কেতেকীৰ সুবাস (দুলাল বৰুৱা)

বসন্তৰ বতাহত সুগন্ধি বিয়পাই মন প্ৰাণ সুবাসিত কৰা কতেকী ফুলে অসমীয়া লোক জীৱনত অধিকাৰ কৰি ৰাখিছে এক এক সুকীয়া স্থান | বসন্ত আহিলেই কেতেকী ফুল ফুলে … বতাহত উপঙি ফুৰে মধুৰ সুবাস | সেয়ে হুঁচৰি জুৰোতেও অসমীয়াৰ মনলৈ আহে কেতেকী ফুলৰ কথা | অজানিতে ওলাই আহে ওঁঠৰ ফাকেদি শব্দৰ সুৰীয়া সমদল-“দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী / কেতেকী মলে মলায় ঐ গোবিন্দাই ৰাম…” প্ৰকৃতিৰ দীৰ্ঘ পতীক্ষাৰ অন্ত্পেলাই বসন্ত আহে, লঠঙা গছবোৰে বসন্তক আদৰিবলৈ তুলিধৰে কুঁহিপাতৰ সেউজীয়া ধৰা | অংগৰাগৰ উদ্দেশ্যে বৰ্ণিল পুষ্প প্ৰজাতিয়ে উদঙাই দিয়ে ৰং আৰু সুবাসৰ সুকুমাৰ ভোগজৰা | ঋতুৰাজক আদৰিবলৈ ক’ত যে আয়োজন, এই বৰ্ণাঢ্য আয়োজনৰ অন্যতম আয়োজক কেতেকী ফুল | বসন্ত অহাৰ লগে লগে হাবি-বননিৰ মাজত সেউজমগ্ন পাতৰ আৰত ফুলি উঠে উগ্ৰগন্ধা কেতেকী ফুল | এই ফুল অসমীয়াৰ আদৰৰ আৰু চেনেহৰ গীতে-মাতে লোক কথাই কেতেকী ফুলৰ সুবাসেৰে সুবাসিত | ব’হাগ বিহুৰ দিনা কেতেকী ফুল এপাহ যোগাৰ কৰি পৰিয়ালৰ সকলোৰে মাজত একোটিকৈ পাহি বিতৰণ কৰাৰ এক পৰম্পৰা আছিল | বন্ধু-বান্ধৱ প্ৰিয়জনক এপাহ কেতেকী উপহাৰ স্বৰুপে আগবঢ়াৱ পৰাটো গৌৰৱৰ বিষয় |

 

 

উদ্ভিদ বিজ্ঞানৰ পৰিভাষাত “PENDANUS ODORATISSIMUS ROXB” নামেৰে পৰিচিত আমাৰ এই চিনাকী পুষ্প-প্ৰজাতিটোক প্ৰায়বোৰ অভিধানতে মাটিকঁঠালৰ গছৰ সৈতে তুলনা কৰা হৈছে | গাঢ় সেউজীয়া পাত-যুক্ত কেতেকী গছৰ কাণ্ড পাতৰ তলনাত কেইবাগুণো চুটি-চাপৰ | পাতবোৰ সধাৰণতে ১-১.৫ মিটাৰ পৰ্যন্ত দীঘল হোৱাৰ বিপৰীতে বহলে ৫-৭ ছেন্টি মিটাৰ হয় | নিমজ চিৰহৰিত্‍ পাতবোৰৰ দুয়োকাষে বিদ্যমান ওভতা ধৰনৰ কাঁইট থাকে | গছৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে মাটিলৈ হালি পৰে আৰু কাণ্ডাংশৰ পৰা ওলোৱা শিপাই মাটিত খামুচি ধৰাৰ পিচতে কাণ্ডৰ পৰা ন-কৈ পোখা মেলি বংশবৃদ্ধি কৰে | মাত্ৰ বসন্ত কালত হে মুখ্য গছৰ পৰা ওলোৱা ঠেঙলিবোৰৰ আগত ফুলে সুগন্ধি কেতেকী | আকাৰ আকৃতিগত দিশৰ পৰাও এই ফুল আন ফুলত্কৈ কিছু পৃথক | ঠাৰি ডালৰ দুয়োকাষে পাহিবোৰ শাৰী পাতি ওলায় | দীৰ্ঘাকৃতিৰ পাহি বা মঞ্জৰি পত্ৰৰ বৰণ কেচা সোণৰ দৰে উজ্জ্বল আৰু দুয়োকাষে থাকে কোমল মিহি কাঁইটৰ প্ৰতিৰক্ষা বাহিনী | এনে মঞ্জৰি পত্ৰই আৱৰি ৰখা দণ্ড এডালত থাকে সুবিমল সুবাসৰ মূল উপাদান বগা মূগা বৰণৰ প্ৰলেপ | দুফুট পৰ্যন্ত দীঘল হোৱাৰ কেতেকী ফুল ওলমি থাকে কলডিলৰ দৰে | সাধাৰণতে হাবি, এৰাবাৰী, বাৰীৰ ঢ়াপত কেতেকীৰ সুবাসে আমোল মোলাই থাকে চৌপাশে দীৰ্ঘকাল ধৰি |

কেতেকী ফুল ইমান উগ্ৰগন্ধা যে হাঁহ-কুকুৰাৰ উমনিৰ কাষত সৰহীয়া কৈ ৰাখিলে উমনিৰ কণীও হেনো ঘোলা হয় | সৰ্প প্ৰজাতিকো এই ফুলৰ সুবাসে আকৰ্ষিত কৰে বুলি কোৱা হয় | আগৰ দিনত জপাত কাপোৰ জাপি থোৱাৰ সময়ত অসমীয়া মহিলাই কতেকীৰ পাহী সুমুয়াই ৰাখিছিল | এনে কৰিলে কাপোৰখিনিলৈও কেতেকীৰ সগন্ধি বিয়পি পৰে | আনহাতে ৰেনুবোৰ আছিল প্ৰাচীন অসমীয়া নাৰীৰ অংৰাগৰ সামগ্ৰী | আজি উন্নত প্ৰযুক্তি কৌশল প্ৰ্য়োগেৰে কেতেকী ফুলৰ পৰা প্ৰস্তত কৰিব পৰা যায় উত্‍কৃষ্টমানৰ সুগন্ধি |পুং-পূষ্পৰ ৰেণু ঔষধি হিচাবে ব্যৱহাৰ কৰা হয় | মসৃন কোমল মঞ্জৰি পত্ৰৰ পৰা উত্তেজক তেল আহৰণ কৰাৰ ওপৰিও গছৰ মূলৰ পৰা উলিওৱা তেলে মূত্ৰকাৰক আৰু শোধন কাৰক হিচাবে ব্যৱহাৰ হয় | মূৰৰ বিভিন্ন ৰোগ, গৰ্মী, বসন্ত, হৃদৰোগ আদি উপশমৰ বাবে ইয়াৰ পৰা আহৰিত দ্ৰব্য ব্যৱহাৰ হয় | আজিকালি কেতেকী ফুলৰ বানিজ্যিক উত্‍পাদন কৰা হয় |কেতেকী ফুলৰ পৰা বছৰি কোটি কোটি টকাৰ ব্যৱসায় চলে | অসমত কিন্ত্ত নিৰ্বিবাদে চলিচে অৰণ্য ধ্বংস, আমি অসমীয়াই অনাহকত হাবি হয় বুলি বাৰীঢাপৰ পৰা কেতেকী উচ্চেদ অভিযান আৰম্ভ কৰো | উন্নত প্ৰযুক্তি কৌশলেৰে কেত্কী ফুলৰ খেতি কৰি বানিজ্যিক উত্‍পাদনেৰে স্বাৱলম্বী হব পাৰো |

————–***—————–

“মোক স্ৱৰ্গ নালাগে, বৈকুন্ঠ নালাগে। সুজলা-সুফলা অসম ভূমিত মই বাৰে বাৰে জনম ল’ম। ” – পিয়লি ফুকন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!