কেইটিমান স্তৱক (মৃন্ময় কুমাৰ নাথ)

কেইটিমান স্তৱক
মৃন্ময় কুমাৰ নাথ
(১) সপোনত
ৰৈ আছোঁ –
চিৰালফটা হেঁপাহৰ দ্বীপ এটিত
বতাহত আঁউজি ।
সেউজীয়া ধাননিৰ স্বপ্নই মাতিছে মাজনিশা টোপনিত
গৈ গৈ পাওঁ নিৰ্জনতাৰ আকাশীলতা
মেৰিয়াই ধৰে মোক
কলিজাৰ ৰস চুহি খাবলৈ ।
(২) তোমাৰ আৰু মোৰ
আমাৰ দুয়োৰে একেখনি আকাশ
য’ত তোমাৰ শেৱালি শুকুলা স্বপ্নৰ চিলা উৰে
য’ত তোমাক আৱৰি থাকে হেঙুলীয়া বেলি
আৰু মোৰ আশাৰ হেলিকপ্টাৰ উৰে
নীলা চৰাইৰ ডেউকাৰ আঁৰে আঁৰে …
(৩) আশা
মোৰ হাতত হাত থোৱা
কৃষ্ণচূড়াৰ দৰে ফুলি উঠোঁ কিছুপৰ ।
সমুখৰ বাট ধূসৰ – নিৰ্জনতাৰ দৰে…
যাদুকৰী বতাহ এচাটি হৈ মোক লৈ যোৱা
পাৰ হৈ শিমলু ফুলৰ নৈ…
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!