কৃতিত্ব (কাবেৰী ভূঞা)

অসমীয়াত কথা-বতৰাৰ সদস্যা কাবেৰী ভূঞাই ৫ অক্টোবৰ তাৰিখে ইটালীৰ ট্ৰিয়েষ্টি মহানগৰত অনুস্থিত Joint ICTP-IAEA Workshop on Sustainable Energy Development: Pathways and Strategies after Rio+20 শীৰ্ষক কৰ্মশালাত উত্তৰ-পূৱৰ বৃহৎ নদীবান্ধ প্ৰকল্প আৰু ইয়াৰ লগত জড়িত আৰ্থসামাজিক সমস্যা, জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি, অসমৰ বানপানী, বিপন্ন মাজুলীৰ অৱস্থা আদিৰ বিষয়ে এক তথ্যসমৃদ্ধ গৱেষণাপত্ৰ পাঠ কৰে৷ পৃথিৱীৰ কেইবাখনো দেশৰ বিজ্ঞানীৰ লগতে ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা আৰু ইউনেস্ক’ আদিৰ প্ৰমূখ্য বিজ্ঞানীৰ উপস্থিতিত প্ৰদান কৰা বক্তৃতা বহুতৰে সমাদৃত হয়৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বানপানী তথা বৃহৎ নদী বান্ধৰ সমস্যাক উপস্থাপন কৰা এইয়াই বোধহয় প্ৰথম প্ৰচেষ্টা৷ তেখেতলৈ আমাৰ অভিনন্দন!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!