'কেনে অনুভৱ? টান নে ঢিলা?' (ৰাজীৱ ৰঞ্জন)

(শচীন টেণ্ডুলকাৰৰ ভাগ্য ভাল যে অসমত জন্ম নহ’ল। শচীনৰ জন্ম অসমত হোৱা হ’লে আমি কোনোবা এদিন পুৱা হয়তো এনেকৈ দেখিলোঁ-শুনিলোঁ হয় অসমীয়া কোনোবা এটা নিউজ চেনেলত।)
 
…”আৰু এতিয়া আমি আপোনালোকক লৈ যাম পাঞ্জাবাৰীৰ শচীনৰ বাসগৃহলৈ। আমাৰ সংবাদদাতা দ্বীপ কুমাৰ বৰা এই মুহূৰ্তত শচীনৰ বাসগৃহত উপস্থিত আছে। দ্বীপ।”
 
‘হয় পৰাগ, এই মুহূৰ্তত আমি উপস্থিত আছোঁ শচীন টেণ্ডুলকাৰৰ, যাৰ নামেই সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় লাভ কৰিছে, বিশ্ববিখ্যাত বেটছ্‌মেন, অসমীয়াৰ গৌৰৱ তেখেতৰ এই পাঞ্জাবাৰীৰ বাসগৃহত। মই কেমেৰা পাৰ্ছন দিব্যক অনুৰোধ কৰিম আমাৰ দৰ্শকক দেখুৱাবলৈ। কালি আমি দেখুৱাইছিলোঁ কেনেকৈ শচীনে নিজ হাতেৰে, আকৌ কৈছোঁ, নিজ হাতেৰে দুটা ছানফ্লাৱাৰ, বেলি ফুলৰ পুলিত পানী দিছিল। পৰহি দেখুৱাইছিলোঁ কেনেকৈ শচীনৰ ঠাণ্ডা লগাৰ কাৰণে একে সময়তে দুটা, হয় ঠিকেই শুনিছে, দুটা ছুৱেটাৰ পিন্ধিছিল।
আজি দেখুৱাম সম্পূৰ্ণ এক ব্যতিক্ৰম, যিটো আগতে আপুনি ক’তো দেখা নাই। ভালকৈ মন কৰক, এই দৰ্জাখন।’ (পৰ্দাত বন্ধ দৰ্জা এখন জুম কৰি দেখুৱায়)
‘হয়, আপুনি ঠিকেই অনুমান কৰিছে, এইখন শচীনৰ শোৱনি কোঠাৰ ভিতৰত, দক্ষিণ দিশে মূৰ কৰি থকা এখন দৰ্জা। সুন্দৰ কাঠেৰে নিৰ্মিত এই দৰ্জা খনৰ সিটো পাৰে কি আছে? কি ৰহস্য সোমাই আছে এই দৰ্জাখনত, যাৰ গাত ভিতৰৰ পৰা দৰ্জাখন নোখোলাকৈ বাহিৰলৈ আৰু বাহিৰৰ পৰাও ভিতৰলৈ চাব পৰাৰ একো ব্যৱস্থা নাই? আমি দেখুৱাম, সকলো দেখুৱাম, এটা চমু বাণিজ্যিক বিৰতিৰ পাছত।’
—————————————————————————————————————————————————————-
‘এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ আমি শচীনৰ ঘৰলৈ। এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে এখন বন্ধ দৰ্জা। কি আছে দৰ্জাৰ সিটো পাৰে? যিহেতু দৰ্জাখন ভিতৰফালৰ পৰা বন্ধ কৰি থোৱা হৈছে, গতিকে নিশ্চিতভাৱে ক’ব পাৰি যে ভিতৰত কোনোবা আছে। কিন্তু কোন আছে শচীনৰ শোৱনীকোঠাৰ ভিতৰৰ এই বন্ধ দৰ্জাখনৰ সিপাৰে? তাৰ আগতে আমি জানিবলৈ বিচাৰিম শচীনৰ পত্নী অঞ্জলিৰপৰা কিছু বিশেষ তথ্য এই দৰ্জাখনৰ বিষয়ে।’
‘অঞ্জলি, কি ক’ব? কেতিয়া নিৰ্মাণ কৰা হৈছিল এই বিশেষ দৰ্জাখন?’
‘এই খন মানে ঘৰটো যেতিয়া নিৰ্মাণ কৰা হৈছিল, তেতিয়াই লগোৱা।’
‘প্ৰথমবাৰ এই দৰ্জাখনৰ ভিতৰত কি আছে চোৱাৰ সুযোগ আপুনি কেতিয়া পাইছিল?’
‘বিয়াৰ পাছত শচীনৰ ঘৰলৈ যি দিনা আহিছিলোঁ সেইদিনাই।’
‘মানে আপুনি ক’ব খুজিছে যে বিয়াৰ দিনা, মানে যেতিয়া আপুনি কইনা ৰূপত আহিছিলে, সেইদিনা আপুনি এই দৰ্জাখন খুলি ভিতৰলৈ গৈছিল?’
‘হয়।’
‘এই বিষয়ে আমি আৰু কথা হ’ম, বহুতো প্ৰশ্ন সুধিম অঞ্জলিক, কিয় গৈছিল এই দৰ্জাৰ সিপাৰে, কেনে অনুভৱ হৈছিল সকলোবোৰ প্ৰশ্নৰে উত্তৰ ল’ম। কিন্তু এই মুহূৰ্তত আমি কিছু শব্দ শুনিবলৈ পাইছোঁ দৰ্জাৰ সিপাৰৰ পৰা। গতিকে আমি দৰ্জাৰ ওচৰলৈ যাম আৰু জানিবলৈ চেষ্টা কৰিম সেই শব্দৰ উৎস। ধন্যবাদ অঞ্জলি।’
কেমেৰা আকৌ দৰ্জাৰ ওপৰত। দৰ্জাৰ সন্মুখত দ্বীপ কুমাৰ বৰাৰ কথা কৈ কৈ প্ৰায় ৰঙা পৰা মুখ।
‘এইয়া আমি সেই বিশেষ দৰ্জা খনৰ মুখত ঠিয় দিছোঁ, যি খন দৰ্জা শচীনৰ শোৱনী কোঠাৰ ভিতৰত দক্ষিণ দিশত আছে আৰু নিশ্চিতভাৱে ক’ব পাৰি যে দৰ্জাৰ সিপাৰে কোনোবা আছে। আৰু নিশ্চিতভাৱে ক’ব পাৰি যে আৰু প্ৰায় অলপসময়ৰ পাছতে দৰ্জা খোল খাব, হাতত সময় কম, আমি লৈছোঁ এটা চমু বাণিজ্যক বিৰতি।’
 
———————————————————————————————————————————————————
‘এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ আমি শচীনৰ ঘৰলৈ। এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে এখন বন্ধ দৰ্জা। কি আছে দৰ্জাৰ সিটো পাৰে? যিহেতু দৰ্জাখন ভিতৰফালৰ পৰা বন্ধ কৰি থোৱা হৈছে, গতিকে নিশ্চিতভাৱে ক’ব পাৰি যে ভিতৰত কোনোবা আছে। আৰু আমি এই মুহূৰ্তত নিশ্চিতভাৱে ক’ব পাৰোঁ যে দৰ্জা খোল খাবলৈ হৈছে। কেমেৰা পাৰ্ছন দিব্যক অনুৰোধ কৰিম দৰ্জাখন জুম কৰি দেখুৱাবলৈ।’
কেমেৰা দৰ্জাৰ ওপৰত। লাহেকৈ দৰ্জাখন খোল খায়। কেমেৰাই অলপ লৰবগৰ কৰি দৰ্জাৰ ভিতৰৰখিনি যিমান পাৰি সিমান দেখুৱাবলৈ চেষ্টা কৰে। লগে লগে পৰ্দাত দেখা পোৱা যায় মুখত দাঁত ঘঁহা ব্ৰাছডাল লৈ লুঙী এখন পিন্ধি শচীন টেণ্ডুলকাৰ ওলাই আহিছে। দুয়োহাত মচি মচি ওলাই অহা শচীন টেণ্ডুলকাৰৰ মুখলৈ মাইকটো আগবঢ়াই দি দ্বীপ কুমাৰ বৰাৰ সেই বহুমূলীয়া প্ৰশ্ন:
 
“কি ক’ব? আজি কেনে অনুভৱ? টান নে ঢিলা?”
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!