কৃতিত্ব: অঞ্জল বৰাৰ পি এইচ ডি ডিগ্ৰী লাভ

~কৃতিত্ব~

অসমীয়াত কথা-বতৰাৰ প্ৰশাসক তথা অন্যতম প্ৰতিস্থাপক সদস্য শ্ৰীমান অঞ্জল বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “বেজবৰুৱাৰ ৰচনাৱলীৰ শব্দসম্ভাৰ: এটি অধ্যয়ন ” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে৷ তেঁও গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ডঃ লীলাৱতী শইকীয়া বৰাৰ তত্বাবধানত গৱেষণা কৰিছিল৷ শ্ৰী মান অঞ্জলৰ পিতৃ গহপুৰৰ কামদেৱাল গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বানন্দ বৰা আৰু মাতৃ কুঞ্জলতা বৰা৷ মধ্যপ্ৰদেশৰ ইন্দোৰত ৱেব দুনীয়া ডট্ কম নামৰ প্ৰতিস্থানত কৰ্মৰত অঞ্জলে ইলেক্ট্ৰ’নিক বিশ্বত অসমীয়া ভাষাৰ স্থানীয়কৰণৰ ক্ষেত্ৰত ইতিমধ্যে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ ‘অসমীয়াত কথা-বতৰা’ তথা সাহিত্য ডট অৰ্গৰ সমূহ সদস্যা-সদস্যাৰ তৰফৰপৰা আামি অঞ্জল বৰাৰ এই সফলতাত অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!