কেঁচা অমৰা আৰু মাটিকাদুৰিৰ লগত সৰু মাছ —গীতা দত্ত

 


মোৰ মৰমৰ আইতাই মোক আগতে অমৰাৰ সৈতে সৰু মাছ বনাই খুৱাইছিল । মই ডাঙৰ-দীঘল হোৱা নামৰূপৰ নামঘৰৰ এচুকত এজোপা ডাঙৰ অমৰা গছ আছিলে । আইতাই ভাদমহীয়া নাম লবলৈ যাওঁতে অমৰা চাদৰৰ আগত এটা টোপোলা বান্ধি লৈ আনে। সেই মাছৰ লগত আঞ্জাত দিয়া অমৰাৰ গুটিটো চুহি খাই বৰ ভাল পাইছিলোঁ । কিছুমান ব্যঞ্জনৰ সৈতে জড়িত হৈ থাকে কিছু মধুৰ সোঁৱৰণি।

ৰেচিপি :
মাছ কেইটা অকণমান নিমখ আৰু হালধি সানি গৰম তেলত আধা ভজা কৰি ললোঁ । এখন কেৰাহীত দুই চামুচ মিঠা তেল গৰম কৰি ললোঁ । তাত পাঁচফুৰণ অকণমান দি ফুটিবলৈ দিলোঁ । পাঁচফুৰণ ফুটিলে , থেঁতালি লোৱা নহৰু আৰু দুটা কেঁচা জলকীয়া দিলোঁ । ইতিমধ্যে, পাঁচটা অমৰা ল’লোঁ ,আৰু কটাৰীৰে অমৰা কেইটা কচি ললো ।মাটিকাদুৰি শাকখিনি বাছি ধুই ল’লোঁ । এইখিনি কেৰাহীত দি ,অকণমান হালধি দি ভাজিলোঁ পাঁচ মিনিটমান । সোৱাদ অনুসৰি নিমখ দিলোঁ । তাৰ পাছত শাকখিনি দিলোঁ ।
তিনি কাপ পানী দি ভালকৈ মিলাই ঢাকোন লগাই মধ্যমীয়া জুইত জুইত সিজিবলৈ দিলোঁ । প্ৰায় দহ মিনিট মানৰ পাছত মাছ কেইটা আঞ্জাত দি দিলোঁ , আৰু দহ মিনিট উতলিবলৈ দি নমাই থলোঁ । এই আঞ্জা গৰমৰ দিনত দুপৰীয়া গৰম ভাগত সৈতে উত্তম ।

——————————————————————————————–

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!