোনাৰ মগজুটোৱে অনবৰত খং কৰিবলৈ জানিব, উদ্বেগ আৰু বিমৰ্ষই আপোনাক হেঁচি ৰাখিব। আপোনাৰ মগজুটোক ধন্যবাদ দিবলৈ কওঁক আৰু তেতিয়া ই যিবোৰ বস্তু/কথা/কামৰ বাবে কৃতজ্ঞ হ’ব লাগে তেনেবোৰ বস্তু/কথা/কামৰ সন্ধান কৰিব আৰু কৃতজ্ঞতাৰ আকৃতি ল’বলৈ আৰম্ভ কৰিব। আমি কৰা প্ৰতিটো চিন্তাই আমাৰ মগজু জালিকাসমূহৰ মাজত সংযোগ ঘটাই। আমি যিমানে পুনৰাবৃত্তি কৰিম সিমানে সংযোগবোৰ সবল হ’ব। অৰ্থাৎ আমাৰ মনৰ মাজেৰে প্ৰৱাহিত প্ৰতিটো চিন্তা আমাৰ মগজুত খোদিত হৈ ৰয়। আমাৰ এটা শুভ চিন্তাই আমাৰ মগজুটোক এনেদৰে সলাই দিব পাৰে যে আমি দীৰ্ঘ দিনৰ বাবে প্ৰকৃততে সুখী হৈ থাকিব পাৰোঁ।

কৃতজ্ঞতাৰ প্ৰভাৱ সম্পৰ্কে ‘The ARC Model of Gratitude’ এ আৰু অধিক স্পষ্টকৈ বুজাই দিয়ে। ইয়াত A-মানে Amplify(বৃদ্ধি কৰে), R-মানে Rescue (উদ্ধাৰ কৰে), আৰু C-মানে Connect (সংযোগ কৰে)। কিন্তু কেনেকৈ ?

১)কৃতজ্ঞতাই ভাল দিশবোৰ বৃদ্ধি কৰে-

নিজৰ ক্ষেত্ৰতে হওঁক বা আনৰ ক্ষেত্ৰতে হওঁক, কৃতজ্ঞতাই ভাল দিশবোৰ বৃদ্ধি কৰে। আপোনাক সহায় কৰোঁতাজনক আপুনি জনোৱা কৃতজ্ঞতাই তেওঁক আনন্দিত কৰিব আৰু আপোনাৰ দৰে আনকো সহায় কৰিবলৈ উৎসাহিত হ’ব। ঠিক সেইদৰে তেওঁৰ সহায়ৰ জৰিয়তে উপকৃত হৈ আনকো সহায় কৰিবলৈ আপুনি আগবাঢ়িব।

২)কৃতজ্ঞতাই মানুহক উদ্ধাৰ কৰে-

দৈনিক ঘটি থকা, দেখি থকা কিছুমান নেতিবাচক ঘটনাই আমাৰ সুখ হৰণ কৰে।বাতৰি কাকতখন মেলিলেই হত্যা-ধৰ্ষণ বাতৰিয়ে আমাক কোঙা কৰি পেলায়। টিভিটো খুলিলেই হত্যা-হিংসা, লুণ্ঠন, ঠগ-প্ৰবঞ্চনা, চিঞৰ-বাখৰে আমাৰ মন-মগজু নেতিবাচক ভাবধাৰাৰে ভৰাই তোলে। এই সমগ্ৰ নেতিবাচক বাতাৱৰণৰ পৰা উদ্ধাৰ কৰিব পৰা উৎকৃষ্ট অস্ত্ৰ হৈছে কৃতজ্ঞতা। কৃতজ্ঞতাই আমাক নেতিবাচক শব্দ-বৰ্ণ-তৰংগৰ মাজৰ পৰা উদ্ধাৰ কৰি শান্তি আৰু সুখৰ বেদীত প্ৰতিষ্ঠা কৰিব পাৰে। এই সময়ত সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ বিভীষিকাই আতংক সৃষ্টি কৰিছে। আপুনি চিন্তিত হৈছে, যদি আপোনাৰো ক’ভিদ-19 ৰোগ হয় আপোনাৰো মৃত্যু হ’ব নেকি! কিন্তু তেনেকৈ নাভাবি অন্য ধৰণেও ভাবিব পাৰি। ভাবকচোন- কৰ’নাৰ বিভীষিকাৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ চৰকাৰে লক ডাউনৰ ঘোষণা কৰিছে। তাৰমানে আপুনি সুৰক্ষিত। চৰকাৰৰ এই কাৰ্যক অন্তৰৰ পৰা কৃতজ্ঞতা জনাওঁক। দেখিব আপোনাৰ মনটোৱে শান্তি অনুভৱ কৰিছে।

৩)কৃতজ্ঞতাই সংযোগ স্থাপন কৰে-

কৃতজ্ঞতাই এজনে আনজনৰ লগত সম্পৰ্ক স্থাপনত সহায় কৰে। কৃতজ্ঞতাই আমাৰ সম্পৰ্কবোৰ মজবুত কৰে। কৃতজ্ঞতা অবিহনে মানুহৰ মাজৰ সম্পৰ্কবোৰ ঠুনুকা হয়। কৃতজ্ঞতাই সম্পৰ্ক এটাক আটি আটি বান্ধে, দীৰ্ঘস্থায়ী কৰে। আপুনি মোক জনোৱা ধন্যবাদটোৱে আপোনাৰ আৰু মোৰ মাজৰ সম্পৰ্কটো আৰু অলপ কটকটীয়া কৰিব।

এতিয়া কথা হ’ল আপুনি কৃতজ্ঞমনৰ অধিকাৰী নোহোৱালৈকে কৃতজ্ঞতাৰ সুফলবোৰ নাপাব। গতিকে আপুনি কৃতজ্ঞমনৰ অধিকাৰী হ’বই লাগিব। তাৰ বাবে তলৰ ক্ৰিয়া-কলাপসমূহৰ অভ্যাস কৰক।

১)কৃতজ্ঞতা জাৰ্নাল ৰাখক-

এখন আকৰ্ষণীয় নোটবুক লওঁক- এইখনেই হ’ব আপোনাৰ কৃতজ্ঞতা জাৰ্নাল।সদায় নোৱাৰিলে সপ্তাহৰ কোনো এটা নিৰ্দিষ্ট দিনত ১০-১৫ মিনিটৰ বাবে আপোনাৰ ভাল লগা স্থানত বহক। তাৰপাছত বিগত সপ্তাহটোৰ সেইবোৰ কথা আপোনাৰ জাৰ্নালত লিখক যিবোৰৰ প্ৰতি আপুনি কৃতজ্ঞ। আপুনি লিখা কথাবোৰ সৰু নে ডাঙৰ বিবেচনা নকৰিব। ৰাতি শুই থাকোঁতে শুনা বসন্তৰ প্ৰথম কুলিৰ মাতটিৰ কথাও আপোনাৰ জাৰ্নালত লিখি ৰাখিব পাৰে।

এইদৰে এসপ্তাহ-দুসপ্তাহ কৰি কেইমাহমান পাৰ হৈ যোৱাৰ পাছত দেখিব আপোনাৰ দৃষ্টিভংগী নেতিবাচক দিশৰ পৰা ইতিবাচক দিশলৈ ধাৱমান হৈছে।আৰু ইয়ে আপোনাৰ সুখৰ উৎস হিচাপে কাম কৰিব।

২) ধন্যবাদ কাৰ্ড বা ধন্যবাদ পত্ৰ লিখক-

যি গৰাকী ব্যক্তিয়ে আপোনাৰ উপকাৰ সাধিছে তেওঁক কৃতজ্ঞতা জনাই ধন্যবাদ কাৰ্ড বা পত্ৰ লিখক। এটা কথা মনত ৰাখিব উপকাৰৰ সৰু-বৰ নাই। ধন্যবাদ পত্ৰ/কাৰ্ডখন এনেকৈ লিখিব যাতে, যালৈ লিখিছে তেওঁ গম পায় আপুনি তেওঁ কৰা কামটোক লৈ কৃতজ্ঞ। আপুনি পত্ৰ/কাৰ্ডখন নিৰ্দিষ্ট ব্যক্তিজনলৈ পঠাব লাগিব বুলি কোনো কথা নাই।

আপুনি কৃতজ্ঞহোৱা যিকোনো কথা বা কামক উদ্দেশ্যিও ধন্যবাদ কাৰ্ড/পত্ৰ লিখিব পাৰে।

৩)দিনৰ অন্তত তিনিটা ভাল কাম-

দিনটোৰ শেষত তিনিটা ভাল কামৰ কথা ভাবক। পাৰিলে লিখি ৰাখিবলৈ ব্যৱস্থা কৰক। কামৰ সৰু-বৰ নাচাব। আপুনি এই কাম কেইটাৰ সম্পৰ্কে আনৰলগত আলোচনা কৰিব পাৰে।গৱেষণাই প্ৰমাণ কৰিছে যে এই ক্ৰিয়া-কলাপটো প্ৰতিদিনে কেইসপ্তাহমানৰ বাবে কৰিলে আপোনাৰ সুখানুভূতি দীৰ্ঘস্থায়ী হোৱাত সহায় কৰে। ৰ’ব, উদাহৰণ এটা দিছোঁ- আজি দিনটোৰ শেষত তিনিটা ভাল কাম-

ক) পুৱা ৫ বজাত শোৱাৰ পৰা উঠিলোঁ (সাধাৰণতে ৭ বজাত উঠোঁ)।

খ) কাপোৰ-কানিবোৰ নিজে ধোলোঁ ( সাধাৰণতে ধোবাক দিওঁ)।

গ) আজি মোবাইল ফোনটো চোৱা নাই ( সাধাৰণতে শুই উঠিয়েই ফনটো হাতত লওঁ)।

৪) কি ভাল হ’ল ?

মনোবৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে যে মানৱ মগজুৱে প্ৰথমেই জীৱনৰ নেতিবাচক দিশটোহে প্ৰাধান্য দিয়ে। গতিকে ইতিবাচক মন এটা গঢ় দিবলৈ তেওঁলোকে www বা ‘what went well’ বা ‘কি ভাল হ’ল ?’- এই ক্ৰিয়া-কলাপটো অভ্যাস কৰিবলৈ কৈছে। যেতিয়া কোনো এটা পৰিকল্পনা বিফল হয় তেতিয়া প্ৰথমেই ‘কি বা ক’ত ভুল হ’ল’ বুলিহে মনলৈ আহে । ভুলৰ লগতে ক’ৰবাত যে ভালো হৈ থাকে সেই কথা ভাবি নাপাওঁ। সেয়ে এনে ক্ষেত্ৰত ‘কি ভুল হ’ল’ নাভাবি ‘কি ভাল হ’ল’ ভবাটোহে যুগুত হ’ব। আৰু লগতে নিজকে প্ৰশ্ন কৰিব- তাৰ পৰা কি শিকিলে, পৰৱৰ্তী সময়ত কি কৰিব পাৰিব ইত্যাদি।

৫) আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কৰক-

বৰ্তমান সময়ত কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আপোনাৰ হাতত থকা মোবাইল ফোনটোও এটা উৎকৃষ্ট মাধ্যম । WhatsApp, Facebook, Twitter, e-mail –  আদিৰ জৰিয়তে কৃতজ্ঞতা প্ৰকাশৰ অভ্যাস গঢ়ি তোলক।

আপোনাৰ সন্তানকো এই ক্ৰিয়া-কলাপকেইটা অভ্যাস কৰাওঁক আৰু কৃতজ্ঞমনৰ অধিকাৰী কৰি তোলক।অৱশ্যে কৃতজ্ঞতাৰ আন্ধাৰ দিশ এটাও আছে। যদি আপুনি ভাবিছে আপোনাৰ প্ৰতি উপকাৰ কৰাজনক উপকাৰৰ প্ৰতিদান দিব লাগিব বা বিনিময় দিব লাগিব তেন্তে আপুনি কৃতজ্ঞতা অনুভৱ কৰা নাই। আপুনি ‘ধৰুৱা’ অনুভৱহে কৰিছে। কৃতজ্ঞতাই আনন্দ প্ৰদান কৰে। আনহাতে ধৰুৱা অনুভৱে মনোকষ্ট দিয়ে। অৰ্থাৎ কৃতজ্ঞতা ‘দিয়া-লোৱা’ ব্যৱস্থা নহয়। Barbara Fredrickson- ৰ ভাষাত ‘Gratitude is not mindless manners or tit-for-tat reciprocity (You scratch my back, I’ll scratch yours)’। কৃতজ্ঞতা অন্তৰৰ পৰা জাগ্ৰত হ’ব লাগিব।

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!